ফটাঢোল

আপদীয়া পদ্য – হেমেন ডেকা

(১)
জীৱন হ’ল যেন আলুৰ বস্তা
সপোনবোৰ আলুৰ দৰে সস্তা
সুদূৰত হিমঘৰ
গৰমত গেলি মৰ
গেলিলে শেষ ঠিকনা হয় ৰাস্তা।

(২)
মানুহে খালে মানুহৰ লগত ভাত
নষ্ট হয় ধৰ্ম-ভ্ৰষ্ট হয় নেকি জাত
সাজ-পোছাক অৰ্বাচীন
বজালেও ঐক্যৰ বীণ
কৌটিকলীয়া এলান্ধু স্পষ্ট দেখোঁ গাত।

(৩)
জাতি গঠনৰ দেখোঁ আবাহন
অভ্যন্তৰত চলে কপট আয়োজন
সংলাপৰ চমক
সাজ-ৰমক-জমক
বৌদ্ধিক ভেল্কীৰ কিবা প্ৰয়োজন।

(৪)
নিজৰ মাজতে কৰোঁ‌ খৰিয়াল
খাল খান্দি মাতি আনোঁ ঘঁৰিয়াল
চকু চৰহা বহুজন
চুবুৰীয়াক শত্ৰুজ্ঞান
দূৰণিত বিচাৰো স্বপৰিয়াল।

(৫)
লবী কৰি হ’ল মস্ত পণ্ডিত ৰূপে খ্যাত
মিডিয়াৰ আগত যা তা কৈ সৰ্বত্ৰে চৰ্চিত
বজাই থাকে কূটনীতিৰ ঘন্টা
নিজকে ভাবে কিজানি সৰ্বজান্তা
খ্যাতিৰ মোহত ৰাখে বক্তব্য বিতৰ্কিত।

(৬)
বিনামূলীয়া ধানৰ বীজ সিঁচি পাইছিলোঁ‌ পতান
ভাগ্যখন অলপ ভাল, মাছ-পুঠি লৈ আহি পালে বান
কাঢ়ি আছিলো হুমুনিয়াহ
কিবাকে পালোঁ‌ কিছু সকাহ
বান সাহায্যৰ চাউল-চিৰাই দিলেহি জীৱন দান।

(৭)
আমাৰ সভাৰ বিশিষ্ট অতিথি হওঁ‌ক
এহেজাৰ দি গামোচা সম্বৰ্ধনা লওঁ‌ক
পাঁচশ দিলেও বাৰু হ’ব
সমাজকৰ্মী উপাধি পাব
নিৰ্দিষ্ট বক্তা হৈ মাত্ৰ আমাৰ যশ গাওঁ‌ক।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *