ফটাঢোল

হাবু-ডুবু – ববিতা কলিতা

ডুবাইত ডুবিল শ্ৰী দেৱী
দুখত ডুবিলে দেশ!
পাপন ডুবিল মহাৰাষ্ট্ৰত
নোহোৱা- নোপজা কেচ!

দুৰ্নীতিৰ বানত ডুবিল অসম,
ৰকি-ৰাজাৰ কাজিয়া বিষম।
ছিৰিয়া ডুবিল নীৰিহৰ তেজত,
ভূ- লুণ্ঠিত মানৱ- ধৰম!

কোনোবা ডুবিছে সুৰাৰ ৰাগিত,
কোনোবা ডুবিছে প্ৰেমত।
মৰাৰ পাখি পিন্ধিয়ে এদিন
কাউৰী ডুবিছিল ভেমত!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *