ফটাঢোল

মোৰ ক্ষেত্রত এনে হৈছিল – দিব্যজ্যোতি চৌধুৰী

আজিৰ পৰা পাঁচ বছৰ মানৰ আগৰ কথা | মই ঘৰৰ লাগতিয়াল বস্তু অলপ বজাৰ কৰিবলৈ আমাৰ নগাওঁ চহৰলৈ বুলি ৪০৭(407) গাড়ীত উঠিলো | আমাৰ ঘৰৰ পৰা নগাওঁ চহৰলৈ প্রায় ১৫ কি:মি: দূৰ | মই উঠোতে গাড়ীখনত প্রায়বোৰ চিটেই খালী আছিল | কিন্তু দুই কি:মি: মান যোৱাৰ পাছত চিটবোৰ পূৰ হ’ল । আৰু অলপ দূৰ যোৱাৰ পাছত আৰু যাত্রী উঠিল । ঠেলা-হেঁচাৰ সৃষ্টি হল । আৰু অলপ দূৰ যোৱাৰ পাছত বহু যাত্রী উঠিল । যাত্রীসকলৰ সৰহ সংখ্যকেই মহিলা আৰু শিশু । গাড়ীখনৰ ভিতৰত সাংঘাতিক ঠেলা-হেঁচা হল |
: ভাইটি,ইয়াক অলপ ধৰিবানেকি ?— থিয় হৈ থকা এগৰাকী বয়সস্থ মহিলাই মোৰ ফালে কেঁচুৱা এটা আগবঢ়াই দিলে । এটা ন, দহ মাহ মান বয়সৰ লোদোৰ পোদোৰ ল’ৰা কেঁচুৱা ।
: অ ল’ম দিয়ক ।—মই কেঁচুৱাটো হাত পাতি ল’লো। মানুহজনীক চিটটোকে দিম বুলি ভাবিছিলো যদিও নিদিলো । কাৰণ থিয় হব লাগিব মাইকী মানুহৰ মাজত আৰু ভালকৈ থিয় হ’ব নোৱাৰি মূৰটো তললৈ মূৰ কৰি থাকিব লাগিব ।কাৰণ মোৰ উচ্চতাৰ মানুহে ৪০৭ ত থিয় হ’ব নোৱাৰে । মূৰটো গাড়ীৰ বডিত লাগি যায় । কেঁচুৱাটোক কোঁচত বহুৱাই ল’লো । আমনি নাই। কিবা ক’লেই হাঁহি দিয়ে ।মোৰ খুউব ভাল লাগিল।

গাড়ীখন গৈ ননৈ পালে । তাতে অলপ যাত্রী নামি গ’ল । মই বহা চিটটোৰ খিড়িকীৰ কাষত বহা যাত্রীজন ননৈত নামি গ’ল । ঠেলা-হেঁচা অলপ কমিল ।
: আপুনি অলপ সিফালে যাওঁকচোন। — কাৰোবাৰ মাতত চাই দেখিলো, এজনী কম বয়সৰ বোৱাৰী । মই খিড়িকীৰ ফালে গ’লো আৰু মানুহগৰাকী বহি পৰিল।
ননৈৰ পৰা গাড়ীয়ে বেছি স্পীড লয়। তেতিয়ালৈ কেঁচুৱা মোৰ কোলাত টোপনিত লালকাল দিলে। খোলা খিড়িকীয়েদি বৰকৈ বতাহ সোমোৱাত তাৰ সৰু দেহাটো কঁপি উঠিল । মোৰ মনটো বেয়া লাগিল। মই গ্লাছখন বন্ধ কৰি দিলো। তাৰ ভৰি কেইটা চুই চালো, ঠাণ্ডা পৰিছেনেকি। নাই পৰা । মোৰ কাষত বহা মহিলা গৰাকীয়েও কেঁচুৱাটোৰ হাত ভৰি চুলে। কপালখন মোহাৰি দিলে। নাৰী গৰাকীৰো চাগৈ সন্তান আছে। নাৰীবোৰ সকলো মমতাময়ী । মই ভাবিলো।
গৰম লাগিল । মই অলপ গ্লাছখন খুলি দিলো। বতাহ লাগিলেই সি জিকাৰ খাই উঠে। মই আকৌ বন্ধ কৰি দিলো। কেঁচুৱাটোক মই যিমান মৰম কৰি গৈছো মহিলা গৰাকীয়েও কৰিছে সিমান।
আঠ, ন কি:মি:মান যোৱাৰ পাছত মোৰ ভাব হ’ল যে মোক কেঁচুৱাটো দিছিল কোনে। এগৰাকী বয়সস্থ যেন মহিলাই। মই মানুহ গৰাকীক বিচাৰি ইফালে সিফালে চালো। নাই; মানুহ গৰাকী গাড়ীত নাই। মই ভালেমান সময় উচপিচাই মানুহ গৰাকীক বিচাৰিলো। নাই, মানুহ গৰাকীক পোৱা নগ’ল।
এইবাৰ মই ভয় খালো । আৰে,কোনো গাৰ্জেন যদি নোলায়, কেঁচুৱাটো মই কি কৰিম ? কোনোবাই মোক ফচালে নেকি ? এবাৰ ভাবিলো কোনো নোলালে নাই, ঘৰলৈকে লৈ যাম । পিচমুহূৰ্ততে ভাবিলো নাই নিনিওঁ। বদনামহে হব । কোনো কোনোৱে হয়তো ক’ব– ক’ত তাক গাড়ীত কোনোবাই দি থৈ গ’ল ! কথা হ’ব পাৰেনেকি ? ইয়েই কৰবাত কিবা গণ্ডগোল কৰিলে চাগৈ । হে ভগৱান,তেতিয়া কি হ’ব ? নাই, সদৰ থানাৰ অ’চিকে ক’বগৈ লাগিব। অ’চিয়ে সুধিব কি হ’ল? মই ক’ম– এই কেঁচুৱাটো গাড়ীতে মোক কোনোবাই দি পলাল । অ’চিয়ে ক’ব– ওলা ইয়াৰ পৰা,য’লৈ নিয়’ ত’লৈ নে, এনে বুৰ্বক মানুহনে কোনোবাই কেঁচুৱা কোঁচত দি পলায়(চিনেমা হোৱা হ’লে মোৰ মনৰ অৱস্থা দেখুৱাই দিলে হয়)..!

শেষত ভাবিলো যে অনাথ আশ্ৰমলৈকে লৈ যাম।

: আপুনি ইমান কিয় খচমচাই আছে? —মোৰ কাষত বহা মহিলা গৰাকীয়ে মোক সুধিলে |
: এ ৰ’ব হে । মোক এই কেঁচুৱাটো কোনে দি গুছি গ’ল? কেঁচুৱাটো কি কৰিম এতিয়া মই ? —চিন্তিত মনেৰে মই ক’লো।
: আৰে এইটো মোৰেই ল’ৰা ।—মহিলা গৰাকীয়ে কৈ উঠিল ।
: হা…..
: হয়,বাইদেৱে লৈ আছিল। বাইদেউ মানুহৰ হেঁচাত সৌ তাত সোমালগৈ। — মানুহজনীয়ে ড্রাইভাৰৰ পিছফালে থকা বেৰখনৰ ফাঁকলৈ আঙুলিয়ালে। মানুহগৰাকীৰ চুলিকোঁচাহে ওলাই আছে। মই স্বস্তিৰ নিশ্বাস এৰিলো।কিন্তু পিচ মুহূৰ্তত কাষত বহা মানুহজনীলৈ মোৰ বৰ খং উঠিল।
: তাক দিয়ক ।— মানুহ জনীয়ে কেঁচুৱাটোলৈ হাত মেলিলে ।
: নাই,নিদিও। — মই ক’লো।
: হা,নিদিয়ে ? কিয় নিদিয়ে ? মোৰ কেঁঁচুৱাহে !— মানুহজনী জঁকি উঠিল।
: নহ’বও পাৰে —মই ক’লো।
: কি নহ’বও পাৰে ? আপুনি কি কথা ক’বলৈ আহিছে। মোৰ কেঁচুৱা আকৌ। দিয়ক….
খঙত মানুহজনী ৰঙা পৰিল।
: যি গৰাকী মানুহে মোক কেঁচুৱাটো দিছিল মই তেখেতকহে দি’ম। —মই ক’লো। বহুত আগতে বহিবলৈ চিট পাইছে তেখেতে। মোৰ হাতত কেঁচুৱাটো দি নিজে ফস্তি মাৰি বহি আহিছে আৰু মোক টেনচনত পেলাই মাৰিছে। মই মুখেৰে ভোৰভোৰাই থাকিলো। ইতিমধ্যে গাড়ী নগাওঁ পালে আৰু যাত্রীবোৰ নামিব ধৰিলে। প্রথমে থিয় হৈ অহা যাত্রীসকল নামিল। চুক এটাৰ পৰা মোক কেঁচুৱা দিয়া মানুহজনী ওলাই আহি বোৱাৰীয়েকক ক’লে—তাক ল হে…
: নিদিয়ে ।—মানুহজনীয়ে যেন মোক ঘুচিয়াবহে এতিয়া।
: কেঁচুৱাটো মোক আপুনি দিছিল ন ?—বয়সস্থ মহিলা গৰাকীক সুধিলো।
: হয়…।
: এখেতক দিব লাগে ?
: অ, মাক তায়ে।
: অ,তেন্তে লওঁক । —কেঁচুৱা আগবঢ়াবলৈ নাপালোৱে একে আজোৰে কেঁচুৱাটো মোৰ পৰা কাঢ়ি লৈ গ’ল। যাওঁতে মুখেৰে ভোৰভোৰাই মোক গালি পাৰি গ’ল। ভাগ্যে হাতত বেলনা মাৰি বা হেতা,ঝাৰু নাছিল…!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *