ফটাঢোল

ফটা_কবিতা – ধৰ্মজ্যোতি ভট্টাচাৰ্য

আধুনিক কালচাৰ
বাইক ষ্টান্ট পালচাৰ
মুধাফুটাই দিয়ে আকৌ
ফাটা ফাটা লেকচাৰ।😊

পিন্ধি লৈ জিনছ টপ
সন্মুখত লেপটপ
চিটিবাছত উঠি কৰে
সুন্দৰীয়ে খপজপ।😊

ঔ টেঙা মাছৰ জোল
আহু আৰু শালি ভোল
মধুৰিআম মিঠা হয়
টিকা যদি হয় গোল।😊

কম্পিউটাৰ টেবলেট
মোবাইল কেমেৰা বুলেট
লগত ৰাখে সোণটিয়ে
গ’লেও টয়লেট।😊

গেৰেলাই খায় ৰঙাপানী
লগত চানাচুৰ ,
ৰাতি শোওঁতে হেৰাই থাকে
দেহৰ আবুৰ ।😊

তিল খাই তিলেশ্বৰীৰ
বৰণ ক’লা হ’ল ,
তিলৰে আচ্ছাদন মৰতীজনীৰ
দাঁতত লাগি ৰ’ল ।😊

গৰম দিনত মহৰ কামোৰ
দেহৰ ঘামত তিতে কাপোৰ
ঘামুচিৰ জালা পোৰাত
ঘনকৈ পৰে পিঠিত আঁচোৰ ।😊

ঠাণ্ডা দিনত কম্বল লৈ
শুই লাগে বৰ মজা,
শুবলৈহে পাওঁ মাথোঁ
ঘড়ীয়ে সংকেত দিয়ে সাত বজা।😊

জয়সাগৰ জয়দ’ল
শিৱসাগৰ শিৱদ’ল
বাংলাদেশীক নিদিওঁ ঠাই
ৰজাক সকীয়াওঁগৈ ব’ল ।😊

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *