ফটা-ঢোলৰ আপদীয়া পদ্য – খগেশ সেন ডেকা
চাহাবগণে আনিছিল বৰবিহ কানি
গাঁও-ভূঁই চহৰ-নগৰ ধৰিছিল চানি
চাহাবহঁতৰ আন জাত
নিজৰ ৰজাৰ একে বাট
দেশীবিধ খালে হেনো নহয় একো হানি ৷
ছয় বছৰীয়া যুঁজখন ধোঁৱাচাঙত তুলি
নেতাবোৰ ৰজা হ’ল উৰাই বাটৰ ধূলি
গছত কঠাল ওঁঠত তেল
ৰাজনীতিৰ পাশা খেল
বিয়াগোম গোল্লা এটা হাতে লোৱা তুলি ৷
পাশাখেলত এক্সপাৰ্ট শকুনি মোমাই
ঘৰ্মঘণ্ট লগাই ফুৰে কোনে পাত্তা পায়
দুৰ্যোধন ঘিটিৰাই
নুবুজিলে বপুৰাই
ৰজা হোৱাৰ বাসনাত সবে হেৰুৱায় ৷
হাতীৰ পিঠিত অগপ দিশপুৰলৈ যায়
অসমীয়া প্ৰজাসৱে ফিৰি ফিৰি চায়
একেই বাঁহৰ কাকৈ
ভলুকা বাঁহৰ জাকৈ
হাত আৰু পদুমত মুখ থেকেচা খায় ৷
ক’ত আছে ফটা ঢোল লাগে এটি মোক
কোবাই ধুবাই আনিমগৈ নতুন বিহুৰ চোক
হাতে তুলি মাৰিডাল
হাত চাপৰি আৰু তাল
অৱতৰত দি যাম চূণৰ মুখত জোক ৷
তলপাকে হাত মেলি ঘটে ধন বিত
আই-বোপাইৰ কাহানিও নুবুজিলে চিত
বৰ্খাস্তৰ নিউজ
পাই হ’ল ফিউজ
ঘৈণীয়েকে পেপাৰ চায় কোন চিনেমা হিট ৷
কৈ মৰে মানুহ আৰু ৰৈ মৰে চৰাই
কাকো কোনেও আজিকালি নকৰে পৰাই
আহি আছে অচ্ছে দিন
ফাটত লগাই চেফটি পিন
ফটা ঢোলেও পাব পাৰে হাজেলীয়া শৰাই ৷
ফিচ ৰামী বাম্পাৰ তিনি পাট্টি ফ্লাছ্
ৰাতি দিনে চলি থাকে তাচপাতৰ ক্লাছ্
দিয়ে ব্লাইণ্ড হিট্
শ্ব’ত নহয় মিট্
ইচকাপনৰ মেমটো দেখি হাতে তোলে গ্লাছ্ ৷
☆★☆★☆
2:51 pm
প্ৰতিটোৱে মাষ্টাৰ শ্বট , ব্যংগৰ