ফটাঢোল

বিক্ৰীৰ বাবে বৰুৱাৰ বৌদ্ধিক বিচাৰ – ভাস্কৰ জ্যোতি বৰুৱা

দৃশ্য এক
: গানটো কি ফাল্টু! – ক্লায়েণ্ট এক৷
: হয়, সংস্কৃতিৰ পথাৰত এইবোৰ অপতৃণ – বৰুৱা৷
: প্ৰতিবাদ হ’ব লাগে৷
: হয় ছাৰ, যথাৰ্থ ভাবেই এফ বিত চৰ্চা হৈছে৷
: ঠিক কৈছে, ক’ত চাইন কৰিম৷
: ইয়াত ইয়াত ছাৰ৷

দৃশ্য দুই
: ফেইচ বুকত এনে গানৰ আলোচনা হোৱাটো কিন্তু ভাল হোৱা নাই৷ কি কয় বৰুৱা? – ক্লায়েণ্ট দুই
: হয় ছাৰ, নিগেটিভ পাব্লিছিটিহে পাব৷ কথাই পাতিব নালাগে এইবোৰৰ৷

দৃশ্য তিনি
: গালেই যেনিবা কি মহাভাৰতখন অশুদ্ধ হ’লনো, কি কয় বৰুৱা? – ক্লাইণ্ট তিনি
: হয় ছাৰ, অসমীয়া সংস্কৃতি এনেকুৱা দুৰ্বল নহয় যে এটা গান বা দুটা গানে সব শেষ কৰি দিব৷
: নহয় হে, মই কিন্তু মজ্জা পালো? আপুনি ভাল পোৱা নাই নেকি?
: চাৰ মই শ্যাম বেনেগালৰ চিনেমা চাই যেনেকৈ ভাল পাওঁ, ঠিক তেনেকৈ কেতিয়াবা ডেভিড ধাৱানৰ চিনেমা চায়ো ভাল পাওঁ৷ খিক খিক খিক৷ এইখিনিতে আপোনাৰ চাইনটো লাগিছিল ছাৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *