গুণোৎসৱ – পৰী পাৰবীন
গুণোৎসৱৰ শেষৰদিনা পৰীক্ষাৰ চেন্টাৰসমূহত টহল দি থাকোতে এডিচি ছাৰৰ ফোন আহিল। ধৰিবলৈ পালোহে,
“ক’ত আছা তুমি?”
“ছাৰ নাহৰকটীয়াত।”
“ইমিদিয়েট উত্তৰ হাতীমূৰা স্কুললৈ আহা।”
ইমিদিয়েট! নাহৰকটীয়াৰ পৰা সেইখনলৈ দুঘন্টাৰ ৰাস্তা।
“ছাৰ কিবা সমস্যা হৈছে নেকি ?”
ছাৰ গৰম, গৰগৰাই উঠিল,
“সমস্যা হৈছে কাৰণেতো কৈছো। তাত হেনো প্ৰধান শিক্ষয়িত্ৰীয়ে কম মেধাৰ লৰা ছোৱালীবিলাকক পৰীক্ষা দিবলৈ আহিব নালাগে বুলি কৈছিল। কোনোবাই ডিচিক অভিযোগ কৰিছে। যোৱা সোনকালে এনকুৱাৰী কৰা। ল’ৰা ছোৱালীবিলাকক মাতি আনা।”
“অ’কে ছাৰ। কিবা কৰোঁ।”
ৰামুকাইক ক’লো,
“ৰামুকাই চৈধ্য নম্বৰ গীয়েৰ লগোৱা। উৰি যোৱা।”
সি বোলে, “ঠিক আছে বাইদেউ। একেবাৰে বিশত লগাইছোঁ।”
গাড়ী উৰিল। গাড়ীৰ সমানে সমানে মনটোও উৰিল। নাহৰকটীয়াৰ পৰা সেই স্কুলখন পাওঁতে পাওঁতে গুণোৎসৱৰ পৰীক্ষা হয়তো শেষ হ’বগৈ। এলপি স্কুল যেতিয়া ছাত্ৰ-ছাত্ৰীবোৰ স্কুলৰ ওচৰৰে হ’ব। ছাত্ৰ-ছাত্ৰীক কেনেবাকৈ লগ পালেই হয়। গাড়ীত বহি বহিয়ে প্লেনটো কৰিলোঁ। গাড়ীৰ পৰা নামোতে ৰামুক এশ টকা দি ক’লো, “ৰামুকাই, মৰ্টন একপেকেট আনি দিবাচোন।” সি জানে মোৰ কৌশল। সি মৰ্টন দোকানৰ ফালে গ’ল। মই স্কুললৈ সোমাই যোৱাত খণ্ড বিষয়াজন আগবাঢ়ি আহিল।
সুধিলোঁ তেখেতক, “কি হৈছে? অনুপস্থিত ছাত্ৰ ছাত্ৰী কিমান আছিল? কিমানে পৰীক্ষা দিলে, কিমানে নিদিলে?”
তেওঁ জনালে, ৩০ শতাংশ মান অনুপস্থিত।
প্ৰধান শিক্ষয়িত্ৰীক সুধিলোঁ, “কিয় ইমানবোৰে পৰীক্ষা দিয়া নাই?”
“বাইদেউ বেছিভাগৰে বসন্ত ওলাইছে।” তেওঁ উত্তৰ দিলে।
সঁচা নে মিছা কৈছে বুলি ভাবি থাকোতে এগৰাকী অভিভাৱিকা উফৰি অহাদি আহিল। আহিয়েই বিষোদগাৰ আৰম্ভ কৰিলে, “হেড বাইদেউৱে পঢ়িব নজনাবোৰক গুণোৎসৱৰ পৰীক্ষা দিবলৈ আহিবলৈ মানা কৰিছিল। এইটো কিবা নিয়মনেকি বাইদেউ? “
হেড বাইদেউগৰাকীয়ে কিবা কোৱাৰ আগতেই সেই মাতৃগৰাকীয়ে পুনৰ আৰম্ভ কৰিলে, “মোৰ লৰাটোৱে পঢ়িব নোৱাৰে। সেইবুলি পৰীক্ষা দিয়াৰ অধিকাৰ নাই নেকি?”
মই বোলো, “কিয় অধিকাৰ নাথাকিব? এইখন বিদ্যাৰ মন্দিৰ। ইয়াত সকলোৰে সমান অধিকাৰ আছে।”
এগৰাকী এগৰাকীকৈ মাতৃগোটৰ সদস্যাসকল আহিল। তেওঁলোকে সেই অভিযোগ খণ্ডন কৰিছে। তেওঁলোকে প্ৰধান শিক্ষয়িত্ৰীৰ হৈ মাত মাতিছে। একমাত্ৰ মনিকা বোলাগৰাকীহে বিপক্ষে মাত মাতি আছে।
স্কুল ছুটি হৈছিল। মৰ্টনৰ পেকেটটোও পালেহি। কেইটামান ল’ৰা ছোৱালীক মাতিলো। প্ৰশ্নকাকতখন লৈ কি লিখিলা, কি নিলিখিলা সুধিলোঁ। শুদ্ধ হ’লে এটা মৰ্টন দিম বুলি পেকেটটোলৈ দেখুৱালোঁ। প্ৰথমে চুচুক চামাক কৰি থকা আটাইমখা ওচৰ চাপি আহিল।
চচমা পিন্ধা চোকা ল’ৰাটোক জোকালো, “এইটো আমাৰ শাক পাচলি নোখোৱা ল’ৰা।”
আটাইয়ে গিৰ্জনি মাৰিলে। লাহে লাহে সিঁহতৰ লগত বন্ধুত্ব হ’ল।
অভিভাৱকসকলে চাই থাকিল।
দ্বিতীয় শ্ৰেণীৰ অংকিতাক সুধিলোঁ, “তোমালোকৰ শ্ৰেণীৰ কোনে আটাইতকৈ বেছিকৈ পঢ়িব পাৰে? “
গোটেইমখাই তাইলৈ আঙুলিয়াই দিলে, ” অংকিতাই পাৰে। অংকিতাই পাৰে।”
“কোনে একেবাৰে নোৱাৰে?” আকৌ সুধিলোঁ।
“অঞ্জলিয়ে নোৱাৰে।”
“কিয় নোৱাৰে? ”
“নপঢ়েই।”
“তোমালোকে পঢ়িবলৈ ক’বা।”
“তাই কাৰো কথা নুশুনেই।”
“আজি পৰীক্ষা কেনেকুৱা হ’ল তাইৰ ?”
“একো নোৱাৰিলে। শূন্য পাব তাই।” এজনী অভাৰ কনফিডেন্ট।
এইবাৰ তৃতীয়-চতুৰ্থ শ্ৰেণীলৈ আহিলো। একেই কথা। একেবাৰে পঢ়িব নোৱাৰাটোৱে শূন্য পাব কিন্তু পৰীক্ষা দিছে। কথাবোৰ লাহে লাহে জলজল পটপট হ’ল। শাস্তিমূলক বিধানৰ পক্ষপাতী মই নহওঁ গতিকে দুয়োপক্ষক বুজাবুজিত অনাৰ দৰকাৰ। অভিযোগকাৰী অভিভাৱকগৰাকীৰ কথাখিনিও বুজি ল’লো। অভিযোগকাৰীৰ ল’ৰাজনক মতাই আনিলোঁ, চুলিখিনিৰ ষ্টাইল কি ঐ পেন্দুকণাটোৰ, মাজৰ ফালে দুহাতেৰে উঠাই জোঙা কৰি লোৱা ধৰণৰ।
“এইটো আমাৰ আমিৰ খান দেখোন, পৰীক্ষা দিবলৈ কিয় নাহিলা?”
সি মনে মনে ৰৈছে । মই বোলো, “আজি দিনটো কি কৰিলা?”
সি মুখেৰে নামাতে ।
“নামটো কি আছিল তোমাৰ?”
“সন্তোষ । সন্তোষ যাদৱ।”
“নামটো লিখিব জানানে?”
‘জানো’
‘লিখাচোন’
সি নামটো লিখিলে। মই বোলো, “এয়া তুমি দেখোন লিখিব-পঢ়িব জানাই, হেড বাইদেৱে পঢ়িব নজনাবোৰকহে পৰীক্ষা দিবলৈ মানা কৰিছিল।”
সি মোৰ মুখলৈ ভেবা লাগি চাই থাকিল। মাকে ঘোঁপাকৈ চাই আছে তালৈ। হেড বাইদেউৰ শুকান মুখখনলৈ ৰস আহিছে।
জলজল পটপট কথাবোৰৰ প্ৰমাণ ওলাল। সন্তোষৰ মাকে মোৰ ফোন নম্বৰ ল’লে, “বাইদেউ মোৰ ল’ৰাটোক অলপ বুজাবচোন, পঢ়া-শুনাত একেবাৰে মন নাই, দিনৰ দিনটো লাইনত বহি মোবাইলত গান শুনি থাকে।” ইত্যাদি ইত্যাদি।
গোটেই ৰেকৰ্ড পাতি টুকি লওঁ মানে সন্ধ্যা ভাগিল। ল’ৰা ছোৱালীকেইটাক ঘৰলৈ যাবলৈ ক’লো। প্ৰধান শিক্ষয়িত্ৰীৰ পৰা বিদায় ল’লো, অৱশ্যেই কৈ আহিবলৈ পাহৰা নাছিলোঁ, পঢ়াত মন নবহা ল’ৰাকেইটাক অলপ বেছিকৈ গুৰুত্ব দিবলৈ।
গাড়ীত বহি ৰামুক ক’লো, “ৰামু বিশ নম্বৰ গীয়েৰ লগোৱা। বহুত ভোক লাগিছে। কিবা খাওঁ।”
☆★☆★☆
11:15 am
বা: কি সুন্দৰ লিখিছে…….তামাম
9:21 am
বৰ ভাল লাগিল পৰী৷ গীয়েৰ চৌধ্য নম্বৰেই হওক বা বিশ নম্বৰ, লিখা খিনি টপ গীয়েৰ৷
9:54 am
হা হা হা
10:06 am
আপোনাৰ দৰে (দায়িত্বৰ পৰা ফালৰি কাতিব খোজা সকলেও যদি অলপ মন দিলে হয়)ভবা মানুহ আছে বাবেই শিক্ষা ব্যৱস্থাটোৰ প্ৰতি মানুহৰ ভাল ভাৱ আছে।ভাল লাগিল।
10:53 am
খুউব ভাল লাগিল।
7:43 pm
খুউব ভাল লাগিল।
5:59 pm
বঢ়িয়া ।