ভিক্ষাৰী – সমুজ্জল কাশ্যপ
তাইক আজি প্ৰচণ্ড চৰ শোধালো বাপ্পেকে। মোক ভিক্ষাৰী বুলি কয়.. ইম্মান সাহস!
বিয়া হোৱা আমাৰ এসপ্তাহ হৈছে। ডিজায়াৰখন লৈ অলপ লং ড্ৰাইভ কৰি আহো বুলি দুয়ো আবেলি ওলাই আহিছিলোঁ। বহল হাইৱেটোৰে ১০০/১২০ স্পীডত গাড়ীখন নচলালে কিবা চলোৱা যেন নালাগে। তাই বাৰে বাৰে বাধা দি আছিল মোক, ইমান স্পীডত বোলে চলাব নালাগে। কোনোদিনে গাড়ী চলোৱাটো বেলেগে কথা, কাৰো গাড়ীত বহিয়েই নোপোৱা ছোৱালীজনীয়ে মোক শিকাব আহিছে গাড়ী চলোৱাৰ কথা!
“হা! হা! বাদ দিয়া হে, একো নহয়…….” বুলি এক্সেলেটৰডালত জোৰেৰে হেঁচি ধৰিলো। তেনেকৈ কিছুদুৰ যোৱাৰ পিছত হঠাতে আগেৰে পাৰ হৈ যোৱা ভিক্ষাৰীটোক বচাব গৈ বৰ জোৰেৰে ব্ৰেক মাৰি কিবাকৈ গাড়ীখন ৰাস্তাৰ কাষত ৰখালো। নামি গৈ বুঢ়াটোক ভাল ধমক এটা দিলোঁ। এইবোৰে জানিশুনি মানুহৰ গাড়ীৰ আগত পৰিব আহে। তাই আকৌ গাড়ীখনৰপৰা নামি আহি বুঢ়াটোক ধৰি ধৰি ৰাস্তাটো পাৰ কৰাই দি আহিল। হাতত এশটকীয়া নোট এখন উঠাই দিয়াও দেখিলোঁ।…
“আমি মানে কথাত ব্যস্ত থাকোতে তেওঁ নেদেখিলে আপোনাক ভালদৰে, ক্ষমা কৰি দিব। আমাৰ নতুনকৈ বিয়া হৈছে খুড়া, আশীৰ্বাদ কৰিব…….” বুলি কোৱাও শুনিলোঁ।
“কি দৰকাৰ এই ভিক্ষাৰীবোৰৰ প্ৰতি ইমান দৰদ দেখুওৱাৰ!” …….অলপ ধমক দিয়েই ক’লো তাইক।
তাই আকৌ ক’লে….. “এইবোৰ বুঢ়া মানুহ, কেঁও কিছু নোহোৱা। কিবা এটা কৰি খোৱাৰ শক্তি নাই দেহত, সেয়ে ভিক্ষা বিচাৰি ফুৰিছে। কিছুমান যে আছে, সম্পূৰ্ণ কৰ্মক্ষম হৈয়ো আনৰ ওপৰত নিৰ্ভৰ কৰি খোৱাৰ কথা ভাবে, সেইবোৰক তুমি কি কবা? কোন আচলতে ভিক্ষাৰী?!”
“এই এই এই….কাৰ কথা কৈছা? তুমি মোক কোৱা নাইতো?”…….খঙে চুলিৰ আগ পালে মোৰ।
“তোমাৰ দৰে কিছুমান মানুহৰ কথাই কৈছোঁ। দেউতাই ইমান কষ্ট কৰি, সামান্য পোষ্টমাষ্টৰৰ চাকৰিটোৰে আমাক পঢ়ুৱাইছিল, কিমান কষ্টৰে বিয়াখন পাতিছিল, ভাবিলে মোৰ বৰ দুখ লাগে। তোমাৰ মায়ে বিচৰা গোটেইবোৰ টকা ক’ৰপৰা যোগাৰ কৰিছিল, সেয়া আমি গমেই নাপাওঁ, তাৰ ওপৰত আকৌ তুমি বিচৰা এই মাৰুটী ডিজায়াৰখন। উফ্! মোৰ ভাবিবলৈ ভয় লাগে। তুমিয়েই কোৱাচোন.. কোন আচলতে ভিক্ষাৰী। সেই বুঢ়াজন, নে…..…!”
ঠাছ্ কৈ এটা শব্দ হ’ল। তাইৰ কথাবোৰ বুজাৰ মোৰ জানো প্ৰয়োজন আছে! গালখনত হাত থৈ তাই কান্দিছে। ……এই মিডলক্লাছ মেন্টেলিটীবোৰ। উফ্! নোৱাৰি আৰু সহ্য কৰিব। মনতে ভোৰভোৰাই ঘৰৰ পিনে গাড়ীখন পোনালো। মূৰটো বিষাইছে, সোনকালেই এপেগ লাগে মোক এতিয়া।