ফটাপ্ৰেম – পৰিস্মীতা গগৈ
তেতিয়া মই অষ্টম শ্ৰেণীত পঢ়ি আছিলো। অক্টোবৰ মাহ। দুৰ্গা পূজাৰ সময়ৰ কথা। আমি লগৰ পাঁচজনীমান ছোৱালী লগ-লাগি পূজা চাবলৈ বুলি গৈছিলোঁ। পূজা মণ্ডপ প্ৰায় ঘৰৰ ওচৰতে হোৱাত খোজকাঢ়িয়ে আমি গ’লো। সেইসময়ত আকৌ জাপানীজ স্কাৰ্ট বুলি এটা স্কাৰ্ট ওলাইছিল। দেউতাই পূজাৰ উপহাৰ বুলি সেই স্কাৰ্টৰ লগতে ওখ চেন্দেল এযোৰো দিছিল। বিদ্যা কৈছো, সেই সাজেৰে মোক বোলে একদম জাপানীজ চেৰী ফুল এপাহৰ দৰেই লাগিছিল। এনেই মংগোলীয়ান ‘লুক’টো আছেই! মই এনেও অলপ ফিল্মী টাইপৰ। সেয়ে চাগৈ মোৰ লগত ঘটা ঘটনাবোৰো ফিল্মৰ দৰেই। লগৰকেইজনীৰ লগত হাঁহি-ধেমালি কৰি গৈ থাকোঁতে পৰক নহয় এখন ভৰি কেঁচা ৰাস্তাটোৰ এটা দ’ -গাতত। ওখ চেণ্ডেলযোৰ ভৰিখনৰ পৰা বেঁকা হৈ গৈ চেণ্ডেলৰ ফিটাপাত ছিগি থাকিল। কাষৰ ল’ৰাৰ জুমটোৰ পৰা বাজি উঠা কিৰিলিত কি কৰোঁ নকৰোঁ অৱস্থা। ভাগ্যে সেই সময়তে লগৰ এজনীয়ে চুৰিদাৰৰ চুৰ্ণীত মাৰি থোৱা পিন এটা খুলি দিয়াত যেনেতেনে ফিটা ডালৰ লগত চেণ্ডেলযোৰক সংলগ্ন কৰিব পাৰিলোঁ। ল’ৰাৰ জুমটোলৈ বেঁকা খঙাল চাৱনি এটা দি বীৰদৰ্পে পূজা স্থলীলৈ গতি কৰিলোঁ। আচৰিত কৰি জুমটোও আমাৰ পিছে পিছে আহি পূজা স্থলী পালেহি। আমি যেনি যাঁও সিহঁতকেইটাও তেনিয়ে যাবলৈ ধৰিলে। উৱা! এইকেইটাৰ গাত কি লাগিল বুলি দুই এটা টিটকাৰিও মাৰিলোঁ। অৱশ্যে বাহিৰে অতিষ্ঠ হৈ দেখালেও মনত যে গোটেইকেইজনীৰে লাড্ডু ফুটিছিল সেইটো হ’লে সঁচা। দোষ আমাৰ নাছিল কিন্তু! বয়সৰহে আছিল। বয়সটোৱে তেনেকুৱা।
পিছদিনাও স্কুল বন্ধ আছিল। সম্ভৱত নৱমীৰ দিনা নেকি! মা আৰু খুৰীয়ে চোতালত ধান মেলি দিছে। লগত সহায় কৰি আছে কাষৰ ঘৰৰ মোতকৈ পাঁচ বছৰ মান ডাঙৰ বা এজনীয়ে। মই আকৌ সেইদিনা ধোৱা ড্ৰয়িং ৰূমৰ পৰ্দাবোৰ লগাই লগাই ৰাস্তাৰ মানুহ চাই আছোঁ। তেনেতে চাৰিখনমান বাইকৰ একেলগে বাজি উঠা হৰ্ণত উচপ খাই দেখোঁ আৰে, এইকেইটাচোন কালিৰ ল’ৰাকেইটা। হৰ্ণ মাৰি মাৰি আমাৰ ঘৰলৈ চাই হাঁহি হাঁহি পাৰ হৈ গৈছে। ঢককৈ বুকুখন কঁপি উঠিল। আজি মই শেষ। বাহিৰত মায়ে নিশ্চয় কিবা ধৰিব পাৰিছে। ভয়ে ভয়ে বাহিৰলৈ আহি দেখোঁ খুৰীয়ে কিবা কৈ আছে আৰু সেই বাজনীয়ে লাজতে তলমূৰ কৰি হাঁহি আছে। অহ ৰক্ষা! তাৰমানে ল’ৰাকেইটাই বাজনীকহে জোকাই গ’ল বুলি ভাবিলে।
তাৰ পিচদিনা দশমী। আকৌ লগ হ’লো আমি পাঁচজনী। মই সিহঁতক আগদিনাৰ ঘটনাটোৰ বিৱৰণ দিলোঁ। কথা শুনি সব আচৰিত, ঘৰ কেনেকৈ চিনি পালে! তেনেতে চকুত পৰিল আকৌ সেই জুমটো। আমালৈকে চাই চাই হাঁহি আছে। হে ভগৱান! কি ক’ম বুকুৰ ভিতৰত ঢেকিয়ে ধান-বনাৰ শব্দত নিজেই উচপ খাই উঠিলোঁ। পাঁচোজনী সিহঁতৰ চকুৰ পৰা পলাবলৈ ভিৰৰ মাজত সোমাই পৰিলোঁ।
হঠাতে এদিন ৰাতি ৯:৩০ বজাত দুৱাৰত টোকৰ পৰিল। আমি ভাত খাই উঠিছোঁ মাত্ৰ। দেউতাই দুৱাৰ খুলি দেখে বাহিৰত দুজন অচিনাকি যুৱক থিয় হৈ আছে। পোন্ধৰমিনিট মানৰ পাছত যুৱক দুজনক বিদায় দি দেউতা ভিতৰলৈ আহি ক’লে, -“খনামুখৰ ফালৰ দুজন ল’ৰা ক’ৰবাৰ পৰা আহি আছিল। লগত এটা ডিভিডি প্লেয়াৰো আছিল। কিন্তু বাইকখন বোলে আমাৰ পদূলিতে বেয়া হোৱাত বাইক আৰু ডিভিডি প্লেয়াৰটো আমাৰ তাতে ৰাতিটো থৈ গ’ল। কাইলৈ পুৱা আহি লৈ যাব।“
পিচদিনা আবেলি আহি ওলাইছিলহি তিনিজন যুৱক এখন বাইকত উঠি। ঘৰত মা আৰু মইয়ে আছিলোঁ। সাদৰি মায়ে চাহ-তাহ খুৱাইহে বিদায় দিলে। অচিনাকি মানুহৰ আগত ওলাবলৈ থকা লাজৰ কাৰণেই আলহী যোৱাৰ পৰত খিৰিকিৰে জুমি চাই যি দেখিলো মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিল। আৰে! এইকেইটাচোন সেই ল’ৰাৰ জুমটোৰ মাজৰে তিনিটা। তাৰমানে বাইক বেয়া হোৱা এটা বাহানাহে আছিল! দুই-তিনিবাৰ কিকোৱাৰ পিছতে বাইকে যেতিয়া গৰজি উঠিল, মোৰ বুজিবলৈ বাকী নাথাকিল আৰু!
এনেদৰে সেই তিনিজন ল’ৰাৰ পৰা দুজনৰ আমাৰ ঘৰলৈ সঘন আহ-যাহ হ’ল। তেনেতে লগৰ এজনীৰ পৰা প্ৰেমভৰা পত্ৰ এখনো প্ৰাপ্ত হ’ল। কিন্তু ঘৰৰ ভয়ত পঢ়াতো বাদেই খুলি নোচোৱাকৈয়ে ঘূৰাই পঠিয়ালোঁ। কেইদিনমানৰ পিচত দুজনৰ পৰা এজনলৈ পৰিৱৰ্তন হ’ল। মা দেউতাৰ লগতে ভন্টীৰ লগতো সিজনাৰ বন্ধুত্ব গাঢ় হৈ গৈ থাকিল। ইফালে মই নিৰ্লিপ্ত। চাওঁতে চাওঁতে মই এইটৰ পৰা আহি টেন পালোহি! কি জানো হ’ল, ঠিক মেট্ৰিকৰ আগে আগে মহাশয়ৰ একো খবৰ নোহোৱা হ’ল। মই উদিগ্ন হ’লো। উচ-পিচ লাগিল, পঢ়া শুনাত মন নবহা হ’ল। তেনেতে ঠিক পৰীক্ষালৈ দুদিন থাকোতে আহি শুভেচ্ছা জনাই থৈ গ’লহি। তেতিয়াহে বুজিলোঁ অ’, পৰীক্ষাৰ কাৰণে ডিষ্টাৰ্ব কৰা নাই। মনটো ভাল লাগি গ’ল। এনেকুৱা এজন মহাপুৰুষৰ প্ৰেমক অবজ্ঞা কৰিব নোৱাৰি বুলি ভাবি পৰীক্ষা শেষ হ’লেই সন্মতি জনাম বুলি ভাবি থ’লো।
যথা সময়ত পৰীক্ষা শেষ হ’ল। মহানায়কৰ আকৌ আমাৰ ঘৰলৈ আহ-যাহ হ’ল। কিন্তু এতিয়া কথাটো কওঁ কেনেকৈ! বহুত ভাবি চিন্তি উপায় নোপোৱা হ’লো। সেই সময়তে আকৌ ‘ক্যা য়্যেহি প্যাৰ হ্যায়’ নামৰ চিনেমাখন খুউব চাইছিলোঁ। বচ আইডিয়া পাই গ’লো। টেপ ৰেকৰ্ডত ৰেকৰ্ড কৰি মনৰ কথাটো কৈ দিম বুলি দেউতাৰ হতুৱাই ব্লেংক কেছেট এখনো আনিলোঁ। ৰেকৰ্ড কৰিলোঁ, কিন্তু এতিয়া দিয়া যায় কেনেকৈ! বহুদিন খাপ-পতাৰ পিচতো দিব নোৱাৰি সেইখন পঢ়া টেবুলৰ ড্ৰয়াৰটোৰ কোণা এটাত ভৰাই ৰাখিলোঁ। কিন্তু হ’লে কি হ’ব ফুটা কপাল। ভন্টীয়ে নাচিছিল। ক’ৰবাত কিবা এটা প্ৰগ্ৰাম কৰিবলৈ যাওঁতে সেইখনেই তাইৰ গানৰ কেছেট বুলি লৈ গ’ল বজাবলৈ। অনুষ্ঠান আৰম্ভ হোৱাৰ আগত কেছেটবোৰ অনুষ্ঠানৰ আয়োজকসকলে চেক্ কৰি লয়। এনেদৰে চেক কৰোঁতে বোলে গান নাবাজি মোৰ কন্ঠৰ প্ৰেমৰ ফুচফুচনিবোৰ বাজি উঠাত ভন্টীৰ আৰু নচা নহ’লগৈ।
ঘৰত নজনাবলৈ তাইক দিয়া উপঢৌকনবোৰৰ কথা মনত পৰিলে এতিয়াও বুকুখন হমহমাই উঠে। এইটো আইডিয়া ফ্লপ মৰাত নতুন বছৰৰ গ্ৰিটিংছ কাৰ্ডৰ মাজত ভৰাই দিলোঁ এখন সৰু কাগজ। মাই আনচাৰ ইজ য়েছ বুলি। কিন্তু কি হ’ব, বিধিয়ে দিলেও বিধাতাই নিদিয়ে। বেঙাটোৱে কাগজখিলা অসাৱধানবশতঃ আমাৰ চোতালতে পেলাই গ’ল। পিছদিনা চোতাল সাঁৰোঁতে খুৰীয়ে পাই সেইখনৰ গৱেষণা কৰাত লাগিল। ভাগ্য ভাল আছিল আখৰবোৰ ষ্টাইলত লিখোঁতে ডাক্তৰৰ আখৰবোৰৰ ৰূপ লৈছিল। এইবাৰলৈ বাছি গ’লো। তাৰপিছত আৰু সেইবোৰৰ হেঁপাহ নোহোৱা হ’ল আৰু মোৰো প্ৰেমে তাপ মাৰিলে। কিন্তু পিচত শুনিবলৈ পালোঁ যে বেচেৰাই বোলে মোৰ নামৰে কোনোবা সুন্দৰী এগৰাকীক বিয়া পাতিলে।
☆★☆★☆
4:31 pm
বাইক বেয়া হোৱা টেকনিকটো তামাম আবিষ্কাৰ কৰিছিল কিন্তু৷ মজ্জা লাগিছিল৷
ভাল লিখিছা৷
9:21 pm
হেঃ হেঃ ধন্যবাদ কাকতিদা।
4:38 pm
কৈশোৰত এনে ঘটনা নিতান্তই স্বাভাৱিক ৷ এয়াই মানুহ ৷ মানুহৰ বাহিৰে আন জীৱৰ এনে ফটা প্ৰেম পাবলৈ নাই ৷
9:22 pm
চাৰ, পঢ়ি চাই মন্তব্য দিয়াত নথৈ সুখী হ’লো।
5:29 pm
ভাল লাগিল দক
9:22 pm
ধন্যবাদ দেই।
11:34 pm
সঁচাকৈ চিনেমা টাইপ।নায়কো নহয় কম নায়িকাও নহয় কম। ভগৱানে চাগৈ ভয়তে দা এণ্ড ঘটালে।ভাল লাগিল দেই!