মণিকুন্তল- গীতাশ্ৰী কলিতা
অন্তিম খণ্ড
আগৰ খণ্ডত
মাহ-হালধিৰে নোৱাই-ধুৱাই মণি, কুন্তলৰ কইনা হ’ল। সকলো নিয়ম নীতিৰে বিয়া হৈ আহি মণিয়ে কুন্তলৰ পদূলি গচকিলেহি। কুন্তলৰ ঘৰৰ সকলোৱে মৰম-সাদৰে মণিক আদৰি ল’লে। মণিয়েও কুন্তলৰ ঘৰখনক অতি সোনকালে নিজৰ কৰি ল’লে। লগতে সৰু-সুৰা দায়িত্ব কিছুমান লাহে লাহে মূৰ পাতি লৈ সাংসাৰিক জীৱনত আগবাঢ়ি গ’ল। কিন্তু মণিৰ শাহুৱেকে মণিক এদিনো শান্তি নিদিলে৷ আওঁ পুৰনি নীতি নিয়ম আৰু সৰু সৰু কথাৰে মণিৰ জীৱন দুৰ্বিসহ কৰি তুলিলে৷ শহুৰেক, ননদ আৰু গিৰিয়েক কুণ্টলে অৱশ্যে মণিক মানসিক ভাবে কিছু সান্ত্বনা দি থাকিল৷ সেই সময়তে মণি সন্তান সম্ভৱা হ’ল৷ তাৰ পিচত–
—————————–
“মণি আহ সেৱা ভাগ ল হি”৷
“অ’ আহিছো”৷
“গাৰ ক’তো গাঠি নথবি। মেখেলা চাদৰ খুচি নথবি। খোপাটো খুলি দে। আৰু গাত পিং চিং মাৰি নথবি”।
“ব্লাউজৰ গাঠিও খুলিব লাগিব নেকি?”
“ও চব, মুঠতে কতো একো গাঠি ৰাখিব নাপায়।
আহ সেৱা কৰ”৷
মণিয়ে বহা জেগাৰ পৰা অকণমান আগুৱাই আহি সেৱা ল’লে। আইসকলে আশীৰ্বাদ দিলে।
এজনীয়ে ধেমালিতে ক’লে, “যা যা আশীৰ্বাদ কৰিছোঁ ল’ৰা পোৱালী এটা হব”।
তাকে শুনি দুজনী মানে ক’লে, “গাটো দেখি আকৌ ছোৱালী হব যেন হে লাগিছে”।
“হব যি হয়, সুস্থ সবল হব লাগে”।
“লৰাই হব চাবি। মোৰ মনে কৈছে”। মণিৰ শাহুৱেকে কামৰ মাজৰ পৰাই মাত লগালে।
“জানো পাই”।
“হব বাৰু আই, তাইক খাবলৈ দিয়ক আৰু”।
মাকে মণিলৈ বুলি খোলটো আগ বঢ়াই দিলে।
আজি মণিৰ পঞ্চমৃত দিছে। পাচমাহ সোমালেহি। মাকে জীয়েকক ঘৰলৈ আনি পঞ্চমৃত খুৱাইছে। গাওৰ আইসকলক মাতিছে। শাহুৱেকো আহিছে। এগৰাকী আইয়ে পঞ্চমৃত বনাইছে, এৱাগাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনী দি। খোৱাৰ আগতে মণিয়ে আশীৰ্বাদ লৈছে সকলোৰে পৰা।
দিনৰ কাম ভাগ মাকৰ ঘৰত সম্পূৰ্ণ কৰি মণি সন্ধিয়ালৈ ঘৰলৈ উভতিল। দুদিন হল মণি মাকৰ ঘৰলৈ অহা । ঘৰলৈ আহিলে আকৌ ঘূৰি যাবলৈকে মন নাযায়। অথচ উপায় নাই। সিখন ঘৰটো দায়িত্ব বহুত। হাতে কামে নকৰিলেও ঘৰৰ বহুত কাম তাই চোৱাচিতা কৰে। লগতে কুন্তল আছেই। অকলে থাকিলে জানো কি দৰে থাকে। আজিকালি মাকৰ লগত খকা-খুন্দা লাগিয়ে থাকে তাৰ। সিদিনাতো অলপ তৰ্ক হোৱাদিয়েই হল।
দুদিনমানৰ পৰা মণিৰ খুব টেঙা খোৱাৰ ইচ্ছা হৈছে। ৰূপালীক খুজি খুজি নেমুটেঙাবোৰ কাটি নিমখ-তেল- জলকীয়া সানি খাই তাই। শাহুৱেকে খাবলৈ নিদিয়ে। টেঙা খালে বোলে ছোৱালী হব। কুন্তলে মাকক বুজাইছে যি হয় হব, ল’ৰাই হওক বা ছোৱালীয়েই হওক কোনো কথা নাই। ভগৱানে দিছে, নিৰ্মালি বুলি লব লাগে। শাহুৱেক নামানে।
কয়, “ল’ৰাই হব। আপদ চোচৰাই নাথাকিবি। ল’ৰা হবই হব”।
যেই যিহকে কয় তাকে কৰিছে শাহুৱেকে। খাটনিয়াৰ বেজৰ পৰা নিজে গৈ আকৌ তাবিজ আনিছেগৈ।
কেতিয়াবা এইবোৰ দেখি মণিৰ বেয়াও লাগে। খবৰটো পোৱাৰ পৰা কি কি কৰা নাই মানুহজনীয়ে। মনে মনে ভয়ো হৈছে, যদি কেনেবাকৈ ছোৱালী হয় মানুহজনী ভাগি পৰিব। কিজানি খঙো উঠিব, আৰু কি ৰূপ লয় ঠিক নাই।
আনফালে কুন্তল! দিনটো মণিৰ যত্ন লয়। “অমুক নকৰিবি, তমুক নকৰিবি।” কৈ পিছে পিছে লাগি ফুৰে। মণিক অলপো কষ্ট পাবলৈ নিদিয়ে। ৰূপালীয়েও যিমান পাৰি সিমান সহায় কৰে মণিক। ঘৰৰ সকলোৰে আদৰ যত্নৰ শেষ নাই। কুন্তলে বিচাৰি বিচাৰি মণিৰ বাবে ভাল ভাল খোৱা বস্তু আনে। মণিৰ যত্ন কুন্তলে যিমান লৈছে শাহুৱেকেও লৈছে। কিন্তু দুয়োৰে যত্ন লোৱাৰ ধৰণ বেলেগ। কুন্তলৰ চিন্তাধাৰা বাস্তৱিক তথা আধুনিক। আৰু শাহুৱেকৰ বিশ্বাস কেৱল তাবিজ, পানী কাটি গা ধোৱা, শনিৰ দোষ, মঙ্গলৰ দোষ এইবোৰতে সীমাবদ্ধ।
সময় গৈছে। আনফালে মণিৰ সময় চমু চাপিছেহি। এইয়া ক্ষণ গণি গণি নমাহ সোমালেহি। আগসবাহৰ দিন ঠিক কৰা হৈছে, অহা পূৰ্ণিমা তিথিত। গাঁৱৰে প্ৰণিতা বাইদেউক নামলগোৱা আৰু কংকণা খুৰীক দেউৰী ঠিক কৰা হৈছে। মণিৰ শাহুৱেকে কালি নিজে গৈ কৈ থৈ আহিছেগৈ গাত লাগি। পূৰবী নবৌক অলপ সৰহকৈ পিঠা বনাবলৈ দিছে। লগতে গীতিকা নবৌ, আৰু লখিমী বাইদেউক কামে কাজে লাগি ভাগি দিবলৈ কৈ থৈ আহিছে। মনীষা, ৰিতুহতক মাহ চাউলখিনি বাচি দিবলৈ কৈছে। গাঁওৰ কোনো বাদ পৰা নাই। সকলোকে মাতিছে নামলৈ। মিতিৰ-কুটুম, চা-চিনাকি সকলোকে মাতিছে। বেচ আহল বহলকৈ পাতিছে নামকন। ভাত পিঠা দিয়াৰ সময়তো ওচৰ চুবুৰীয়া সকলোকে মাতিছিল। ঘৰৰ প্ৰথম নাতি আহিব। কোনেও কতো একো ক্ৰুটি ৰখা নাই । সকলো যোগাৰ পুৰাকৈ কৰিছে। মণিৰ মাক বাপেকে ঘৰৰ তিনিথোক কল পকাইছে। আৰু দৰকাৰ হলে গোটাব পৰা হবহে বুলি কৈছে। গাখীৰৰ চিন্তা নায়েই। কুন্তলহতৰ নিজৰ খুটিতে সকলোখিনি যোগাৰ হৈ যাব।
আজি মণিৰ গাটো খুব বেয়া লাগিছে। দিনটোৰ পৰিশ্ৰম, হুলস্থুল সকলোবোৰ মিলি যেন ভাগৰে হেঁচি ধৰিছে মণিক। আহি এতিয়া বিছনাত পৰিছেহি তাই। ৰূপালী আহি মণিৰ ফুলি থকা ভৰি দুখন অলপ অলপ কৈ পিটিকি দিছে। আঠুৱাখন তৰি দি মণিক অলপমান আৰাম কৰিবলৈ দি গৈছে। যাওতে ৰূপালীয়ে সুধিলে,
“নবৌ কিবা খাবলৈ মন গৈছে নেকি?”
“ৰঙা চাহ অকণ খাব পাৰো।”
মণিৰ মাক এতিয়াও আছে। ঘৰলৈ যোৱা নাই। বাহিৰৰ কামবনৰ আউল মৰাই নাই। ওচৰৰ আৰু কোনোবা দুই এজনী আছে, খৰাহী টৌবোৰ ধুইছে। আজি নামকন ভবামতেই ভালে কুশলে হৈ গল। বাইদেউহঁতে সকলোবোৰ নিয়াৰিকৈ কৰিলে। মনটো ভাল লাগিছে।
মণিয়ে বাগৰ সলাবলৈ লৈ ৰৈ আছে। পৰা নাই। কোনোবা অহালৈ বাট চাইছে অকণমান ধৰি দিয়ালৈ। কোঠালৈ কুন্তল আহিল, হাতত মণিলৈ বুলি চাহলৈ। সি মণিক ধৰি বহুৱাই দিলে। আৰু অলপ অলপকৈ চাহখিনি সৰু বাতিটোত বাকী খাবলৈ দি থাকিল।
“বৰ কষ্ট হৈছে মণি?”
“কিনো কষ্ট। মাক হবলৈ ওলাইছোঁ। মুখৰ কথানে?”
“এৰা, পৰা হলে এইখিনি কষ্টও মই ভগাই ল’লোহেঁতেন।”
“কিয় তেনেকৈ কৈছে। এইবোৰ কষ্ট সুখৰ বাবে। অকমানিটো অহাৰ কথা ভাবিলে সকলোবোৰ কষ্ট আঁতৰি যায়। মনটো ভালহে লাগে।”
“হয় দে। চাওঁ তোৰ মূৰটো অলপ পিটিকি দিওঁ। নাৰিকল তেল অকনো দি দিওঁ ৰ।”
“উম।”
এতিয়ালৈকে সকলোবোৰ ঠিকে হৈ গৈছে। আচল সময়খিনিও ভালে ভালে পাৰ হৈ গলেই হয়। মণিয়ে বুকুত সাহস বান্ধিছে। কপালত যি আছে হ’ব। কুন্তলে প্ৰতি মুহূৰ্ততে তাইক সাহস দিছে, সকলোবোৰ ভালেই হব বুলি। এবাৰ দুয়োৰে ডাক্তৰক দেখুৱাৰ খুব ইচ্ছা আছিল। কিন্তু মুৰকত নহলগৈ। মণিক বাহিৰৰ পৰা দেখি একো দিগদাৰ নহব যেনেই লাগিছে। কাম বন কৰি ঘূৰি ফুৰিছে। হলেও কুন্তলে মনে মনে অলপ আঁতৰত নতুনকৈ বহা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ অহা ডাক্টৰজনক এবাৰ অনাৰ কথা ভাবিছে। মাকৰ লগত একো পতা নাই। সুধিলে মাকৰ পৰা উত্তৰ কি আহিব জানেই সি। গতিকে সোধা নাই। কেঁচুৱা জন্মৰ সময়ত জোৰ কৰি হলেও ডাক্তৰজনক লৈ আনিব বুলি ঠিক কৰি থৈছে সি। অলপদিন আগতে সি নিজে গৈ ডাক্তৰৰ পৰামৰ্শ লৈ অলপমান বড়ি লৈ আনিছে। তেজৰ বাবে আৰু ভিটামিনৰ বাবে। লগতে ডাক্তৰে কৈ পঠাইছে তেজত আইৰণ বঢ়াবৰ বাবে মণিক সেউজীয়া শাক পাচলি, বিভিন্ন মাহ জাতীয় খাদ্য খুৱাবলৈ। লগতে ফলমূল আৰু ৰঙীন পাচলিৰ পৰা দৰকাৰী ভিটামিন পাব। কঁচুগুটিৰ লগতে কঁচুৰ থোৰ আৰু কলমৌ শাক খুৱালে কেঁচুৱাৰ হাড়ৰ গঠন ভাল হব, মাকৰ বাবেও অতি দৰকাৰী এইখিনি। ভৰি ফুলাটোৰ বাবে আৰাম কৰাৰ লগতে বহাৰ সময়ত ভৰি দুটা মুঢ়া নাইবা আন ওখ জেগাত উঠাই থবলৈ কৈছে। ডাক্তৰে কোৱা কথাবোৰ কুন্তলে যিমান পাৰি আখৰে আখৰে মানিবলৈ যত্ন কৰিছে। কুন্তলে মণিৰ যত্ন লোৱা দেখিলে শাহুৱেকে অলপ বেয়া পোৱা যেন লাগে। হলেও কুন্তলে আজিকালি সেইবোৰলৈ ভ্ৰূক্ষেপেই নকৰে। নিজৰ হবলগা কেঁচুৱাটোৰ আৰু মানুহজনীৰ যত্ন সি নিজেই লব লাগিলে আনে যিয়েই নাভাবক।
কোঠাৰ ভিতৰত যান্ত্ৰনাত মণি কেকাই আছে। কালিৰে পৰা মণিৰ প্ৰসৱ যান্ত্ৰনা আৰম্ভ হৈছে। মানুহজনী চটফটাই আছে অথচ একো আগবঢ়া নাই। তাকে দেখি কুন্তলে দেউতাক আৰু শহুৰেকৰ পৰামৰ্শ লৈ ডাক্তৰজন আনিলেগৈ। মানুহজনীৰ ইমান কষ্ট তাৰ সহ্য নহয় আৰু। কোঠাৰ ভিতৰত মণি আৰু ডাক্তৰৰ লগতে গাওঁৰ দুগৰাকী মহিলাও আছে।
কোঠাৰ বাহিৰত কুন্তল ইচাট-বিচাত কৰি আছে। ভগবানক প্ৰাৰ্থনা কৰিছে সোনকালেই মানুহজনীৰ সকলো যান্ত্ৰনাৰ উপশম ঘটক। সকলোবোৰ ভালে কুশলে হওক।
অৱশেষত ভিতৰত কেঁচুৱাৰ কান্দোন শুনা গল।
ভিতৰৰ পৰা খবৰ আহিল,
“ল’ৰা হৈছে দেই। একেবাৰে নোদোকা।”
——————————
আজি ল’ৰাকনৰ বাজ উলিওৱাৰ দিন, বেলি দেখুৱাব লাগে। কুন্তলৰ ঘৰত আইসকল গোট খাইছে। চোতালতে সকলো বহিছে। নিয়ম নীতি অনুসৰি মণিয়ে কোলাতলৈ পোনাকনক বাহিৰলৈ আনিলে। চোতালতে কলপাত এখনত গামোচা পাৰি শুৱালে। লৰাই কে কে কৈ কান্দি উঠিল। মণিয়ে তৎক্ষণাত অপৈনত হাতেৰে মাতৃ সুলভ আবেগেৰে তুলি ললে তাক। চ’তমহীয়া ৰ’দটোৱে চাগৈ বৰকৈ চকুত ধৰিছিল। কোলাৰ পৰা নমাই দিলেই লৰাই কান্দি নিধা দিয়ে। ল’ৰাকনৰ লগতে মণিৰো চকুপানী ওলাল। সকলোৱে দেখি হাঁহিলে। বোলে, “একো নহয় দি দে তলত। নিয়মখিনিও কৰিব লাগে নহয়।”
দেখি শহুৰেকে মাত লগালে,” যি কৰিবলৈ আছে অলপ লৰালৰিকৈ কৰক। বতাহো মাৰিছে। ”
কংকণা খুৰীয়ে কাঁহৰ বাটি এটা পোনাকনৰ দুই কাণৰ কাষত অকণ অকণকৈ বজাই দিলে। শব্দ শুনি ল’ৰাই মূৰটো লৰচৰ কৰিলে। খুৰীয়ে বোলে কান ঠিকে আছে। গামোচাখন মুখৰ আগত জোকাৰি ইফাল সিফাল কৰি চালে যদিও ল’ৰাই কেৰেপকে নকৰিলে।
দেখি প্ৰনীতাবাই মাত লগালে, “হেৰৌ এইডাল ৰদত ল’ৰাই চকুকে মেলিব পৰা নাই। তোৰ কি গামোচা চাব। থ থ।”
“ঐ ৰূপালী ধান এথোক আৰু কাগজ কলম আন। চাওঁচোন লৰাই হাল ধৰিবনে অফিচলৈ যাব।”
এইবুলি বহাৰ পৰা কঁকালটো অলপ পোনাই উঠি আহিল প্ৰণীতা বাইদেউ।
ৰূপালীয়ে কথামতেই দুইপদ যোগাৰ কৰি দিলে।
প্ৰণিতাবাই ধানথোক আৰু কিতাপখন আনি পোনাৰ মুখৰ আগত দিলে। ল’ৰাই অকণকৈ সোঁহাতখন লৰালে।
“অ’ ল’ৰাই হালহে ধৰিব, পঢ়াত মন নাই। হব হব। সকলোবোৰ পঢ়া শুনা কৰি অফিচাৰ হলে খেতি বাতি কোনে কৰিব। ভাল হৈছে দে।”
মণিয়ে মুখ টিপি হাঁহিলে। ল’ৰাকনে হাতখন এনেই লৰাইছিল বোধহয়। নিজে এইবোৰ কথাত বিশ্বাস নাৰাখিলেও আনৰ বিশ্বাসক তাই সন্মান কৰে।
শাহুৱেকে মাত লগালে,” ককাকে চোৱাইছিল, ল’ৰাৰ মকৰ ৰাশি পৰিছে। ইয়াতে ভাল চাই নাম এটা দিয়ক। জ নহলে খ আখৰে হ’লে ভাল।”
সিফালৰ পৰা কুন্তলৰ আইতাকে মাত লগালে,” ভাল নামটো জাহ্নু দিলো। কেনে দেখ তহঁতে? ”
“অ সেইটো আকৌ কেনেকুৱা নাম । গাঁৱত কাহানিও শুনা নাই পাই।”
“হেৰৌ জাহ্নু ঋষিৰ নাম শুনা নাই নে? কিমান ডাঙৰ আখ্যান আছে।”
“হেই, কচোন ক আইতা।”
“ভগীৰথৰ তপস্যাত সন্তুষ্ট হৈ যেতিয়া শিৱই গঙ্গাক মৰ্ত্যলৈ পঠাইছিল, তেতিয়া গঙ্গা আহি জাহ্নু ঋষিৰ চোতালতে পৰিলহি। গঙ্গা ইমান জোৰত পৰিছিল যে ঋষিৰ আশ্ৰম চাৰখাৰ হৈ গল। লগতে জাহ্নু ঋষিৰ তপস্যাও ভংগ হল। খঙতে ঋষিয়ে বাপেকে গঙ্গাক খাই পেলালে।”
“তেতিয়া কি হল? ”
“কি হব আৰু, চবতে হুলস্থুল লাগি গ’ল। ভগীৰথতো বাদেই সমস্ত দেৱ-দেৱী আহি ঋষিক কাকূটি-মিনতি কৰিবলৈ ধৰিলে গঙ্গাক মুকলি কৰি দিবলৈ। শেষত যেনিবা ঋষিৰ মনটো গলিল হবপায়। গঙ্গাক ঋষিয়ে নিজৰ কানেদি মুকলি কৰি দিলে আকৌ পৃথিৱীলৈ। ”
“অ’ ! ”
“সেই কাৰণে গঙ্গাক জাহ্নৱী বুলি কয় আকৌ। আৰু জাহ্নু ঋষিৰ জীয়েক বুলিও মানে কিছুমানে।”
“আজিহে গম পালো পাই। আইতায়ে বহুত কথা জানে ঔ।”
“অ’ আকৌ, তহঁতৰ নিচিনাকৈ এনেই অকল ইঘৰ সিঘৰত চাহ তামোলৰ জুতি লৈ নুফুৰো বুজিছ। ”
শুনি ৰূপালীহতে ফিচফিচকৈ হাহিলে।
“ঐ ছোৱালীহঁত হাঁহিবলৈ আহিছ দাঁত উলিয়াই। ভাল চাই ঘৰত মতা নাম এটা দে এতিয়া। ”
কবলৈ পালেহে, ইফালে ৰূপালীৰ লগৰ মনীষাই মাত লগালে,
“মই ঘৰত মতা নামটো দিলোঁ, নিকু। হবনে? দাদা আৰু নবৌৰ নাম দুটা মিলাই দিছোঁ।”
চবেই হয়ভৰ দিলে।
“হব হব। ভাল হৈছে। মাতিবলৈও ভাল হব। চুটি নাম। নিকু। ”
“হব আৰু তেন্তে কি কয়?”
“মণি তই ভিতৰলৈ লৈ যা। ”
“উৱা চব হলেই নি ঔ? মোৰ দেৰীয়েই হ’ল। ” খৰধৰকৈ লখিমী নবৌ সোমাই আহিল।
“কিডাল কৰি আছিলি ইমান দেৰি। তোক দেখোন কেতিয়াবাই মাত লগাই আহিছিলো।” দেখি গীতিকা নবৌৱে ক’লে।
“এহ কিনো কবি, আহিবলৈ লওতেই আহিল আলহী এযোৰা। দুৱাৰ মুখতেনো কেনেকৈ এৰি থৈ আহো বাৰু?”
“নবৌ বহক চোন আপুনি।”
“এ চাওঁ চাওঁ ৰ চোন। ল’ৰাটো চাই লওঁ ইয়াতে। শুনিহে আছো বৰ এটা বোলে। পাক এটা মাৰিবলৈও পোৱা নাই। সিদিনা পুৰৱীয়ে গৈ কৈ আছেগৈ নহয়।”
সাউতকৈ মূৰত হাত দুখন মোহৰ মাৰি একোলা ললে লখিমী নবৌয়ে।
মণিয়ে নিকুক কোঠালৈ লৈ আনিলে। বাহিৰত মেল ভগাই নাইছোন। বোৱাৰী-ছোৱালীহতৰ হাঁহিৰ ৰোল উঠিছে।
সন্ধিয়া হোৱাৰ লগে লগে কুন্তলৰ মাকে মণিক কেঁচুৱাকন জুহালৰ ওচৰলৈ আনিবলৈ ক’লে। মুখ ভঙাব লাগে। দিনত আলহী দুলহীয়ে চাই গৈছে, সৰু ল’ৰা ছোৱালী, পতকৈ মুখ লাগে।
মুখ ভঙাৰ যোগাৰ দেখি মণিৰ পেটে পেটে ভয় লাগিল। শাহুৱেকে ল’ৰাকনক নিজৰ কোলালৈ তুলি ল’লে।
হাতত সৰিয়হ এমুঠি লৈ বিৰবিৰাই মন্ত্ৰ মাতি নিকুৰ মুখৰ আগত তিনিপাক ঘূৰাই জুইলৈ ছটিয়াই দিলে। জুইত পৰি সৰিয়হ বৰ ফট-ফটকৈ ফুটি উঠিল। এতিয়াহে যেন শাহুৱেক অলপ আশ্বস্ত হ’ল। এইদৰে তিনিবাৰ কৰাৰ পাছত শুকান জলকীয়া দুটামান উঠালে হাতত। দেখি মণি চক খাই গ’ল। কি কৰিব খুজিছে শাহুৱেকে বুজিলে মণিয়ে। বাধা দিবলৈ লৈও ৰৈ গল তাই। জুইত পুৰি জলকীয়া ফুটি উঠিল। জুহালৰ ওচৰে পাজৰে থকা বোৰ হাচিয়াই হাচিয়াই তত পোৱা নাই। অকমানিটো কান্দি কান্দি ঠেৰেঙা লাগিল। কান্দোন শুনি কুন্তলো আহিল তালৈ। কাণ্ড দেখি তাৰ চকু কপালত উঠিল।
“কি চাই আছ মণি, অকমানিটোক কোঠালৈ নে এতিয়াই। আৰু আজিৰ পৰা যাতে এইবোৰ কাহানিও নহয়। তোক কৈ থলো।” চিঞৰি উঠিল কুন্তল।
“ভালক বুলি কিবা এটা কৰিলেও বেয়া হে দেখে চবেই।”
“হব বহুত ভাল কৰিলি। আৰু নালাগে।”
“এহ বৰ জনাটো ওলাল।”
জেঠ পাৰ হল। ভৰ বাৰিষাৰ সময়। দুবছৰ আগতেই চিগা ম’হবন্ধা মাথাউৰীয়েদি পুনৰ পানী সোমাইছে। আগদিনা খবৰ পাইছিলহে নৈত পানী বঢ়াৰ কথা। আজি গাঁৱত সোমালেহিয়েই। সন্ধিয়ালৈকে পানীৰ গোন্ধটোও নাছিল। গাঁওৰ খাল ডোংবোৰ অৱশ্যে বৰষুণৰ পানীৰে আগৰে পৰাই উপচি আছিল। পুৱা শুই উঠি দেখিছে কোঠাৰ সমস্ত বয়-বস্তু ওপঙি আছে। আলমাৰী আৰু নতুনকৈ কিনা কাপোৰ থোৱা বাকচ কেইটাও পানীয়ে চুইছেগৈ। মাত্ৰ বিছনাখন বাছি আছে। গোটেই ঘৰতে চিলচিলিয়াকৈ পানী। দেখি মণিৰ কি কৰো কি নকৰো লাগিছে। ইফালে কুন্তলো নাই ঘৰত। এপষেক হবৰে হ’ল খুটিলৈ যোৱা। মণিৰ বুকুখন কঁপি উঠিছে। তাত বা কি অৱস্থা হৈছে। হে ভগবান! হুমুনিয়াহ কাঢ়িলে মণিয়ে। যি হ’ল হ’ল। বাহিৰত কি হৈছে বা। কোনোবা এটা লগ নহলে বস্তুবোৰ লৰচৰ কৰিবই নোৱাৰি। কাৰোবাক মাতি আনি যিমান পাৰি বস্তুবোৰ উঠাব লাগিব ওপৰলৈ।
বিচনালৈ চালে। পোনাকণ শুই আছে। বাহিৰত ইমান হাই-উৰুমী তাৰ কোনো খবৰেই নাই। মণিয়ে বিছনাৰ পৰা ভৰিটো নমালে। ভাবিছে কণমানিটোক বিছনাত অকলে এৰি যাবনে উঠাই লৈ যাব। নাই নাই, এইদৰে পানীৰ মাজত তাক অকলে এৰি যাব নোৱাৰি। কোলাত উঠাই মণি খুপি খুপি আগবাঢ়িল। টোপনিতে অকমানিয়ে কু-কুৱাই উঠিল। তলখন ভীষণ পিছল। বেৰত ধৰি খোজ নাকাঢ়িলে আগবঢ়াই টান। ঘৰৰ বাকী কোঠাবোৰৰ অৱস্থাও তথৈবচ।
বাহিৰলৈ গৈ গম পালে ৰাতি বোলে আলিমুৰৰ ফালে মাইকত ঘোষণা কৰিছিল পানী বঢ়াৰ কথা। ৰাইজক সাৱধান কৰিও দিছিল বোলে। মণি-কুন্তলৰ ঘৰ অলিমুৰৰ পৰা দূৰত বাবে কোনেও গমকে নাপালে।
ৰূপালী আগবাঢ়ি আহি নিকুক কোলাত লৈ বিচনালৈ গ’ল।
গোহালিত গৰুকেইটাই হেম্বেলিয়াই আছে। গড়ালৰ হাঁহ কেইটা আহি গোহালিৰ ভেটিটোতে আশ্ৰয় লৈছে। কামকৰা ল’ৰা মোহনৰ ভায়েক আৰু লগৰ এটা লগ লাগি নতুনকৈ সজা খালি ভৰালটোতে কেৰাহী এখন পাতি জুই জলোৱাৰ দিহা কৰি আছে। মণিয়ে শাহুৱেকৰ লগত লাগি পাকঘৰৰ পৰা বটুৱা কেৰাহীবোৰ কঢ়িয়াইছে ভঁৰাল ঘৰলৈ। মণিৰ নিজৰে দেহা থৰক-বৰক। গাটোৰ দুৰ্বলতা কমাই নাই। হলেও যিমান পাৰি শাহুৱেকক সহায় কৰিছে। কামৰ মাজতো মণিৰ চেৰেং চেৰেং কৈ মানুহটোলৈ মনত পৰিছে। কি বা অৱস্থাত আছে কুন্তল। কেতিয়া আহিব পাৰিব বাৰু। হে ভগবান চাবা আৰু বুলি মনতে কাকূটি কৰিলে।
—————————
চাওঁতে চাওঁতে পানী একাঠু হ’ল। বিচনাৰ তুলি চোও চোও আৰু। অকলে অকলে কি কৰিব তাই। তুলিখন চোঁচৰাই আলমাৰীটোৰ ওপৰলৈ উঠালে মণিয়ে। ইমান গধুৰ তুলিখন, এইবোৰ ডঙা মেলা মতা মানুহৰ কাম। তাতে এই অৱস্থাত ! উপায় নাইকিয়াত কৰিব লগাত পৰিছে তাই। কুন্তল থকা হ’লে তাইক এইবোৰ চুবলৈও নিদিলেহেতেন। মণিয়ে বিচনাৰ ওপৰলৈ মেজখন উঠাই বাকচকে ধৰি বহুখিনি বস্তু থলে। আলমাৰীৰ তলৰ খাপৰ কাপোৰবোৰ অলপ ওপৰলৈ তুলিবলৈ বুলি চাই দেখে ইতিমধ্যে ভালেখিনি কাপোৰ তিতিলেই। শুকাবলৈ দিবলৈ ৰ’দ নাই। শহুৰেকে কৈছে এইটো পানী বাঢ়নি বতৰ। আৰু বাঢ়িব পানী।
ইচ ৰাম! মাকে দিয়া পাটৰ কাপোৰযোৰ তেনেই জলতিয়নী দিলে। সিদিনা গাৱৰ বিয়া এখনলৈ পিন্ধি গৈছিল। আহি ৰ’দত দি বাকচত ভৰাম বুলি থাকোতেই গ’ল। আলমাৰীৰ তলৰ খাপত থৈ দিছিল। পাহৰাতে থাকিল এইয়া। পাটৰ কাপোৰ, পানীত তিতিলে ৰক্ষা নাই। নষ্ট হ’ল আৰু। ইয়াত যি হৈছে হৈছে, মানুহটোৰ বা কি হৈছে! একো খবৰ খাটি নাই। চেৰেং চেৰেংকৈ মনত পৰিছে মণিৰ।
“অ’ নবৌ আহাচোন, নিকুৰ ভোক লাগিছে কিজানি। আমনি কৰি আছে।” ৰূপালীয়ে মাত লগালে।
“গৈছো, অকণমান ৰ।”
অকমানিটোক খুৱাবলৈও আছুতীয়া জেগাঅকণ নাইকিয়া হল ঘৰখনত। ৰূপালীৰ কোঠাতে তাই নিকুক লৈ বহিলগৈ। ইপিনে নিজৰো ভোকত পেট কল-মলাইছে। কেঁচুৱা মাইকী মানুহ। ৰাতিপুৱাৰ পৰা চাহ এটুপিও খাবলৈ পোৱা নাই। শাহুৱেকে ভঁৰালঘৰৰ চৌকাত জুই ধৰিছে হবপায়।
“ৰূপালী কিবা খাবলৈ আছেনেকি চাচোন। ”
“কি দিওনো নবৌ। কল আছে কিন্তু ভালকৈ পকা নাই। আৰু এদিন লাগিব।”
“এহ দে তাকে। নহলে মৰিম এতিয়া ভোকত।”
“ৰবাচোন আৰু কিবা খাবলৈ আছেনেকি মই চাওঁ। ”
ৰূপালী ওলাই গ’ল। খুৱাই হ’লে নিকুক ভঁৰালঘৰতে থৈ আহিব লাগিব শাহুৱেক-শহুৱেকৰ লগত। আইতাকো আছে লগতে। মোহন আৰু লগৰটোৱে ধৰি মেলি উঠাই দিছে ভঁৰালতে। তামোল খুন্দি খুন্দি বহি আছে। চবেই মিলি চাব তাক। নিকুক খুৱাই ল’লে অলপ দেৰীলৈ তাই আজৰি হব। ৰূপালী আৰু মোহনক লৈ যিমান পাৰি ঘৰৰ বয়বস্তু বোৰ ওপৰলৈ উঠাব লাগিব।
“ৰাতিটোৰ ভিতৰতে দেখিছনে বাৰু কিখন হল। ভাগ্যে বাপেৰে সিদিনা ধান দুবস্তা মিলত কুটাই থৈছিল বুলিহে।” শাহুৱেকে কৈ গল।
“ঐ মোহন ভাজিবলৈ কিবা এটা গোটাই দে। ”
“মা, বৰচাঙত ৰঙালাও আৰু কোমোৰা আছে যে, তাৰে নমাই দিয়ক নেকি বাৰু? ”
“পাৰি, কিন্তু চাচোন ওচৰে পাজৰে কিবা আৰু পাইনেকি। পানী কেতিয়ালৈ কমে ঠিক নাই। পাছলৈ লাগিব নহয়।”
“ৰব আই, মই নাওখন লৈ বাৰীত এপাক মাৰি চাওচোন।”
“ঐ শুন, আমকলি দুটামানৰ লগত পাৱ যদি কচুথোৰ দুডালমান লৈ অনিবি।”
“চব তল গ’ল চাগে। হলেও মই বিচাৰি চাম বাৰু।” মোহনে ক’লে।
“আই , পান কেইজোপা তেনেই গ’ল বুজিছে। চবৰে গুৰি বোৰ তল গ’ল। দুই এদিনতে লেৰেলি যাব। গুৰি পচিলে আৰু নাবাচে। গোহালি ভেটিত থকা জোপা বাচে যদি নাজানো।”
“এৰা পানী এইটোৱে চব নিবলৈ আহিলে।”
“অ’ মোহন চাপৰিলৈ যোৱা কাৰোবাক পাৱ যদি আমাৰ এইজনৰ খবৰ এটা ল’বিচোন। বৰ চিন্তা লাগিছে ঔ।” মণিয়ে মাজতে ক’লে।
“মই খবৰ কৰিম বাৰু। ঘাঁহ আনিবলৈ যোৱা কাৰোবাক পাবও পাৰো।”
“বাৰু হব যা তই, কিবা এটা বিচাৰি আনগৈ।”
“ৰূপালী ব’লচোন পাকঘৰত আৰু কিবা বাকী আছে যদি লৈ আনো।”
মণিৰ কথা শুনি শাহুৱেকে ক’লে,
“ঐ শুনচোন, মেৰচাঙৰ মূৰৰ বেৰখনতে মাহৰ টোপোলা এটা আছে। লৈ অনিবি। কালিলৈ বনাবলৈ মটৰমাহ কেইটামান তিয়াই থব লাগিব। ”
“বাৰু। আৰু কিবা মনত পৰে যদি কওকচোন।”
“আৰু ধানৰ ডুলিটোতে অঠিয়াকল একাশী আছে। পাৰিলে লৈ আহিবি। পকিলে চাগে।”
মণি আৰু ৰূপালীয়ে খুপি খুপি বৰঘৰৰ বস্তুবোৰ গোটালে। পাচি-খৰাহী য’ত যি পাই ভৰাই লৈ দুইজনী আকৌ ভঁৰালঘৰ পালেহি। নিকু শুইছে। মোহনে তাৰ অকমানি বিচনাখন আনি ভৰালতে উঠাই থৈছেহি। ভাগ্য ভাল নতুন ভঁৰালটো খালি আছিল। নহলে ধানৰ ধূলি আৰু শুং লাগি নিকুৱে বৰ কষ্ট পালেহেতেন।
শাহুৱেকে বটুৱা এটাতে ভাত বনাইছে। ভঁৰালচাঙত টিং এছটা পাৰি তাতে যাঠি এডাল বহাই জুই ধৰিছে। সেইয়া হ’লে আকৌ ভাজিকন বঢ়াব পৰা হব। জুই একুৰাতে এটা এটাকৈ বনাব লগা হৈছে।
“আই বৰ ডাঙৰ কথা এটা হ’ল নহয়। কলা-পখৰা ছাগলী পোৱালীকন গ’ল।”
“মানে?”
“অথনি গোহালিৰ ভেটিত ঢাপলিয়াই ফুৰা দেখিছিলো, পানীত পৰিলে হবলা, নাবাছিল। ”
মণিৰ মনটো সেমেকি গ’ল। নতুনকৈ জগা ছাগলী পোৱালি দুটা বৰ মৰম লগা হৈছিল। দেওদি ফুৰে গোটেইখন। আজি পানীয়ে এটা নিলে তেন্তে।
“মোহন, গোহালিত গৰুমখাই খুব হেম্বেলিয়াইছে। শুকানখেৰ দুমুঠিমানকে দি আহগৈ যা। লগতে পাৰিলে দানাকন বঢ়াই থৈ আহিবি। হো, জুইচলাটো লৈ যা।”
মোহনে জিকা ভোল দুটামান ছিঙি আনিছে। পচলা এটাও আনিছে। ৰাতিলৈকে দুসাজৰ যোগাৰ হ’ল। পাচলিৰ বাকলি, পচলা অলপমান আৰু কলৰ বাকলিবোৰ ৰূপালীয়ে গোটাই থলে দানাত দিবলৈ। এতিয়া যেন কুটা এডালো পেলাব নোৱাৰি, যিহে দিন পৰিছে।
আজি দুদিন হ’ল। পানী কমাতো দূৰৰে কথা, বাঢ়িহে আছে। ঘৰৰ ভিতৰত এককালৰ ওচৰ হ’ল। ঘৰৰ বস্তু বাকী একো নাই, চব পানীত তল গ’ল। অতি মূল্যবান বস্তুখিনি ভিতৰতে চাং এখন পাতি তুলি থৈছে মণিহঁতে। মজিয়াবোৰ ভেৰ-ভেৰিয়া বোকা যেন হ’ল। তাহানিৰ পকি থকা মজিয়াখন আজি ভৰি দিলেই সোমাই যায়। বস্তুবোৰ আলৈ আথানি হৈ ওপঙি আছে য’ত-ত’ত। কোনটো এৰিব কোনটো সামৰিব। মণিহঁতে বাদ দিছে আৰু চিজিল লগাবলৈ। কুন্তলৰ চাইকেলখন সিদিনা দুইজনীয়ে মিলি মেৰচাঙখনলৈ উঠাই থ’লে বুলিহে। এসময়ত ধুতি-নীতিৰে সোমোৱা বৰঘৰৰ চৰুত আজি কেঁচু-কুমটিৰ অবাধ আহ-জাহ।
যেন ঘৰ নহয় মৰিশালিহে এইখন।
মণিহঁতৰ এটা এটা দিন বছৰ যেন লগা হৈছে। কেতিয়া উদ্ধাৰ পাব এই নৰকৰ যন্ত্ৰণাৰ পৰা। তাতে কুন্তলৰ একো খবৰ নাই। নৈত পানী ইমান বেছি হৈছে যে কোনোৱে সাহ কৰা নাই ঘাঁহ কাটিবলৈ যাবলৈকো। ঈশ্বৰক কাকূটি কৰিছে সকলোৱে মাথো, কুন্তলক কুশলে ৰাখক। খুটিৰ সকলোকে ভালে কুশলে ৰাখক।
অলপ পৰ পাছতে মোহনে খবৰ আনিলে বোলে আলিমুৰত গাৱৰ ৰাইজৰ বাবে চৰকাৰৰ ঘৰৰ পৰা খোৱা বস্তু বিতৰণ কৰিছে। গতিকে যাব লাগে।
প্ৰথমে কুন্তলৰ দেউতাকে মানা কৰিছিল। কিন্তু মাকে ক’লে যাওক, চাউলৰ দিগদাৰ নাই, কিন্তু ডাইল-চেনী অলপ পালে বেয়া নহয়। মোহনক লগত লৈ ৰূপালী ওলাল।
“অ’ ৰূপালী, আমাৰ ঘৰৰ ফালে খবৰ এটা ল’বিচোন, কি হৈছে।”
“হ’ব নবৌ, সোমাই আহিম বাৰু।”
ৰূপালীহঁত ঘূৰি অহালৈ শাহুৱেকে ভাত -ভাজি আৰু মণিয়ে গৰুৰ দানাখিনি সাজু কৰিলে। মাজতে সমানে কেঁচুৱাৰ আউলো মাৰি থাকিল তাই।
ঘূৰি আহোতে মণিয়ে মন কৰিলে ৰূপালীৰ মুখখন একেবাৰে শুকাই আহিছে।
“কি হ’ল ৰূপালী? ”
“খবৰ বৰ ভাল নহয় নবৌ।”
“কি হৈছে কচোন।”
“খুটিত বোলে অৱস্থা বেয়া।”
“হে ভগবান।”
“প্ৰভাতদাহঁত গৈছিল ঘাঁহ আনিবলৈ। নৈত ইমান সোঁত বেছি, সিহঁত চাপৰি নাপালেগৈয়ে।”
…….
“আৰু কৈছে একোৱেই দেখা নাই তাত। পাৰা-পাৰহীন সাগৰ মাথোন।”
“হে ঈশ্বৰ কি হ’ব এতিয়া মা। মানুহটো ক’ত আছে, কেনে আছে বাৰু!”
“ৰ চোন, বিতত নহবি । কিনো আগতে নোহোৱা হৈছে। সি জীৱনত কত দেখিছে এনেকুৱা পানী। কুন্তলে জানে কিদৰে থাকিব লাগিব। তহঁতে এনেই ভয় নাখাবি ৰ।”
“হলেও…”
“একো নহয়। ”
মণিয়ে বুকুতে কেঁচুৱাকণ সাৱটি বহি ৰ’ল। এবাৰ কুন্তলৰ মাকলৈ চালে, ভাবিলে সেইজনী মাকে কিমান সাহসেৰে আছে, কিমান বিশ্বাসেৰে বাট চাইছে পুতেকলৈ। তাইও পাৰিব লাগিব সেইকন সাহস গোটাব। কুন্তল ভালে আছে, আৰু ভালে ভালে উভতি আহিব সকলোৰে কাষলৈ।
দ্বিবিংশ খণ্ড
বানপানীৰ তাণ্ডৱ লাহে লাহে কমি আহিছে। পদুমনি গাৱৰ মানুহৰ মুখলৈ এতিয়া পানী ঘূৰি আহিছে। চোতাল-বাটবোৰ ওলাল যদিও ঘৰৰ ভিতৰত মানুহ সোমাব পৰা হোৱাগৈ নাই। ঘৰৰ ভিতৰখন ভূঁই ৰুব পৰা বোকা। দুৱাৰ খিৰিকীকে ধৰি সকলোতে পানীৰ দাগ। চোকা ৰ’দ দিলে চাৰি পাছ দিনত মজিয়াবোৰ শুকাব লাগে। তেতিয়ালৈকে তক্তা পাৰি সকলোৱে অহা যোৱা কৰিব লাগিব। চোতালখনতো জেপজেপিয়া বোকা। ভৰি দিবলৈকে ভয়। গছ-গছনি, ফুল বাৰীবোৰ পানীৰ দাগে দেখাত অতি লেতেৰা কৰি পেলাইছে। অমিতা, পানগছকে ধৰি যথেষ্ট খিনি মৰিল পানীত। কেঁচু-কুমটি কিছুমান মৰি কোনো কোনো জেগাৰ পৰা অতি দুৰ্গন্ধ ওলাইছে। গাৱৰ দ ভেটিৰ ঘৰবোৰ এতিয়াও ওলোৱা নাই।
পানী শুকুৱাৰ লগে লগে গাঁওত জ্বৰ পানীলগাবোৰ আৰম্ভ হৈছে। লগতে মানুহৰ ভৰিবোৰ পানীয়ে খাই তেনেই অৱস্থা নাইকিয়া হৈছে। ৰাতি শুব নোৱাৰি, কূটকুটাই থাকে। চৰকাৰী সাহায্যত দৰব কিছুমান নোপোৱা নহয়। তাকে লৈ কাম চলাইছে। অলেখ বিলাই বিপত্তিৰ মাজতো পানী কমাৰ খবৰটোৱে সকলোকে অলপমান সকাহ দিছে।
ভাল খবৰৰ মাজতে হৰেন মহাজনৰ ঘৰলৈ আটাইতকৈ ডাঙৰ খবৰটো আহিল, কুন্তলৰ কোনো উৱাদিহ নাই। গাৱৰ কণতিলৌকে ধৰি চাৰিটা ডেকালৰা পানী কমাৰ লগে লগে চাপৰিলৈ ঘাঁহ কাটিবলৈ গৈছিল। সিহঁত যোৱাৰ খবৰ পাই কুন্তলৰ দেউতাকে দঢ়াই দঢ়াই কৈ পঠাইছিল কুন্তলৰ খুটিত সোমাই এবাৰ খবৰ এটা লৈ আহিবলৈ। লৰাহঁতে ঘূৰি আহি যি খবৰ দিলে তাৰ পাছৰ পৰা হৰেনমহাজনৰ ঘৰত খোৱা-শোৱা নাইকিয়া হ’ল। খুটিত দদায়েক অকলে আছে, কুন্তলৰ খবৰ নাই। পানীবঢ়াৰ খবৰ পায়েই কুন্তল ঘৰলৈ বুলি ওলাই আহিছিল এৰাতিৰ বাবে। খুটিত মোহনৰ ভায়েকৰ লগত দদায়েক। দদায়েকে অকলে চম্ভালিব নোৱাৰা বাবে পাছদিনা পুৱাতে কুন্তল ঘূৰি যোৱাৰ কথা। কিন্তু পাছদিনা পুৱা কুন্তল ঘূৰি নগল। ৰাতিটোৰ ভিতৰতে পানীয়ে যি ৰূপ ল’লে দেখি দদায়েকে ভাবি ল’লে ঘৰত কিবা বেছি বিপদ হোৱা বাবে কুন্তল নাহিল। পানী কমিলেই আহিব। কিন্তু তেনে সময়তে গাঁৱৰ লৰাহঁতে চাপৰিত খবৰ লবলৈ যোৱা দেখি আচৰিত হ’ল সকলো। দদায়েকে বিপদ বুজি পালে। নৈ কাষৰীয়া গাঁওবোৰত খা-খবৰ ল’লে। কিন্তু কোনো খবৰ নাপালে। খবৰ কৰিব পৰা, বিচাৰিব লগা এখনো জেগা বাদ নপৰিল। কতো কুন্তলৰ শুং-সূত্ৰই নাপালে। বিপদৰ গুৰুত্ব বুজি সকলো দদায়েকৰ সৈতে ঘৰলৈ ঘূৰি আহিল।
আজি দুদিন পাৰহৈ গল। মিতিৰ কুটুম সকলোৰে ঘৰত খবৰ লোৱা হ’ল, কিন্তু উত্তৰ এটাই আহিল। ঘৰত কান্দোনৰ ৰোল উঠিল। সকলো দেখি শুনি কি বুলি আৰু কুন্তলৈ বাট চাব। কিন্তু বাট নাচাবলৈতো কাৰণ এটা লাগিব। মৰিল বুলি সঠিক কৈ একো প্ৰমাণ নাই, গতিকে….
ওচৰ চুবুৰীয়া আৰু মিতিৰ কুটুম মিলি বিভিন্ন কথা ক’লে। কোনো কোনোৱে একোটা ভয়ংকৰ খবৰ শুনালে, ক’ত কিমান মানুহ মৰিল, ক’ত কিমান নিৰুদ্দেশ হৈ আছে। কোনো কোনো জেগাত আকৌ ঠিকনা বিহীন শ পাইছে বোলে। জনাই নজনাই বিভিন্নজনে বিভিন্ন কথা ক’লে। কথা শুনি শুনি কুন্তলৰ সাহসী মাকো ভাগি পৰিল। হওক বুলি আৰু কিমান দিন বাট চাব। যদি বাৰিষা কৰবাত আশ্ৰয় লৈছিল পানী কমাৰ পাছত অতদিনে ঘূৰি আহি পাবহি লাগিছিল। গহীন গম্ভীৰ অথচ সাহসী কুন্তল, সিংহৰ দৰে পুতেকক কোনেও বান্ধি ৰাখিব নোৱাৰে তেওঁ জানে। তেন্তে?
একমাত্ৰ পুত্ৰৰ বিয়োগৰ দুখত গগন ফালিলে মাকে। আৰু দেউতাক! মানুহটোৱে ঢাৰি-পাটী ল’লে। একমাত্ৰ পো হেৰুৱাৰ দুখত মানুহটো ভাগি পৰিল। কান্দিবলৈও পাহৰিলে যেন। এতিয়াও মনটোৱে মানি লব পৰা নাই যে কুন্তল নাই আৰু এই পৃথিৱীত। বিশ্বাসেই হোৱা নাই। মহাজনৰ ঘৰলৈ খবৰ লোৱা মানুহৰ সোঁত বৈছে। মানুহৰ মুখে মুখে বু বু বা বা চলিছে বোলে,
“কি ঔ এইজনী। মানুহটো মাৰিছে খবৰেই নাই। কেনেকৈ ঘূৰি ফুৰিছে চা, যেন একো হোৱাই নাই। ”
“জানো পাই, আজিকালিৰ ছোৱালী। মনত বা কি আছে। ”
এৰা মণিয়ে কন্দা নাই। কি বুলি কান্দিব তাই। কিহৰ দুখত কান্দিব তাই। যি কাৰণত ঘৰখনত এই অৱস্থা হৈছে তাইৰ মনটোৱে মানি ল’ব পৰা নাই। কুন্তলৰ একো হোৱা নাই। তাইৰ মনে নামানে। মণিক এৰি কেতিয়াও কুন্তল যাব নোৱাৰে।
গাঁৱৰ আৰু মিতিৰৰ মাইকী মানুহবোৰ লগ লাগি মণিক বুজাবলৈ যত্ন কৰিছে,
“কুন্তললৈ বাট চাই লাভ নাই। মৰাটো জানো কাহানিবা ঘূৰি আহিছে। মচি পেলা ফোটটো তই, মচি পেলা।”
“আপোনালোকে মনটো সাহস দিব নোৱাৰে যদি এনেকুৱা কথাবোৰ কৈ নাথাকিব। যাওক ইয়াৰ পৰা।”
“দেখিছ ভালটো ক’বলৈ গৈ কিখন শুনিছো। যি কৰে কৰি থাকক বাদ দে।”
শুনি শাহুৱেকে কৈ উঠিল,
“তাই পাগল হ’ল। মানুহটোৰ দুখত পাগল হৈছে। দোষ নধৰিব। ”
“ঐ মণি, মৰাটো কাহানি ঘূৰি আহিছে। গ’লগৈ সি বুজিছ, গ’লগৈ আমাক চবকে এৰি। বুজিবলৈ যত্ন নকৰ কিয়।”
“যিদিনা দেহটো পাম সেইদিনা মানি ল’ম। তেতিয়ালৈকে মই নামানো, আৰু কুন্তলৰ ঘৈণী হৈয়ে জীয়াই থাকিম।”
পানী শুকুৱাৰ পাছত আজিলৈকে ভালকৈ ঘৰৰ বস্তুবোৰ চিজিল কৰিবলৈকে নাপালে মণিহঁতে। তাৰ আগতেই খবৰ আহিল। আজি মণিয়ে নিজৰ কোঠাটোত অলপমান শুকান মাটি দি মচিছে। মচিবলৈ মাটি পাবলৈকে নাই। ঘৰত আনি থোৱা আলতীয়া মাটিবোৰ পানীত ডুব গ’ল। আজি কঠীয়ানীৰ পৰা খান্দি খান্দি তাই এচৰীয়া মাটি অনিছেগৈ। মাটি খান্দিবলৈ যাওঁতেও কিমানযে চাৱনিৰ মুখা- মুখী হ’ব লগা হৈছে তাই। কাৰোবাৰ চাৱনিত উপলুঙাৰ চিন আছে যদি কাৰোবাৰ চাৱনি পুতৌ ভৰা। তাই একো নকয় কাকো। যেই যি ভাবে ভাবি থাকক। তাই জানে কি কৰিছে। ৰূপালীৰ কোচত নিকুক দি তাই লৰালৰিকৈ কোঠাটো মচি ল’লে। তিতা কাপোৰ এখন আনি মচি মচি কাঠৰ বস্তুবোৰৰ পৰা পানীৰ দাগবোৰ গুচালে। মজিয়াখন অলপ শুকালত তাই অতদিনে বিছনাত তুলি থোৱা বস্তুবোৰ নমাই আনিলে। এটা এটাকৈ চিজিল কৰি ৰাখিলে। আলনাত কাপোৰবোৰ জাপোতে কুন্তলৰ কামিজটো পাই বুকুত সাৱটি ল’লে। এতিয়াও কুন্তলৰ ঘামৰ গোন্ধটো আছেই। তাই আকৌ এবাৰ অনুভৱ কৰিলে তাৰ উপস্থিতি। এইযেন সোমাই আহিব কোঠালৈ, তাইক কাট মাৰি কিবা এফাকি কৈ জোকাব। টানি টানি বাকচটো মেজখনৰ পৰা নামাওতে পুনৰ মনত পৰিল কুন্তললৈ। মানুহটো কাষত থকা হ’লে….
ইমান প্ৰয়োজন আছে মণিৰ জীৱনত কুন্তলৰ। কিদৰে আদবাততে এৰি যাব ? কুন্তল আহিবই আকৌ, মণিৰ কাষলৈ।
এদিন দুদিনকৈ আজি একসপ্তাহ হ’ল। মণিক বাদদি ঘৰৰ প্ৰায় সকলোৱে ধৰি লৈছে কুন্তল আৰু নাই বুলি। আৰু লগতে ধৰি লৈছে কুন্তলৰ দুখত মণি পাগল হ’ল বুলি। এফালে দহা-কাজ পাতিব লাগে। কিন্তু কোনটোদিন ধৰি পাতিব ? যিদিনা ঘৰলৈ বুলি আহিছিল সেইদিনা ধৰি নে যিদিনা সকলোৱে নিৰুদ্দেশ হোৱাৰ খবৰ পাইছিল সেইদিনটো ধৰি? ঘৰৰ আগচোতাল পাছচোতালত কেৱল এইবোৰ আলোচনা চলিছে। কোনো কোনোৱে উপদেশ দিছে খবৰ পোৱাৰ দিনৰ পৰাই ধৰক। মণিয়ে চাই আছে সকলোবোৰ। কি বুলি বুজাব তাই এই মানুহবোৰক। কিবা কব খুজিলে ওলোটাই তাইকহে বুজাই। নিজৰ শহুৰ শাহুক বুজাব পৰা নাই, আনক কিদৰে বুজাব তাই। সকলোৱে মিলি যি কৰে কৰক। তাই মাথো বাট চাব কুন্তললৈ।
————————-
এই মানুহ মখা ! এই মানুহ মখাই কিয় তাইক অলপো শান্তিত থাকিবলৈ নিদিয়ে। এনেই বিপদ কম হৈছেনে ! এফালে কুন্তলৰ চিন্তা আছেই, আনফালে শাহু-শহুৰক বুজোৱাৰ চিন্তা। কিদৰে বুজাব তাই। মণিয়ে যুঁজি যুঁজি অকণমান সৈমান কৰাব পৰিলেও খবৰ লবলৈ বুলি অহা মানুহবোৰে নিদিয়ে কোনোপধ্যে। তাই যুজঁ কৰি যাব, কিন্তু এই সকাম যিকোনো পৰিস্থিতিতে হবলৈ নিদিয়ে। লাগিলে সিহঁতক এঘৰীয়া কৰি দিয়ক, নাইবা তাইক ঘৰৰ পৰা উলিয়াই দিয়ক। কিন্তু মানুহটো জীয়াই থকা অৱস্থাত এনে অমংগল হবলৈ মণিয়ে কেতিয়াও নিদিয়ে।
ঘৰৰ মানুহে ইতিমধ্যে ঠিক কৰিছেই, যিদিনা খবৰ পাইছে কুন্তল নাই বুলি সেইদিনাৰ পৰা হিচাপ কৰি দহা-কাজ পাতিব। মণিয়ে বুজি উঠিছে আজি কব নোৱাৰিলে আৰু কাহানিও নোৱাৰিব তাই। চেগ চাই আছে তাই কুন্তলৰ দেউতাকক কবলৈ। ঘৰটোত এপাক মাৰি গম পালে আগফালে বাৰাণ্ডাতে বহি শহুৰেকে সোমেশ্বৰদাইটিৰ লগত কথা পাতি আছে। অলপ ওচৰ পালত গম পালে সকামৰ কথাই পাতি আছে। তাই ভাবিলে মানুহজন গৈ লওক, তেতিয়া কথাটো উলিয়াব। কিন্তু মুহূৰ্ততে ভাবিলে, এইদৰে কিমান আৰু ৰব। এতিয়াই কব মণিয়ে। এইয়াই সময়। নতুনকৈ তাইৰ বাবে বেলেগ সময় নাহে। কাৰো কথালৈ বাট নাচাই তাই।
“ককাইদেউ গাখীৰ কিমান লগাবলৈ দিছে?”
“এহ গাখীৰনো কি কম! খুটিত গাখীৰ অলপো নাই। এই বাৰিষাখন বাহিৰতো গাখীৰ পোৱা টান হব। গতিকে….”
“কিহৰ গাখীৰ?” মণিয়ে মাজতে মাত লগালে।
“অ’ মণি…..”
“সকামৰ বাবে লাগে।”
“কিহৰ সকাম দেউতা?”
মহাজনে অলপ আচৰিত হৈ চালে মণিলৈ।
“দেউতা কিহৰ সকাম?”
“কেলে, দহা-কাজলৈ।”
“কাৰ?”
“মণি কি হৈছে তোৰ।? বাস্তবলৈ ঘূৰি আহ।”
“ঘূৰি আপোনালোক আহক। জীয়াই থকা পুতেকটোৰ দহা-কাজ পাতে, কেনেকুৱা দেউতাক আপুনি ! এইবোৰ অমংগল মাতিছে আপোনালোকে।”
“মণি।”
“অ’ সচাই কৈছো।”
“তোৰ মতিভ্ৰম হৈছে মণি। জীয়াই আছে যদি ক’ত আছে সি? ইমান দিনে ওলালহি হেতেন।”
“ক’ত আছে মই নাজানো। কিন্তু মোৰ মনে কৈছে তেওঁ ঠিকে আছে।”
“তই বুজিবলৈ চেষ্টা নকৰ কিয় আই ?”
“দেউতা যিদিনা তেওঁৰ মৰা শৱটো দেখিম সেইদিনা বিশ্বাস কৰিম। তেতিয়ালৈকে মই তেওঁৰ নামত সকাম পাতিবলৈ নিদিও।”
বাহিৰৰ কথা-বতৰাবোৰ শুনি শাহুৱেক জেক-জেকাই ওলাই আহিল।
“হেৰৌ জীয়াই থাকোতে তাৰ মূৰটো খাই তই ক্ষান্ত নহলি। এতিয়া মৰাৰ পাছতো তাৰ সকাম পাতিবলৈ নিদিয়।”
“আৰু চাও তোৰ এই ফোটটো, আজিয়েই মোহাৰ। জীয়াই জীয়াই খালি মোৰ লৰাটো, কুলক্ষণী।”
দেউতাকে এইবাৰ মাত লগালে,” আকৌ আৰম্ভ হ’ল তোমাৰ।”
“নকৈ পৰোনে, দেখা নাই নে এইজনী ঘৰখনত সোমোৱাৰ দিনৰ পৰা কি হৈ গ’ল ঘৰখন।”
“হৰেন ককাইদেউ মই উঠো দিয়া। গৰুকেইটাক পানী খুৱাবলৈ যাব লাগে।”
” বাৰু।”
পৰিস্থিতি বেয়া দেখি সোমেশ্বৰদাইটি ঘৰলৈ যাবলৈ ওলাল।
“যি কয় কওক, এওঁৰ নামত সকাম নহয় মই জীয়াই থকা অৱস্থাত।” মণিয়ে এইবাৰ নিজৰ কথাত খুটি পুতি ধৰিলে।
“তেন্তে মৰগৈ যা। তইনো জীয়াই থাকি কিডাল কৰিবি মৰতী।”
“হেৰা তুমি ভিতৰলৈ যোৱা এতিয়াই।” কুন্তলৰ দেউতাকে মুখ পাতি ধৰিলে।
“হুহ।”
.
.
.
“মণি শুন, সকাম কৰিবই লাগিব। নহলে তাৰ আত্মাই শান্তি নাপায়।”
“দেউতা, আত্মাৰ শান্তিটো বহুত দূৰৰ কথা, মোৰ মানুহটোৰ একো হোৱাই নাই।”
“চা মণি, তই কিমান দুখত আছ মই বুজিছো। কিন্তু নিজে ভাবচোন, সেই ভৰ বাৰিষাৰ দিনা সি ওলাই আহিল। সেইদিনাৰ পৰা তাৰ খবৰ নাই। আজি দুইসপ্তাহ হৈ গ’ল। সি যদি জীয়াই আছে তেন্তে ঘৰ ওলাবহি লাগিছিল। মই তাৰ দেউতাক। এতিয়াও বিচাৰো এই সকলোবোৰ মিছা হওক। কুন্তল উভতি আহক। কিন্তু সেইয়া জানো সম্ভৱ। নিজকে নিজে ফাঁকি দি কিমান দিন চলিম আমি মণি? তইয়ো মানি ল।”
“দেউতা আপুনি ঠিক কৈছে কথাবোৰ। কিন্তু এতিয়াও মই আশা এৰি দিয়া নাই। যিদিনালৈকে প্ৰমাণ নাপাও মই মানি নলও। তেওঁ জীয়াই আছেই।”
“তোক কি দৰে বুজালে বুজিবি? তাৰ শান্তিৰ বাবে সকাম কৰিবই লাগিব, লাগিলে তই মানি ল বা নলৱ। ”
“ঠিক আছে দেউতা, আপোনালোকে যি কৰে কৰক। মোকো জোৰ নকৰিব। এইবোৰত মই নাথাকো। মই নিকুক লৈ ঘৰলৈ যামগৈ।”
“তোৰ ইচ্ছা।”
নিকুৱে খুব আমনি কৰিছে। কোনেও ৰাখিব পৰা নাই তাক। মাকে মণিৰ কোলাৰ পৰা লৈ তাক পুখুৰীৰ পাৰলৈ লৈ গৈছে নিচুকাবলৈ। হয়তো তাৰ ভোক লাগিছে। আজি মণিৰ ধৈৰ্য নাই তাক বুকুত সাৱটি কান্দোন মাৰ নিয়াবলৈ। যি হৈছে হৈ থাকক। সমস্ত পৃথিৱী আজি ডুব যাওক। সকলো ৰসাতলে যাওক। তাইৰ খবৰ নাই আজি। নিয়তিয়ে খেল খেলিছে তাইৰ লগত, তাইৰ সেন্দুৰকণ লৈ খেল খেলিছে। দিন দিন অপেক্ষা কৰিছে মণিয়ে। বাট চাই তাই ভাগৰি পৰা নাই। পুৱাৰ বেলিটোৰ লগতে প্ৰতি দিনে তাইৰ আশাবোৰ নতুনকৈ উদয় হয়। প্ৰতিটো দিনৰ আৰম্ভণিয়ে পুনৰ এগাল আশা কঢ়িয়াই আনে, হয়তো আজি কিবা ভাল খবৰ পাব !
তাই যিমানে নিজৰ মনটো সবল কৰি থিয় দিছে সিমানে প্ৰতি দিনে কুন্তলৰ ঘৰখনে আশা এৰি দিছে। তাৰেই চূড়ান্ত ফল আজি। কুন্তলৰ দহা কাজ পাতিছে আজি।
কুন্তলৰ দহা কাজ ! কুন্তলৰ লগতে মণিক যেন সকলোৱে জীয়াই জীয়াই জ্বলাই দিছে। কিয় নুশুনিলে কোনেও তাইৰ কথা। কিয়? ওলোটাই তাইক পাগল বুলি উলাই কৰিলে।
কি ভয়ংকৰ পাপ হৈছে এইবোৰ। মণিৰ অন্তৰাত্মা কপি উঠিছে। এইবোৰে অমংগল মাতিছে, জীয়াই থকা মানুহৰ সকাম পাতি। হে হৰি। মানুহটোক ভালে ৰাখা। য’তেই আছে ভালে ৰাখা। যদি আমি একেলগে থকা নিবিচাৰা নালাগে তেওঁ মোৰ ওচৰলৈ আহিব, কিন্তু তেওঁক কুশলে ৰাখা। হে ভগবান! মণিয়ে গা-মুৰ তিয়াই গোসাইঘৰত চাকি এগছ জ্বলাই দিলে।
ঢক ঢক !
“মণি, মণি।”
“কোননো ঔ, আহিছো আহিছো।”
সন্ধিয়া লাগিল। সকলোবোৰ কাম-কাজ কৰি আজৰি হৈ ঘৰ সোমাইছে। বকুল আৰু বৃন্দাই বৰঘৰত বস্তা দুটা পাৰি চিঞৰি চিঞৰি কিতাপ পঢ়িছে। কোনেও কাৰোৰে মাত নুশুনা অৱস্থা। মাকৰ কোঠাত মণিয়ে নিকুক শুৱাইছে।
কোনোবাই মতা যেন পাই মণিৰ মাকে চাদৰখন ঠিক ঠাক কৰি ওৰনিখন টানি দুৱাৰৰ ফালে আগবাঢ়ি আহিল।
কিন্তু তেওঁ দুৱাৰ মুখ পোৱাৰ আগতেই মণি ঢপলিয়াই আহিল। সকলোবোৰ যেন তাই উজুতিয়াই নিব। মাকে ততেই ধৰিব নোৱাৰিলে কি হ’ল। মাকক পাৰহৈ মণিয়ে দুৱাৰৰ খিলিটো খুলি দিলে।
শুকান মুখ এখন, কোটৰত সোমোৱা চকু এহালি, আৰু সেই চিনাকি সহজ সৰল চাৱনি এটা। মাকে কিবা উৱাদিহ পোৱাৰ আগতেই মণি চিঞৰ মাৰি মাটিতে বহি পৰিল। মণি বহি দিলতহে মাকে চাকিৰ পোহৰত দেখিলে, কুন্তল। এটা যেন নৰকংকাললৈ ৰূপান্তৰিত হ’ল কুন্তল। কেইমুহূৰ্তমান যোৱাৰ পাছতহে মণিৰ হুচ আহিল।
“আপুনি ক’ত গৈছিল?” বুলি কুন্তলক সাৱটি ধৰি তাই চিঞৰি চিঞৰি কান্দিলে। কুন্তলে মাথো মণিক সাৱটি ধৰি থাকিল। মণিৰ যেন অতদিনৰ দুখ শোকবোৰ বুকুৱেদি উজাই আহিছে । চিঞৰ বাখৰ শুনি ঘৰৰ বাকীবোৰো দুৱাৰমুখ পালেহি। কুন্তল আহি বহিলহি ভিতৰত।
মাকে লৰালৰিকৈ হাত মুখ ধুবলৈ বুলি পানী এঘটি আনি দিলে। আৰু পাকঘৰলৈ গ’ল খাবলৈ কিবা এটা যোগাৰ কৰিবলৈ।
বৰঘৰৰ মজিয়াত সকলো বহি আছে। মণিয়ে কোলাত নিকুক লৈ বেৰত আউজি শুনি আছে কথাবোৰ। কথা শুনি মণিৰ মাকে চাদৰৰ আচলেৰে চকুৰ পানী মচি আছে। কুন্তলে কৈ গৈছে কিদৰে ভৰ বাৰিষাত ঘৰলৈ বুলি ওলাই আহি নাও ডুবিল। নৈৰ প্ৰচণ্ড সোঁতত উটি গৈ কুন্তল কোনোবা অচিন চাপৰিৰ মিছিং গাঁওত পালেগৈ। তাতে তিনিদিন থকাৰ পাছত আৰম্ভ হ’ল সন্নিপাত জ্বৰ। বাৰিষা ইফাল সিফাল কৰিব নোৱাৰা অৱস্থাত ঘৰুৱা দৰৱেৰে চিকিৎসা কৰাই পুৰা একমাহ পাছত আৰোগ্যৰ পথলৈ লাহে লাহে আহিল কুন্তল। ইতিমধ্যে বাৰিষাৰ ভয়ংকৰ ৰূপ অলপকৈ শাম কাটিছে। গাটো অলপ পাতল পায়েই পুনৰ ঘৰলৈ বুলি ঘূৰি আহিছে কুন্তল। ঘৰলৈ গৈ যি পৰিস্থিতিৰ সন্মুখীন হ’ল কুন্তল অবাক। ঘৰতযে এক নাটকীয় পৰিস্থিতি হ’ব কুন্তলে আশা কৰিছিল, কিন্তু এনে এটা পৰিস্থিতিৰ বাবে অলপো সাজু নাছিল। মণিৰ খবৰ পায়েই দৌৰি আহিছে কুন্তল, মণি আৰু নিকুৰ কাষলৈ। ঘৰৰ সকলো মানুহে আস্থা হেৰুৱাই পেলোৱাৰ পাছতো কি দৰে মণিয়ে বাট চালে তালৈ সি ঘৰতে গম পাই আহিছে। কুন্তলে বুজি পোৱা নাই মণিক এইমুহূৰ্তত প্ৰশংসা কৰিবনে ধন্যবাদ দিব। দুয়ো দুয়োৰে চকুলৈ চাই ৰ’ল মাথো। সেইখিনি আবেগ প্ৰকাশ কৰাৰ কোনো ভাষা নাই, মাথো দুয়োৰে চকুৱে মুখে ফুটি উঠিছে এক জ্যোতিৰ্ময় আভা।
নতুনকৈ পতা বাৰীখনৰ এমুৰত পুখুৰীটো। তাৰ কাষতে কোৰ মাৰি উলিওৱা কবিয়নিখন। বাৰীৰ সিটোমুৰে শাৰী শাৰী তামোল-পানৰ গছ। তাৰে মাজত চালে চকু ৰোৱা ফুলনিৰ সৈতে পৰিপাতিকৈ সজা চাৰি কোঠালীয়া ঘৰটো। আজি পুৱাৰে পৰা ঘৰখনত অলপ বেলেগ পৰিবেশ। মানুহবোৰৰ মুখত চিন্তাৰ চিন স্পষ্ট। আগফালে নিকুক কোলাতলৈ কুন্তল উচপিচ কৰি আছে। তেনেতে ৰূপালী দৌৰি আহি ক’লে,
“ঐ নিকু তোৰ কাজিয়া কৰিবলৈ লগ আহি গ’ল।”
.
.
.
.
“দাদা ছোৱালী হৈছে।”
সমাপ্ত
*******
1:39 pm
শেষ ভালে সকলো ভাল৷ এইখন কিতাপ আকাৰে কৰা৷ মজ্জা হব৷ সুন্দৰ গাঁৱৰ ছবি এখন প্ৰকাশ পাইছে৷