সম্পাদকীয়-জুলাই’১৭- হেমন্ত কাকতি
সম্পাদকৰ ফটা মালিতা :
সাহিত্য সমাজৰ দৰ্পণ৷ যি কোনো ধৰণৰ সাহিত্যকৰ্মৰ যোগেদি কোনো নহয় কোনো প্ৰকাৰে এটা জাতিৰ কমেও এটা দিশৰ চিত্ৰপট উপস্থাপিত হয়৷ হাজাৰ বছৰ আগৰ চৰ্যাপদ পঢ়ি আমি সেই সময়ৰ মানুহৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল অনুমান কৰিব পাৰো৷ কিন্তু সাহিত্যৰ কেইটামান শাখাৰ যোগেদি বিশেষভাবে সমাজচিত্ৰখন খুব স্পষ্ট হৈ ধৰা দিয়ে৷ তাৰ ভিতৰত এটা উল্লেখযোগ্য ধাৰা হ’ল ব্যঙ্গ৷ বিশেষকৈ সমাজৰ বিসঙ্গতি বোৰক চতুৰালিৰে শক্তিশেল মাৰিবলৈ হাস্য-ব্যঙ্গ হ’ল অপ্ৰতিদ্বন্দ্ব্ব্বী মাধ্যম৷ এখন সমাজত হাস্য কিম্বা ব্যংগৰ প্ৰচলন আৰু গ্ৰহণযোগ্যতাক সমাজখনৰ বৌদ্ধিক পৰিপক্বতাৰ চিন বুলিও কব পাৰি৷
ব্যঙ্গ (Satire) আচলতে হ’ল এটা দৃষ্টিভংগী৷ সমাজত চলি থকা কাম কাজ বোৰকে সাধাৰণতকৈ অলপ পৃথক দৃষ্টিকোণৰ পৰা অনুধাৱন কৰি তাৰ এক হাস্যৰসাত্মক উপস্থাপনকে ব্যংগ বুলিব পাৰি৷ ব্যংগই সমাজৰ বিসঙ্গতি বিলাক খুঁচৰি উলিওৱাৰ লগতে সেইবোৰক নানা প্ৰকাৰে আক্ৰমণো কৰি থাকে৷ ব্যঙ্গ ৰচনাই মানব চেতনাক নতুনভাবে জাগ্ৰত কৰে, সত্যৰ ভিত্তিত কৰে নব্য বিচাৰধাৰা৷ যাৰ ফলশ্ৰুতিত এই ৰচনা সমূহে পাঠকৰ মনত এক দীৰ্ঘম্যাদী প্ৰভাব পেলাবলৈ সক্ষম হয়৷ সমাজ সচেতনতা নথকা ব্যংগক প্ৰকৃত ব্যংগ বুলিব নোৱাৰি৷
অৱশ্যে হাস্য ব্যংগ লিখাটো অত্যন্ত কঠিন কাম৷ সফল কমেডি বা ব্যংগৰ বাবে অতি সূক্ষ্ম পৰ্যবেক্ষণ, বুদ্ধিদীপ্ততা, সৃজনীপ্ৰতিভা, মৌলিক আৰু বৈশিষ্ট্যমূলক চিন্তাধাৰা, অন্তৰ্দৃষ্টি, কল্পনাশক্তি, উদ্ভাৱনশীলতা আদি বুনিয়াদী দিশৰ লগতে সাময়িকীৰ প্ৰতি সচেতনতা, সমাজখনৰ সামগ্ৰিক চিন্তা-চৰ্চাৰ ধৰণ ইত্যাদিৰো খৱৰ ৰখা প্ৰয়োজন৷ লগতে প্ৰচলিত সমাজখনৰ ভিতৰুৱা দোষবিলাক উদঙাই দেখুৱাৰ সৎ-সাহসো থকা দৰকাৰ৷
এই খিনিতে কোৱা উচিত হব যে হাস্য আৰু ব্যংগৰ সংজ্ঞা স্থান-কাল-পাত্ৰ ভেদে সলনি হৈ থাকে৷ একোটা জনসমূহৰ বাবে যিটো হাঁহিৰ উৎস, আন এটা গোটৰ বাবে সেইটো চূড়ান্ত অপমানজনকো হ‘ব পাৰে৷ আকৌ একেটা কথাকে বাৰে বাৰে উল্লেখ কৰি থাকিলেও (যাক ইংৰাজীত cliché বুলি কোৱা হয়! ) হাঁহি উঠা বিষয়টো বিৰক্তিকৰ হৈ উঠিব পাৰে৷ মুঠতে হাস্য-ব্যংগক সংজ্ঞাবদ্ধ কৰি এক সুনিৰ্দিষ্ট স্থানলৈ অনা অত্যন্ত দুৰঢ় কাৰ্য৷
অসমীয়া ব্যংগ সাহিত্যৰ ওপৰত নতুনকৈ বিশেষ কিবা কোৱাৰ অৰ্হতা আমাৰ নাই৷ চহা গীত মাতকে ধৰি শঙ্কৰ মাধৱৰে পৰা আজিকোপতি বিভিন্ন পণ্ডিত, সাহিত্যিকে অসমীয়া ব্যংগ সাহিত্যৰ ভৰাল চহকী কৰি আহিছে৷ নামনি অসমৰ নিংনি ভাওৰা, বুঢ়ী আইৰ সাধুৰ ’মাখিয়ে মিঠাই খালে’, বিয়া/বিহুৰ যোৰা নাম, ৰাস/ভাওনাৰ বিদুষকৰ চং আদি আজিও নিৰ্মল আনন্দৰ উৎস৷ অসমীয়া ভাষা সাহিত্য চৰ্চাত ব্যঙ্গ-বিদ্ৰূপক যি সকলে চৰ্চাৰ আনুষঙ্গ হিচাবে লৈছিল তাৰ ভিতৰত ৰসৰাজ বেজবৰুৱাদেৱৰ পৰা প্ৰয়াত ভদ্ৰ বৰালৈ, ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰা বিকাশ বৰুৱালৈ নাম লবলৈ অজস্ৰ গুণী জ্ঞানী ব্যক্তি আছে৷ উপস্থাপনাৰ চাতুৰ্য আৰু গল্প লিখনিৰ কৌশলৰ কাৰণে ৰসৰাজৰ ব্যংগ ৰচনা সমূহে প্ৰায়ভাগ শিক্ষিত অসমীয়াৰ হৃদয়ত আজিও সাঁচ বহুৱাই থৈছে৷ তথাপিতো আজিও অসমীয়া ব্যংগ সাহিত্যই ইয়াৰ যথোপযুক্ত প্ৰসাৰ, মৰ্যাদা আৰু কুশলতা লাভ কৰিব পৰা নাই বুলি কবলৈ মন যায়৷ প্ৰকৃতাৰ্থত আধুনিক অসমীয়া ব্যংগ সাহিত্যৰ আৰম্ভণি হয় বেজবৰুৱাৰ হাতত৷ কৃপাবৰ বৰবৰুৱাৰ ছদ্মনামত লিখা ৰচনাসমূহত সমসাময়িক সমাজখনৰ অনেক বিষয়কে তেওঁ ব্যংগৰ চলেৰে আঙুলিয়াই দিয়াৰ লগে লগে সংশোধনৰ প্ৰচেষ্টা চলাইছিল৷ সংশোধন কৰিব নোৱাৰিলেও তেওঁৰ ৰচনাই মানুহৰ বিবেকক জাগ্ৰত কৰিব পাৰিছিল৷ বেজবৰুৱাৰ যুগৰ পৰা বৰ্তমান সময় বহু আগবাঢ়ি আহিল৷ বিভিন্ন কাকত আলোচনীত সময়ে সময়ে বিভিন্ন ব্যংগ লেখা প্ৰকাশ হৈ থাকে যদিও আজিও কোনো ন-ব্যংগলেখকে বেজবৰুৱাৰ প্ৰতিভাক অতিক্ৰম কৰিব পৰা নাই বা সেইমতে ব্যংগ সাহিত্যৰ চৰ্চ্চাৰ পৰিবেশ সৃষ্টি হোৱা নাই বুলি কব পাৰি৷
কুৰি শতিকাৰ শেষৰ ফালে প্ৰয়াত ভদ্ৰ বৰা দেৱৰ কিছু ব্যংগ লিখনিয়ে অসমীয়া সাহিত্যত খলকনি তুলিছিল৷ ব্যংগ লেখাৰে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ বিগত ষাঠি বছৰে বৰঙনি আগবঢ়াই যোৱা প্ৰয়াত বৰাৰ অন্যতম জনপ্ৰিয় শিতান আছিল গণতন্ত্ৰ (কিনাৰামৰ চিঠি), নতুন অসমীয়া (কিনাৰাম আতৈ), আজিৰ অসম, নতুন দিন (কাণে কাণে), অসমীয়া প্ৰতিদিন (তৌবা তৌবা) আদি৷ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত ‘বৰ্ণালী’ নামৰ হাস্য-মধুৰৰ অনুষ্ঠানটো আজি কেইবা দশকো ধৰি জনপ্ৰিয় হৈ আছে৷
চহা অসমীয়া গাৱলীয়া জনজীৱন সদায় হাঁহিৰ ৰহঘৰা বুলি কলে অত্যুক্তি কৰা নহব৷ গাঁৱৰ খেতি পথাৰত, নামঘৰত, বিয়া-বিহুত, ভাঁওনা সবাহত, মাছ মাৰিবলৈ যাওতে- মুঠৰ ওপৰত প্ৰত্যেক স্থানতে হাঁহি ধেমালিৰে সকলোৱে বেছিভাগ সময় অতিবাহিত কৰিছিলো৷ চহৰীয়া জীৱনত কৰ্মব্যস্ততাৰ দৌৰত তাৰ কিছু অংশ হেৰুৱাইছো যদিও হাস্য ব্যংগ এতিয়াও আমাৰ পৰা আঁতৰি যোৱা নাই৷ বিচাৰিলেই চুকে কোণে হাস্য ব্যংগৰ অলেখ উপাদান পোৱা যায়৷ দৈনন্দিন আমি এনে বহু ঘটনাৰ সন্মুখীন হওঁ অপ্ৰস্তুত ভাবে, অজানিতে কিম্বা অগোচৰে৷ কিছু ঘটনাৰ পাকচক্ৰত পৰি লটিঘটিও হও আৰু সেই টুকুৰা টুকুৰ ঘটনা বোৰতেই পিচলৈ নিৰ্ভেজাল হাঁহিৰ সমল বিচাৰি পাব পাৰো৷ এই আলোচনীত এনে কিছু ঘটনা বা দৃশ্যপট সন্নিবিষ্ট কৰাৰ প্ৰচেষ্টা কৰা হৈছে৷
’ফটাঢোল’ৰ জন্মযন্ত্ৰণা:
সম্প্ৰতি ইণ্টাৰনেটৰ মাধ্যমেৰে কিছু নতুন প্ৰজন্মৰ লেখকৰ কলমেৰে অসমীয়া ব্যংগ সাহিত্যই এক নতুন দিগন্তত ভৰি দিব বুলি আমাৰ দৃঢ় বিশ্বাস৷ ইণ্টাৰনেটৰ যোগেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা নতুন প্ৰজন্মৰ প্ৰায় সকলো লিখকেই হাস্য আৰু ব্যংগক আগতকৈ বেছি গুৰুত্ব সহকাৰে লোৱা দেখা পোৱা গৈছে৷ ছপা মাধ্যমৰ সীমাৱদ্ধতা অতিক্ৰম কৰি বৈদ্যুতিন মাধ্যম নতুন প্ৰজন্মৰ মাজৰ সাহিত্য চৰ্চাৰ এক অতি জনপ্ৰিয় স্থল হিচাপে পৰিগণিত হৈছে৷ এতিয়া প্ৰয়োজন এই প্ৰতিভা, সদিচ্ছা আৰু পৰিশ্ৰমক এটা পৰিকল্পিত দিশ আৰু শক্তিশালী গতি প্ৰদান কৰা৷ তেনে এটা প্ৰচেষ্টাৰেই নাম ফেচবুকৰ ‘ফটাঢোল’ নামৰ গোটটো৷
এই “ফটা-ঢোল“ নামৰ গোটটো ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুকতে কেইজন মান সদস্যই মিলি আৰম্ভ কৰিছিলো অলপ নিৰ্দোষ ধেমালি কৰো বুলি৷ গোট টোৰ মুখ্য উদ্দেশ্যই আছিল মনোৰঞ্জন, মনোৰঞ্জন আৰু মনোৰঞ্জন, আৰু তেনেদৰেই প্ৰাত্যহিক জীৱন যান্ত্ৰণাৰ পৰা ক্ষন্তেকীয়া মুক্তি৷ লাহে লাহে গোটটোৰ সদস্য সংখ্যা প্ৰায় দুহেজাৰ অতিক্ৰম কৰিলে৷ সক্ৰিয় সদস্যসকলে ধেমালি ধেমালিতে ক্ৰমান্বয়ে উন্নত মানৰ লেখা কিছুমান গোটলৈ প্ৰেৰণ কৰা বুলি দুই এজনে মন কৰিলে৷ “ভাল হৈছে, ধুনীয়া হৈছে, অতি সুন্দৰ, চপা মাধ্যমলৈ যাব লাগে!“ ইত্যাদি মন্তব্যই আমাক উৎসাহী কৰি তুলিলে৷ লিখনিৰ সংখ্যাও আশা কৰাতকৈ বেছিকৈয়ে আহিল৷
কিন্তু ফে’চবুকৰ গোটবোৰৰ বহু ক্ষেত্ৰত সীমাৱদ্ধতা আছে, ভাল ভাল লেখনি সময় যোৱাৰ লগে লগে হেৰাই যোৱাৰ উপক্ৰম হ’ল৷ সেয়া আমাৰ একেবাৰে কাম্য নাছিল৷ বহু নতুন ব্যংগ লেখকে এই গোটতে প্ৰথম চৰ্চা আৰম্ভ কৰি উন্নত মানত ব্যংগৰে গোট ভৰাই পেলাইছিল৷ সেইবোৰ হেৰাই গ’লে সকলোৰে লোকচান হব৷ গতিকে সেই লেখাবোৰ সংৰক্ষণ কৰাৰ লগতে ফে’চবুকৰ বাহিৰলৈয়ো লৈ যোৱাৰ বিষয়ে চিন্তা চৰ্চা কৰা হ’ল৷ আৰু লগতে নতুন লিখক সকলক হাস্য-ব্যংগ সাহিত্য চৰ্চা কৰিবলৈ উৎসাহী কৰি তোলাটোও আমাৰ কাম্য আছিল৷
তেনেতে গোটৰ দুই এক অত্যুৎসাহী সদস্যই প্ৰস্তাৱ দিলে যে গোটৰ লিখাবোৰ সংকলন কৰি মাহেকীয়া বা দুমহীয়া হিচাপত ব্যংগ ই-আলোচনী এখন প্ৰকাশ কৰা নেযায় কিয়? প্ৰস্তাৱটো সকলোৰে মনঃপুত হ’ল যদিও, ’মেকুৰীৰ ডিঙিত টিলিঙা কেনেকৈ অঁৰা যায়’? দুই একে আকৌ আমাক সোঁৱৰাবলৈও নাপাহৰিলে যে এই ’অভাৰ কনফিডেন্স’টোৱে মানুহক প্ৰায়েই বিপদত পেলাই থৈছে৷ সকলো দিশ গমি পিটি থাকোতেই এদিন উৎসাহতে ৰব নোৱাৰি গোটৰ এজন প্ৰশাসকে গোটত ঢোল পিটি ঘোষণা কৰিলেই যে আলোচনী ওলাবই! বছ, আৰু কোনে পায়! সেইদিন ধৰি আজিকোপতি কাৰো গাত তত নাই৷
এইষাৰ নকৈ নোৱাৰিলো যে ‘ফটা-ঢোল’ নামৰ গোটটোৰ প্ৰস্তাৱনা সমিতিয়ে মিলি যেতিয়া এই মূঢ়মতিৰ নামটো মুখ্য সম্পাদকৰ বাবে প্ৰস্তাৱ কৰিছিল তেতিয়া এবাৰৰ বাবে হলেও এনে লাগিছিল যেন সাহিত্যৰ ’পৰমানন্দ’ নিজৰ মাজতে বিচাৰি পালো৷ অধিক উৎসাহতে গৈ কিবা বিতৰ্কৰ সৃষ্টিও হব পাৰে বুলি ভয়ো নলগা নহয়৷ অৱশ্যে সেই সুযোগতে কিছুদিন ঘৰত ল’ৰা ছোৱালী দুটা আৰু শ্ৰীমতীৰ আগতে গৌৰৱ কৰিলো -’বোলো তোমালোকেতো সাহিত্য সংস্কৃতিৰ মোল একো নুবুজাই, দেখিছা ৰাইজে মোক সাহিত্য আলোচনীৰ সম্পাদক পাতিছে!’ পিছে বাহিৰত ৰং চং দেখুৱাই থাকিলেও ভিতৰি ভয় ভাব গুচা নাছিল৷ কিন্তু ফটাঢোলৰ জ্যেষ্ঠ সদস্য সকলে যেতিয়া নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো সকলো প্ৰকাৰে সহায় কৰি দিম বুলি গাত ল’লে- অকল গাত লোৱাই নহয়, নিজে নিজে দ্বায়িত্ব ভগাই লৈ যেতিয়া পূৰ্ণোদ্যমে লাগি গ’ল, তেতিয়া আৰু নহব বা নোৱাৰিম বুলি কবলৈ থলেই নেথাকিল! এই ছেগতে ফটাঢোলৰ সমগ্ৰ সদস্যবৃন্দ আৰু সম্পাদনা সহযোগী সকলক আন্তৰিক ধন্যবাদ দিছো৷ এই কাম সম্ভৱ হ’ল কেৱল আপোনালোকৰ বাবে৷
পাঠক আৰু নতুন লিখকলৈ একাষাৰ: –
দিনৰ দিনটো কম্পিউটাৰ বা মবাইলৰ সন্মুখত বহি থাকি থাকি আপোনাৰ পিঠি বা হাতত স্পণ্ডিলাইটিচ জাতীয় অসুখ বা চকুত “এণ্টি-গ্লেয়াৰ” হাই-পাৱাৰ চশমা আহি পৰিছে নেকি? ‘এণ্টাৰ’ মাৰি মাৰি সোঁ হাতৰ আঙুলিবোৰত কি ক’লা দাগ পৰি গৈছে? এটাৰ পিছত আনটো ছাইট ত জাপ মাৰি মাৰি ক্লান্ত হৈ পৰিছে? আচলতে আপুনি অন্তৰ্জালৰ গোলকীয় ধুমুহাত পথ হেৰাই পেলাইছে!
বাৰু, ধৰি লৈছো ‘ইনোভেছন’ আপোনাৰ শ্বাস-প্ৰশ্বাসতেই স্বাভাবিক ভাবে ওলোৱা সোমোৱা কৰে! কাব্য-প্ৰতিভা, সৃষ্টিশীলতা আদি আপোনাৰ প্ৰধান বৈশিষ্ট্য, কিন্তু প্ৰকাশ নোহোৱা বাবে কোনেও আপোনাক গুৰুত্ব দিয়া নাই? সংগীতত আপুনি সাক্ষাৎ তানসেন নহলেও তেওঁৰ ওচৰাওচৰি কিন্তু এই পৃথিবীত মাষ্টাৰ-পিচ বা জিনিয়াচ হিচাবে কেতিয়াও স্বীকৃতি পোৱা নাই বুলিয়েই আজিও আপুনি বাথৰূমতে চিঞৰি চিঞৰি আপোনাক মনক সন্তুষ্টি দিবলগীয়া হৈছে! তত্ত্ব-গধুৰ ৰচনাত আপুনি সব্যসাচী! জাষ্ট এষ্টাব্লিছমেণ্টৰ কৰিড’ৰত ভৰি পৰা নাই বুলিহে নগেনৰ চাহৰ দোকানৰ বাহিৰলৈ আপোনাৰ এই তত্ত্ব গধুৰ চিন্তা কেতিয়াও ওলাই নগ’ল! কি ক’লে? ওপৰত উল্লেখ কৰা ধৰণৰ আপোনাৰ একো গুণেই নাই? ধেত তেৰি! (ৰব, অলপ মজিয়াত বাগৰি হাঁহি লও!) আপোনাৰ লগত আমাৰ কি প্ৰচণ্ড মিল হে ভাই (ভনীটি)!
আপোনাৰ দুশ্চিন্তাৰ দিন শেষ হল৷ দেখুৱাওক আপোনাৰ প্ৰতিভা, ঢালি-বাকি উজাৰি দিয়ক৷ আপোনাৰ আৰু কেবলমাত্ৰ আপোনাৰ অলৰাউণ্ড মনোৰঞ্জনৰ বাবেই আমি লৈ আহিছো এয়া আমাৰ অনলাইন ওৱান-ষ্টপ শ্বপ ফটা-ঢোল৷ হাঁহক আৰু হঁহুৱাওক৷
শেষত
আমি অসমীয়াই হেনো হাঁহিব নেজানো৷ ৰসৰাজৰ পুণ্যাত্মাৰ প্ৰতি শতকৌটি প্ৰণাম জনাই, আমি হাঁহি থাকিম আৰু আনকো হহুঁৱাবলৈ চেষ্টা কৰিম; এই সংকল্পৰে ই-আলোচনী ’ফটাঢোল’ৰ প্ৰথম সংখ্যাটো ৰাইজৰ হাতত অৰ্পণ কৰিলো৷ শিতানসমূহ পঢ়ি সমাজৰ এশ এবুৰি সমস্যাই কোঙা কৰা চিন্তাক্লিষ্ট পাঠকৰ মুখত কিঞ্চিৎ হাঁহিৰ ৰেখা বিৰিঙিলেই আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ধৰি লম!
এই সংখ্যাটো হাস্য-ব্যংগৰ সকলো উপকৰণেৰে সম্বৃদ্ধ বুলি দাবী নকৰো, ই আমাৰ এক নিঃকিন প্ৰচেষ্টা মাত্ৰ৷ সঁচা কথা কবলৈ গ’লে উৎসাহ আৰু শ্ৰমৰ বাদে এখন সৰ্বাংগসুন্দৰ আলোচনী প্ৰকাশ কৰিবৰ বাবে আমাৰ ওচৰত কোনো সমলেই নাই৷ তথাপিও উৎসাহকে ভৰষা কৰি এই আলোচনীৰ প্ৰস্তাৱনা সংখ্যাটি আপোনালোকৰ মাজলৈ আগবঢ়ালো; ইয়াৰ গুণাগুণ বিচাৰৰ দ্বায়িত্ব আপোনালোকৰ৷ আপোনালোকৰ উপদেশ পৰামৰ্শ আৰু সু্স্থ সমালোচনাই আমাক আগবাঢ়ি যোৱাত সহায় কৰিব৷ আপোনালোকৰ আশীৰ্বাদ শিৰত থাকিলে ভৱিষ্যতলৈ ‘ফটাঢোল’ এখন পূৰ্ণাংগ ব্যংগ আলোচনী ৰূপে গঢ় লৈ উঠিব৷
এয়াই আমাৰ সপোন, এয়াই আমাৰ পাথেয়৷
-পাঠকৰ শুভাশীষ বিচাৰি
হেমন্ত কাকতি
ফোন নং-৯৪৩৫০ ৪৪২৬০
12:09 pm
মনোগ্ৰাহী সম্পাদকীয় দাদা।
1:51 pm
ধন্যবাদ !
12:31 pm
সুন্দৰ আৰু মনোগ্ৰাহী সম্পাদকীয় দাদা। অভিনন্দন যাচিলো এই আপাহতে
1:51 pm
ধন্যবাদ !
1:35 pm
শুভেচ্ছা আৰু অভিনন্দন। এই যাত্ৰা অব্যাহত থাকক
1:51 pm
সম্পাদকীয় বঢ়িয়া লাগিল পঢ়ি..। বহুত শুভেচ্ছা
1:52 pm
ধন্যবাদ !
2:20 pm
প্ৰথম প্ৰয়াস হিচাপে ই-আলোচনীখন সৰ্বাঙ্গসুন্দৰ হৈছে। দহৰ ভিতৰত দহ নাপালেও ন পোৱাটো খাটাং! অনাগত কালত ফটাঢোল উত্তৰ প্ৰজন্মৰ বাবে অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ পাথেয় হওঁক।
ব্যঙ্গ সাহিত্য যেনেকৈ সাহিত্যৰ অলঙ্কাৰ আৰু এটা জাতি, সংস্কৃতিৰ বৌদ্ধিক চেতনাৰ গভীৰতাৰ পৰিচায়ক, ঠিক তেনেদৰে শুদ্ধ বানান ভাষাৰ অলঙ্কাৰ। আলোচনীখনিৰ কোনো কোনো ঠাইত কিছু বানান বিভ্ৰাট দৃষ্টিগোচৰ হোৱাত ইয়াতে উনুকিয়াই দিয়াৰ ধৃষ্টতা কৰিলোঁ। হয়তো সীমিত সময়ৰ ভৰত সঙ্কলনৰ সময়ত দৃষ্টিৰ অগোচৰে ৰৈ গ’ল! পৰৱৰ্ত্তী পৰ্য্যায়ত নিশ্চয় নিখুঁত ফটাঢোল এখনি আমাৰ হাতত পৰিবহি!
এই যাত্ৰা মহাবাহুৰ দৰেই অবিৰত হওঁক।
10:09 am
আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ! খুব কম সময়ৰ ভিতৰত কৰি উলিয়াব লগা বাবেই হয়তো বানানত কিছু ভুল ৰৈ গ’ল ৷ অহা বাৰৰ ইচ্ছ্যু বিলাকত অধিক মনোযোগ দিবলৈ নিশ্চয় চেষ্টা কৰা হব!
4:18 pm
সম্পাদকীয়, সম্পাদনা সকলোবোৰ মিলি আলোচনীখন জিলিকাই পেলাইছে।
10:30 am
ধন্যবাদ!
5:33 pm
শুভেচ্ছা আৰু অভিনন্দন সম্পাদক আৰু ‘টিম ফটাঢোললৈ’ ৷
10:31 am
ধন্যবাদ, তুমিও অংশীদাৰ !
7:00 pm
অভিনন্দন টিম ফটাঢোল
10:40 pm
যিটো দৃষ্টিত সাহিত্য সমাজৰ দৰ্পণ, সেই একেটা দৃষ্টিত এখন আলোচনীৰ বাবে সম্পাদকৰ কলমো দাপোণসদৃশ। আপুনি অনুভৱ কৰাৰ দৰে আমিও ভাবো–” সাহিত্যৰ কেইটামান শাখাৰ যোগেদি বিশেষভাবে সমাজচিত্ৰখন খুব স্পষ্ট হৈ ধৰা দিয়ে৷ তাৰ ভিতৰত এটা হ’ল -ব্যঙ্গ সাহিত্য। বিশেষকৈ সমাজৰ বিসঙ্গতি বোৰক চতুৰালিৰে শক্তিশেল মাৰিবলৈ হাস্য-ব্যঙ্গ হ’ল অপ্ৰতিদ্বন্দ্ব্ব্বী মাধ্যম৷” –—– যি মূলা বাঢ়ে তাৰ দুপাততে চিন। আপোনাৰ সম্পাদকীয়ত আলোচনীখনৰ ধৰ্ম আৰু উদ্দেশ্য সাৱলীল ৰূপত প্ৰতিফলিত হোৱা বুলি আমি এজন পঢ়ুৱৈ হিচাপে অভিমত পোষণ কৰিছো । ই-আলোচনীখন অচিৰেই কাংখিত লক্ষ্যত উপনীত হওক , অসমীয়া সাহিত্য ক্ষেত্ৰখনত “ফটাঢোল”ৰ শব্দই ৰজনজনাই উঠক আৰু তাৰ মোহিনী শব্দই পাঠকৰ হৃদয়েদি বৈ থাকক অনন্তকাললৈ, তাকেই কামনা কৰিলো।
10:34 am
আলোচনী খন চকু ফুৰাই চাই মতামত দিয়াৰ বাবে বহুত ধন্যবাদ আপোনালৈ!
3:37 am
অসমীয়া ব্যংগ সাহিত্যৰ ইতিহাসত ফটাঢোলে এক অবিস্মৰণীয় ভূমিকা পালন কৰিব,ফটাঢোলৰ খ্যাতি ৰৈ বৈ যাব-এইয়া আমাৰ আশা নহয়;দৃঢ় বিশ্বাস। সম্পাদকীয় অতিশয় আনন্দদায়ী আৰু সবল হৈছে। অভিনন্দন আৰু শুভেচ্ছা থাকিল।
1:21 pm
ধন্যবাদ! আমিও আশাবাদী!
6:51 am
সুন্দৰ
1:22 pm
ধন্যবাদ!
9:37 am
অভিনন্দন…. এই যাত্ৰা অব্যাহত থাকক…
1:22 pm
ধন্যবাদ!
5:01 pm
এনে এখন সুখপাঠ্য আলোচনী উপহাৰৰ বাবে ইয়াৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলোকে অশেষ ধন্যবাদ। জয়তু ফটাঢোল
8:37 pm
অভিনন্দনসহ আমাৰ শুভকামনা জনালোঁ ।অসমীয়া সাহিত্যৰ এই বিশেষ দিশটোৰ দৈন্য ‘ফটাঢোল’-এ পূৰণ কৰক ।।
9:12 pm
সম্পাদকীয় অতুলনীয় হৈছে। ফতাঢোলৰ জয় যাত্ৰা কামনা কৰিলো।
12:15 am
আজি পুনৰ এবাৰ পঢ়িলোঁ। বহুত ভাল লাগিল।
5:33 pm
পঢ়ি ভাল লাগিল৷ এনেদৰেই আমাৰ জাতি জগতসভালৈ যাব৷ আপোনালোকৰ শ্ৰমৰ শলাগ ললো৷
9:19 am
“একোটা জনসমূহৰ বাবে যিটো হাঁহিৰ উৎস, আন এটা গোটৰ বাবে সেইটো চূড়ান্ত অপমানজনকো হ‘ব পাৰে৷ আকৌ একেটা কথাকে বাৰে বাৰে উল্লেখ কৰি থাকিলেও (যাক ইংৰাজীত cliché বুলি কোৱা হয়! ) হাঁহি উঠা বিষয়টো বিৰক্তিকৰ হৈ উঠিব পাৰে৷ ” – সঁচা আৰু দৰকাৰী কথা ।