ফটাঢোল

যাজ্ঞবল্ক্য – ভূমিকম্প

আজি পুৰা দুইবছৰ হৈ গ’ল এইটো ঘটনাৰ৷ কিন্তু বিহাৰৰ বচৱৰীয়া (বানান বসৱৰিয়া) গাঁৱত মোক এতিয়াও বেওৰা বুলিয়েই জানে৷ জানে মানে ভালকৈ মনতো ৰাখিছে৷ ইয়াৰ পৰা গৈ থকা মানুহক খবৰো লয় “ৱ বেওৰা জিন্দা হ্যায় কে মৰ গয়া? “ মানুহে ভবা ধৰণৰ মই তাত খোৱাই নাছিলো কিন্তু তেউ নাম থাকি গ’ল৷

দুইবছৰ আগতেই এনেকুৱা সময়তে পাৰিবাৰিক বন্ধু পৰিয়াল এটাৰ বিয়া খাবলৈ গৈ সেইখন গাঁৱত ২০দিনমান কটাইছিলো৷ একেবাৰে ভিতৰুৱা ঠাই৷ নিয়ম নীতি বোৰো পৌৰাণিক৷ যিটো পৰিয়ালৰ আলহী হৈ গৈছিলো সেইটো পৰিয়াল জিলাখনৰ ভিতৰতে ধনী-মানী পৰিয়াল৷ সেই গুণেহে আজি মোৰ মুৰটো ঠিকে ঠাকে আছে৷ নহলে মোৰ দ্বাৰা যিখিনি কর্ম তাত হৈছিল বেলেগ হোৱা হলে টুকুৰা কৰি আম বাগান, ঘেঁহু খেতিত ভাগে ভাগে পুতি থলেহতেন৷ দুদিনৰ ভিতৰতে গাঁওখনৰ মানুহৰ কাৰণে মই আজৱ প্রাণী হৈ পৰিলো৷ মই কৰা কামবোৰ যেনে ই বিনা কাথাৰ পান খাই, ছোৱালীৰ গাত খুন্দা লাগিলে ই আগতে চৰী কয়, ইয়াৰ ইমান বয়স হ’ল বিয়া পতাই নাইতো নায়েই ছোৱালীও ঠিক কৰি থোৱা নাই, ইয়াৰ লগত ঘূৰি ফুৰা ছোৱালীজনী ইয়াৰ ভনীয়েকো নহয় বাগদত্তাও নহয়, মাইকী মানুহক বহিবলৈ চকীৰ পৰা উঠি দিয়ে, আটাইতকৈ আচৰিত কথা ই বাথৰুমত গা ধুৱে বাহিৰত ধুবলৈ লাজ কৰে, ই সৱ বাৰতে মাংস খায় এইবিলাক মানুহৰ চর্চাৰ বিষয় হৈ পৰিছিল৷ পিছে একেবাৰে চর্চাৰ বিষয়টো হৈ পৰিছিল মোৰ মদ খোৱাৰ কেপাচিটি৷ এইটো গুণৰ কাহিনী আনকি কইনা ঘৰলৈকে বিয়পি পৰিছিল৷

ৰাইজে ভবাৰ দৰে কিন্তু মই ইমান খুৱাই নাছিলো৷ বিয়াৰ দহদিনমান আগতে প্লেন বনালো নেপাললৈ যোৱাৰ৷ যোৱাৰ আগদিনা মোৰ থ্রি কোৱার্টাৰ পেণ্টটো ধুই চাদত মেলি থৈ আহিলো৷ বিয়লি সময়ত আনিবলৈ গৈ দেখোঁ দৰাৰ ভনীয়েকে চাদত বহি ভাবী গিৰীয়েকলৈ ফোনায় আছে৷ দুদিনমান আগতে এজনী সৰু ছোৱালীক পান এখন আনিবলৈ দিছিলো৷ পিছত বাপেকে হেনো তাইক গৰু পিটন দিলে বিয়া ঠিক হৈ থকাৰ পিছত তই বেলেগ লৰাৰ লগত কিয় কথা পাতিছিলি বুলি৷ সেইটো ঘটনা মনলৈ অহাত চিৰিৰ মুখৰ পৰাই নামি আহিলো এইজনীৰ বিয়া ভাগিলে আকৌ মইয়ে পাতিবলগীয়া হয় বুলি৷ বাৰাণ্ডাতে দৰাৰ পাঁচ বছৰীয়া ভতিজাজনীক পাই কলো ’চত পে মেৰা থ্রি কোৱার্টাৰ ৰখা হুৱা হে৷ তুম লেকৰ আনা৷ “ তাইও গ’ল আনিবলৈ, মই ৰুমৰ ভিতৰলৈ সোমালো পেকিং কৰিবলৈ৷ পোন্ধৰ মিনিটমান পিছত তাই আহি কলে ওপৰত থ্রি কোৱার্টাৰ নাপালে৷ মই বোলো কোনোবাই আনি থৈছে নেকি সোধগৈ৷ তাইও ভিতৰত গৈ গোটেইখনতে খবৰ কৰিলে “জগ্গু আংকল কা তিন কোৱার্টাৰ চতসে কৌন লেকে আয়া? “ মুখে মুখে খবৰ গৈ গৈ তাইৰ বাপেকৰ কাণত পৰিল বোলে আলহী লৰাটোৰ তিনিটা কোৱার্টাৰ কোনোবাই মাৰি দিলে৷ বাপেকেও বিৰাট লাজ পাই নিজৰ ষ্টকৰ তিনিটা কোৱার্টাৰ মোলৈ পঠিয়াই দিলে লগতে চ’ডা বটল৷ মোৰ হুইস্কীত ৰাপ নাই কাৰণে বটলকেইটা তেওঁলোকৰ অসমীয়া ড্রাইভাৰটোক দি দিলো৷ চ’ডা টেবুলতে পৰি থাকিল৷ পেকিং কৰি মেলি আবেলি অকণমান ফুৰোঁ বুলি বাইকখন লৈ ওলাই গ’লো৷ লগত দৰাৰ ভায়েকো ওলাল৷ টাউনত ফুৰি থাকোঁতে তাৰ লগৰ দুটাই বিয়েৰ অফাৰ কৰাত দুইটাই অলপ অলপ খালো৷ ঘৰলৈ অহাৰ পিছত ৰাতি ভাত খাই দৰাৰ ককায়েকৰ লগত কথা পাতি থাকোঁতে সুধিলে কোৱার্টাৰকেইটা খালানে৷ ড্রাইভাৰক দিলো বুলি কলে বেয়া পাব বুলি ভাবি ময়ো খালো বুলি মুৰ দুপিয়ালো৷ সেইদিনা তাতে কথা শেষ পিছদিনা নেপাললৈ যাত্ৰা৷ নেপালৰ পৰা ঘূৰি আহি পোৱাৰ পিছত মোৰ নিজৰ কাহিনী শুনি অবাক৷ মতাবোৰৰ মতে ই বিনা পানী তিনিটা কোৱার্টাৰ খাই আকৌ বিয়েৰ খাইও ভৰি নিহিলা মানুহ সেই কাৰণেই ইয়াৰ কাম কাজবোৰ অদ্ভুত৷ মাইকী মানুহবোৰৰ পাতে আমাৰ মতাই এবটল খাইয়ে দগৰা পিটন দিয়ে ইয়াৰ আকৌ তিনিবটল খাইও মুখৰ পৰা মাত এটাও নোলায়৷

আনকি কইনাঘৰতো এনেকৈ বিখ্যাত হৈ গ’ল যে ৰিচেপচনৰ দিনা বিবাহভৱনত কইনাঘৰৰ মানুহে বাৰত এক্সট্রাকৈ টেবুল এখনত বহাই এটা ৱেইটাৰ কাষত ঠিয় কৰাই থৈ গ’ল বোলে তোৰ ডিউটি অকল এইখন টেবুলত৷

এতিয়াও কেতিয়াবা দৰা কইনাই লগ পালে খবৰ বাতৰি সোধাৰ মাজতে উপদেশ দিয়ে “ইতনাভি মত পিয়া কৰো৷ লিভাৰ চড় যায়েগা৷ “
(বি.দ্র. এই কাহিনীত উল্লিখিত অঞ্চলটোৱে গোটেই ৰাজ্যখনকে প্রতিফলিত কৰা নাই৷ যিটো অঞ্চলৰ কথা কোৱা হৈছে সেইটো বিহাৰ-নেপাল সীমান্তবর্তী অনগ্রসৰ গাঁও৷ )

PART-2

আগৰ কাহিনীত ৰাইজক কৈছিলোৱেই বিয়া খাবলৈ বিহাৰ পালোগৈ৷ বেউৰা উপাধি গ্রহণ কৰি তাৰপৰা নেপাল পালোগৈ৷ তাত কি কি কৰিলো সেইয়া এক বেলেগ অধ্যায়৷

ৰাইজৰ মনত আছে যদি দুবছৰ আগতে আজিৰ দিনটোতে নেপাল লৰিছিল৷ সেইদিনা ময়ো তাতে আছিলো৷ যেনেতেনে তাৰপৰা ওলাই আহি শৰীৰ মন সৱ বিধ্বস্ত হৈ পিছদিনা আকৌ বিহাৰ পালোহি৷ বিয়াঘৰ আহি পাওঁতে চেহেৰা ধূলিবালিত পোত খাই অদ্ভুত ৰূপেই লৈছিল৷ তাতে চকু এটিপো নমৰাকৈ যাত্ৰা৷ আহি পাই চিধাই বাথৰুমত সোমালো গা পা ধুই বিছনাত উঠিম বুলি৷ এইফালে ভূমিকম্প আহিয়েই আছে যদিও আচলবিধ নিজে পাই অহাৰ পিছত সৰুসুৰাবোৰে মনত ইমান এফেক্ট কৰা নাই৷ বাকী বিয়াঘৰীয়া-চুবুৰীয়া ৰাইজে চিঞৰি বাখৰি বাহিৰত জমা হয়গৈ৷ আমুকাই সেইবোৰ ভ্রুক্ষেপ নকৰি নিজক চাফা কৰাত ব্যস্ত৷ স্নানকার্য সমাপন হোৱা সময়তে আকৌ আহক এটা দীঘলীয়া জোকাৰণি৷ এইবাৰো ঘৰৰ মানুহসোপা হুলস্থুল লগাই চোতালত জমা হ’ল৷

সেইসময়তে দৰাৰ পেহীয়েকৰ মনত পৰিল “ আৰে বেউৰা ত’ বাহৰ আয়া হী নহী৷ কয়ী নিকাল’ উসে৷ “ কয়ী আহি নিকালাৰ আগতেই পেহীয়ে নিজে লৰ দিলে থার্ড ফ্লৰলৈ৷ এইফালে মই গা ধুই টাৱেলখন হাতত লওঁতেই বাথৰুমৰ দুৱাৰত ধাম ধাম আৱাজ৷ লগতে পেহীদেউৰ অত্রাহি চিঞৰ “কোঁৱৰজী কোঁৱৰজী আপ অন্দৰ হ্যায় ক্যা? “ ময়ো বোলো “হা অন্দৰ হ্যায়, নহা ৰহে হ্যে৷ “ আকৌ পেহীদেউৰ চিঞৰ “ জল্দী বাহৰ আইয়ে“ মই বোলো “ আ ৰহে হে পাঁচ মিনিট৷ “ আকৌ পেহীৰ ধাম ধাম “জল্দী বাহৰ আইয়ে দৰৱাজা খ’লিয়ে৷ “ দুৱাৰত মৰাৰ জোৰ আৰু চিঞৰৰ প্রকোপ দেখি মনত ভাৱ হ’ল ৰাতিপুৱাই ছেকুৱা আৰু দৈ গাল খাই পেহীদেউৰ ইমার্জেঞ্চি হৈ গ’ল হবলা৷ এইবুলি ভাবি কাপোৰ বাহিৰতে পিন্ধিম বুলি টাৱেলখন মেৰিয়াই দুৱাৰখন লাহেকৈ খুলিবলৈ পালোহে, টাৱেল ধৰি থকা হাতখনতে থপিয়াই একে টানে চোঁচৰাই নিলে৷ কিনো হ’ল টর্কিব পৰা আগতেই মই আহি ফার্ষ্ট ফ্ল’ৰ পালোহি৷ কান্ধত লৈ অহা বাকী বস্ত্ৰ কৰবাতে পৰি আহিল৷ তেহে মই“ হেই *#৷ @ পেহীজী টাৱেল খুলেগা৷ চড়িয়ে হামক’৷ কপড়ে উপৰ ৰহ গয়া“ বুলি পিছলৈ টানিবলৈ ধৰিলো৷ পিছে পেহীটিয়ে “দিমাগ খৰাব হ্যে আপকা৷ কপড়ে বাদ মে পেহননা জান বচাৱ পেহলে“ বুলি চোঁচৰাই আনি একেবাৰে মাজ চোতালত থিয় কৰাই দিলে৷ চোতালত গোটেই চুবুৰি+অঙহী-বঙহী গোট খাই আছে আৰু সৱৰে মাজত মই একবস্ত্রে৷ চোতাল আহি পোৱাৰ পিছতো পেহীদেৱে হাতখন এৰি নিদিলে কিজানি পাগলটো আকৌ ভিতৰলৈ যায়৷ ইফালে টাৱেলৰ গাঠিটোৱে মোক সকিয়াবলৈ ধৰিলে “ ভাই কিবা এটা কৰ, মই ৰাখিব নোৱাৰিছো আৰু৷ “ তাক যিমান জোৰ দি বন্ধা হৈছিল দৌৰৰ কোবত বেচেৰাৰ ভাগৰ লাগি দম চুটিবলৈ ধৰিল৷ হাতখন পেহীদেউক এৰিবলৈ কলেও নেৰে৷ বেছি টনাটনি কৰিবলৈ গলে টাৱেলে দম এৰি দিয়াৰ ভয়৷ শেষ উপায় হিচাবে পেহীদেউৰ ফালে চাই, “ বুআজী কচমচে হাম অন্দৰ নহী যায়েঙ্গে৷ আপ প্লীজ হাথ চড় দিজিয়ে ৱৰণা কঈ বাহৰ নহী ৰহ চকেগা৷ “ বুলি কোৱাতহে বুজি পাই হাতখন এৰিল৷ গাঠিটো টানিম বুলি লৈ দেখিলো মোক আগুৰি গোটেই চুবুৰীটোৱে চাই আছে৷ গাঠি টানিবলৈ কোনোফালৰ পৰাই এংগোল নিমিলে৷ উপায় নাপায় গাঠিটোতে টেপা মাৰি তেনেকৈ ৰৈ থাকিলো৷ পুৰা পোন্ধৰ মিনিটমান সময় অকণো লৰচৰ নকৰাকৈ থাকিলো৷ মাকচম নিজকে বেণ্ডিট কুইন নিচিনা লাগি গৈছিল৷

সেই পোন্ধৰ মিনিট মোৰ জীৱনৰ আটাইতকৈ দীঘলীয়া পোন্ধৰ মিনিট আছিল৷ সেইদিনা গম পালো মোৰ বহুত ধৈর্য আছে৷ তাওজীয়ে“লগতা হ্যে তল গয়া“ বুলি কোৱাৰ লগেলগে ভিতৰলৈ দৌৰা প্রথম মানুহটো মই৷ সেইদিনা দিনতে ৰূমত যে শুবলৈ সোমালো একেবাৰে ৰাতিহে বাহিৰলৈ ওলালো৷ ৰূমৰ বাহিৰত কোনোবা মাইকী মানুহৰ হাঁহি শুনিলেও কাণ-মুৰ তাতেই লাল হৈ যায়৷ আনকি পিছদিনাও কোনোবাই মোলৈ চাই হাঁহি সম্ভাষণ জনালেও মই ৰিপ্লাই হাঁহিব পৰা নাছিলো৷

এতিয়াও কোনোবাই নেপালৰ ভূমিকম্পৰ ভয়াবহ অভিজ্ঞতা মনত আছেনে বুলি সুধিলে এইটো অভিজ্ঞতা প্রথমে মনলৈ আহে৷■■

12 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *