প্ৰেম জনমে জনমে – মিৰাজুল ৰছিদ
প্ৰেম এক স্বৰ্গীয় অনুভতি…… আমাৰ দৰে ফুটা কপালধাৰীৰ বাবে কেতিয়াও নহয়।
আমাৰ বাবে প্ৰেম দিল্লী কা লাড্ডু ;খালেও আফচোচ নাখালেও আফচোচ।
তথাপি প্ৰেম-ভালপোৱাৰ অনুভৱ নোপোৱাকৈ, ইয়াক এবাৰ টেষ্ট নকৰাকৈ জানো থাকিব পাৰি?
ক্লাচ টেনৰ ঘটনা। যৌৱনৰ প্ৰথম খোজ। সকলোৱে কয় জাগি শুবা, বাচি খাবা, কিন্তু মন যে অবুজন কেতিয়া পিচলি যায় ধৰিব পৰা টান। ক্লাছত এজনী ছোৱালী আছিল, নাম নুৰী। গণিতৰ টিউচনত যেতিয়া তাইৰ কাষত বহো মনত কিবা এক অবুজ শিহৰণ আহে। এইজনীক যেন মোৰ বাবেই পৃথিৱীলৈ পঠোৱা হৈছে। তাইৰ চকুত চকু থৈ মই কথা ক’ব নোৱাৰো, ইয়াৰ কাৰণ ভয়, লাজ নে ভালপোৱা নাজানোঁ। টেষ্ট পৰীক্ষাৰ পিছত খবৰ পালো তাইৰ গোটেই পৰিয়ালটো নুৰীৰ মেট্ৰিক পৰীক্ষাৰ পিছতেই কাৰ্বিআংলং গুচি যাব। দেউতাকৰ চাকৰিৰ বদলি হৈছে হেনো। সকলোবোৰ আগৰ দৰে একেই আছিল।
স্কুলখন একে আছিল, টিউচন একে আছিল, মোৰ ঘৰখন একেই আছিল কিন্তু? কিন্তু নুৰীৰ অনুপস্থিতিত মোৰ মনটো একেই থাকিবলৈ অমান্তি হৈছিল। মোৰ ভালপোৱা অপ্ৰকাশিত ৰূপতে আছিল। নাই নহ’ব, মই হাৰ মনা বিধৰ নহয়, তাইক মই মোৰ ভালপোৱাৰ কথা ক’ম। কিন্তু তায়ো জানো মোক ভাল পাই? তাই মোৰ ফালে চাই যে হাঁহিছিল সেয়া প্ৰেম নাছিল? তাই প্ৰতিদিন টিউচনৰ পিচত মোৰ লগত যে সৰু দাৰ দোকানত পকৰী খাইছিল তাৰ অৰ্থ ভালপোৱা নাছিল? অযুত প্ৰশ্ন মোৰ মনত। মোৰ প্ৰিয়বন্ধু যুগল। তাক মই কথাবোৰ কলো। সি লগে লগে ক’লে, -“বন্ধু তোৰ কাম মই কৰি দিম। নুৰীহঁত কাইলৈ যাব কাৰ্বিআংলং আৰু মই তাইক তোৰ কথা সুধি তোক লগে লগে জনাম।”
গোটেই ৰাতি চকু দুটা জপাই টোপনিৰ নাটক কৰিলোঁ। ভাৱি থাকিলো যে, পুৱা যুগলে তাইক মোৰ কথা ক’ব, তাই মোৰ ভালপোৱাক আদৰি মোক মাতি পঠিয়াব আৰু মই গৈ তাইক শেষ বাৰৰ বাবে বাই বাই দি ঘৰৰ লেণ্ডলাইন নম্বৰটো দিম।
সুৰুযৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বিছনাৰ পৰা উঠিলোঁ।
বহুবাৰ ভাৱিও পানী এটোপালো গিলিব পৰা নাই। ভৱিলোঁ খোৱা-লোৱা পাছত হ’ব, আগতে তাইৰ উত্তৰ জানি লওঁ। আমাৰ ঘৰৰ সন্মূখৰ দীঘল ৰাস্তাটোলৈ চাই আছো কেতিয়া যুগলৰ চাইকেলখন দেখা পাম?
বহুসময়ৰ অপেক্ষাত হাফ-পেদেল মাৰি মাৰি যুগল আহি পালে। মই দৌৰি গলোঁ তাৰ ওচৰত। ৰিজাল্ট কি ভাই? কি ক’লে তাই? এনে লাগিল যে, মেট্ৰিকৰ ৰিজাল্টৰ আগৰ এই ৰিজাল্টটোৱে যেন মোৰ বাবে জীৱন -মৰণৰ কাৰণ হ’ব পাৰে।
তলফালে মুখ কৰি অপাৰেচন ছাকচেচ কৰিব নোৱাৰা ডাক্তৰৰ দৰে যুগলে ক’লে, -“চ’ৰি দোষ্ট। তাই তোক ভাল বন্ধু বুলিহে ভাৱে। তোক ভাল নাপায়।”
ইমানতে কাহিনী শেষ?? ন’ ন’ মাই ডিয়েৰ ফ্ৰেণ্ডচ। পিক্সাৰ অভি বাকী হে।
হাইয়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পাছত যিখন কলেজত এডমিচন ল’লো তাত প্ৰথমদিনা সোমায়েই দেখিলোঁ যে, এজনী ছোৱালী আহি আছে মোৰ কাষলৈ। চিনাকী চিনাকী লাগিছে মুখখন। চকুৰ দি.এচ.এল.আৰ কেমেৰা মুড অন কৰি চালোঁ, আৰে এইজনী দেখোন নুৰী। নুৰী সেইজনী ছোৱালী যিজনীয়ে মোক ভাল নাপাওঁ বুলি গুচি গৈছিল থান-বান কৰি মোৰ প্ৰথম প্ৰেমক।
তাই ওচৰলৈ আহি হাঁহি মাৰি হেণ্ডচেক কৰিলে। মইও তাইৰ হাতখন জোৰকৈ ধৰিলোঁ হেণ্ডচেকৰ চলেৰে। আৰে চাঞ্চ পাইও ডেঞ্চ নকৰিলে আমাৰ দৰে ডেকাৰ ডেকা হোৱাৰ অৰ্থ কি? তেনে ডেকা জীৱনক ধিক্কাৰ যিজনে সুবিধা ল’ব নাজানে। কলেজত এনি টাইম তাইৰ লগত লাগি লাগি ফাষ্ট ইয়েৰত চি গ্ৰেডহে পালোঁ। তথাপি নিজৰ লেৱেল এৰি নিদিলোঁ।
এহ! ফাৰ্ষ্ট ইয়েৰত হে ‘চি’ পাইছো। ফাইনেলত ষ্টেণ্ড কৰিমটো খাটাং।
মই ল’ৰাটো বহুত পজিটিভ থিংকিঙৰ। আফটাৰ অল মোৰ ব্লাড গ্ৰপো বি পজিটিভ ন’।
ফাইনেল পৰীক্ষাৰ আগমূহুৰ্তত ভাৱিলোঁ মোৰ সেই পুৰণা কাহিনীটো নুৰীক মনত পেলাই দিওঁ, তাই চাগে পাহৰিছে। ইফালে এবাৰ ৰিজেক্ট লিষ্টত সোমাইছিলোঁ বাবেই নতুনকৈ ক’বও পৰা নাছিলো ভাল পাওঁ বুলি। হাজাৰ হওঁক দুবাৰকৈ ব্লেক লিষ্টেট হোৱাৰ ভয় এটাও আছিল মনত ।
তথাপি মোৰ সাংঘাটিক পজিটিভ এটিটিউদেৰে তাইক লেবৰ সময়ত এদিন সুধিয়েই দিলোঁ, -” নুৰী তোমাৰটো কথাই বেলেগ ন? বহুত ধনী ঘৰৰ চলমান খান যেন ল’ৰাক হে ভাল পাবা চাগে। আমাৰ দৰে জনি লিভাৰকটো পাট্টাও নিদিয়া। সেই ক্লাচ টেনতেই মোৰ ভালপোৱাক পাট্টা নিদি বন্ধু বুলিহে ভাৱো বুলি কৈছিলা। বৰ দুখ পাইছিলো দেই। “
তাই লগে লগে ক’লে,
“কি ? কি কলা? কেতিয়া কৈছিলা ভাল পাওঁ বুলি? কোন দিনা? আমি যে কাৰ্বিআংলং গুছি আহিছিলো সেইদিনা কেৱল আমাৰ লগৰ যে লাৰু ( মানে যুগলৰ কথা কৈছে তাই, চাপৰ চুটি ল’ৰা বাবে তাক লাৰু বুলি মাতে সকলোৱে) সি হে মোক ভাল পাওঁ বুলি কৈছিল,”__
হায়! এতিয়াহে উৰহী গছৰ ওৰ ওলাল। অ, ক্লাচ টেনত মোৰ প্ৰিয়বন্ধু যুগল, যিজনে মোৰ কামটো কৰি দিম বুলি মাজত সোমাইছিল, যিজনে ৰাতিপুৱাই হাফ-পেডেল মাৰি মাৰি মোৰ বাবে কষ্ট কৰি নুৰীক মোৰ ভালপোৱাৰ কথা কৈছিল সেইজন মহান লাৰুৰ কাহিনী এতিয়াহে জানিলোঁ। সি বেটাই মোৰ প্ৰেমৰ প্ৰস্তাৱ লৈ যোৱা নাছিল। সি নিজৰ প্ৰেমৰ নাওঁখনহে তাইৰ ভালপোৱাৰ সাগৰত মেলিব গৈছিল।
১১০০০ ভল্টৰ ঝাটকা এটা খোৱাৰ পাছতো মই নিজৰ পজিটিভ এটিটিউদ এৰি নিদিলোঁ। এইবাৰ ফটা মুখখনেৰে নিজে তাইক সুধিলোঁ, -” হেৰি নহয় নুৰী। কথা এটা কওঁ, যুগলে ঠগিলে মোক। এতিয়া সেইবোৰ বাদ দিয়া, আমি এতিয়া গাৰ্ল-ফ্ৰেণ্ড হৈ যাওঁ?? নে কি কোৱা?”
কথাখিনি কৈয়েই মোৰ মনটোতেই – “মে তেৰা বয় ফ্ৰেণ্ড তু মেৰি গাৰ্লফ্ৰেণ্ড…’ গানটো বজাই দিলোঁ”।
তাই এইবাৰ চকুকেইটা তলফাল কৰি সেই ক্লাচ টেনৰ যুগলৰ দৰেই অপাৰচেন ছাকচেচ কৰিব নোৱাৰা ডাক্তৰজন হৈ লাহেকৈ ক’লে, – ” চ’ৰি মিৰাজ। এতিয়া মোৰ ভালপোৱা আছে। আৰ্টচৰ মানস মোৰ বয়ফ্ৰেণ্ড। এতিয়া মোৰ হাতত একো উপায় নাই।”
মই ব্যৰ্থ প্ৰেমিক হৈ খালি হাতদুখন লৈ উভতিলোঁ। তথাপি নিজৰ লেৱেল আৰু পজিটিভ এটিটিউদ এৰি দিয়া নাই। আফটাৰঅল “হাৰ কে বাদ হি জীত হে……” গানটো আমাৰ বাবেই লিখা হৈছে ন।
☆★☆★☆
2:00 pm
বৰ দুখজনক অভিজ্ঞতা, লিখনশৈলী ভাল লাগিল।
ভবিষ্যতেও পঢ়ি থাকিবলৈ পাম বুলি আশা কৰিলো
2:24 pm
ধন্যবাদ । শিকিবলৈ যত্ন কৰিম।
10:20 pm
সুন্দৰ লিখিছা !
7:31 am
ধন্যবাদ ।
10:28 pm
মিৰাজ, তোমাৰ লিখাৰ ভক্ত হৈ পৰিছো, ব্যৰ্থতাৰ কথাৰে হাঁহি বিৰিঙাব পৰা লিখক তুমি৷
লিখি থাকিবা৷ প্ৰতিভাশালী মানুহ বুলি চাৰ্টিফিকেট এখন ইছু কৰি দিছো৷
7:32 am
ধন্যবাদ দাদা ।
10:39 pm
বন্ধু “গাড্ডাৰ” নিক্লা…… লিখনি বৰ সাৱলীল। লিখি থাকিবা।
7:32 am
ধন্যবাদ সম্পাদিকা বাইদেউ ।
10:44 pm
অপুৰ্ব লিখনশৈলী ।
7:33 am
ধন্যবাদ অৰ্জুন দা।
11:27 pm
পজিচিভ এটিটিউডটো বজাই ৰাখিব। এবাৰহে ব্যৰ্থ হৈছে-‘-‘
ভাল লাগিল।
7:33 am
হয় । বৰ পজিটিভ লৰা মই । ধন্যবাদ ।
12:12 am
মজ্জা৷লিখি থাকিবা৷
7:33 am
ধন্যবাদ দাদা
9:13 am
ভাল লাগিল পঢ়ি। চেষ্টা কৰি থাকক পাই যাব..
1:35 pm
আট্চা ।পাম ন?
9:16 am
বঢ়িয়া লিখিছাহে।এইবাৰৰ পৰা নিজৰ কাম নিজেই কৰিবা।কিবা বোলেনে “পৰত আশ বনত বাস”বি পজিটিভ বন্ধু।
1:36 pm
সেয়া হে । এইবাৰ সফল হম খাটাং ।
5:15 pm
ময়ো বি পজিটিভ৷মানে ব্লাড গ্ৰুপ আকৌ৷
10:28 pm
মোৰ কমিলে দিব দেই ।ব্লাডৰ কথা কৈছো।
8:44 pm
ভাল লাগিল পঢ়ি।
7:17 am
Very nice story… Keep it up.. Take ur positive attitude always with u.. Its a very good habit
7:40 pm
Thnks
11:27 am
দুখ লাগি গল অ ।
7:41 pm
Hehehehe
7:40 pm
thnks