ফটাঢোল

কৌতুক – ইন্দিমা বৰুৱা

স্কুলখনত টিকলুৰ এটা নাম আছে৷ যিকোনো বিষয়ত তাৰ অগাধ পাণ্ডিত্য৷ এদিন শিক্ষকে সুধিলে-
শিক্ষকঃ- দুৰ্ঘটনা আৰু দূৰ্ভাগ্যৰ অৰ্থ বুজাই কোৱাচোন,টিকলু৷
টিকলুঃ- ছাৰ,আপুনি ধৰক,এটা কু্ঁৱাত পৰি গল৷ এইটো এটা দূৰ্ঘটনা ৷
শিক্ষকঃ- কি? মই কুঁৱাত পৰিম? (অলপ ৰৈ) বাৰু,এতিয়া দূৰ্ভাগ্যৰ কি হ’ব, কোৱাচোন৷
টিকলুঃ- ছাৰ,এই ধৰক,আপুনি কু্ঁৱাৰ পৰা ভালে কূশলে একো নোহোৱাকৈ উঠি আহিল৷ এইটো আমাৰ বাবে দূৰ্ভাগ্য৷
ইয়াৰ পিছতেই টিকলুৰ পিঠিখনত দুৰ্ভাগ্যই লগ ল’লে৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *