ফটাঢোল

ফটা আপদীয়া পদ্য – হেমেন ডেকা

(এক)
পৰিকল্পনা কৰোতে দিনবোৰ যায়
কাম বিচাৰি বিচাৰি হায়ৰাণ হায়
খেতিৰ আপদ বান
ব্যৱসায়ো থানবান
ৰাজনীতিৰ বাহিৰে অন্য পথ নাই|

(দুই)
সঁচাকৈয়ে হৈছে দেখোন তামাম অগ্ৰগতি
ওখ ওখ অট্টালিকাই সূচায় উন্নতি
ভঙা ৰাজপথৰ বিলাসী গাড়ী
খালে-দোঙে ঐশ্বৰ্যৰ ফিচকাৰী
কোনে কয় দেশৰ হোৱা নাই প্ৰগতি|

(তিনি)
সামুহিক স্বাৰ্থতো দিব নোৱৰি সমস্বৰে মাত
একেবাৰেই নিমিলে যিহেতু আমাৰ জাতপাত
যদিও আমি খিলঞ্জীয়া মিলাপ্ৰীতিও যুগমীয়া
সংকটকালত এৰো সেয়ে পৰস্পৰৰ হাত|

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *