ফটাঢোল

'হাই, আই এম বৰ্ণালী' – বৰ্ণালী গগৈ

বনে-জংঘলে ঘুৰি প্ৰকৃতি সংৰক্ষণৰ কাম কৰি ফুৰোতে কামৰ সূত্ৰতে আমি প্ৰায়ে অৰণ্যৰ কাষৰীয়া মানুহবোৰৰ সংশ্ৰবলৈ আঁহো। স্থানীয় ৰাইজৰ মাজত জন সজাগতা গঢ়ি তোলাই এই অঞ্চলবোৰত আমাৰ প্ৰধান কাম। এইক্ষেত্ৰত প্ৰকৃতি সংৰক্ষণৰ বাবে কামকৰা স্থানীয় সংগঠনবোৰেই আমাৰ আৰু গাঁৱৰ মানুহৰ মাজত সংযোগ স্থাপন কৰে। মানাহ সংৰক্ষিত বনাঞ্চল (Manas RF) ৰ উপকণ্ঠৰ অঞ্চলত আমাৰ জন-সজাগতাৰ এনে কাম-কাজবোৰৰ বাবে আমাৰ প্ৰধান অৱস্থান আছিল কয়লাময়লা গাঁও। তাৰ স্থানীয় সংগঠন “নিউ হ’ৰাইজন”ৰ যুৱকসকলে আমাক এই কামত সহায় কৰিছিল। অৰণ্য সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উপৰিও মানাহ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া এই মানুহবোৰৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এই অঞ্চলত আমি তাৰ স্থানীয় অধিবাসীসকলৰ মাজত প্ৰকৃতি নিৰ্ভৰ পৰ্য্যটন গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলো আৰু তাৰ বাবে সকলো ধৰণৰ উদ্যোগ লৈছিলো। সেইসূত্ৰতেই বহু সময় কয়লাময়লাৰ গাঁৱত কটোৱাৰ বাবে কয়লাময়লাৰ মানুহ আৰু “নিউ হ’ৰাইজন“ৰ ল’ৰাবোৰৰ সতে মোৰ অতি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল, যি আজিও জীপাল হৈ আছে। এই আত্মীয়তাত মই হৈ পৰিছিলো ডেকা-ডেকেৰীবোৰৰ ‘চিষ্টাৰ’  আৰু বূঢ়া-বূঢ়ীবোৰৰ বেটী। মোৰ কাৰণেও সেই মানুহবোৰ বৰ আপোন আছিল,  নিজৰ পৰিয়ালৰ দৰে।

“নিউ হৰাইজন“ৰ মোৰ সেই ভাই-বন্ধুবোৰ – মহেশ,  বৰুণ,  বিনেশ,  এডিচন, ডেকাৰামহঁতে প্ৰায়ে ভাবিছিল যে বিয়া-বাৰু নকৰি বনে-জংঘলে ঘুৰি ফুৰা ‘চিষ্টাৰ’জনীৰ কাৰণে ভাল ল’ৰা এটা পালে বৰ ভাল হয়। মাক নাইকীয়া,  নিজৰ খবৰ নৰখা এই ছোৱালীজনী – সিহঁতৰ মৰমৰ চিষ্টাৰৰ তেতিয়া সিহঁতে বিয়া পাতি দিব। পিছে সিহঁতৰ নিজৰ গাঁৱৰ সব চেংৰাইতো গাঁৱৰ ল’ৰা,  শিক্ষা-দীক্ষাৰে কোনো চিষ্টাৰৰ সমকক্ষ নহয়, গতিকে কয়লাময়লা হাইস্কুলৰ চাইঞ্চৰ মাষ্টৰ ‘ৰথন’দাকেই সিহঁতৰ পছন্দ হ’ল। কথাটো সিহঁতৰ মনলৈ আহিল অবশ্যে ৰতন মাষ্টৰৰ অভিলাষৰ কথা জনাৰ পিছত।

কয়লাময়লাৰ বাটে-পথে, হাটে-বজাৰে, পথাৰে-সমাৰে সকলোতে চিষ্টাৰ বৰ্ণালীৰ নাম শুনি শুনি ৰতন মাষ্টৰ হাইৰাণ। কোন এই ছোৱালীজনী,  গাঁৱৰ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে মুখত যাৰ নাম! মাইকীমানুহবোৰে কয়, -“অকল কামেই কৰি ফুৰে ছোৱালীজনীয়ে, ভাত-পানী খাবলৈও মনত নাথাকে ।“

ছোৱালীবোৰে কয়, -“ চিষ্টাৰে কাপোৰ ব’বলৈ সূতা আনি দিয়ে,  ডিজাইন বনাই দিয়ে, আকৌ সিহঁতে বোৱা বিচনা-চাদৰ, গাৰু গিলিপ, পৰ্দাবোৰ নি নিজৰ কো’অপাৰেটিভ ষ্ট’ৰ’ত বেচি সিহঁতক টকা দিয়ে। গাঁৱত থাকিলে কেমেৰা লৈ সৰু ল’ৰা-ছোৱালী আৰু ঘৰ-গৃহস্থালিবোৰৰ ফটো তুলি থাকে। শুনি শুনি ৰতন মাষ্টৰৰ চিষ্টাৰ বৰ্ণালীৰ নামতেই প্ৰেম হৈ যোৱা অৱস্থা। সেই অনুৰাগৰ ভাৰ আৰু সহিব নোৱাৰি এদিন বিপিএফৰ ব্লকৰ মিটিঙত বৰুণ-বিনেশহঁতক লগ পাই ৰতন মাষ্টৰে সুধি পেলালে,  –

“তহঁতৰ এই চিষ্টাৰ বৰ্ণালী ক’ৰ মানুহ অ’ ? কোননো ? “

বিনেশে ক’লে, -“বিৰাট মজাং মানসি। এনজিঅ’ত কাম কৰে। মেগাজিনৰ এডিটৰ আমাৰ চিষ্টাৰ।“

এডিচনৰ মুৰটো বিৰাট ‘একটিভ’। আনে দেখি নোপোৱা কথাও সি পটকৈ দেখি পেলায়,  মানুহে মুখেৰে ‘আঁ’  নকৰাকৈও সি ঢেৰ কথা শুনি পেলায়। ৰতন মাষ্টৰৰ কথা শুনি সি হাঁহি হাঁহি ক’লে, –

“ছোৱালীৰ খবৰ কৰিছে যে ৰতনদা,  কিয়, বিয়া পাতিব নেকি ? “

ৰতন মাষ্টৰে কিবা এটা ক’বলৈ মুখ মেলোতেই এডিচনে ক’লে, -“চিষ্টাৰটো চেংৰীয়েই হয়,  বিয়া-থিয়া কৰা মাইকী নহয়তো!“

“অঁ অঁ’,-  বৰুণ-বিনেশহঁতেও উজান দিলে, – “বিৰাট ভাল ছোৱালী আমাৰ চিষ্টাৰ, একদম বিউটিফুল। চাবিচোন কিমান ধুনীয়া। এডুকেটেড। এনেকুৱা মানুহেই নাপায় আজিকালি!“

ৰতন মাষ্টৰৰ বুকুত সাতখন মহাসাগৰৰ ঢৌ একেলগে উপচি পৰা দি পৰিল।

হ’ব পাৰে নে এনেকুৱা সঁচাকৈ!

এনেকুৱা হোৱাটো সম্ভৱ নে!

চকা-মকাকৈ দুবাৰমান মহেশহঁতৰ লগত দেখিছে ৰতন মাষ্টৰে ‘বৰ্ণালী গগৈ’ক। দুৰৰ পৰা দেখা,  গাড়ীৰে গাঁও পাৰ হৈ জংঘললৈ যোৱাৰ সময়ত। সেই একনিমিষৰ চেহেৰাটোৱেই তেওঁক সপোনত কিমান আমনি কৰিছে সেয়া তেওঁহে জানে। কয়লাময়লাৰ পাৰ্টি মিটিঙৰ ‘অপেন চেচন’ত গাঁৱৰ মানুহক প্ৰকৃতি সংৰক্ষণৰ আৱশ্যকতাৰ বিষয়ে জনাই দিয়া লেকচাৰত ঘৰৰ পৰাই মাইকত শুনা সেই চৰাইৰ কাকলিৰ নিচিনা মাতটোৱে যে ৰাতি ৰাতি তেওঁক শুবলৈকে নিদিয়া হৈছে,  সেয়া আনে নাজানিলেও তেওঁতো জানে।

হওঁতে ৰতন বসাকো উলা-মূলা নহয়।

কয়লাময়লা হাইস্কুলৰ চাইঞ্চৰ মাষ্টৰ। গোটেই কয়লাময়লাত নাম আছে ৰতন মাষ্টৰৰ। দেখাই-শুনাইও বেয়া নহয়,  ৰংটো অলপ মিঠা বৰণীয়া,  কিন্তু তাতে কি! মুনিহ মানুহৰ ৰং অলপ মাজা-মাজা হ’লেই ভাল দেখি। ওখইতো পাঁচফুট আঁঠ ইঞ্চি। গাইঠাতো নহয়। টকা-পইচাও মেল্লা আছে। কয়লাময়লাৰ কিমান ছোৱালীয়ে মনতে ৰতন বসাকৰ লগত বিয়া হোৱাৰ সপোন দেখি আছে! আৰু কয়লাময়লাৰ গাঁৱত ৰতন মাষ্টৰৰ মান-ইজ্জত কম নেকি! সকলো মেল-মিটিঙতেই ৰতন মাষ্টৰক মাতে গাঁৱৰ মানুহে।

ৰতন মাষ্টৰে সেই হাবিয়াসটোৰ কথা সৈ কঢ়াৰ পিচত “নিউ হ’ৰাইজন“ৰ অফিচত এদিন এডিচনেই কথাটো উলিয়ালে। ডাইমনে ক’লে, –

“ধেৎ চিষ্টাৰৰ লগত কেনেকৈ মিলিব ? “

“কিন্তু চিষ্টাৰটোতো চিম্পল মানুহ,  প্ৰাউডি নহয়,  চিষ্টাৰে সব মানুহকে কিমান মৰম কৰে,“ – বিনেশে কৈছিল।

“অৱশ্যে বৰ্ণালী ডাউন টু আৰ্থ পাৰচন’“ -মহেশে ক’লে।

“তেতিয়াহ’লে এবাৰ চিষ্টাৰক সুধি চালেই হ’ল,“ – ডেকাৰামে ক’লে।

গতিকে সেইটোৱেই সৰ্বজন গৃহীত হ’ল যে কথাটো এবাৰ চিষ্টাৰক ক’ব লাগে। কথা মতেই কাম,  মিটিঙৰ কাৰণে দিল্লীত থাকোতেই মোলৈ ফোন আহিল, –

“এই চিষ্টাৰ, আমি আপোনাৰ কাৰণে একজন মানুহ চাই ৰাখিছে দেই। বিয়া কৰিবৰ কাৰণে।“

“হাঁ ? “

“অঁ, চাই ৰাখিছে আমি আপোনাৰ কাৰণে।“

“কেলেই চাইছ হেৰৌ, “ -মই হাঁহি হাঁহি কৈছিলো, – “মাহৰ পিচত মাহ জংঘলত ঘুৰি ফুৰা ছোৱালী, অন্ততঃ ছমাহৰ পৰা আঠ মাহলৈকে অফিচৰ বাহিৰত কাম থাকে। বিয়া কৰি সেইটো মৰিলেহে হ’ব!“

“নাই নাই চিষ্টাৰ, “- বৰুণে ক’লে, -“ ৰথনদাৰ আপোনাক বিৰাট পছন্দ।“

“একদম ফাগলা তোৰ কাৰণে,“ – এডিচনে ক’লে।

“হয় নে ? কোন নো ? “

“কয়লাময়লা হাইস্কুলৰ চাইঞ্চ টিচাৰ“

“টিচাৰ!“ -মই ক’লো,  -“কেলেই দিগদাৰ কৰিছ তহঁতে সেই ভাল মানুহটোক!“

“তাৰতো তোকহে বিয়া কৰিবৰ মন,“ – বিনেশে ক’লে, -“আৰু কিমান ছোৱালীয়ে মন কৰিছে, সি কাকো নলয়। তোকেহে আশা কৰি আছে।“

“আইঅ’ হয় নে ? “

আমাৰ চুপতিৰ ওৰ পেলাই মহেশে মোক ক’লে,-

“মিট হিম ওৱানচ।“

মহেশে আগতে ডনবস্কোত পঢ়াইছিল, বেচিভাগ কথা আমি ইংৰাজীতে পাতোঁ।

“অ’ কে।“

মহেশৰ কথাত মই সন্মতি দিলো যদিও পিচৰবাৰ কয়লাময়লালৈ যাওঁতে কথাটো মই পাহৰিয়েই গ’লো। কালামাটিৰ জংঘলত কাম কৰা,  অহা-যোৱাৰ মাজত এদিন জিৰণি লোৱাৰ সময়ত বিনেশে ক’লে, –

“চিষ্টাৰ এবাৰ ৰতনদাক লগ ধৰিব লাগিছিল নহয়।“

মই ক’লো, “-অঁ অঁ মাতিবি আকৌ।“

পিচে গাঁৱলৈ ঘুৰি অহাৰ পিছত কিন্তু ৰতন বসাকক লগ ধৰাৰ সময়েই নহ’ল। অকল সেইবাৰেই নহয়, তাৰপিছত কেইবাবাৰো কালামাটি গৈছো কিন্তু কামত লাগি থাকোতে এবাৰো ৰতন বসাকক লগ পাবলৈ সময় নহয়।

কেতিয়াবা মহেশে কয়, –

“বৰ্ণালী, স্পেয়াৰ চাম টাইম টু মিট দ্য গাই।”

ময়ো কওঁ, -”ইয়া, আই হ্যেভ টু।”

এডিচনে কয়,-”’সি বেচেৰাই সেই কেতিয়াৰে পৰা তোমালৈকে বাট চাই বহি আছে।”

”তাকেইতো! ”

কিন্তু কি হ’ব সময় নিমিলেহে নিমিলে।

সেইবাৰ কালামাটি গ’লো। দুদিন কালামাটিৰ অৰণ্যত থাকি শেষ আবেলি তাৰ পৰা ওলাই আহিছো,  বাইকত মহেশৰ লগত মই। বাকীবোৰ অন্য দুখনমান বাইকত। বাকীবোৰ মানে সুশান্ত, ডাইমন,  কাৰ্লুচ,  প্ৰত্যুশ্বৰহঁত। গাওঁ পাওঁহি মানে এন্ধাৰেই হ’বৰ হ’ল। নৈ পাৰ হোৱাৰ সময়ত গান্ডাবিলৰ ফালৰ পৰা বাইক এখন আহিল। ঘাটত আহি ৰোৱা সেই আৰোহী দুজনৰ ফালে দেখুৱাই মহেশে মোক ক’লে, – ”হি ইজ দি পাৰ্ছন হো ৱাণ্ট্চ টু মেৰী ইউ” (‘He is the person who wants to marry you’)

”কোনজন ? ”-  মই মুৰ ঘুৰাই চালো। ঘাটত থিয় হৈ থকা মানুহদুজনৰ ভিতৰৰ ব্লেক জেকেট পিন্ধা মানুহজনক মহেশে মোক ঈঙ্গিতেৰে দেখুৱাই দিলে।

”আজি তাক তোমাৰ লগত চিনাকী কৰি দিবই লাগিব”-  মহেশে ক’লে, – হি ইজ কিপিং অন ৰিকুৱেষ্টিং ফৰ ডেট।” (He is keeping on requesting for that.)

”য়া য়া চিয়োৰ” – মই ক’লো, – ”প্লিজ, কল হিম।”

”ৰতনদা ”

মহেশৰ মাতত আঁতৰৰ পৰা ক’লা জেকেট পিন্ধা মানুহজন আমাৰ ফালে আগবাঢ়ি আহিল।

”চিষ্টাৰ বৰ্ণালী” – মোৰ ফালে দেখুৱাই মহেশে তেখেতক ক’লে।

বাইকৰ পৰা নামি সোঁহাতখন মই তেখেতৰ ফালে আগবঢ়াই দিলো, –

”হাই, আই এম বৰ্ণালী গগৈ।”

”হাহা ..হা,  হাঁই..”

মোৰ ফালে নিজৰ সোঁহাতখন আগবঢ়াই দি ৰতন মাষ্টৰে ক’লে, –

”ম ম ম .. ..ম্ম ম ম্ম….”

কেম’ফ্লেজড প্ৰিন্টৰ পেন্ট,  চিক্স পকেটৰ অলিভ গ্ৰীন জেকেট,  গ্ৰীন ট্ৰেকিং চুজ আৰু ‘চেভ টাইগাৰ’  এমব্লেম থকা ডীপ গ্ৰীন কেপ পিন্ধা মহেশহঁতৰ ”চিষ্টাৰ ” বৰ্ণালীক দেখি ৰতন মাষ্টৰ ‘ফ্লেট’।

মুখেৰে এটা কথাও নুফুটিল।

ইট্চ ৰিয়েলী নাইচ মিটিং ইউ মিঃ বছাক।”

ৰতন মাষ্টৰৰ বতাহত কলপাত লৰা দি লৰা হাতখন ধৰি ভালকৈ হেন্ডচেক এটা দি মই হাঁহি ক’লো, –

হ’প টু মিট ইউ এগেইন।”

মহেশে ইতিমধ্যে বাইক ষ্টাৰ্ট কৰিছিল,  মই উঠি বহিলো। পিচে পিচে বাকীবোৰ। অকণমান দুৰ আহিয়েই হা হা কৈ হাঁহিলো মহেশ আৰু মই।

”ইউ গাইজ আৰ চো’ মিন,”- মই ক’লো, -” চি, হাউ নাৰ্ভাছ হি ইজ!”

মহেশে হাঁহি ক’লে, -” পৌৰ ৰতন দা!”

তেহেলৈ ৰতন বসাকৰ কি হ’ল,  কল্পনাৰ ৰাণীৰ সঁচা ৰূপ দেখি নৈৰ ঘাটতে মুচকচেই গ’ল নে পাৰ হৈ সিপাৰ পালেগৈ আমি আৰু গম নাপালো।

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *