ফটাঢোল

অথ বণিক-সম্বাদ -খগেশ সেন ডেকা

(সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে)

একালৰ এটি গুপুত কাহিনী ৷ এজন পচামাল, আই মিন আমি যে কওঁ গেলামাল, সেইবিধ মালৰ দোকানী আছিল ৷ ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই ৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান ৷ দোকানীজন আছিল বিৰাট বপুৰ ৷ মধ্যদেশ ভীমকায়, মস্ত শকত-আৱত থুলন্তৰ চেহেৰাৰ ৷ দোকানখনৰ নাম যদিও গণকৰ হতুৱাই গণনা কৰি “লখিমী ভাণ্ডাৰ” ৰখা হৈছিল, সকলোৰে মুখে মুখে সি ‘পেটলাৰ দোকান’ হিচাপে সেই ঠাইত ফেমাচ হৈ পৰিছিল ৷ হওঁতে দোকানীজনৰ ভাল নাম এটা আছিল ৷ পিছে থাকিলে হ’ব কি ? আছে গৰু নাবায় হাল ৷ গতিকে কালৰ কুটিল গতিত অৰিজিনেল নামটোৰ জেগাত ডুপ্লিকেট ফিটিং হ’ল আৰু দোকানীও চক্ৰধৰ গুচি হৈ পৰিল পেটলা ৷

পেটলা দোকানী আছিল আমাৰ ভাৰতীয় তেত্ৰিশ কৌটি দেৱতাৰ একান্তই ভকত ৷ তাৰ অন্তৰত ভকতি ৰসে ইতিমধ্যে জুলীয়া গুড়ে কলহৰ তলিত দানা বন্ধাদি গোট মাৰিছিল ৷ পেটলা ওৰফে চক্ৰধৰ দোকানী কায়-মনো-বাক্যে নিশ্চিত আছিল যে ‘একান্ত ভকতসৱে’-হে ইহ জগতত ধন-ধান, সা-সম্পত্তি ঘটি ইহকাল-পৰকাল উভয়তে সুখে-সন্তোষে দিন কটাব পাৰে ৷ গতিকে, সি তেত্ৰিশ কৌটিৰ মাজৰ পৰা নিজস্ব পদ্ধতিৰ লটাৰীৰে দুজনাক চিলেক্ট কৰি দোকানৰ এচুকত সুন্দৰকৈ বহুৱাই ৰাখিছে ৷ সেই দুজনা ভাগ্যৱান- ভাগ্যৱতী দেৱ-দেৱী হ’ল— (১) হেমৱন্ত-জীয়াৰী আই পাৰ্ৱতী আৰু ভঙুৱা মহাদেৱৰ বৰপুত্ৰ হস্তীমুণ্ড যুক্ত শ্ৰীমান গণেশ আৰু(২) জগতৰ সকলো ধন-সম্পত্তিৰ মালিকনী শ্ৰীযুতা লখিমী দেৱী ৷ পেটলাই তাতে পুৱা-গধূলি চাকি-বন্তি জ্বলাই, ধূপ-ধূনাৰে ধূম্ৰজাল তৈয়াৰ কৰি, টিলিঙা বজাই দুয়োকে পূজা-অৰ্চনা কৰি অটাইহে দগা-পাল্লাত হাত লগায় ৷ সেই পৰত গ্ৰাহক আহিলেও পেটলাৰ ৰেডিমেড উত্তৰ—”পাছত আহিবি যা ৷” উপায় নাই ৷ কাৰণ সেই ঠাইত তেনে দোকান দ্বিতীয়খন পাবলৈ নাই ৷ নহ’লে দহ মাইল আঁতৰৰ সৰু টাউনখনলৈ যাব লাগিব ৷ হওক তেও, এতিয়া যেনিবা ইমাৰ্জেন্সিত লাগ বুলিলেই গেছৰ বাৰ্ণাৰত চৰুটো উঠায়ো দৌৰ মাৰি দাইলকণ, মিঠাতেলটোপা আনিব পৰা গৈছে ৷
পেটলাৰ মাল জোখাৰ কিটিপটো কিন্তু মানিবলগীয়া ৷ সেই দোকানৰ মাল আনি আপুনি যদি ঘৰত জোখে তেন্তে মই গেৰাণ্টি দি ক’ব পাৰো কেজি মুখে কমচে কম এশ/ডেৰশ গ্ৰাম কম পাবই ৷ (কথাষাৰ মনে মনেহে কৈ থলো ৷ আনক কোৱা নিষেধ ৷ কভী কিচিকো মত বতানা ৷ বতানেচে গৰবৰ হৌ জায়েগা ৷) আচলতে পেটলা দোকানীৰ হাতত এটুকুৰা চুম্বক থাকে ৷ মাল জোখাৰ সময়ত হাতৰ টিপতে সেইবিধ চীজ মাল তোলা পাল্লাখনৰ তলফালে লগাই দিয়ে ৷ পেটলাই আৰু এটা কাম কৰে মিঠাতেলৰ জাৰ বঢ়াবলৈ তাত কিছু পিঁয়াজৰ ৰস মিলাই থয় ৷ তেল বিচৰা গ্ৰাহকৰ চকুত বা নাকত সুযোগ বুজি লগাই দি সেই তেল যে একেবাৰে খাঁটি সেই কথা এলজেব্ৰাৰ ফৰ্মূলাৰ দৰে হেন্স প্ৰুভ্ড বুলি প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰি বুজাই দিয়ে ৷

বয়-বস্তুৰ আলাই-আথানি পেটলাৰ মুচলুমেও সহ্য নহয় ৷ এই যে আমি চাহ কৰি উঠি সিজোৱা চাহপাতবোৰ পেলাই দিওঁ, পেটলাই কিন্তু তেনে অপব্যয় কেতিয়াও নকৰে ৷ সি আগতে ব্যৱহাৰ কৰা চাহপাতবোৰ ৰ’দত সুন্দৰকৈ শুকুৱাই নতুন চাহপাতৰ সৈতে ৰিমিক্স কৰি থয় ৷ মহাপুৰুষীয়া কাৰবাৰ, আমাৰ দৰে পথালি চকুৱা নৰ মনিচে তাৰ কি ভূ পাম ! এনে আৰু বহু কাহিনী আছে ৷ সেইবোৰ নোকোৱাই ভাল ৷ বুজোঁতাই বুজিছে ৷ মুঠতে পেটলাই শাস্ত্ৰত বৰ্ণিত অজামিল উপাখ্যানৰ ফৰ্মূলা বাস্তৱত পূৰাদমে এপ্লাই কৰি চলে ৷ সেই যে গোটেই জীৱন দুষ্কৰ্ম কৰিও মৰাৰ পৰত যমদূতক দেখি সৰু পুতেকক চিঞৰি মাতোঁতে বিষ্ণুদূত আহি ভি-ভি-আই-পিৰ দৰে স-সন্মানেৰে বাটত কোনো ট্ৰেফিক জেম নোহোৱাকৈ জীৱটো নি চিধাই বৈকুণ্ঠ পুৰী পৌহছাই দিছিল সেইজনা মহান পুৰুষ অজামিলৰ কথা কৈছোঁ ৷ গতিকে “পাপ কৰো, কিন্তু ঈশ্বৰকো সদায় পূজা কৰো, বচ্ মিল জায়েগা বৈকুণ্ঠ ভৱন “— এই কথাত পেটলাই একান্তভাৱে বিশ্বাস কৰিছিল ৷

পিছে পৃথিৱীৰ জীৱকুলৰ যি গতি হয়, পেটলাৰো এদিন সেই দশা হ’ল ৷ কিছুদিন বেমাৰ ভুগি এদিন কালসন্ধ্যাৰ পৰত পেটলা মৰি থাকিল ৷ গোটেই জীৱন জুৰি অতবোৰ পুইণ আৰ্জি থৈছে যেতিয়া জীৱটো নিবলৈ স্বাভাৱিক কাৰণতে সৰগৰ পৰা এখন সুসজ্জিত দিব্য বিমান তিনিজনা ভুবন ভূলোৱা ৰূপেৰে জাতিষ্কাৰ দেৱদূতসহ উপস্থিত হ’ল আৰু পেটলাৰ জীউটো ওপৰেৰে উৰুৱাই নি এক্কেবাৰে চিধাই সেই চাৰিআলিটো পালেগৈ, য’ৰ পৰা সৰগ, নৰক, মৰত আৰু মহাৰাজ যমৰ ৰাজধানীলৈ যাব পাৰি ৷ আচলতে যোৱাৰ বাটত পাপী জীউবোৰে এখন বৰ ভয়ানক নদী পাৰ হ’ব লাগে ৷ তাৰ নাম বৈতৰণী ৷ হিংসুক জলচৰেৰে ভৰা এই নদী মৰতত পুণ্য নামৰ চীজবিধ অৰ্জন কৰা জীৱক আকাশেৰে হেলিকপ্তাৰত নিয়া হয় যেতিয়া সিহঁতে সেই নদী পাৰ হ’ব নালাগে ৷ সি যি কি নহওক, যিটো চাৰিআলিত পেটলাৰ জীউ লৈ দেৱদূত কেইজনে বিমানখন ৰখালে তাৰে পৰা পাপ-পুইণৰ বিচাৰভেদে জীৱবোৰক সৰগ বা নৰকলৈ পঠিওৱা নিয়ম ৷ দেৱদূত কেইজনে বিমানখন হেলিপেডত ৰাখি চাহ-পানী খাই ভাগৰ পলুওৱাৰ চিন্তা কৰোঁতেই “ভয়ংকৰ তিনি গোটা যমদূত আগে ভৈলা উপগত ৷” যমদূতৰ ভাষ্য হ’ল পেটলা দোকানী মহাপাপী ৷ গতিকে তাৰ নৰকে গতি হ’ব ৷ এয়া মহাৰাজৰ ৰিভাইজ্ড অৰ্ডাৰ, আৰ্জেণ্ট হুকুম ৷ সেই হুকুম অৱশ্য পালনীয় ৷ তাৰ হেৰাফেৰি হ’ব নোৱাৰিব ৷ কিন্তু কথাটো হ’ল, শ্ৰীযুত গণেশ আৰু আই লখিমীৰ পূজা-সেৱাৰ জৰিয়তে অতদিনে আৰ্জি অহা পুইণ বস্তু মুহূৰ্ততে কিদৰে শূইন হৈ উৰি গ’ল ? স্বাভাৱিকতে দোকানীৰ মনত উদয় হোৱা সি এক লাখটকীয়া প্ৰশ্ন ! হয়োতো, এয়া কিদৰে সম্ভৱ ! পিছে ঘাই শাক মৰলীয়া ৷ আচল ৰহস্য ক’ৰবাত ৷

সকলোৱে জানে যে, যমৰজাৰ এজনা একাউণ্টেণ্ট, মানে হিচাপৰক্ষী বিষয়া আছে ৷ নাম তেওঁৰ চিত্ৰগুপ্ত ৷ তেওঁ সমুখত তৰ্জু আৰু হিচাপৰ খাতা এখন লৈ মহামহিম যম মহোদয়ৰ ওচৰত বহি মৰতৰ জীৱকুলৰ পাপ-পুণ্যৰ হিচাপ তৰ্জুখনত ওজন কৰাৰ উপৰি খাতাখনত লিখি ৰাখে ৷ বেচেৰাৰ কিন্তু ব্যস্ততাৰ অন্ত নাই ৷ আমাৰ মৰতৰ চৰকাৰী পা-পইচাৰ হিচাপ ৰখা এচাম একাউণ্টৰ দৰে কামত ফাঁকি দিয়া বা তলপাকে ধন লৈ টকা-পইচাৰ চিক্সটি-ফৰ্টি কৰা কাৰবাৰ তাত নচলে ৷ গতিকে হিচাপ আৰু তৰ্জুৱে পাপী বুলি ক’লে জীৱক নৰকলৈ আৰু পুইণৰ ভৰ অধিক হ’লে দেৱলোকলৈ পঠিওৱাৰ বাবে তেওঁ যমৰ ওচৰত ফাইল পুট-আপ কৰে আৰু মৃত্যুৰাজ যম মহাৰাজে চিত্ৰগুপ্তৰ হিচাপ অনুসাৰে কোন জীৱক নৰকলৈ নিব আৰু কোন জীৱক সৰগলৈ নিব তাৰ অৰ্ডাৰ দিয়ে ৷ পেটলা দোকানীৰ ক্ষেত্ৰত চিত্ৰগুপ্তৰ ভুলক্ৰমে ডাঙৰ মিছ্টেক এটা হ’ল ৷ তৰ্জুৰ বিজুতিৰ ফলত হোৱা ফেৰৰ হেৰ-ফেৰৰ বাবে তাৰ পুইণৰ ভৰ বেছি হ’ল ৷ গতিকে সেই হিচাপ অনুসাৰে পেটলাৰ জীৱটো সৰগলৈ নিয়াৰ বাবে অৰ্ডাৰ পাছ কৰি দেৱদূতক ব্যৱস্থা ল’বলৈ পঠিয়াই দিলে ৷ গ’ল কথা গুছিল ৷ কিন্তু কিছু সময়ৰ পাছত চিত্ৰগুপ্তৰ অফিচৰ ল’ৱাৰ ডিভিজন এচিটেণ্ট এজনে ভুলটো ধৰা পেলালে ৷ চিত্ৰগুপ্তই ততালিকে খাটা চেক কৰি দেখিলে কথা বিষম ৷ তাৰ পুণ্যতকৈ দেখোন পাপৰ মাত্ৰাহে বেছি ৷ গতিকে ইমিডিয়েট ৰিভাইজদ্ আৰ্জেণ্ট অৰ্ডাৰ পাছ কৰাই মহাৰাজ যমৰ হতুৱাই যমদূতক তলব কৰি দোকানীৰ জীৱ নৰকলৈ পঠিওৱাৰ দিহা কৰা হ’ল ৷ সেই মৰ্মে যমদূতে গৈ দেৱদূতৰ সৈতে পেটলাৰ জীৱটোক চাৰিআলিটোতে লগ পালে ৷ দেৱদূত কেইজনে যমৰজাৰ আৰ্জেণ্ট অৰ্ডাৰটো পঢ়ি তৎকালেই পেটলাৰ জীৱটো যমদূতক হেণ্ড অ’ভাৰ কৰিলে ৷ পেটলাই দেখিলে কথা বিষম ৷ সি লাহেকৈ মাত লগালে—”অ’ ছাৰ, যি হৈছে হৈছে ৷ মোক আপোনাসৱে ইয়াতেই এৰি দিয়ক ৷ এইটো চাৰিআলি যেতিয়া মই সৰগ, নৰক, মৰত সকলো দিশৰ গ্ৰাহক পাম ৷ গতিকে মোৰ দোকানখন উঠাই আনি ইয়াতে বহাই লওঁ ৷ আপোনালোক আটাইকেইজনকে সদায়ে মই ফ্ৰী ৰেছনৰ যোগান ধৰিম৷”

পিছে হ’ব কি ? যমৰ নগৰত মৰতৰ দৰে অনীতি, দুৰ্নীতি আদি যে নচলে ৷ গতিকে পুনৰ মুচিক ভৱ ৷ নিয়ম নিয়মেই ৷ তাৰ এচিকুটো ইফাল-সিফাল হ’ব নোৱাৰে ৷ গতিকে পেটলা দোকানীৰ ভি-ভি-আই-পিৰ মৰ্যাদা তৎকালে কৰ্তন কৰা হ’ল আৰু তাক নি বৈতৰণী নদীৰ সিটো পাৰত থৈ অহা হ’ল ৷ প্ৰথমে সি গৰু বা আন কিবা জন্তুৰ নেজত ধৰি সাঁতুৰি নৈখন পাৰ হ’ব লাগিব ৷ তাৰ পাছত তাক নৰকলৈ নি পাপ অনুসাৰে শাস্তি দিয়া হ’ব ৷ নদীখন আকৌ ঘঁৰিয়ালকে ধৰি অসংখ্য হিংস্ৰ জীৱৰে ভৰা ৷ পেটলা ভয়ত পেপুৱা লাগিল ৷ কাষত যমদূতৰ গোঁজৰনি…

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *