মোৰ বিফল অভিযানটো – জিতেন্দ্ৰ জিতু শইকীয়া
: আজি গৰুচোৰটো ধৰিমেই বুইছ’। তই খালি মোৰ লগত ওলাবি। – মেথাৰ প্ৰত্যয়ৰে ভৰা গহীন মাত।
মেথাৰ আচল নাম বেলেগ কিবা। তাৰ লগত প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া “লংগুটিয়া য়াৰ” কেইটাৰ বাহিৰে সেই নাম পিছে গাঁৱৰ বেলেগ কোনেও নাজানে। কথাই কথাই “মোৰ মেথাটো গৰম হ’ল” বুলি কোৱাৰ বাবেই সি মেথা নামেৰেই জনাজাত হৈ পৰিল। কেশৱ পণ্ডিত, ঔম প্ৰকাশ শৰ্মা আদি লিখকৰ ডিটেক্টিভ হিন্দী উপন্যাস বোৰ পঢ়ি পঢ়ি মেথাৰ চিন্তাধাৰা একেবাৰে ডিটেক্টিভ টাইপৰ। মুঠতে হাঁচি মাৰোঁতে পাদ গ’লে, তাতো কিবা “কন্সপিৰেচী” দেখা মানুহ সি।
কেইবাদিন ধৰি গাঁৱৰ কেইবাঘৰতো গৰুচোৰ হৈ আছে। মেথাই তাৰ ডিটেকটিভ মাথা মাৰি গম পালে যে এইবাৰ চোৰ লম্বোদৰ খুড়াৰ গোহালিত হ’ব।
: তই কেনেকৈ জানিলি? – আচৰিত হৈ সুধিলো মই।
: চা…. প্ৰথমে বৰুণৰ ঘৰত চোৰ। তাৰ পিছত অকণ তাৱৈৰ ঘৰত। নেক্সট্ যমুনা পেহীৰ ঘৰত। তাৰ পিছত গেৰেলাৰ ঘৰৰ চেউৰী জনী নিলে। এতিয়া কাগজত চা। চোৰে এটা পেটাৰ্ণ বনাই ক্লু এৰি গৈছে। সি বেটাই তাক ধৰা পেলাবলৈ আমাক চেলেঞ্জ কৰিছে। তই চা… চোৰ হোৱা ঘৰবোৰৰ অৱস্থানক বিন্দু হিচাপে লৈ যদি আমি ৰেখাৰে জোৰা লগাওঁ, তেনেহ’লে ই ইংৰাজীৰ ‘M’ আখৰটোৰ দৰে হ’ব। এই M আখৰটো ‘কমপ্লিট’ হ’বলৈ এইবাৰ চোৰ লম্বোদৰ খুড়াৰ গোহালিত হ’ব লাগিব। – মেথাই কাগজ এখনত আঁকি অনা তাৰ নক্সাটো মোক দেখুৱালে। মই আচৰিত। সঁচাই…. চোৰ হোৱা ঘৰকেইখনৰ লগত লম্বোদৰ খুড়াৰ ঘৰখন যোগ দিলে ‘M’ আখৰৰ ৰূপ লয়।
:এতিয়া প্লেন কি তোৰ? – উৎসুকতাৰে সুধিলোঁ মেথাক।
মেথাই পাকৈত ডিটেক্টিভৰ দৰে সকলো বুজাই দিলে মোক। চোৰ ধৰাৰ চাচপেন্স, থ্ৰিল মই ভালদৰেই অনুভৱ কৰিলোঁ।
নিশা এঘাৰ মান বাজিছে। মেথাৰ কথা মতে মই মস্ত টাঙোন এডাল লৈ লম্বোদৰ খুড়াৰ ঘৰৰ পিছফালে থকা বাঁহনি জোপাত লুকাই আছোঁ ৷ মহৰ কামোৰত টিকা চপৰিয়াই জোনাকী পৰুৱাৰ সুযোগ লৈ পকেটত লৈ অহা চিগাৰেটটো জ্বলাই লৈ মাজে মাজে টান দিছোঁ৷ মেথা হাতত সাৰে ভৰিত সাৰে গৈ লম্বোদৰ খুড়াৰ গোহালি পালেগৈ। হাতত তাৰ এডাল মৰাপাটৰ গৰু বন্ধা ৰচী। গোহালিৰ পিছফালৰ কলজোপাৰ আঁৰলৈ মেথা বহি ল’লে।
উৎকণ্ঠাৰে সময়বোৰ পাৰ হৈছে। হঠাৎ লম্বোদৰ খুড়াৰ সন্মুখত দুৱাৰখন খোল খালে। ভিতৰৰ পৰা ওলাই অহা পোহৰত দেখিলোঁ, খুড়ীদেউক লগত লৈ খুড়া বাহিৰলৈ ওলাই আহিছে। খুড়া চোতালতে ৰ’ল আৰু খুড়ী সন্মুখৰ আন্ধাৰ খিনিলৈ আগবাঢ়ি গ’ল। বুজিলো, খুড়ী বাহিৰলৈ আহিছে। ময়ো বাঁহৰ মূঢ়াত বহিলৈ চিগাৰেট হোপাত মনোনিৱেশ কৰিলোঁ।
: আই ঐ…. মৰিলো ঐ…. এইডাল কোনোবা এডালে জোপ লৈ আছেহি অ’ অকণৰ দেউতাক…..
হঠাৎ মাইকী মানুহৰ বিকট চিঞৰত গোটেইখন হুৱাদুৱা লাগিল। লম্বোদৰ খুড়াৰ লগতে অকণ, অকণৰ ভায়েক, সকলো উঠি আহি গোহালিৰ পিছফাল চলাথ কৰিবলৈ ধৰিলে।
:ঐ আই… ঐ… নামাৰিবি ঐ মেথাতে সেইডাল। মই হে ঐ খুড়া…. মই মেথা।
অকস্মাতে ঘটি যোৱা ঘটনাটোত একো তত ধৰিব নৌপাওঁতেই এইবাৰ শুনিলো মেথাৰ মৰণ কাতৰ চিঞৰ।
নিমিষতে সকলোতে ধৰ ধৰ মাৰ মাৰ লাগিল। চুবুৰীটো ক্ষণিকতে উবুৰি খাই পৰিলহি। বুজিলো, খেল বেলেগ হ’ল এতিয়া।
:মেথা… তই? চাল্লা চোৰ। তই হে তাৰমানে গৰু চোৰ কৰি ফুৰিছিলি। আজি তোৰ হাত চিঙি নিনিও যদি চা।
:বান্ধ বান্ধ ইয়াক ভালকৈ। বেটাই গৰু নিবলৈ ৰচী পৰ্যন্ত লৈ আহিছে, দেখিছনে?
:ঐ নামাৰিবি ঐ… মই চোৰ নহয় ঐ… মোক এৰি দে। তহঁতে ভুল বুজিছ ঐ….
: অ’….. দেখিছ? পকেটত তাৰ এইখন কি? গাঁৱত গৰুচোৰ হোৱা আটাইকেইঘৰৰে নক্সা তাৰ পকেটত। দেখিলি তাৰ প্লেনিং? – মাৰৰ কোবত ফালি যোৱা পেণ্টৰ জেপত চোৰ ধৰাৰ ডিটেক্টিভ ক্লুখন পাই কোনোবা এটাই সকলোকে দেখুৱাই দেখুৱাই চিঞৰি চিঞৰি ক’বলৈ ধৰিলে। লগে লগে ডেকাবোৰৰ আকৌ আৰম্ভ হৈ গ’ল মেথাৰ ওপৰত ৰাম ধুলাই।
বাঁহজোপাৰ মাজত বেঙে মূতা গৰুৰ দৰে মোৰ অৱস্থা। ঘটনাৰ আকস্মিকতাত মোৰ টেমাও হেং মাৰিলে। কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। তেনেতে কাৰোবাৰ টৰ্চৰ পোহৰে মোক উজ্বলাই পেলালে। লগে লগে এজাক ল’ৰাৰ চিঞৰ- আৰু এটা আছে… আৰু এটা আছে বাঁহজোপাত… ধৰ তাক..ধৰ ধৰ…
….. নাজানো শক্তি ক’ৰ পৰা পাইছো… বাঁহৰ মূঢ়া সমান কৰি দৌৰিছো…. বুকুৰ সমান জেওৰা জঁপিয়াই পাৰ হৈ দৌৰিছো…. দৌৰিছো আৰু দৌৰিছো৷ পিছে পিছে এজাক উন্মাদ মানুহৰ অজস্ৰ চিঞৰ…. ধৰ ধৰ… মাৰ মাৰ..
ৰাতিপুৱা দেৰিকৈ সাৰ পালো ৷ গাৰ বিভিন্ন ঠাইত বিষ। চাই দেখিলো, বিভিন্ন ঠাইত ছাল গৈছে আঁচোৰত। পেণ্টৰ এটা ভৰি সম্পূৰ্ণ ফাটি দুফাল হৈ আছে। জেকেটৰ এফাল ফাটি ক’ৰবাত থাকি আহিল চাগৈ। ৰাতিৰ ঘটনাটো মনত পৰি ভয় লাগিল। কি বা হৈছেগৈ এতিয়ালৈ। পুলিচ কেচ হ’লগৈ চাগৈ। মেথাই পিটনৰ কোবত মোৰ নামো ল’লে চাগৈ। ভনীয়ে চাহ লৈ আহিল। ভয়ে ভয়ে তাইৰ মুখলৈ চালোঁ৷
:চোৰ ধৰিবলৈ গৈ পিটন খোৱাৰ পৰা বাচিলি তাৰমানে তই? – ভণ্টিৰ মূখত দুষ্টামিৰ হাঁহি।
: তই কেনেকৈ জানিলি? – আচৰিত হ’লো মই।
:ভাগ্য ভাল যে তহঁতৰ প্লেনৰ কথা বকুলদাহঁতক আগতেই কৈ থৈছিলি।
ভণ্টিৰ কথা শুনি কথাবোৰ অলপ যেন বুজি পালোঁ। তাৰমানে চোৰ চাবলৈ আহি মেথাক দেখি বকুলদাহঁতে বুজিলে যে আচলতে ঘটনা কি..! ৰক্ষা তেওঁ। মেথালৈ মনত পৰিল। বেচেৰা… ভাল থেতালিলে তাক কালি। খবৰ এটা লৈ অহাই ভাল হ’ব।
মেথা চকী এখনত বহি আছে। মুখত-হাতত বেণ্ডেজ। চকু এটা ক’লা। ওঁঠ ওখহি বেল্টা খাই আছে। এখন ভৰিত বেণ্ডেজ। চকী এখনত ভৰিখন চিধাকৈ উঠাই অন্য এখন চকীত আঁউজি বহি আছে সি।
:কেনেকৈ হ’বলৈ পালে?
: ভবাই নাছিলো জহনীত যাইতীয়ে পিঠিখনতে মূতি দিবহি বুলি। – মেথাই দাঁত কৰচি ক’লে।
☆★☆★☆
11:57 pm
হা হা-‘ কি বিলৈ ঐ ডিটেক্টিভ মহাশয়ৰ– বৰ আমোদ পালো ।
4:37 pm
আপোনাৰ সুন্দৰ মন্তব্যটিয়ে প্ৰেৰণা দিলে। মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
8:17 am
হা হা , পিঠিতে…
4:38 pm
9:18 am
এইটো তামাম৷ হাঁহি হাঁহি বাগৰি গলো৷
4:39 pm
ধন্যবাদ দাদা।
4:12 pm
হাঃ হাঃ পিঠিতে এৰি দিছে।
11:52 am
হাঃ হাঃ হাঃ। মন্তব্যৰ বাবে ধন্যবাদ।
10:06 pm
হাঃ হাঃ
11:53 am
পঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ
12:19 am
বেচেৰা মেথা – শেষৰ দুৰ্ভাগ্যটো শুনি আটাইতকৈ দুখ লাগিল।
খুব ভাল লাগিল পঢ়ি, হাঁহি মৰিছো
11:53 am
সুন্দৰ মন্তব্যটিৰ বাবে অশেষ ধন্যবাদ
9:24 am
তামাম আছিল এইটো। ভাল পৰিচালকে পালে এইখন চুটি ছবি বনাই দিব।
11:54 am
হাঃ হাঃ হাঃ। মন্তব্যৰে উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ।
1:43 pm
অতি উত্ম
10:54 am
বহুত হাঁহিলো।
3:33 pm
Pori vall lagil….