ফটা-প্ৰেম – অনুভৱ আকাশ
( সম্পূৰ্ণ সত্য কাহিনী )
সেইয়া দূৰ কোনোবা পুৰণি,
ইতিহাসৰে পাত লুটিয়াওঁ………
ইতিহাস বুলিয়েই কব লাগিব দিয়কছোন । প্ৰথম প্ৰেমত পৰিছিলোঁ “ক শ্ৰেণীত” পঢ়ি থাকোতেই । তেতিয়া স্কুলৰ কেচা মজিয়াত ঘৰৰপৰা লৈ যোৱা বস্তা বা কঠ পাৰি বহিছিলো । যাৰ হাতত যিদিনা নতুন বস্তা যায় তাৰ লগত বহিবলৈকে বাকীবোৰে আমলখী আদা ইত্যাদি ঘোচ দি হ’লেও পতাই লোৱা নিয়ম আছিল ।
তাৰ মাজতেই এজনী ছোৱালী (গাঁৱত মতা নাম মামু) আৰু মোৰ কথাটো অলপ সুকীয়া আছিল । আমি পুৰণি বস্তা পালেও সদায় একেলগে বহিছিলো, আমলখী চেঁচুৰ যি পাও দুইটাই ভগাই খাইছিলো । সেইয়া যে প্ৰেম আছিল তেতিয়া বুজিব পৰা নাছিলোঁ যদিও কিবা ভাবি এদিন ঘৰত মাক কৈছিলো মামুৱে বৰ ধুনীয়াকৈ হাঁহে, মই তাইকে আনিম । সৰু ল’ৰা দেখি মায়েও হাঁহি মাৰি থৈ দিলে । কিন্তু আমাৰ কুমলীয়া মনত আমাৰ অজানিতেই প্ৰেম আগবাঢ়ি গৈ থাকিল ।
শেষত ক্লাছ চিক্সত প্ৰথমখন প্ৰেমপত্ৰ লিখিলো তাইলৈ । তেতিয়া কাগজৰ নাওঁ সাজি কিতাপত ভৰাই থৈ খুৱ ভাল পাইছিলো । এদিন ক্লাছতেই তাইক ভিতৰফালে “I Love You” বুলি লিখি এখন নাওঁ উপহাৰ দি ক’লো নাওঁখন খুলি চাবি কিবা এটা লিখা আছে । তাই খুলি চাইয়েই কান্দি দিলে আৰু মই ভয়তে কিতাপ পত্ৰ তাতেই এৰি পলাই ঘৰ পালোহি । তাই আনন্দত কান্দিলে নে ভয়ত কান্দিলে মই আজিও গম নাপালো কিন্তু কথাটো চাৰৰ কাণত পৰাত পাছদিনা স্কুলত মোৰ সচা প্ৰেমৰ প্ৰমাণ দিবৰ বাবে পূৰণৰ বৰ নেওঁতা মুখস্থ মাতিবলৈ দিলে আৰ ওঠৰৰ ঘৰত প্ৰেম মিচা প্ৰমাণ হোৱাত আধাঘণ্টা বেলিটোৰ ফালে মূৰ কৰাই কাণত ধৰি আঠুকঢ়াই থ’লে ।
বেলিৰ তাপত বাষ্প হৈ সেই প্ৰেম মোৰ তেতিয়াই পলাই ফাট মেলিলে, কিন্তু ওঠৰৰ ঘৰৰ সেই গাড্ডাৰী মই আজিও পাহৰিব পৰা নাই ।
2011 তে বিয়া সোমাই তাই এতিয়া এটি কন্যা সন্তানৰ মাতৃ । মই তাইৰ জীয়েকৰ মামা ।
বুকুখন নাফাটি কি আও ।
✨✨✨✨✨
✨✨✨✨✨
ফটাপ্ৰেম ( দ্বিতীয় খণ্ড )
********************
2012 চন । কৰ্মসূত্ৰে তেতিয়া মই লখিমপুৰত । ৰূমত অকলশৰীয়া জীৱন । দিনটোৰ ব্যস্ততাৰ অন্তত ৰন্ধা বঢ়া কৰিবলৈকে মন নাযায় । গতিকে খোৱা বোৱাৰ বাবে নিয়মীয়া গ্ৰাহকৰ কোটাত সস্তাত এখন হোটেলত খানা বন্দৱস্ত কৰি ললো । লখিমপুৰ খেলমাটিৰ হোটেল খানা খাজানা । গধুলি খানা খাই আদ্দা মাৰি ৰূমত সোমোৱাৰ পাছত মোৰ কাম বুলিবলৈ একোৱেই নাথাকে । ফেচবুক কৰিবলৈও হাতত আছিলে 1209 নম্বৰী মোবাইলটোহে ।বৌৰিং লাইফ ।
কথাবোৰ এদিন এজন বন্ধুক ক’লো, বগীনদীৰ ধনজিৎ সোণোৱাল, মিচকলমেন । তেতিয়া আমি দুইটাই নম্বৰ সাজি সাজি মিচকল মাৰো আৰু ছোৱালীৰ ধুনীয়া মাত শুনিলে 19 টকীয়া মেছেজ পেক ভৰাই মেছেজ দিও ।
এনেকৈ এছেমেচামেচি খেলি থাকোতেই এজনী ছোৱালীৰ কথাবোৰে কলিজাত পখিলাৰ পাখিৰ স্পন্দন দিবলৈ আৰম্ভ কৰিলে । এনেকুৱা সুন্দৰ মাত, বাকী এজনীয়েও পাত্তা নাপায় । মই যেন দ্বিতীয় মহাসমৰ, অ চৰি দ্বিতীয় প্ৰেমৰ মাজলৈ গতি কৰিলো ।
প্ৰায় এমাহমান মেছেজত হিয়া দিয়া লোৱা থোৱা কৰাৰ পাছত এদিন লগ কৰাৰ সিদ্ধান্ত কৰিলো ।
ত্যাগক্ষেত্ৰত গধুলিলৈ হেঙুল থিয়েটাৰ, তাইও আহিব । বুকুখন কিবা বহাগমহীয়া ঢেকীটোৰ দৰে লাগিছে, ভাত খাবলৈ মন যোৱা নাই । প্ৰায় এঘণ্টামানৰ যোৰদাৰ তদন্তৰ অন্তত এপাত জোতা বাৰান্দাৰ চুক আৰু আনপাত বিচনাৰ তলৰ মকৰাজালৰ মাজৰ পৰা উদ্ধাৰ কৰি পলিছো মাৰি লৈছো । গধুলিৰ থিয়েটাৰলৈ আবেলিতে গা পা ধুই ৰেডি হৈ লও বুলিয়েই…….
হে ভগৱান তুমিনো আজিহে ইমান নিষ্ঠুৰ হব লাগেনে ? প্ৰেয়সীক লগ কৰিবলৈ যোৱাৰ উত্তেজনাত কব নোৱাৰা হৈ বদীস্প্ৰে বুলি ভ’লীনি স্প্ৰেটোকে অলপ আগত চিকুণাই মুকলি কৰি লোৱা দুইটা কাষলতি তলত দিলোগৈ বাপ্পেকে ফাওচ ফাওচ মাৰি । প্ৰচণ্ড পোৰণিত ৰুমাল দুখন তিয়াই লৈ কাষলতি তলত ভৰাই বহি আছো ।
ইফালে তাই দিলেই নহয় মেছেজ, “জান মই উলাইছো, সোনকালে আহিবা । তুমি ৰৈ থকা দেখিব লাগিব মই ।” … হেৰৌ মৰতী, মোৰ অৱস্থাটো যদি এতিয়া দেখিলিহেতেন তই ।
যেনেতেনে পোৰণিটো লৈয়ে টিপটপ হৈ দুপাহ গোলাপ লৈ ধনজিৎৰ সৈতে ৰৈ আছোগৈ, কেতিয়া আহিব তাই…
আজিলৈকে কোনেও কাকো দেখা নাই, কেতিয়া দেখিম….
অপেক্ষাৰ ক্ষণ বোলে নাযায় নুপুৱাই….
তাই ফোন কৰিছে, “জান পালাহিনে , মই পামগৈ আৰু ।”..
আহ কি মিঠা মাত, আজিৰপৰা এই মাতৰ গৰাকীজনীও মোৰ । আঁৰ চকুৰে ধনজিতলৈ চালো । বেচেৰা জ্বলিছে অলপ । মোৰ মুখত মিচিকিয়া হাঁহি ।
“জান পালোহি, কত আছা ?” মেছেজটো চাইয়ে তাইৰ নাম্বাৰ ডায়েল কৰিলো ।
কিনো ই কি ?? কোনে ফোন উঠাইছে সেইজনী ??
দীঘে পথালিয়ে প্ৰায় সমান বৰ্গাকাৰ হাতী পোৱালী এটাকহে যেন কোনোবাই আলকেটেৰাৰ ড্ৰামৰ পৰা উলিয়াই আনিছে । হে ভগৱান , এইটো বাকচৰপৰা ইমান মিঠা মাত কেনেকৈ উলাই ? মোৰ ফালে চাই যিটো হাঁহি মাৰিলে টিকটিকিয়া ৰঙা আছ দুদালৰ মাজত উজ্জ্বল লাইট এটাৰে কিবা ট্ৰেফিক চিগনেলৰ দৰে লাগিল । হে ভগৱান, তাইছোন মোৰ ফালে আহিছে । ৰাসত শিশু কৃষ্ণক পুতনাই দুগ্ধ পান কৰাবলৈ অহা দৃশ্যটো মনত পৰি গ’ল ।
লগৰটোৰ হাতত এটা চিকুট দিলো আৰু ক’লো পলা ।
কাৰোলৈকে চাবলৈ সময় নাই । মাথো পলাইছো…………..
☆★☆★☆