কৌতুক – হেমন্ত মাধব নাথ
শইকীয়ানী বাইদেউৰ ড্ৰয়িংৰুমৰ আড্ডাৰ কিয়দাংশ ———-
শইকীয়ানী — বাইদেউ , আপোনালোকৰ প্ৰিন্সৰ পঢ়া শুনা কেনে চলিছে ?
বৰুৱানী — ভালেই , আচামিচত্ হে একেবাৰে বেয়া।
শইকীয়ানী ( গৌৰৱেৰে ) — আমাৰ এঞ্জেলীনাৰ কথা ক’বই নালাগে, এইবাৰ ফেলেই কৰিম বুলি কৈছে হাঃ হাঃ হাঃ।
গগৈনী — আচামিছ নেওঁতা বোৰত কিছুমান ভুল আছে যেন লাগিছে?
বৰুৱানী — কিয় ক’লে?
গগৈনী — চাব দেই, এঘাৰ, বাৰ, তেৰ ঠিকেই আছে। তাৰ পাছত চৈধ্যেৰহে হ’ব লাগিছিল, দিলে চৈধ্য। ঠিক তেনেকৈ পোন্ধৰ, সোতৰ, ওঠৰ ঠিকেই আছে, ষোল্লেৰ হে হ’ব লাগিছিল। মই হ’লে আমাৰ ৰবাৰ্টক মোৰ মতেই শিকাইছো।
দত্তনী — আমাৰ মাৰ্টিনাৰ ককাকে আকৌ কি শিকাইছে শুনক – ডেৰ, আঢ়ৈ, চাৰে তিনি, কুৰি সেইবোৰ। আমিয়ে নাজানো, তাহাঁতি সেইবোৰ কি বুজিব বাৰু?
সকলোৱে সমস্বৰে — হাঃ হাঃ হাঃ হাঃ।
☆★☆★☆
10:22 pm
ফেলেই কৰিব, তথাপিওঁ সুখী৷ মজ্জা!
9:22 am
অসমীয়াত ফেল কৰাৰ গৌৰৱবোধ 😀 😀 😀