ফটাঢোল

হোলী হেই–দীপিকা ডেকা

“আদমে-ৰাদমে হোলী হেই ৰসিয়া” অৰ্থ কি নাজানিছিলোঁ। এতিয়াও তাৰ অৰ্থ বিচাৰি পোৱা নাই। আচলতে অৰ্থ আছেনে নাই তাকো নাজানো। মাত্ৰ গাইছিলোঁ চিঞৰি চিঞৰি।
মাঘ-ফাগুন আহিল কি নাহিল, আমাৰ বাবে কিন্তু হ’লী আহিছিল। বিদ্যালয়লৈ যাওঁতে-আহোঁতে আমাৰ মুখত আছিল মাথোঁ হোলী গীত। সুৰ-তাল উঁফৰি পৰিছিল আমাৰ গগণফলা চিঞৰত। মাথোঁ আমি হোলী আহিছে বুলি সকলোকে জনাব লাগে। অবুজ মনতো যেন কিবা এটা ফাগুনৰ বতাহ লাগিছিল। পাঠশালাৰ পৰা উভতি অহাৰ সময়কণ যেন অকল আমাৰ আছিল। আলিবাটেৰে কোন গৈছে চাবলৈ আমাৰ সময় নাই। কিতাপ কঢ়িওৱা সৰু টিনৰ বাকচটো মূৰত লৈ দেদাউৰি পাৰি গাওঁ “আদমে-ৰাদমে হ’লী হেই ৰসিয়া, হ’লী হেই ৰসিয়া; হ’লী হেই।” গাইছিলোঁ মুখেৰেহে, পিছে ভৰিদুখনে সিহঁতৰ কাম কৰিবলৈ এৰা নাছিল। ফাগুনৰ ধূলিয়াৰি পথত শিশু ভৰিয়ে নৃত্য কৰিছিল। সেই নৃত্য ‘তাণ্ডৱ’-তকৈ কোনোগুণেই কম নাছিল। শিশুৰ চৰণৰ তলত বসুমতীয়ে নাচিছিল আৰু চৌদিশ ওপচাই পেলাইছিল ধূলিৰ ফাকুৰে। গা-মূৰত ধূলিৰ আৱৰণ লৈ ঘৰ সোমাই শাস্তিৰো মুখামুখি হৈছিল, তথাপিও নাচিবলৈ এৰা নাছিল কোমল মনৰ শিশুহঁতে। যিমানেই ফাগুনৰ জোনটো পূৰঠ হৈ আহিছিল, সিমানেই আকাশে-বতাহে গাইছিল ফাগুনৰ গান। অধিক উত্ৰাৱল হৈছিল শিশু মন। ৰং খেলিবলৈ, ৰং চটিয়াবলৈ নিৰ্দিষ্ট দিনটোলৈ অপেক্ষা মাথোঁ অপেক্ষা। কিমান যে আঁচনি, কিমান যে পৰিকল্পনা! যেন আগত এখন যুদ্ধৰ আমন্ত্ৰণ।
অৱশেষত আহি পালে বিশেষ দিনটো। স্কুল বন্ধ, কিতাপৰ বোজাৰ পৰা দুদিনৰ বাবে মুক্ত তেওঁলোক।
সেইদিনা যেন নিদ্ৰাদেৱীকো প্ৰত্যাহ্বান তেওঁলোকৰ। মাকে টানি-আজুৰি শোৱাপাটীৰপৰা উঠাই অনা ল’ৰা-ছোৱালীকেইটাক সেইদিনা মাকেও জগাবলগীয়া নহৈছিল।
সূৰুযৰ ৰাঙলী পোহৰৰ লগে লগে আবিৰৰ ৰঙেৰে ৰঙীন হৈছিল ঘৰৰ বয়োজ্যেষ্ঠসকলৰ গাল-মুখ-কাপোৰ। ৰঙীন হাঁহিৰে মুখৰিত হৈছিল চোতাল-পদূলি। ভাই-ভনী, সমনীয়াৰ লগত লৱৰি-ঢাপৰি ইটোৱে সিটোক, সিটোৱে ইটোক ৰং সানে। মুখত সনা নানা ৰং মিলি এটা সময়ত গৈ এনেকুৱা হৈছিল যে, কোনটো কাৰ ঘৰৰ ল’ৰা-ছোৱালী বিচাৰি উলিওৱাটোৱেই কঠিন হৈ পৰিছিল। মূৰৰ পৰা ভৰিলৈ ফাকুৱাৰে ভৰা। মাটি খান্দি অহা কুকুৰাই গা জোকাৰি দিলে যেনেকুৱা হয়, সিহঁতৰো অৱস্থাটো তেনেকুৱা হৈছিল। এতিয়াৰ দৰে তেতিয়া সিহঁতে প্লাষ্টিকৰ বজৰুৱা ফিচকাৰী ব্যৱহাৰ কৰা নাছিল। দদায়েক-খুড়াকহঁতে বাঁহেৰে বনাই দিয়া ফিচকাৰীৰে ফাকুমিহলি পানী চটিয়াইছিল। আবেলিলৈ মাকৰ পূৰঠ হাতে ঘঁহি পিহি ছালখন চফা কৰি দিয়াৰ পিছত নাকে-মুখে অলপ কিবা গুজি বিছনাত উঠিছিল আৰু ফোপাই-জোপাই শুই পৰিছিল যাতে পিছদিনাৰ বাবে নতুনকৈ বল বান্ধিব পাৰে।
গৰু বিহুৰ পিছদিনা মানুহৰ বিহুৰ দৰে, আমাৰ অঞ্চলত প্ৰচলন আছিল; ফাকুৱাৰ দ্বিতীয়দিনা বোকা খেল। যিটো এতিয়াও আছে। সেইদিনা বহুতে ৰাস্তালৈ ওলাবলৈ ভয় কৰে। কাৰণ, কোনফালৰ বোকা মিহলি পানী আহি গাত পৰে কোনো ঠিকনা নাছিল। নাইবা কোনজন গৈ কেতিয়া ক’ৰ বোকাৰ গাঁতত পৰে তাৰো কোনো ভৰসা নাছিল। কাৰণ, বোকা খেলিবলৈ সৰু-ডাঙৰ সকলোৱে নিজৰ সমনীয়াৰ সৈতে দল গঠন কৰিছিল আৰু পথৰ দাঁতিত মানুহ শুৱাই দিব পৰাকৈ গাঁতৰ দৰে কৰি পানী ঢালি বোকা উঠাই লৈছিল। বেছি উৎপতীয়া কোনোবাই আকৌ গোবৰ মিহলাবলৈও নাপাহৰিছিল। ইটোৱে সিটোক টনা-টনি কৰি গাঁতত পেলাইছিল আৰু গোটেইজাক তাত বাগৰি বাগৰি মাটিৰ মূৰ্তিটোৰ দৰে হৈ পৰিছিল। ৰাস্তাৰে যোৱা মানুহো সাৰি নগৈছিল। লহিওৱা বেলিৰ ইংগিতত, গোটেইবোৰ গৈ জাপ দিছিলগৈ গাওঁখনৰ মাজেৰে বৈ যোৱা নৈখনত। সাঁতুৰিব জনাসকলে ইপাৰ-সিপাৰ, তল-ওপৰ কৰি পানীৰ সৈতে খেলিছিল। পিছে নজনাসকলেও পিছ পৰি ৰৈ যোৱা নাছিল। সিহঁতেও বামৰ পানীখিনিতে ঘোঁদালি গাৰ বোকা গুচাইছিল। শিশু, কিশোৰ-কিশোৰী, ডেকা-গাভৰুৰে নৈৰ পাৰটো জীপাল হৈ উঠিছিল।
ভাগৰা দেহাৰে, ৰোমাঞ্চিত তথা উদাস মন লৈ, এবছৰলৈ বুকুত স্মৃতিবোৰ সামৰি ঘৰমুৱা হৈছিল সকলো আৰু সিহঁতৰ পিছে পিছে নামি আহিছিল বসন্ত, ৰঙীন পৃথিৱীত ৰঙালীক আদৰিবলৈ।

(লেখিকাৰ নিজৰ কথা। ইয়াত লিখিত কথাবোৰ কামৰূপৰ গাঁও অঞ্চলৰ কথা। হোলী শব্দটো আমি হ’লী বুলি উচ্চাৰণ কৰিছিলোঁ, সেয়ে সলনি কৰা হোৱা নাই।)

☆★☆★☆

6 Comments

  • ভাল লাগিল দীপিকা।

    Reply
  • কথাবোৰ আমাৰ লগতো মিলি গৈছে৷ ভাল লাগিল দিপীকা৷ হলিৰ শুভেচ্ছা জনালোঁ৷

    Reply
  • ভাল লাগিল

    Reply
  • ধ্ৰুৱ জ্যোতি অৰ্জুন

    হোলী হে ,সুন্দৰ লিখনি ।

    Reply
  • প্ৰমোদ মহন্ত

    অতি সুন্দৰকৈ শৈশৱৰ দিনবিলাকক উপস্থাপন কৰিলা।বৰ ভাল লাগিল।ফল্গুৎসবৰ আন্তৰিক শুভকামনা যাছিলো। ৰং-আনন্দেৰে তোমালোকৰ জীৱন পূৰ্ণ হওক…তাকেই অন্তৰেৰে কামনা কৰিলো। শুভৰাত্রি।

    Reply
  • প্ৰমোদ মহন্ত

    অতি সুন্দৰকৈ শৈশৱৰ দিনবিলাকক উপস্থাপন কৰিলা।বৰ ভাল লাগিল।ফল্গুৎসবৰ আন্তৰিক শুভকামনা যাছিলো। ৰং-আনন্দেৰে তোমালোকৰ জীৱন পূৰ্ণ হওক…তাকেই অন্তৰেৰে কামনা কৰিলো। শুভৰাত্রি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *