শনি – পূৰ্ণাক্ষী ভট্টাচাৰ্য্য
এইবাৰৰ শনি একদম ষ্টাইলিচ্ শনি।
সৰুৰে পৰা দেখা বহু সপোনৰ মাজত অন্যতম আছিল একোছা দীঘল, ঘন চুলিৰ অধিকাৰী হোৱা। সৰুতে টিভিত চুপাৰ ভাচমলৰ এড দেখি ভাবিছিলোঁ যে এদিন হ’লেও চুপাৰ ভাচমল লগাই তেনেকুৱা দীঘল চিধা চুলি পাম। কিন্তু বছৰৰ পাছত বছৰ গৈ থাকিল আৰু সপোনটো লাহে লাহে ধোঁৱাচাঙত উঠিল। বাস্তৱত পালোঁ মৰাপাটৰ লেখীয়া, ৰঙা -মটীয়া বৰণৰ কেইডালমান চুলি। চুলিকোছা বুলি ক’বলৈ হাতৰ মুঠিত কেতিয়াও চুলি নোসোমাইছিলেই। দুটা আঙুলিৰেও চুলিকেইডাল ধৰিব পৰা গৈছিল। চুলিতো চুলিয়েই। তাৰ ওপৰত আছিল চুলিৰ ‘কাট্’। হিষ্ট্ৰী বিচাৰি গ’লে প্ৰথমে পাম বয়জ্ কাট্। তেতিয়াৰ দিনত পাৰ্লাৰ আছিল নে নাই নাজানো। কিন্তু মোৰ চুলি কটাৰ স্থান আছিল ৰাজগড়ৰ কোনোবা এখন চেলুন। চুলি কটাৰ দিনাখন চকুৰ পানী নাকৰ পানী একাকাৰ হৈছিল। লাহে লাহে অলপ ষ্টাইলটো সলনি হ’ল। বয়জ কাটৰ পৰা ইউ/ ব্লাণ্ট কাট্ হ’ল। পাৰ্লাৰ বোলা বস্তুটোৰ লগত তেতিয়া অলপ চিনাকি হৈছে আৰু লাহেকৈ। চুলি কটাৰ দিনাখন পাৰ্লাৰত নিজকে বৰ ধুনীয়া দেখো তেতিয়া। ঘৰলৈ আহি আইনাৰ আগত থিয় হৈ থকাৰ দৰেই আছিল। পিছদিনা ৰাতিপুৱা শুই উঠাৰ পাছতহে আচল ৰূপটো ওলাইছিল। শালিকা ফিচাৰ দৰে হৈ পৰা পিছফালৰ চুলিকেইডাল কেতিয়াও আগৰদৰে নহৈছিল। তেনেকুৱাকে ট্ৰেজেডী ফলাৰ কেইবছৰমানৰ পাছত আহিল ষ্টেপ কাট্। তেতিয়াহে শান্তি বোলা বস্তুটো ঘূৰি আহিল। সেইটো কাট দিলে যত্ন কৰিব লগীয়া বিশেষ একো নাছিল বাবে তেনেকেই চুটি চুলিৰে চলি থাকিলো বহু বছৰ।
যোৱা দুবছৰমান ধৰি কিবা কিবি কাৰণত চুলিখিনি কটা হোৱাই নাছিল। প্ৰথমে গুৰুত্ব দিয়া নাছিলোঁ যদিও হঠাতে এদিন আৱিষ্কাৰ কৰিলোঁ যে চুলিখিনি দীঘল হৈছে। বহুদিনৰ মূৰত হেৰুৱা সপোন এটা ঘূৰাই পালোঁ। ভাললগা ভাব এটাৰে কিবা কিবি চুলিৰ নতুন ষ্টাইলো শিকিলোঁ। দিন গৈ আছিল। দুসপ্তাহমান আগতে দেখিলোঁ চুলিৰ আগবোৰ ফাটিবলৈ লৈছে। বহু ভবা চিন্তা কৰি এদিন পাৰ্লাৰলৈ খোজ ল’লো। প্লেন আছিল চুলিখিনি অলপ চুটি কৰি ষ্টাইলিচ্ কাট্ এটা দিম।
কিন্তু শনি বোলা বস্তু এটা মোৰ বাটত বহি থাকিবই লাগিব। পাৰ্লাৰখনৰ দাদা-বাহঁতৰ লগত ভালেই চিনাকি। সেইদিনা গপচত গৈ এজনক ক’লো- “দাদা, হেয়াৰ কাট্ কৰিব আছে।” দাদাজনে হাঁহি মাৰি মূৰ দুপিয়াইছিলহে মাথো। তেনেতে-
‘আপ্কো হেয়াৰ কাট্ কৰৱানা হে?’ মাতটো ক’ৰ পৰা আহিছে বুলি ইফাল সিফাল চাওঁতেই দেখিলো আন্ধাৰ চুক এটাত কোনোবা এজন বিদ্যমান। কোন ভালদৰে ধৰিব নোৱাৰিলোঁ যদিও হয় বুলিয়ে উত্তৰ দিলোঁ।
‘চেম্পু কৰকে আয়ে হে আপ?’ এইবাৰ গুৰুত্বহীন ভাবে নাই বুলি উত্তৰ এটা দিলোঁ। সেইফালৰ পৰা পুনৰ মাতটো ভাঁহি আহিল – “ঠিক হ্যে। কৰ লেজিয়ে আপ। ইয়ে ভায়্যা আপকো কৰৱা দেংগে।”
“তইনো হয় কোন” বুলি ভাব এটা দি মই ভিতৰ সোমালোঁ। চেম্পু কৰি দিয়া দাদাজনৰ লগত ইটো সিটো কথা পাতি থকাৰ মাজতে এনেই সুধিলোঁ- “আপুনি কাটিবনে চুলিখিনি?”
“নহয়। তোমাৰ যে লগত কথা পাতিলে, সেইজনে কাটিব।”
“সেইজনেও কাটে নেকি?” মই অলপ আচৰিত।
“অ। আমাৰ নতুন ষ্টাইলিষ্ট। বাহিৰৰ পৰা আহিছে।” আৰঁচকুৰে চাই দেখিলোঁ পাৰ্লাৰখনৰ আটাইকেইজনেই ব্যস্ত শনিৰ বাদে। শনিয়ে ফ’ন টিপি মোৰ হোৱালৈ ৰৈ আছে। হাঁহি এটা উলিয়াই কোনোমতে ক’লো- “আচ্চা। ঠিক আছে বাৰু।”
আহি বহিলোহি চকী এখনত। শনিয়েও ফ’নটো পকেটত সোমোৱাই উঠি আহিল। হাতেৰে এবাৰ চুলিকেইডাল চুই সুধিলে-
“ক্যা ক্যা ৰিকুয়াৰমেণ্টছ্ হ্যেঁ আপকে?” প্ৰশ্নটো অদ্ভুত যেন পাই সন্মুখৰ আইনাখনতে শনিৰ চেহেৰাটোৰ পিনে চালো। শনিয়েও একে থিৰেই মোলৈ চাই আছে। লাহেকৈ ক’লো- “আই ৱাণ্ট আ নিউ লুক। বাট্ দা লেংঠ চুড নট্ বি চৰ্টেইণ্ড।”
“ক্যা কৰোগে ৱিথ ডিজ হেয়াৰ? দা কোৱালিটি ইজ নট এট অল গুড। কিপ আপ টু ছোলডাৰ লেংঠ। ইট্ উইল লুক গুড অন ইউ।” শনিয়ে মুখত ৰহস্যময় হাঁহি এটা ফুটাই ক’লে। যেনেকুৱাই নহওঁক বাৰু, চুলিখিনি মোৰ মৰমৰেই হয়। মুখৰ আগতে কৈ দিয়াত পটতকৈ খঙটো উঠি আহিছিলেই। তেনেতে আইনাখনত শনিৰ মুখখন দেখি কিবা এটা ক’বলৈ লৈও ৰৈ গ’লো। “কি হ’ব পাৰে বাৰু এই ৰহস্যময় হাঁহিৰ অৰ্থ?” শনিয়ে ইতিমধ্যে চুলিখিনি কাটিবলৈ যো জা চলাইছে। কিবা এবিধ বস্তু বিচাৰি শনি ভিতৰলৈ যোৱাত ওচৰতে ৰৈ থকা চিনাকি বাজনীলৈ চালো। আন এজনীৰ চুলি কটাত ব্যস্ত তায়ো মোলৈ চাই হাঁহি এটা মাৰিলে।
“চৌ, লেটচ ষ্টাৰ্ট।” শনিয়ে কেঁচী ফণি আৰু দুবিধমান সৰঞ্জাম আনি টেবুলখনত থ’লে।
‘অ’কে।’ ময়ো হাঁহি এটা মাৰি প্ৰত্যুত্তৰ দিলো।
শনিয়ে চুলি কাটিবলৈ আৰম্ভ কৰিলে। আগতেই কৈ থোৱামতেই শনিয়ে ককাললৈ পৰা চুলিৰ আগতো কাটি আনি কান্ধৰ ওচৰ পোৱালেহি। দুখ লাগিছিল যদিও একো নকৈ মনে মনে বহি ৰ’লো।
“ৱাটছ ইয়ৰ নেম?” চুলি কাটি থকাৰ মাজতে শনিয়ে সুধিলে। অন্যমনস্ক হৈ কিবা ভাবি থকাৰ বাবে এবাৰতে বুজি নাপাই শনিৰ মুখলৈ চালো। শনিয়ে পুনৰ সেই ৰহস্যময় হাঁহি ফুটাই সুধিলে- “নেম প্লিজ?” নামটো দুবাৰমান ক’লো যদিও শনিয়েযে বুজি নাপালে সেইটো মই ঠিকেই বুজি পালো। তথাপিও বুজা যেন দেখুৱাই শনিয়ে পুনৰ আৰম্ভ কৰিলে-
“আপ্কো লং হেয়াৰ কিয়োঁ ৰখ্না হ্যেঁ?”
“আই লাইক লং হেয়াৰ। দটছ হোৱাই।”
“আই আণ্ডাৰষ্টেণ্ড। ৱাট মাই কন্চেনট্ৰেচন ইজ অন্ দ্যা স্কালপ্। দ্যা ৰুট ছুড বি ষ্ট্ৰংগ এণ্ড হেলডী। দেন অনলি ইট্ ইজ ইফেক্টিভ টু কিপ লং হেয়াৰ।” শনিৰ মুখ আৰু হাত সমান গতিত চলিব ধৰিলে। চুলিৰ ওপৰত শনিয়ে দিয়া বক্তৃতাৰ ওপৰত মনোযোগ দিবলৈ তেতিয়ালৈ মোৰ ধৈর্য্য শেষ হৈ গৈছিল। “হে শনিদেৱতা, এইবাৰ সঁচাকৈ আপোনাৰ মন্দিৰলৈ যাম। দয়া কৰি আজি এই শনিৰ পৰা মোক বচাওঁক।” শনিৰ চুলি কটাৰ ষ্টাইল দেখি মনলৈ আচল শনিদেৱক প্ৰাৰ্থনা কৰাৰ বাহিৰে আন একো চিন্তা অহা নাছিল। বহু কেইখন পাৰ্লাৰত চুলি কটাইছিলোঁ যদিও একো আগ গুৰি নোহোৱাকৈ চুলি কটা অকল শনিকে দেখিছিলোঁ। কথাৰ মাজতে সি বুজাই গৈছিল সি কি ষ্টাইল দিবলৈ গৈ আছে।
“ডু য়ু হেভ এনি ফ’টোগ্ৰাফ অৱ দা হেয়াৰ ষ্টাইল দেট য়ু আৰ প্লেনিং?” শনিৰ ওপৰত হোৱা সন্দেহ আৰু বহু পাৰ্লাৰত তেনেকুৱা ফ’টো থাকে বাবে সুধিলো।
“ন’, ন’। দিছ ইজ মাই ওউন ষ্টাইল। আই ডণ্ট ফল’ আদাৰছ্।” শনিৰ উত্তৰটো শুনি কি ক’ম ভাবি নাপাই অলপ সময় তাৰ পিনেই চাই ৰ’লো। তেনেতে-
“আপ কৰতে ক্যা হো?”
“আই এম আ ডক্তৰ।” একো নভবা নিচিন্তাকৈ মুখৰ পৰা ওলাই গ’ল কথাষাৰ। ডিগ্ৰীটো পালেও সাধাৰণতে মেডিকেল শেষ কৰি ইণ্টাৰ্নশ্বিপ কৰি থকা বুলিয়ে কওঁ। শনিয়ে প্ৰথম আৰু এতিয়ালৈ একমাত্ৰ ব্যক্তি যাৰ সন্মুখত নিজকে ডাক্তৰ বুলি কৈছো। কেঁচীৰ শব্দ নুশুনি ওপৰলৈ মূৰ তুলি চোৱাত দেখিলো শনিয়ে চুলি কটা বন্ধ কৰি একেথিৰে মোৰ পিনে চাই আছে। এডাল চেলাউৰি উঠাই শনিলৈ চাই সুধিলো-
“ভায়্যা, ক্যা হুৱা?”
“অহ্, নাথিং নাথিং। দেটছ্ ভেৰি গুড।” থতমত খাই শনিয়ে ক’লে।
‘য়ু ৰাইট প্ৰেছক্ৰিপচন টু ডেন?” শনিৰ অৱস্থাটো দেখি হাঁহি উঠিছিল যদিও একো নকৈ মূৰ দুপিয়ালো। চুলি কটা প্ৰায় শেষ হৈছিলহি। আইনাখনত নিজকে বৰ এটা বেয়া দেখা নাছিলোঁ।
“হেয়াৰ ষ্ট্ৰেইটেনিং কভি ভী মত কৰনা। কিপ ইয়ৰ হেয়াৰ এজ নেচাৰেল এজ ইট ইজ। ডু স্পা ৰেগুলাৰলি।” কেঁচী আৰু ফণি সামৰি শনিয়ে ক’লে।
“অ’কে। আই উইল ডু দেট।”
কাউণ্টাৰত পইচাটো দিবলৈ লওঁতে আকৌ চেম্পু কৰি দিয়া দাদাজনক লগ পালোঁ –
“অলপ কথা বেছি কয় ন?”
“অ’, অলপ বেছি……” কথাষাৰ শেষ হ’ল কি নহ’ল।
“এণ্ড অইলিং ইজ মাষ্ট। য়ু ডণ্ট ডু দেট ৰেগুলাৰলি।” কোন তলকত শনি আহি পিছ পিনে থিয় হ’ল গমেই নাপালো। ওচৰৰে চকীখনত বহি শনিয়ে পুনৰ ক’লে-
“য়ু কেন কাম হিয়াৰ এভ্ৰি মানথ্ ফৰ হেয়াৰ স্পা। আই এম এভেইলেবল হিয়াৰ অল দা ডেইজ্।”
“বাট্ আই ডণ্ট ষ্টে হিয়াৰ ।”
‘হোৱাই?’ শনিৰ দুখী মুখখনলৈ চাই ক’লো-
“বিকজ মাই জব ইজ ইন আনাদাৰ প্লেচ। আই কাম টু দিছ পাৰ্লাৰ ৱান্ছ ইন ছিক্স মানথ্ছ।”
“ইউ কেন ডেফিনেটলী কাম হোৱেনভাৰ য়ু আৰ ইন গুৱাহাটী দেন।” শনিৰ মুখত পুনৰ ভাঁহি উঠিল সেই ৰহস্যময় হাঁহি। হাঁহি এটা উলিয়াই ক’লো-
“ছিউৰ, প্ৰভাইডেড য়ু ষ্টপ গিভিং ডেট ৱেয়াৰ্ড স্মাইল অৱ য়ৰ্ছ। বাই।” পইচা দিয়া হৈ গৈছিল বাবে শনিয়ে কিবা কোৱাৰ আগতে ওলাই আহিবলৈ দৰ্জাত হাতত থ’লো।
“বাই। ডু কাম।”
আফটাৰ অল, শনি হয়তো।
(শনি হিন্দী্ভাষী আছিল বাবে কথা বতৰা ইংৰাজী আৰু হিন্দীতে হৈছিল।)
☆★☆★☆
10:26 pm
নতুন নতুন শনিয়ে এৰা নিদিয়া হৈছে! কি যে হব ছোৱালী জনীৰ! ভাল হৈছে পুৰ্ণাক্ষী৷
11:35 pm
ভাল লাগিল
10:35 am
শনি”–ৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় বিচাৰিব লাগিব তোমাৰ বাবে— ভাল লাগিল পঢ়ি।
2:10 pm
সাংঘাতিক শনি দেখোন৷
সুন্দৰ৷
10:15 pm
শনি বুলি নকওঁ বেচেৰাৰ এটা মন আছে ন।
ভাল লিখিলি দেই
4:03 pm
বঢ়িয়া। এই শণি চিৰিজ তামাম। চুলি লৈ মহিলাসকলৰ পয়মাল বোৰো বুজিছো অলপ। 🙂