ফটাঢোল

অথঃ দাঁ‌তৰ সংবাদ – সৌৰভ জ্যোতি বৰ্মন

“দাঁতেই দেৱ, দাঁতেই সেৱ
দাঁত বিনে নাই কেৱ ।”

(গুৰুজনাৰ এই মন্ত্ৰ শাৰীক এনেকৈ ব্যৱহাৰ কৰাৰ বাবে ক্ষমা বিচাৰিছোঁ‌।)

এতিয়া আহোঁ‌ আচল কথাটোলৈ। কি জানে! আজি চাৰি পাঁচদিন ধৰি এনেকুৱা লাগিছে যেন মোৰ শৰীৰত দাঁত কেইটাৰ বাদে আৰু বেলেগ একোৱেই নাই। সেইকেইটাতেই যেন মোৰ সমস্ত জীৱন, সেইকেইটাৰ কাৰণেই যেন মই জী আছোঁ। একো বুজা নাই নহয় আপোনালোকে! কেনেকৈনো বুজিব মই গছত গৰু নুঠা কথা কিছুমান আগ গুৰি নোহোৱাকৈ কৈ থাকিলে…

দাঁতৰ বিষ! বুজিছে দাঁতৰ বিষ। দাঁতৰ বিষেই জীৱন যেন হৈ পৰিছে মোৰ কিছুদিনৰ পৰা। না শান্তিত খাব পাৰিছো, না শান্তিত শুব পাৰিছো। মুঠতে এই বিষটোৱে ত্ৰিভুৱন ভ্ৰমণ কৰাইছে মোক। গালখনত গৰম কিবা এটা লগাই থলে সামান্য শান্তি পাওঁ দিয়কচোন। আৰু তাৰ বাবেই হাত এখন বাওঁখন গালত নিগাজীকৈ স্থাপন কৰি লৈছোঁ‌। মাৰ গালি শুনি, ভাইৰ গালি শুনি ডাক্তৰকো দেখুৱালো যেনিবা। ফলশ্ৰুতিত বিশেষ একো পৰিবৰ্তনটো নহ’ল। কিন্তু, বেলেগ একো নহ’লেও ঔষধৰ মোনা এখন আঁৰি লব পাৰিছোঁ‌ ডিঙিটোত, আৰু এই অবতৰতেই এক অনবদ্য সোৱাদ ল’ব পাৰিছো ঢোলৰ ।

ডাক্তৰতো ডাক্তৰেই… দাঁতৰ বিষৰ সুবাদতে এইকেইদিন শুভাকাংক্ষী সকলো এম বি বি এছ ডিগ্ৰীধাৰী হৈ ওলাইছে নহয়। সঁচাকৈয়ে এনেকুৱা বিপদবোৰৰ সময়তেই আমাৰ চৌপাশে থকা বহুতো সুপ্ত প্ৰতিভাৰ উমান পোৱা যায় দেই। তেওঁলোকৰ মুখে মুখে বাস কৰা পুৰণি অভিলেখাগাৰবোৰৰ পৰা অ’ত ত’ত খুন্দা খাই কিমান যে কবিৰাজী পথ্য উফৰি আহিছে… কিনো কৰিম.. মইও নতশিৰে শুনি গৈছোঁ দিয়ক…

“ঐ যিটো দাঁতৰ বিষ উঠিছে, সেইটো দাঁতৰ গুৰিত তই ছাধা অলপ মলি লগাই থ’বিচোন! যোৱাবছৰ মইও বিষত ৰব নোৱাৰি তাকেই কৰিছিলোঁ। এতিয়া কিন্তু সব চাফা, একো নাই। ছাধা খোৱাটো যেনিবা মোৰ অভ্যাসত পৰিণত হ’ল তেতিয়াৰ পৰা।”

“বাৰু চাম দেচোন ট্ৰাই এটা কৰি।”

“তই এটা কাম কৰিব পাৰ! তুলা এটুকুৰাত ডেটল অলপ লগাই লৈ দাঁতেৰে চেপি ধৰি তলমুৱা হৈ থাকিবিচোন, আৰু লালটিখিনি ওলাই যাবলৈ দিবি হা! তোৰ বিষ ভাল হৈ যাব একেবাৰে।”

“বাৰু চাম দেচোন ট্ৰাই এটা কৰি।”

— “তহঁতৰ খুড়াৰ বাইক এখন আছে নহয়! তাৰ পৰা পোৰা মবিল অলপ উলিয়াই ল’বিচোন। তুলা এটুকুৰাত লগাই দাঁতৰ গুৰিত থৈ দিবি কিছুসময়, চাবি তই অতি সহজেই ভাল পাই যাবি।”

“বাৰু চাম দেচোন ট্ৰাই এটা কৰি।”

এইকেইটা উদাহৰণহে… আৰু যে কত কি পথ্যই খেদি ফুৰিছে মোক। ফুৰিবই দিয়ক চোন! ইমান শান্ত শিষ্ট ল’ৰাটোক ইমান কষ্টত থকা কোনেনো সহ্য কৰিব পাৰে।

কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে – পথ্য বিলাক যেন এটা এটাকৈ পৰীক্ষা কৰি যাম। কিন্তু, কি হ’ব! পিছত আকৌ জীৱটো উৰি যোৱাৰ ভয় এটাইও খামুচি ধৰেহি নহয়। কি যে কৰোঁ‌ একেবাৰেই উপায়হীন হৈ পৰিছোঁ‌। বিষৰ কোবত ৰ’ব নোৱাৰি মাজে মাজে হাতুৰীৰে কোবাই গোটেই কেইটা দাঁত একেলগে খুলি থোৱাৰ পণো বহুকেইবাৰ কৰি চাইছোঁ। কিন্তু, কি কৰিব আৰু! দাঁতবিহীন সোলা মুখ এখনৰ ছবি লগে লগে চকুৰ আগত ভাঁহি আহে। যি দেখা গৈছে এনেকৈয়ে মৰিব লাগিব যেন পাইছোঁ‌ আৰু। কেতিয়াবা কেতিয়াবা কি হয় জানে! কোনোবাই যদি ওচৰতে আহি চপচপাই কিবা চোবাই আছে, মুখখনেৰে পেৰপেৰাই কিবা বকি আছে; খঙটোৱে তেজৰঙা আবিৰ সানি দিয়ে নহয় মোক। যেন একেঘোচাই সিহঁতৰো দাঁত কেইটা সৰাই দিম।

সিদিনাৰ কথা। কলেজৰ পৰা স্বগৃহ অভিমুখে আহিবৰ সময়ত অতি আনন্দেৰে টেম্পো এখনত পদধূলি দিছোহক। দিনৰ দিনটো তলৰ মাটি ওপৰ কৰাৰ পোতক তুলিবলৈ আমি চাৰিজনে নোহোৱাক হোৱা, হোৱাক নোহোৱা কৰা কথা কিছুমানৰ বকলা মেলি অতি কোৰ্হালেৰে আহি আছিলো। কিন্তু কি কৰিব! বিধিৰ বিপাক.. , ঘৰিয়ালৰ চামৰা যেন ওখৰা মোখৰা ৰাস্তাফেৰিৰে গতিৰত অৱস্থাত গালখনতে এবাৰ লাগি গ’ল এটা ৰাম খুন্দা। উফ.. উফ… উফ… যমৰ ঘৰলৈ নিমন্ত্ৰণ অহা যেন লাগি গৈছিল অ’ প্ৰভুসকল। খুন্দা খালো যি খালোঁৱেই। সেই এলাইবাদু বিষটোৱে পুনৰ মেৰিয়াই ধৰিলে নহয়। হাতেৰে গালখনত হেঁচি ধৰিছো হে ধৰিছো বিষ কমাৰ নামেই নলয়চোন। এইফালে বাঘৰ আগতেল খোৱা লগৰকেইটাৰ চিঞৰটো আছেই। কেনেকুৱা এক পৰিস্থিতি বেলেগকৈ তৰ্জমা কৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই! নহয় নে? শুভাকাংক্ষীৰ ডাক্তৰ হোৱা ওষ্টাদি বোৰৰ কথাটো আগতে উনুকিয়াই থৈছোয়েই, লগৰ কেইটাও সেই একেপাত গছৰেই ফল ওলাল।

☆★☆★☆

18 Comments

  • Mridusmita Sarma

    বঢ়িয়া

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      ধন্যবাদ… আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে

      Reply
  • আনন্দ কুমাৰ নাথ৷

    ভাল লাগিল দন্তপুৰাণ খন পঢ়ি৷লিখি থাকিবা৷

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      ধন্যবাদ খুড়া…. সুখী হলো

      Reply
  • বৰ ৰস লগাকৈ লিখিলে। দাঁতৰ বিষৰ এনে প্ৰতিক্ৰিয়া—! হা হা।ভাল লাগিল।

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      ধন্যবাদ দেই … আপোনাৰ মন্তব্যই সুখী কৰিলে

      Reply
  • deepjyoti handique

    কৃঞ্চ পাই থৈছো অ । ভাষা নাই বৰ্ণনা কৰিবলৈ । মুঠতে যমৰ যাতনা । হেৰি কৰিব বুইছে । কলগেট অকন লগাই চাবচোন । সেৰৌ সকলো এ বিধান দিয়ে । মই নিদিলে আধৰুৱা হব যে ।

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      হাঃ হাঃ… আপোনাৰ বিধানটিও প্ৰয়োগ কৰি চাম বাৰু….

      Reply
  • তামাম বৰ্ননা দেই৷ হুবহু অনুভৱ কৰিলো৷ সুন্দৰ!

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      ধন্যবাদ দাদা

      Reply
  • ৰিণ্টু

    আজিলৈ এইবিধৰ মুখা-মুখি হোৱা নাই তেৰাৰ কৃপাত। কিন্তু ৰাইজৰ মুখত শুনি শুনিয়েই উমান পাই থৈছো।

    খুব সাৱলীলকৈ লিখিছে, ভাল লাগিল পঢ়ি

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      ধন্যবাদ দেই

      Reply
  • হাঁহি হাঁহি পঢ়িলোঁ, আজিলৈ হোৱা নাই যদিও হোৱাবোৰৰ পৰা আভাস কিছু পাই থৈছোঁ। ভাল লাগিল।

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      ধন্যবাদ দেই

      Reply
  • য’তে ভুতৰ ভয় ত’তে ৰাতি হয়

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      তাকেইহে…..

      Reply
  • উত্তৰা

    কৃচন পাই থৈছো সেইভাগ আৰু সেইকাৰনে গুৰিৰ ফালে আটাইকেইটা ডাক্তৰকে দান দিলো।এতিয়া আলুকিটাইহে সেইকেটাৰ স্মৃতিত আছে।নথব হেৰি আজৰি হৈ আহক।

    Reply
    • সৌৰভ জ্যোতি বৰ্মন

      হাঃ হাঃ… দেখিছোঁ আপোনাৰ অভিজ্ঞতা মোতকৈ পুৰণি

      Reply

Leave a Reply to Pranita Goswami Barthskur Cancel reply

Your email address will not be published. Required fields are marked *