ফটাঢোল

জয়-বীৰু আখ্যান – কন্দৰ্প কুমাৰ নাথ

জয়-বীৰুক কোনে চিনি নাপায় ! প্ৰতিজন ভাৰতীয়ই জানে । শ্বোলে চিনেমাৰ সেই অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰৰ যুতিটোৱে চিনেমাখন চোৱা প্ৰতিজনৰে মনত সাঁচ বহুৱাই থৈ গৈছে । পিছে মই আন দুজন জয়-বীৰুৰ কথাহে ক’বলৈ ওলাইছোঁ । এই দুজন জয়-বীৰু ৰিল লাইফৰ নহয় , আমাৰ অঞ্চলৰে ৰিয়েল লাইফৰ ।

দুজন বা ততোধিক ব্যক্তিৰ মাজত বন্ধুত্ব কেতিয়া গঢ়ি উঠে ? ‘One heart in two bodies’ সূত্ৰ অনুসৰি যেতিয়া মনবোৰ একে হয় তেতিয়াই দুই বা ততোধিক ব্যক্তিৰ মাজত বন্ধুত্ব সম্ভৱ হ’ব পাৰে । মনে মিলা বাবেই সকলোৱে চাপৰ মাৰিব পৰাকৈ এই “ফটা-ঢোল’ সৃষ্টি হোৱা নাই জানো ! মন মিলিলেই সকলো এক হৈ যাব পাৰে , বন্ধু হৈ যাব পাৰে APSCপৰীক্ষাত নিলিখিলেও টকাৰ জোৰতেই চাকৰি ল’ব পাৰে আৰু টকাৰ জোৰতেই বহুত কিবাকিবি হ’ব পাৰে । কোনো হয়তো স্কুলৰ সহপাঠী , অফিচৰ সহকৰ্মী , ব্যৱসায়ী, খেতিয়ক , খেলুৱৈ , অভিনেতা- অভিনেত্ৰী , গায়ক-গায়িকা , ডকাইত, চোৰ , দুদ্ধৰ্ষ সন্ত্ৰাসবাদী , মন্ত্ৰী , এম এল এ,
দালাল , PPSC ( পাল পাব্লিক চাৰ্ভিচ কমিচন )ত লাখ লাখ টকা ঘোচ দি চাকৰি কিনি লৈ ধৰা পৰি এতিয়া একেখন লক-আপৰ সহযাত্ৰী ।কোনো ৰেল বা বাছ যাত্ৰাৰ সংগী , কোনো হৰিভকত ইত্যাদি বিভিন্ন ক্ষেত্ৰত মন মিলিলেই হ’ল , বন্ধুত্ব হ’বই । তাৰ মাজতেই আকৌ মনে মিলাজন যদি বিপৰীত লিংগৰ হয় , আৰু কোনে পায়! বন্ধুত্বই সীমা চেৰাই গৈ একেবাৰে প্ৰেমৰ সাগৰত পৰি হাবু-ডুবু খোৱাৰো উদাহৰণ আছে বুলি আনে নকলেও মই ক’ব পাৰোঁ । প্ৰেয়সীক বাইকৰ পিছত লৈ একেলগে পাৰ্কত বহা , লান্স কৰা , চিনেমা হলৰ পিছৰ ছীটত বহি চিনেমা চোৱা , শ্বপিং কৰা, প্ৰেমাস্পদৰ নামত কবিতা লিখা । আম্বানীৰ জিওৰ আশীৰ্বাদপুষ্ট হৈ ওৰেটো নিশা ফুচ্ফুচাই ‘হা’, ‘ও’ ‘ও’ কৈ কথা পাতি সেই অধ্যায়টো যেনিবা শেষ কৰে । তাৰ পিছত বিয়াৰ পৰ্ব । প্ৰথম বছৰ গিৰীয়েকে কয় ঘৈণীয়েকে মন দি শুনে, দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰীয়েকে মন নি শুনে , তৃতীয় বছৰ দুয়োজনে কয় ওচৰ-চুবুৰীয়াই মন দি শুনে । আকৌ প্ৰায়বোৰৰে দেখা যায় প্ৰথম বছৰ কোঠাটো পাৰফিউমৰ গোন্ধেৰে আমোলমোলাই থাকে । দ্বিতীয় বছৰত সেই গোন্ধ প্ৰসাবৰ গোন্ধলৈ পৰিবৰ্তিত হয় । তৃতীয় বছৰৰ পৰা সেই কোঠাটো চৰকাৰী হাস্পতালৰ দৰে চিত্ৰনলা , প্ৰসাৱ আৰু ঔষধৰ গোন্ধ মিলি আমোল-মোলোৱা পৰিস্থিতিৰ সৃষ্টি হয় । এই সকলোবোৰ মনে মিলাৰেই পৰিণতি বুলি বিশেষ ভাৱে অজ্ঞ বিশেষজ্ঞসকলে ক’ব খোজে ।

এইবাৰ আহোঁ জয়-বীৰুৰ কথালৈ । আমাৰ অঞ্চলৰে এই দুজন জয় আৰু বীৰুৰ মন পিছে ওপৰত উল্লেখিত এটা কেটেগৰীতো নপৰে । সেই বন্ধুত্ব কেৱল সন্ধিয়াৰ ফূৰ্তি পানীখিনিৰ বাবেহে। অঞ্চলটিত ঘৰতেই হওক বা বাহিৰতেই হওক সিহঁতে কৰা নাভূত-নাশ্ৰুত অপকৰ্মৰ বাবে সিহঁত বিখ্যাত। চুৰ কৰিয়েই হওঁক বা আনক ঠগিয়েই হওক সন্ধিয়াৰ লোকেল ফূৰ্তি পানীটুপিৰ খৰচ যোগাৰ কৰা আৰু কেতিয়াবা ৰাতিৰ খানাটো দকচি খাব পাৰিলেই সিহঁতে দিনটো সাৰ্থক হোৱা বুলি ভাৱে । জয়-বীৰুৱে কেতিয়াবা কৰবাত খানাৰ আয়োজন কৰিলে গাঁৱৰ কাৰো বুজিবলৈ আৰু বাকী নাথাকে নিশ্চয় গাঁৱৰ কোনোবা এঘৰৰ গড়ালৰ পৰা হাঁহ-পাৰ বা কুকুৰাৰ সংখ্যা কমিল । গৃহস্থয়ো সিহঁত দুয়োৰে কৰ্ম বুলি আৰু বিচাৰ-খোচাৰ নকৰি চুপ-চাপ থাকে । নাথাকিবই বা কিয় ? সিহঁতৰ ওচৰলৈ আহি অভিযোগ দিয়া মানে বাকী থকা হাঁহ-পাৰ-কুকুৰাকেইটাৰ ভৱিষ্যত অনিশ্চিত কৰাহে হ’ব । সেই নিৰীহ প্ৰাণীকেইটাৰ জীৱনকেইটিলৈ চাই গৃহস্থয়ো শিয়ালে নিয়া বুলি ধৰি লৈয়েই সাণ্ত্বনা লভে ।

সিহঁত ইমানেই বন্ধু যে বহুতে কাপ-প্লেট , বুন্দিয়া-ভুজিয়া , তামোল-পান, চূণ-চাধা ইত্যাদি নামেৰেও বিভূষিত কৰিছে । কেতিয়াবা সৰু পানী চুৱা আৰু বৰ পানী চুৱা কামফেৰাও একেলগেই কৰে । দিনটো হামিয়াই-হিকটিয়াই যেন তেন পাৰ কৰে । দিনৰ ভাগত দুয়োকে দেখিলে এনে লাগে যেন সিহঁততকৈ এই পৃথিৱীত আৰু শান্ত-সমাহিত , গুৰু-গম্ভীৰ , নম্ৰ , ভদ্ৰ , বিনয়ী , অমায়িক জাতীয় অভিধানৰ আটাইবোৰ ভাল বিশেষণযুক্ত ব্যক্তি আৰু কোনো নাই । সন্ধিয়া হ’লেই সিহঁতৰ আচল পোছাকযোৰ কিয় পিন্ধি লয় সেয়া সকলোৰে বাবে সাঁথৰ । বাটত লগ পালে সিহঁতক যদি কোনোবাই বেয়াকৈ কয় , তেওঁ নিশ্চিত যে তেওঁৰ ঘৰৰ কিবা এপদ-দুপদ বস্তু নোহোৱা হ’বই ।

সেইদিনা সিহঁতে গাঁৱৰ কোনোবা এঘৰৰ পৰা নিশা চুৰি কৰি অনা পাৰ এযোৰ বঙলাগড়ৰ শুকুৰবৰীয়া হাটলৈ লৈ গৈ বিকি লোকেল চুলাই কেইপেকেটমান আনিলে । সন্ধিয়া দুয়ো এঠাইত বহি ভজাবুটৰে গলাধ:কৰণ কৰি আছে । ইতিমধ্যে নিশা ১০ মান বাজি গৈছে । খানা খাবলৈও সময় নাই । বস্তুৰ যেনিবা অভাৱ নাই , গাঁৱলৈ ওলাই গ’লেই হ’ল । কাৰণ গোটেই গাঁওখনেই সিহঁতৰ । কিন্তু এই নিশা মাংস যোগাৰ কৰি কাটি-বাচি-ৰান্ধি খাওঁতে নিশা পুৱাব । হঠাতে মদৰ নিচাত বীৰুৰ কম্পিউটাৰ ক্ষীপ্ৰতাৰে অন হৈ গ’ল
ঃ ঐ জয় , ৰমেশহঁতৰ বাপেকৰ আজি সপিণ্ডিকৰণৰ ভোজ আছে । ভোজলৈ মাতিছে নেকি?
ঃ নাই মতা । তোক ?
ঃ মোকো মতা নাই ।
ঃ নামাতিলেও আমি ভোজটো খাওঁগৈ ব’ল ।
ঃ মই নাযাওঁ দেই । মদ খাব পাৰোঁ , তথাপি আত্ম-সন্মান আছে ।
ঃ মই এটা বুদ্ধি পাঙিছোঁ । আমি ঘৰলৈ নাযাওঁ , বাহিৰতেই খাম । কোনেও গমেই নাপাব ।
কথা মতেই কাম । দুয়ো গৈ পুখুৰীৰ পাৰৰ গছ এডালৰ ওপৰত বহি থাকিলগৈ । কিছুসময় পিছত গৃহস্থই দিনতে পৰিস্কাৰ কৰি থোৱা সেই গছডালৰ তলতেই মৃতকৰ আত্মালৈ বুলি মাছে-মাংসৰে ভৰ্তি থাল এখন থৈ দিলেহি । গৃহস্থই থালখন থৈ পিছমুৱা হৈছিলহে মাথোন , ধুপুচ ধুপুচকৈ মাটিত কিবা পৰাৰ শব্দ শুনি ভয়তে ঘৰলৈ লৰ দিলে । জয়-বীৰুক আৰু কোনে পায় । নিশ্চিন্তমনে পৰম তৃপ্তিৰে ভোজ খাই ঢলং পলংকৈ , পাটীগণিতৰ পূৰণ চিহ্নৰ দৰে খোজেৰে দুয়ো দুয়োৰে ঘৰলৈ বুলি খোজ ল’লে।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *