ফটাঢোল

সেইটো সঁচাকৈয়ে ভূত আছিল – বিকাশ শইকীয়া

মেট্ৰিক পাছ কৰাৰ পিছৰে পৰা এক প্ৰকাৰৰ ডেকা ল’ৰা বুলি নিজকে ভবা হৈছো। তেতিয়া আমি ক্ৰিকেট খেলৰ মহাভক্ত। ক’বলৈ গ’লে প্ৰতিটো বল তন্ন তন্নকৈ চাওঁ। চাওঁ মানে গাঁৱৰ সকলো ল’ৰা লগ হৈ একেলগে চাওঁ। অৱশ্যে ইয়াৰ কাৰণ আছিল। আমাৰ গাঁৱত বিজুলী সংযোগ তেতিয়াৰ দিনত হোৱা নাছিল। বেটাৰীত চাওঁ। সকলোৰে ঘৰত টিভিও নাছিল। তদুপৰি একেলগে খেল চোৱাৰ মজাটো সুকীয়া।

এদিন এজন বন্ধুৰ ঘৰত খেল চাই আহিছোঁ। খেলৰ শেষত ৰিকি পন্টিং আৰু সৌৰভ গাংগুলীয়ে কি ক’লে তাকো শুনি আহিলো। নহ’লে তিনি আলিত বহা আড্ডাটোৰ ওস্তাদ হ’ব নোৱাৰি। ক্ৰিকেট খেল চোৱাই নহয়, এক প্ৰকাৰৰ গৱেষণাই কৰিছিলোঁ। চাইকেল চলাই আহিছোঁ। হাতত টৰ্চ নাই। কোনোবাই সুধিলে কওঁ, “ধুৰ কিহৰ টৰ্চ লাগিছে মোক। কালৈকো ভয় নকৰোঁ মই। সদায় অহা যোৱা কৰা ৰাস্তাত আকৌ কিহৰ টৰ্চটোৰ দৰকাৰ পৰিছে।” টৰ্চ নোহোৱাকৈ ভয় নকৰা এটা অত্যন্ত সাহসী ল’ৰা বুলি ফুটনি মৰা সকলৰ তালিকাত আমিও এজন। প্ৰকৃততে টৰ্চ কিনিবলৈ পইচা নাছিল। তাতে প্ৰতি ২৫ – ৩০ দিনৰ মূৰত সলনি কৰিব লগা বেটাৰীৰ, পইচা ক’ৰ পৰা পাওঁ?

সিদিনা চাইকেল খনলৈ আহি আছোঁ। বন্ধুজনৰ ঘৰৰ পৰা ওলায়ে দেখিলোঁ, ঘোপ মৰা অন্ধকাৰ। কিছুসময়ৰ পিছতে মুষলধাৰে বৰষুণ আহিব যে নিশ্চিত। আঁতৰৰ পৰা আহি থকা বিজুলী ঢেৰেকনীয়ে পৰিবেশ আৰু বেছি গহীন কৰি তুলিছে। অন্ধকাৰ ৰাতি চাইকেলৰ সাধাৰণ গতিতকৈ অলপ বেছি কৰি আনিছো। বৰষুণ অহাৰ আগতে ঘৰ পাবগৈ লাগে। গতিকে সদায় অহা যোৱা কৰা ৰাস্তাটো এৰি গৰু -ম’হ অহা চৰ্ট কাট ৰাস্তাটোৰে অহা সিদ্ধান্ত ল’লো।

অহা বাটত এটা কেঁকুৰী আছে। একদম ইংৰাজী ইউ আখৰটোৰ দৰে, মানে ইউ টাৰ্ণ। সোঁ হাতে হেণ্ডেল বেকাঁ কৰিব লাগে। নহ’লে পোনেই কচু, ঢেঁকীয়া আদিৰে ভৰপুৰ হাবিখনত সোমাবগৈ লাগিব।

ঠাইখন এনেধৰণৰ। নদী পাৰৰ বাট বাবে ৰাস্তাটোক ৰিং বান্ধ বোলা হয়। চাৰি ফুট মান ওখ। ৰাষ্টাৰ কেঁকুৰীটোৰ দুয়োকাষে কঁচু, ঢেঁকীয়া, বিভিন্ন অপতৃণৰ হাবি আৰু কলগছ। তাৰ লগতে আছে দুয়োফালে বিশাল বাঁহনি। বাওঁ ফালে বাঁহনিৰ শেষত নদীখন আৰু সোঁফালে বাঁহনিৰ শেষত পথাৰখন।

মই কেঁকুৰীটোত চাইকেলখন বেঁকা কৰিছোঁহে। এনেতে হঠাৎ এটা সৰু বিজুলীৰ পোহৰত সন্মুখত দেখিলোঁ ক’লা কিবা এটা হাত দুখন মেলি ৰৈ আছে। বাওঁ হাতে পিছ চকাৰ ব্ৰেক মাৰি সোঁ হাতে জেওৰা খনত ধৰিলো থাপ মাৰি। আহিন মাহত নতুনকৈ জেওৰা দিছেহে মাথো। বেচ মজবুত জেওৰা। আহিন মহীয়া ঠাণ্ডা পৰিছে যদিও প্ৰায় দহ চেকেণ্ডতে ঘাম ওলাই আহিছে। ভৰিৰ আঠু দুটাই দুৰন্ত গতিৰে দৌৰিব বিচাৰিছে। কিন্তু তাৰ তলৰ অংশ জিন জিন কৰা যেন লাগিলে। কিয় নকৰিব, কেট কেটকৈ ক’লা কিবা এটা প্ৰায় ৮ – ১০ ফুট আগত যদি হাত দুখন মেলি এই জয়াল ৰাতি ৰৈ দিয়ে কেনে লাগিব!

সোঁ হাতখনে মজবুত জেওৰা খনৰ খুঁটি এটা একে আজোঁৰে উভালি ল’লো। অন্ধকাৰত একো দেখা নাই। নদীখনত বাকে মাছ ধৰিলে কৰা শব্দৰ দৰে দুই এটা শব্দ আহি কাণত পৰিছে। কৰ’বাৰ পৰা ভাঁহি অহা জিলি মাত জিইইইইইইইইইইইইইই,,, জিইইইইইইইইইইইইইই,,! অন্ধকাৰ জয়াল ৰাতিটোত নিস্তব্ধ হাবিখনৰ মাজত এই শব্দবোৰে বৰ্ণনা কৰিব নোৱাৰাকৈ পৰিবেশটো জয়াল কৰি তুলিছে। দুই এটোপাল বৰষুণ মূৰৰ ঘামৰ লগত মিশ্ৰিত হৈ ভৰিলৈকে বৈ আহিছে। চাইকেলৰ পৰা নামি পিছলৈ যাবলৈও ভয় লাগিছে। আগবাঢ়িব পৰা সাহসো হেৰুৱাই পেলাইছোঁ ।

চাইকেলৰ পৰা নামিলোঁ যদিও চাইকেলখন কিন্তু এৰি দিয়া নাই। কাৰণ লোহা হাতত থাকিলে ভূতে আক্ৰমন কৰিব নোৱাৰে বুলি শুনিছিলোঁ। পুনৰ নিৰীক্ষণ কৰিলোঁ, ভয় আৰু শংকাৰ মাজতে অনুমান কৰিলোঁ হাত দুখন লৰ চৰ কৰিছে। মই য’ত দেখিছিলোঁ তাতে আছে সি। আগবাঢ়ি অহা নাই আৰু থকাটোও সঁচা। “মানে আজি পালে মোক!” বৰষুণৰ টোপালবোৰ ঘন হৈ আহিছে। এনে সময়ত বাক ওলাই বুলি কোৱা শুনো। বাকেই নেকি ? না নহয় এইটো মতা ভূত। মতা ভূত ক’লা হয় আৰু কমকৈ ওলাই কিন্তু আক্ৰমণ বেছি কৰে। মাইকী ভূত আত্মাৰ দৰে বগা সাজত ওলায়। আক্ৰমণ কৰাতকৈ বেছি ভয় খুৱায়। মতা ভূত যেতিয়া আক্ৰমণ কৰিবই মানে মোক। কি কৰা হয়। মোৰ গাত দোল, তাবিজ একোৱে নাই। এটা তাবিজৰ অভাৱ জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ হ’ল। চাইকেলখন থিয় কৰিলোঁ। সোঁ হাতত থকা জেওৰা খুঁটিডাল বাওঁ হাতলৈ আনিলোঁ। এনেতে দেখিলোঁ, সি হাত দুখন অলপ বেছিকৈ লৰচৰ কৰিছে। মানে আহিছে মোৰ ফালে। পুনৰ সোঁহাতে এডাল জেওৰা খুঁটি উভালি ল’লোঁ। এডাল তাৰ গালৈ মাৰি দ্বিতীয় ডালেৰে যুদ্ধ কৰাৰ সিদ্ধান্ত ল’লো। মৰিম নহ’লে মাৰিম। সোঁহাতত থকা জেওৰা ডালৰ জোঙা অংশ তাৰ ফালে পোন কৰি জেভলিং থ্ৰো কৰাৰ দৰে প্ৰচণ্ড কোবত তাৰ গালৈ নিক্ষেপ কৰিলোঁ। এনেতে এটা বিজুলিয়ে পৃথিৱী পোহৰাই তুলিল। জেওৰা গৈ ক’লা ভূতৰ গাত সোমাওঁতেই পোহৰত ক’লা ভূতটো দেখা পালো।

আচলতে ভীমকল গছৰ তলৰ অংশ ক’লা হয়। ভূতটো আছিল ভীমকলগছ এজোপা। কলজোপাৰ পিছলৈ আন এটা কল পুলি আছিল। পুলিটোৰ গা গছডাল কলজোপাই আঁৰ কৰি ৰাখিছিল। কিন্তু কলপুলিটোৰ দুফালে থকা পাত দুখন বতাহত লৰ চৰ কৰিলে দুখন হাতে লৰচৰ কৰা যেন লাগিছিল। জেওৰা গৈ কলগছত মানে ভূতৰ গাত সোমওঁতে সম্বতি ঘূৰি আহিল। “ধুৰ চাল্লা। আজি যদি কোনোবা থাকিলহেঁতেন লগত তামাম লাজ পালোঁহেঁতেন। গাঁৱত সাহসী বুলি ফুটনি মৰা মজা বাহিৰ হ’লহেঁতেন। কি কি নামে জোকালেহেঁতেন ভগৱানেও নাজানে চাগে।”

ঢাকোনৰ ভাতকেইটা খাই বিচনাত পৰি শুবলৈ লওঁতেহে প্ৰকৃত ভূতটোক দেখা পালো। সেইটো সঁচাই ভূত আছিল। ভূতটো মোৰ মনৰ মাজতে আছিল, নামটো ভয়!

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *