ফটাঢোল

ফটা-চিটা প্ৰেমপীৰিতি – কৃষ্ণা বৰা ফুকন

বহু বছৰ আগৰ কথা। প্ৰেম নামৰ বাগিচাত মই হেন Fool ৰ আশে পাশে ভোমোৰা উৰিছিল হে…দেতাই এনেকুৱা বেজালি কৰিলে যে ভোমোৰাই ৰেণু নিবলৈ নাহি চিধা কঁদোৰ দৰে চোঁচা হে লোৱা হ’ল।গুৱাহাটীলৈ আহি মই কলেজত নাম লগাইছো আৰু। এনেই মই অলপ ল’ৰামতীয়া আছিলো। বয়জ কাট চুলি, জিনচ, টি -চাৰ্ট এনেকুৱা বোৰ বেছি পিন্ধো। ছোৱালীৰ লগত ইমান কথা নিমিলে। মানে মই বৰ পেনপেনাই থকা বিধৰ নহয় আৰু আনে থাকিলেও বেয়া পাওঁ। বিহাৰী ল’ৰা এটাৰ লগত ভাল friendship হ’ল। তেতিয়া মোৰ এটাই ফান্দা আছিল…ল’ৰাক “তুমি” বুলিব নালাগে। অলপ দিন তুমিৰ পিছতে মই সেয়ে বেছি ভাগকে তই বোলা আৰম্ভ কৰিছিলো। যাতে তুমিৰ সেই মিহি মিহি ফিলিংচ খিনি তাতেই শেষ হয়। তাৰ লগতো একেটাই ফান্দা আৰম্ভ হ’ল। পিছে ই অলপ বেলেগ আছিল। মই তাক তই বুলিলেওঁ সি কিন্তু মোক at any cost, anyhow তুমিয়ে বুলিছিল। আনকি ক্লাছৰ পৰা আহোতেও সি তাৰ ৰেঞ্জাৰ চাইকেলখনত হাফ পেডেল মাৰি মাৰি কাষে কাষে আহি একদম ঘৰত থৈ গৈছিলহি। এদিন সি মোক এখন কাগজ দিলে….বোলে ঘৰত পঢ়ি চাবা।

ঘৰলৈ আহি টেবুলতে থৈ দিলো। গা পা ধুই মেলি, খাই বৈ শুই থাকিলো, কাগজৰ কথা পাহৰিলো। পিছদিনা শনিবাৰ আছিল। দেতাৰ অফিচ বন্ধ। মই as usual হাফ পেডেলৰ লগত আহি ঘৰ পালোহি। আহি দেখিছো দেতাই ঝাড়ু এটা লৈ ৰৈ আছে, বোলে আহ তোৰ গাৰ পৰা আজি প্ৰেমৰ ভূত খেদিম। মোৰ ভয়ত তত্ নাই। এনেই দেতাৰ এনে মূৰ্তি নেদেখো যে!

পিছে দুটামান গালি দিয়াৰ পিছতে দেতাই বুজিছিল নেকি যে এই একো গম নাপায় বুলি, ঝাড়ুস্ত্ৰ সম্বৰণ কৰিলে আৰু মোৰ প্ৰেম বাগিচাত fool ৰ কলি নেমেলোতেই মৰহি গ’ল।

☆★☆☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *