ফে'চবুক ডট কম – দেৱজিৎ শইকীয়া
কেতিয়াবা কেতিয়াবা মূৰটোত আচৰিত আচৰিত কথা কিছুমান খেলায়হি! এইধৰক, কেনেবাকৈ যদি হঠাতে ফেচবুক, ৱাটচএপ বন্ধ হৈ যায় কি হ’ব? মই কৈছো দেশৰ উন্নতি হ’ব৷ নাই মোৰ কথা শ্ৰীমতীয়ে নামানে৷ মানিব কেনেকৈ? ইমানদিনে তেওঁ যি কয় সেয়াটো মইহে মানি আছো৷ সঁচা ক’বলৈ হ’লে শ্ৰীমতী বোলা বস্তুটো এনচাইক্ল’পেডিয়া ব্ৰিটেনিকাৰ ভলিউম কেইটাৰ দৰেই! চব জানে৷ নজনা অলগদ্ধ তেওঁৰ চকুত যদি কোনোবা আছে তেন্তে সেইটো হ’লোঁ একমাত্ৰ মই৷ তেওঁ চব জানে৷ অ’, অৱশ্যে এইটো কথা হয় যে দাইলৰ কেজি কিমান, আলুৰ কেজি কিমান সেইটো কথা নাজানিব পাৰে, কিন্তু সেইটো একো ডাঙৰ কথা নহয়, বাকী সকলো জানে৷ বিশ্বাস কৰা নাই নহয় জানো? বাৰু সেই যে কাকতিৰ জীয়েকক ভাল পাই থকা ল’ৰাটো, সি আগতে কাক ভাল পাইছিল সুধি চাওক! কলিতানীৰ নতুন শাৰীখনৰ ফলচ ক’ত পালে সুধি চাওক৷ বৰুৱাৰ ল’ৰাৰ ছোৱালী ক’ত ঠিক হৈ আছে সুধি চাওক৷ সেইবোৰ বাদ দিয়ক কোনখন চিৰিয়েলৰ কোনটো নায়কৰ কাৰ লগত লিলিমাই আছে সোধক৷ তাকো যদি বিশ্বাস নকৰে চিৰিয়েলত পদ্মাৰ দুই নম্বৰ গিৰিয়েকে কাক আগতে ভাল পাইছিল বা টেলিকাষ্ট হোৱাৰ আগতেই অহা খণ্ডত ৰুক্মিনীয়ে কাৰ প্ৰেমৰ প্ৰস্তাৱ মানি ল’ব সোধক৷ হেৰি ডাঙৰীয়া, মই ক’লো নহয় এনচাইক্ল’পেডিয়া ব্ৰিটেনিকাইও পাত্তা নাপাব৷ বাৰু আপুনি ভাবিছে মোৰ শ্ৰীমতী কেনেকৈ ইমান টেলেন্টেড! টেলেন্টেড নহ’ব কেলৈ? মোৰ শাহু মানে শ্ৰীমতীৰ মাক হ’বলা কম৷ তেখেতেটো চৰাইয়ে কণী ওমনি দি থাকোতেই কেইটা মতা হ’ব কেইটা মাইকী হ’ব কৈ দিব পাৰে৷ মই টিভিৰ নিউজ চোৱা বাদেই দিলোঁ৷ আপুনি ভাবিছে কিয়? হেৰৌ শাহুৱে জীয়েকলৈ কৰা দীৰ্ঘতম ফোনটোত দেখোন দেশ-দুনীয়াৰ এশ-এবুৰি খবৰ থাকেই! মই পিচত এওঁৰ পৰা ৰিপিট টেলিকাষ্টখিনি শুনি ল’লেই এসপ্তাহলৈ টিভিৰ নিউজ চোৱাৰ প্ৰয়োজনেই নহয়৷ আৰু এটা কথা নহয় টিভিৰ নিউজতনো কিদাল দিয়ে? লিভ’চিন, চাবোন আৰু সেই চানী লিয়’নী নে কি সেইজনীৰ লগতে পাৰফিউমৰ এডভাৰ্টাইজকেইটা মাজে মাজে দিয়ে বাবেহে চাওঁ৷ সঁচা ক’বলৈ মিউজিক দি দি চিনেমা কায়দাত বাতৰি নিদিয়া হ’লে নাচালোৱেইহেঁতেন৷ গছত গৰু উঠা বাতৰিটোও যি সুন্দৰকৈ মিউজিক দি বাক্য সলনি কৰি কৰি একেটা কথাকে পেঘেনিয়াই কয় যে সেই কলাটো অন্য কোনো ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় নিউজত দেখা নাপাওঁ বাবেই অসমীয়া নিউজ চেনেল কেইটা পকাই চাওঁ৷ গোটেই কেইটা চেনেল পকাই মেলি বাতৰিটো চালে যেনিবা কিবা এটা সিদ্ধান্তলৈ আহিব পাৰোঁ যে প্ৰকৃততে খবৰটো কি? কাৰণ পেপাৰত পঢ়ি যে লাভেই নাই৷ আগদিনা টিভিত সন্ধিয়া সাতত দিয়া খবৰ কেইটাই পুৱা সাতটাত কাগজৰ ছপা আখৰত পঢ়িব পাওঁ৷ তাতকৈ ভাল মোৰ শাহু আৰু শ্ৰীমতী৷ নিউজ চেনেলৰ দৰে পেঘেনিয়াইও নাথাকে আৰু দেশ-বিদেশ বাদ দিয়ক গোটেই চুবুৰিৰ খবৰ দিয়ে৷ অ’ অৱশ্যে অসমৰ ল’ৰাটোৱে খোলা ৰাষ্ট্ৰীয় চেনেলটো চাওঁ৷ সেইটো এইবাবেই যে গৰম ট’পিকবোৰ বৰ শুৱলাকৈ চিঞৰি-চিঞৰি আনক কথা ক’বলৈ সুযোগ নিদিয়া কলাটোৰ বাবে! তাৰ বাহিৰে বাকী খবৰ শ্ৰীমতীৰ পৰাই লওঁ৷ কোনোবাই কাৰোবাক মিউজিক লগাই চুমা খালে, কাৰ পুতেকে গুৱাহাটীত পঢ়িব গৈ ফুৰ্তিপানী খাই বিয়াঘৰত মাৰপিত কৰিলে “এ টু জেড” খবৰ ’বিবিচি’ মানে শাহু আৰু স্থানীয় সংবাদদাতা মানে মোৰ শ্ৰীমতীৰ পৰা পাইয়েই যাওঁ৷ প্ৰকৃততে এই সংবাদবোৰ তেওঁলোকে আহৰণ কৰিবলৈ কোনো বিশেষ সাংবাদিক মোতায়ণ কৰি থোৱা নাই৷ নামঘৰত নাম লৈ থাকোতে, কলিতানীৰ ঘৰত আবেলি চাহ ঢুকিব যাওঁতে, পোৱালীক স্কুলত সাত বজাত থ’বলৈ গৈ একে হাতে বাৰ বজাত লৈ অনাৰ মাজত অমুকৰ ঘৈণীয়েক তমুকৰ ঘৈণীয়েকৰ মাজত হোৱা কথোপকথন তথা খবৰৰ আদান-প্ৰদানৰ জৰিয়তে আৰু সেই ফেচবুক, ৱাটচএপৰ পৰাই আহৰণ কৰে৷
সেইয়া দেখিছে নে ক’ৰ পৰা ক’লৈ গ’লো! মূল কথাৰ পৰা আঁতৰি চালে-বেৰে কোবাই থকাটো আচলতে আমাৰ স্বভাৱেই হৈ পৰিছে৷ ক’বলৈ লৈছিলো ফেচবুক, ৱাটচএপ যদি বন্ধ হৈ যায় কি হ’ব? সঁচা ক’বলৈ গ’লে মোৰ এওঁ পগলা হ’ব৷ কাৰণ সেইযে মুখখন জোঙা কৰি কৰি ফটোবোৰ উঠাই থাকে ক’ত দিব? লাইক, কমেন্ট নাপালে যিটো খঙত থাকে ফেচবুক মানে শ্ৰীমতীৰ মুখখন দেখিয়েই পঢ়িব পাৰোঁ৷ দেওবাৰে পুৱাই দীঘল লিষ্টখন দি যে মোক বজাৰত পঠিয়াই আৰু আনি দিয়া বস্তুবোৰৰে আজি অমুক বনালো কেনেকুৱা হৈছে ফ্ৰেণ্ড বুলি ফটো দি সোধে আৰু সেই যে কেইটামানে নিমখ দিলেই নে নাই বা নিদিলে, সোৱাদ হৈছেই নে বা নহৈছে একো গম নোপোৱাকৈ ফটোখন চায়েই জিভাৰ পানী পৰিছে, মজ্জা হৈছে বুলি কমেন্ট কৰে সেইসোপা পঢ়িবলৈ নাপালে যে এওঁ পগলা হ’ব সেইটো খাটাং৷ হেৰৌ, ভোকত কলমলাই থাকিলেও ফটো ফেচবুকত নিদিয়ালৈ খাবলৈ নাপাওঁ৷ ক’বলৈ গ’লে একেবাৰে সেইযে নামঘৰত প্ৰসাদ আগতলৈ বিলনীয়াই ’ঔৱা হৰি ঔৱা ৰাম’ নোলোৱালৈ মুখত দিব নোৱাৰি ঠিক একেই হয় মোৰো৷
মাজতে শাহু আইয়ে এদিন ফেচবুকত ষ্টেটাচ দিলে বোলে “ফেচবুক এৰিম আৰু”! মই লগে লগে শ্ৰীমতীক ফোন কৰি বোলো মাৰ গা-ভাল নে? এওঁ বোলে কিয়? মই বোলো ফেচবুক এৰিম বুলি ক’লে যে! শ্ৰীমতীয়ে বোলে সেইবোৰ তুমি নুবুজিবা৷
গ’ল কথা গ’ল৷ দুদিন পিচত শ্ৰীমতীৰো একে ধৰণৰেই ষ্টেটাচ দেখিলো “আজিৰ পৰা ফেচবুক এৰিলো, বিদায় বন্ধুসকল”৷ বিশ্বাস কৰক অফিচৰ পৰা আহোঁতে মনৰ স্ফূৰ্তিতে ডেৰ কেজি ওজনৰ লোকেল মুৰ্গী কিনি নিজেই বনাই মেলি এওঁক খুৱাম বুলি লৈ আহিলোঁ৷ আহি দেখোঁ শ্ৰীমতীয়ে ফেচবুক কৰি আছে৷ মই বোলো হেৰা দুঘন্টা আগত তুমি আজিৰ পৰা ফেচবুক এৰিম বুলি কৈছা আৰু এতিয়া ফেচবুক কৰি আছা যে? এওঁ বোলে তুমি সেইবোৰ নুবুজিবা৷ মই বোলো বুজাই কোৱা বুজিম৷ মই ইমানো স্কুলত গাধা নাছিলোঁ৷ এওঁ বোলে মাজে-সময়ে এনে ষ্টেটাচ এটেনচন ড্ৰ’ কৰিবলৈ দিয়া হয়৷ তেতিয়া বহুদিন শীতনিদ্ৰাত থকা সুপ্ত ফ্ৰেণ্ড কেইটাইও লাইক কমেন্ট দিয়ে৷ মই মনতে বোলো হ’বও পাৰে৷ আজি-কালি পাব্লিচিটি হান্তৰ কাৰণেনো মানুহে কি কি নকৰে!
এইডাল প্ৰকৃততে বন্ধ হৈ যোৱাই ভাল৷ অন্ততঃ মুখৰ আৰু মূৰৰ খজুৱটি কমিব৷ ওচৰ-চুবুৰীয়া যি কেইগৰাকীয়ে আজি-কালি অনলাইনতহে কথা পাতে, মই কৈছোঁ চাই থাকক আকৌ আগৰ দিনৰ দৰে মুঢ়া পাৰি কাৰোবাৰ চোতালত বিয়নি মেল মাৰি ওকনি চোৱা আৰম্ভ কৰিব৷ মৰম-চেনেহ বাঢ়িব৷ জোলত অলপ হ’লেও সা-সোৱাদ বাঢ়িব৷ বহুদিনৰ পিচত দুজন চিনাকি মানুহ লগ পালে অন্তত মো’বাইল পিটিকি নাথাকি মুখৰে দুষাৰ কথা পাতিব৷ সঁচা ক’বলৈ গ’লে বনজুইৰ দৰে ফেচবুকৰ বেৰে বেৰে বিয়পা গৰম খবৰৰ ভাইৰাচ আক্ৰমণত মুখৰ খজুৱতি বৃদ্ধি কৰি সুপ্ত পণ্ডিতালি জাগ্ৰত কৰা তৰ্ক-বিতৰ্কবোৰৰ ভাইৰেল জ্বৰবোৰ কমিব৷ পুৱা দুচকো মেলাৰ পৰা ৰাতি চকু মুদ নোযোৱালৈ যে ’হাই হাই হাই’ দি থকা হেৰি কেইটাই হায়ৈ বিয়ৈ কৈ হায় হায় চিঞৰিব৷ অসমীয়া ভাষাৰো অলপ উন্নতি হ’ব৷ এই ধৰক ’হাই ক্ৰি ক্ৰচা’ ( hi kri krsa) ? ’ভুত ধুনয়া লাগছে’(bht dhunya lagse) , ’তি এম আৰ’ (tmr) ঘৰ ক’ত ইত্যাদি ইত্যাদি৷
আপুনি ভাবিছে যে মই কিয় ইমান ফেচবুক বেয়া পাওঁ? হেৰি শুনক ফেচবুকত এদিন বোলো সকলোৱে ষ্টেটাছ দিয়ে মইও দি চাওঁ বুলি মোৰ একাউন্টৰ পৰাই মোৰ নামটো লিখি মই মৰিলোঁ বুলি ষ্টেটাছ দিলোঁ৷ হেৰৌ, লগে লগে কমেন্টত ’আৰ আই পি’ (RIP) ৰে ভৰি গ’ল৷ তাতোকৈ ডাঙৰ কথা মোৰ ফ্ৰেণ্ডলিষ্টতে অতদিনে থকা দুটামানে আকৌ মোকেই দুখ নকৰিব, মানুহ মৰেই বুলি কমেন্ট কৰিলে৷ বিশ্বাস কৰক জীয়াই থাকোতেও ইমান গুণমুগ্ধ নাপালোঁ, মৰিলোঁ বুলি কওঁতে যিমান সোপাই বেদনাতে মোক হেঁচি ধৰিলেহি। সেইদিনাই লগে লগে RIP facebook ষ্টেটাছ দি সেই অশৰীৰী জগতৰ পৰা লাহে লাহে মই বিদায় ল’লো৷
☆★☆★☆
12:04 pm
Awesome…
Colorful Expressions of Reality on Comedy platform…
12:10 pm
বঢ়িয়া
12:31 pm
দাদা সুন্দৰ।ফেচবুক নহ’লে অাধাতকৈ বেছি মানুহ পাগল হ’ব।ৰিপ টো বেছি মজ্জা
12:40 pm
অতি সুন্দৰ — সদায়েই প্ৰিয় তোমাৰ লেখনি।
2:32 pm
সদায় লিখাৰ দৰেই সুন্দৰ লিখনি!ভাল পালো দেই দেৱজিৎ।
2:47 pm
হাঁহি হাঁহি পঢ়িলোঁ, মজ্জা।
3:19 pm
বৰ ভাল লাগিল
3:42 pm
আৰ আই পি দেৱজিত! প্ৰত্যেক লাইনেই ইমান ৰসপুৰ্ণ!
মজ্জা৷
5:02 pm
ভাল লাগিল
5:56 pm
ভাল লাগিল।
5:59 pm
সুন্দৰ..
10:42 pm
বেছ ভাল লাগিল ।
11:38 pm
বৰ ভাল লাগিল।
11:41 pm
সাংঘাতিক লিখিছা দেৱজিত, শেষৰ পেৰেগ্ৰাফটো পঢ়ি সবতকৈ বেছি হাঁহিলো। আৰ আই পি বুলি নকওঁ বাৰু দেই
1:35 am
মজা (Mojja) লাজিত ( lgl )
1:37 am
লাগিল
8:50 pm
ভাল লাগিল পঢ়ি । ব্যংগৰ মাজেৰে বাস্তৱৰ প্ৰতিফলন।
7:32 am
বৰ ভাল লাগিল। (bhut bhl lgl)
9:35 am
মজা লাগিল
7:14 pm
ভাল লেখিছে দাদা পঢ়ি ভাল লাগিল