পণ্ডিত বনাম কবি, মূলঃ খলিল জিব্ৰান – অনুবাদঃ নৱজিৎ বৈশ্য
সৰ্পৰাজে ভৰতপক্ষীক ক’লে,“তুমি উৰি ফুৰিব পাৰা; কিন্তু,পৃথিৱীৰ নিভৃত গভীৰত, প্ৰানৰ সঞ্জীৱনী সুধা য’ত নীৰৱে প্ৰৱাহমান, তালৈ তুমি কাহনিও যাব নোৱাৰা৷”
ভৰতপক্ষীয়ে উত্তৰ দিলে,“আপুনি নিসন্দেহে অগাধ পাণ্ডিত্যৰ অধিকাৰী, আপুনি প্ৰাজ্ঞ সকলৰ ভিতৰত উত্তম৷ কিন্তু পুতৌজনক কথাটো হ’ল,তথাপি আপুনি উৰিব নোৱাৰে৷”
ভৰতপক্ষীৰ কথাক আওকান কৰি সৰ্পৰাজে পুণৰ ক’লে,“তুমি গভীৰত থকা পৰম গোপনীয়তাৰ সম্ভেদ কাহানিও নাপাবা অথবা পৰম গুপুত সেই সাম্ৰাজ্যৰ সম্পদৰ ভঁৰালত ঘূৰি ফুৰিব নোৱাৰিবা৷ কিন্ত কালিহে মাত্ৰ মই এটা হীৰাৰ গুহাত শুইছিলো৷ সি আছিল এটা পকা ডালিমৰ অন্তৰ্ভাগৰ দৰে, য’ত পোহৰৰ দুৰ্বলতম ৰশ্মিয়েও গোলাপ সদৃশ আলোক সজ্জাৰ সৃষ্টি কৰে৷ মোক বাদ দি আন কোনোৱে সেই বিস্ময়কৰ দৃশ্য দেখা নাই৷”
তেতিয়া ভৰতপক্ষীয়ে ক’লে,“হয় হয়! আপোনৰ বাহিৰে যুগ-যুগান্তৰৰ স্মৃতিৰ বাখৰ-স্তূপত শোৱাৰ সোভাগ্য কাৰোৱে হোৱা নাই৷ কিন্তু আপোনালৈ দুখ লাগে যে আপুনি গান গাব নাজানে৷”
সৰ্পৰাজে আকৌ ক’লে,“মই সেইজোপা গছৰ বিষয়ে জানো যাৰ শিপাই পৃথিৱীৰ গৰ্ভ ভেদি আছে আৰু সেই শিপা খাই প্ৰেম আৰু যুদ্ধৰ দেৱী ‘অষ্টাৰ্টি’তকৈও বেছি ধুনীয়া হ’ব পাৰি৷”
ভৰতপক্ষীয়ে বোলে,“নিশ্চয়!একমাত্ৰ আপুনিহে ধৰিত্ৰীৰ ৰহস্যময় আঁচনিৰ বিষয়ে জানে৷ কিন্তু দুখৰ কথাটো হ’ল আপুনি উৰিব নোৱাৰে৷”
সৰ্পৰাজে আকৌ ক’লে,“সৌ পৰ্বতখনৰ তলেৰে এটা কজলা নদী বৈ গৈছে৷ তাৰ পানী খাই দেৱতাসকলৰ দৰে অমৰত্ব লাভ কৰিব পাৰি৷ চৰাই আৰু জন্তুবোৰে সেই নদী কাহানিও আৱিষ্কাৰ কৰিব নোৱাৰিব৷”
ভৰতপক্ষীয়ে শলাগিলে,“হয় আপুনি বিচাৰিলে দেৱতাসকলৰ দৰে অমৰ হ’ব পাৰে৷ কিন্তু পূতৌজনক কথাটো হ’ল আপুনি গান গাব নাজানে৷”
সৰ্পৰাজে বোলে,“শুনা, মই মাটিত পোত গৈ থকা মন্দিৰ এটা প্ৰতিটো মাহতে এবাৰ দৰ্শন কৰো৷ সেইটো মন্দিৰ বিস্মৃতিৰ গৰাহত হেৰাই যোৱা দৈত্যকুলে নিৰ্মান কৰিছিল৷ তাৰ দেৱালত খোদিত কৰোৱা আছে স্থান আৰু কালৰ সমস্ত গূঢ়-তত্ত্ব৷ যিয়ে সেই দেৱাল-লিপি পঢ়িব সি বোধৰ সকলো সীমা অতিক্ৰম কৰি পৰম জ্ঞানৰ অধিকাৰী হ’ব৷”
ভৰতপক্ষীয়ে ক’লে,“এই কথা নিশ্চিত যে আপুনি আপোনাৰ নমনীয় শৰীৰটোৰে স্থান আৰু কাল সম্পৰ্কীয় সমস্ত জ্ঞানকে মেৰিয়াই ধৰিব পাৰে৷ কিন্তু আপোনালৈ পূতৌ ওপজে যে আপুনি উৰিব নোৱাৰে৷”
সৰ্পৰাজ বিৰক্ত হ’ল৷“ধেই, মূৰত একো নথকা গায়ক কৰবাৰ!”বুলি ভোৰ ভোৰাই তেওঁ গাঁতত সোমাল৷
আৰু ভৰতপক্ষীটোৱে গান গাই গাই উৰি গ’ল–“হে প্ৰাজ্ঞ,তোমালৈ দুখ লাগে, তোমালৈ পূতৌ ওপজে… তুমি উৰিব নোৱাৰা, তুমি গান গাবও নাজানা …”
☆★☆★☆
11:21 am
ধন্যবাদ দাদা।বৰ ধুনীয়া লিখনি এটা আমাক উপহাৰ দিয়া বাবে।
8:05 pm
ধুনীয়া হৈছে নে নাই নাজানো৷ কিন্তু এইটো অনুবাদ কৰাটো মোৰ বাবে সহজ কাম নাছিল৷ যা হ’ক লেখাটো প্ৰকাশ কৰা কাৰণে তোমাক ধন্যবাদ, সঞ্জীৱ৷
1:42 pm
বৰ ভাল লাগিল নৱজিত৷
8:02 pm
ধন্যবাদ দাদা৷
7:43 pm
কিছু অগতানুগতিক… কিন্তু মানসিকতাৰ সুন্দৰ প্ৰতীকি প্ৰকাশ..
ভাল লাগিল
10:58 am
ধন্যবাদ
11:11 am
ভাল লাগিল।