ফটাঢোল

আফটাৰ অল মই এটা ধদুৱা ল'ৰা – নাজিফ হাজৰিকা

: বাবা উঠ আকৌ, চাৰে নটা বাজিল দেখোন।

এতিয়ালৈকে মায়ে আহি চাৰিবাৰমান জগালে। এটা চকু মেলি ঘড়ীটোলৈ চাই দেখিলোঁ ৯:৩৭। লগালগ উঠি দাঁতব্রাছ কৰি, মুখ ধুই চাহ একাপ খাই
এমাহমান নোধোৱা জিনছ পেন্টটো পিন্ধি ল’লোঁ । গা-নোধোৱাও আজি চাৰি দিনমান হ’ল। এসপ্তাহ ধৰি পিন্ধি থকা স্পৰ্টিংটো গাত সুমুৱাই বাইকখন লৈ ঘৰৰ পৰা ওলাই আহিলোঁ।

মদনৰ দোকানত বাইকখন ৰখাই
: দে মদন, পেকেট এটা দে। – ১৫ টকা এটা উলিয়াই মদনক দি ক’লো।

মদনে KP ৰ পেকেট এটা ছিঙি দিলে।
জৰ্দাখিনি মিলাই গোটেই পেকেট মুখত ভৰাই লৈ
দোকানৰ পিছফালে গৈ দেখিলোঁ তপনহঁতে কেৰম ব’ৰ্ডখন পাতিছে।

: বচ, আহিলে? আহক আহক। আপোনাৰ কাৰণেই ৰৈ আছিলোঁ। – মৃণালে মোক দেখি ক’লে।

: পাত পাত, গুটি পাত। দুই গেম খেলি যাওঁ।

: চিগাৰেট আছে নেকি? জ্বলাচোন এটা।

: ৰহ জ্বলাইছোঁ।

চিগাৰেট খাই খাই কেৰম খেলি আছোঁ।

: ঐ, সেইফালে চা – বিপুলে ৰাস্তাৰ ফালে দেখুৱাই ইংগিত দিলে।

ক্ৰীম ৰঙৰ চুৰিদাৰ পিন্ধি ছোৱালী এজনী ৰাস্তাইদি গৈ আছে। ঘন দীঘল চুলি, জোঙা নাকৰ ছোৱালীজনীক বৰ ধুনীয়া লাগিছে। ফাগুনৰ বতাহ যাকে বৰ আমনি কৰিছে তাইক আৰু তাইৰ চুলিকোচাক।

: হু…..ই…ই…….ত ।

ৰাজেদীপে সুহুৰি এটা বজাই দিলে। তাই তলমূৰ কৰি গৈ থাকিল।

: ৰহ, মই অলপ লাইন দি আহোঁগৈ।

বাইকখন লৈ ওলালোঁ। মুখত জমা হোৱা পিকখিনি ৰাস্তাত পেলাই দিলোঁ। গোটেই ৰাস্তাটো ৰঙা হৈ গ’ল।
লাহে লাহে বাইকখন চলাই তাইৰ ওচৰ পালোগৈ।

: ভন্টী ধুনীয়া লাগিছে দেই। – ওচৰ পাই লাহেকৈ ক’লোঁ।

তাই তলমূৰ কৰি গৈ থাকিল।
আকৌ ঘূৰাই আনিলোঁ বাইকখন। তাইক ইমপ্ৰেছ কৰিবলৈ y কাট এটা মাৰি দেখুৱালো বাইকত।
নাই। ঘূৰিয়ে নাচালে।
অলপ পিছত তাই গৈ ATM এটাত সোমাল।
মইও তাইৰ পিছে পিছে ATM টোলৈ সোমাই গ’লোঁ।
তাইৰ পিছতে থিয় হ’লোঁ।
তাইৰ মুখখন দেখিয়েই গম পালোঁ তাই অস্বস্তি আৰু বিৰক্তি পাইছে। পাওক।
তাইৰ চুলিকোচাৰ পৰা অহা চেম্পুৰ গোন্ধটোৱে মোক মতলীয়া কৰি পেলালে।

পইচা উলিয়াই তাই দৌৰা-দৌৰি কৈ মেজিক এখনত উঠি এক প্ৰকাৰ পলাই যোৱাদি গুচি গ’ল। মইও ঘূৰি গুচি আহিলোঁ।

: কি হ’ল বচ? লাইন দিলে নে? – তপনে সুধিলে।
: নাই বে। পাত্তাই নিদিলে।
: ইস! বেয়া কথা হ’ল নহয়। এই দুখতে মাল অকণ খোৱা যাওঁক নেকি?
: হ’ব দে, আজি সন্ধিয়া মই মদ খুৱাই দিম বাৰু।

সন্ধিয়া গোটেইকেইটাই মিলি বাৰত মদ খালোঁ। সদায় খাওঁ পিছে!
: ভাই, আজি বাইক ৰেচ হৈ যাওঁক নেকি? – ৰাজে সুধিলে ।
: আজি নালাগে নেকি! তিনিআলিত পুলিচৰ চেকিং বহিছে বোলে। – প্ৰাণজিতে ক’লে ।
: ধুৰৰ …! বাদ দে পুলিচ। ব’ল ওলা।

প্ৰচণ্ড জোৰত এক্সচেল দবালোঁ‌। গোটেইকেইটাই ফালি চিৰি গৈছোঁ। তপন আগত, মই পিছত। মোৰ পিছত ৰাজ। মাজে মাজে ষ্টেণ্ডডাল ৰাস্তাত নমাই দিওঁ। ঘহনি খাই জুই ওলাই যায়।

: ঐ পুলিচ, পুলিচ। ৰহ, ৰহ। – হঠাৎ প্ৰাণজিতে চিঞৰিলে।
সন্মুখত পোন্ধৰজন মান পুলিচৰ এটা দল দেখি মই জোৰত ব্ৰেক মাৰি দিলোঁ। ভাৰসাম্য ৰখাব নোৱাৰি মই চুচৰি গৈ পুলিচৰ ওচৰত পৰিলোঁগৈ আৰু বাইকখন দূৰৈত ছিটিকি পৰিলগৈ।

: ধৰ, ধৰ তাক। উঠা। চাল্লা উৎপাত দেখা। – এজন আৰক্ষী বিষয়াই চিঞৰিলে।
পুলিচকেইজন আমাৰ ওপৰত উবুৰি খাই পৰিল।
মোৰ কঁকাল বিষত বেঁকা হৈ গৈছে। আঁঠু আৰু কিলাকুটি ফাটি তেজ ওলাইছে।

: চাল্লা, মদ খাই বাইক চলাই উৎপাত কৰিবলৈ আহিছ? – কোনোবা মহিলা পুলিচ এগৰাকীয়ে কথাখিনি কৈ মোৰ তপিনাত দুই কোব লগাই দিলে।
লগালগ কঁকাল চিধা হৈ গ’ল। ঘূৰি চালোঁ।
: আপুনি!
দিনত মই লাইন দিয়া গৰাকী।

: অ ময়েই। চাল্লা বাইকৰ ষ্টান্ট দেখুৱাই?
আকৌ দুইকোব লগাই দিলে কলাফুলত।
: অ’ বাইদেউ, অ’ বাইদেউ নামাৰিব। ভুল হৈ গ’ল।
: ভুল হৈ গ’ল? এতিয়া বাইদেউ?
আকৌ পিঠিত দুইকোব লগাই দিলে। নিচা ফাটি ক’ৰবালৈ দৌৰিলে।
আমাক গোটেইকেইটাক ভালকৈ কেইকোবমান দি যাবলৈ দিলে। আহিবৰ সময়ত নামটোলৈ চকু গ’ল।জয়শ্ৰী গগৈ।

ঘৰলৈ আহি চিধাই বিচনাত পৰি ঘাঁ কেইডোখৰত মলম লগালোঁ‌। বাৰে বাৰে মনলৈ দুখন মুখে অগা ডেৱা কৰিলেহি। এখন দিনত দেখা নিৰ্জু মুখ, আৰু আনখন সন্ধিয়া দেখা কঠিন মুখ।
এগৰাকী নাৰীৰে ইমান পৃথক ৰূপ থাকিব পাৰেনে!

অলপ পিছত facebook টো খুলি ‘জয়শ্ৰী গগৈ’ লিখি চাৰ্চ বুলি থকা শব্দটোত বুঢ়া আঙুলিটোৰে লাহেকৈ স্পৰ্শ কৰি দিলোঁ‌।
আফটাৰ অল, মই এটা ধদুৱা ল’ৰাহে!

☆★☆★☆

One comment

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *