ফটাঢোল

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১.

ৰসানন্দ শইকীয়া ৰসৰ ভঁড়াল
থকা ঘৰ খন যেন মূৰ্গীৰ গঁড়াল
চোতালত চৰে হাঁহ
পাকঘৰত মৌবাহ
এভিকচনৰ বাৰ্তাত থৰকাছুটি হেৰাল।

২.

হ’ম বুলি ব্ৰাজিলিয়ান ফুটবলাৰ পেলে
বুকুত আশা লৈ দিনটো পথাৰত খেলে
ৰবাব টেঙা কিম্বা বল
বলতেই বিচাৰে থল
এশ কোটি থাকিও ৱৰ্ল্ডত ছিট নাপায় কেলে!

৩.

মন্ত্ৰী হৈ কি লাভ যিজন থাকে জঠৰ
কাজে কৰ্মে দেখা যায় অতিকৈ নিথৰ
নীৰৱতা তেওঁৰ ধৰ্ম
গাত আছে শিলাবৰ্ম
বিত পিন্ধি চাই থাকে বৰ্ধিত মূল্যস্তৰ।

৪.

বিয়াগোম মন্ত্ৰী বিধায়ক আৰু বিয়াগোম জাতীয়তাবাদী
ব্যক্তিবাদী, সমাজবাদী আৰু বিয়াগোম নেতা সুবিধাবাদী
দুৰ্নীতিৰ বগলী ভকত
গঙাটোপ হৈ থাকে গপত
টাইম পাছ কৰোঁ আহা খেলি ক্ৰিকেট, ফুটবল, কাবাদী।

☆★☆★☆

 

4 Comments

Leave a Reply to হেমন্ত কাকতি Cancel reply

Your email address will not be published. Required fields are marked *