পিৰিতি মিঠা চিৰা দৈ – হেমন্ত ভট্টাচাৰ্য
মই তেতিয়া ক্লাছ টেনত। ক্লাছ নাইনৰ ছোৱালী এজনীৰ ওপৰত চকু পৰিল। জুবিনৰ ভাষাত ‘ককাল খামুচীয়া, গাল গুলপীয়া’ ছোৱালী। তাইৰো মোলৈ মন খাইছিল হ’বলা! স্কুলৰ প্ৰাৰ্থনা সভাতো হাতযোৰ কৰি মুখেৰে প্ৰাৰ্থনা গাই, চকু কিন্তু মোৰ ফালে। তাইৰ চাঁৱনিত মোৰ মন থৌকি-বাথৌ! সকলো সময়তে তাইৰ কথাই মনলৈ আহি থাকে। ৰাতিপুৱা আৰু ৰাতি পঢ়াৰ সময়তো কিতাপৰ পাতত তাইৰে মূখখন ভাহি থাকে। কালিদাসৰ ভাষাত নেদেখিলে মন, কৰে উচাতন, দেখিলে জুৰাই পৰাণ।
বহু ভাবি-চিন্তি ঠিক কৰিলো যে এইদৰে আৰু নহ’ব। কিবা এটা কৰিবই লাগিব। হয় গুৱাহাটী, নহয় ৰঙামাটি। শেষত ঠিক কৰিলো সপোন কুৱঁৰীজনীক এখন চিঠি দি কথাবোৰ জনোৱাই ভাল হ’ব যে মই দিৱানা হৈ পৰিছো।
ভাল দিন-বাৰ চাই চিঠি এখন লিখিব বহিলো। দহখন মান লিখিলো আৰু ফালিলো। চিঠি লাইনত নাহে হে নাহে! শেষত এখন যেনিবা কিছু মন-পছন্দৰ হ’ল। বহু লিখিলো। তাইক মই কিমান ভাল পাওঁ, তাইক নাপালে যে মোৰ জীৱনটো বিফলে যাব আদি বহু ছেন্টি ফালিলো। সেইখনকে হাতেৰে বনোৱা এনভেলপ এটাত ভৰাই সাজু কৰিলো।
পিচদিনা স্কুললৈ গৈ বহু চেষ্টাৰ মুৰত, জিৰনিৰ সময়ত তাইক এক মিনিটৰ বাবে লগ পাই চিঠিখন দিলোঁ। তাইয়ো মিচিকি হাঁহিৰে হাত পাতি লৈ আঁতৰি গ’ল। উস! ইমান যে ভাল লাগিল মনটো। এনে লাগিল যেন মই মেট্ৰিকত ফাৰ্ষ্ট ষ্টেণ্ড কৰিলোঁ!
ৰাতি অলপো টোপনি নহ’ল। মন উগুল-থুগুল। এতিয়া অপেক্ষা মাত্ৰ কুৱঁৰীৰ উত্তৰলৈ।
মই ভাবি আছিলো যে চিঠি দিয়া কোনোৱে দেখা নাই। তাই আৰু ময়েই জানো। কিন্তু দেখিছিল। আন ছোৱালীয়ে আমাৰ কাম-কাজ নিৰৱে লক্ষ্য কৰি আছিল। পিছদিনা গোটেই স্কুলতে কথাটো আনবোৰ ছোৱালীয়ে প্ৰচাৰ কৰি দিলে। ফলত মোৰ সপোন কুৱঁৰীজনীয়ে লাজতে ভয়তে পেঁ পেঁ কৈ কান্দি দিলে। কথাটো গৈ সহকাৰী প্ৰধান শিক্ষক যতীন কলিতা চাৰৰ কানত পৰিল। শ্ৰদ্ধেয় যতীন কলিতা চাৰ বৰ কাঢ়া মানুহ আছিল আৰু শিক্ষক হিচাবেও খুবেই ভাল আছিল। আমাক ইংৰাজী পঢ়ুৱাইছিল। আজি যি অলপ ইংৰাজী শিকিব পাৰিছো সেইয়া কলিতা চাৰৰ বাবেই সম্ভৱ হৈছিল।
যতীন কলিতা চাৰে বিচাৰ আৰম্ভ কৰি দিলে। ছোৱালীক মতা হ’ল। মোকো মাতিলে। মোক সুধিলে যে মই কিবা চিঠি পত্ৰ দিছো নেকি! তপৰাই নাই দিয়া বুলি মিছা মাতিলোঁ। মোৰ সপোন কুৱঁৰীক সুধিলে। চকু চলচলীয়া কৰি মৰতী জনীয়ে সকলো কৈ দিলে। তাৰ পাছৰখিনি বৰ্ণনাতীত। কেঁচা লেকেচিৰ কোবত তিনি দিনমান স্কুল যোৱা বন্ধ।
☆★☆★☆
6:24 pm
প্ৰেমৰ জ্বাল ফাটি গ’ল আৰু।