ফটাঢোল

ভালপাব নিশিকিলোঁ‌ পাইও হেৰুৱালোঁ‌ – মিৰাজুল ৰছিদ

মই বৰ পজিটিভ মাইণ্ডৰ ল’ৰা। কেইবছৰনো বয়স হৈছে? মাত্ৰ ২৭ হে। আচলতে এতিয়াহে মোৰ প্ৰেমত পৰাৰ প্ৰকৃত বয়স হৈছে। আগৰ প্ৰেমবোৰত ভালপোৱা, মৰমবোৰ আচলতে অপৈণত আকৰ্ষণহে আছিল। গতিকে এতিয়া ভাল পাম একেবাৰে চিৰিয়াচলি আৰু এইবাৰ বিয়া পাতিম খাটাং।
নামি পৰিলো কৰ্মক্ষেত্ৰত। ভুল নকৰিব চাকৰিৰ কৰ্মক্ষেত্ৰ নহয়, প্ৰেমৰ ক্ষেত্ৰখনৰ কথা কৈছোঁ‌।
এজনী আছিল বান্ধৱী, যিজনীয়ে সদায় মোৰ লগত নিশা ১ বজালৈ ফোনত কথা পাতে। অহ! এইখিনিতে কওঁ, নিশা ১ বজা পৰ্যন্ত মোৰ লগত কথা পাতে, কিন্তু সেয়া আমাৰ কথা নহয়, তাইৰ বয়ফ্ৰেণ্ডৰ কথাহে। যেনে- “সি জানা আজি মোক ইমান ইগনোৰ কৰিছে, সি মোক ভাল নাপায় চাগে মিৰাজ। সি এনেকৈ থাকিলে মই সঁচাই তাৰ লগত ব্ৰেকআপ কৰি দিম জানানে” ইত্যাদি। ইফালে মই সদায় টোপনি ক্ষতি কৰি এইখিনিয়ে শুনিবলৈ বাট চাই আছিলো যে, “মিৰাজ মই আজি ব্ৰেকআপ কৰিলোঁ‌।” কিন্তু ক’তনো ব্ৰেকআপ কৰিব। এমাহ ধৰি শুনিহে থাকিলো তাইৰ কথাবোৰ। মনতে, তাই বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ কৰিব আৰু মই তাইৰ লগত চেনেলটো মিলাই ল’ম, ময়েই তাইৰ নেক্সট বয়ফ্ৰেণ্ড হ’ম বুলি ভাবি ৰৈ থাকিলোঁ‌।

সেই দিনটো কেতিয়াও নাহিল। শেষত তাইৰ আশা বাদ দিলোঁ‌। তাইৰ সেইখন চিনেমা অনন্ত কাললৈ তেনেকৈয়ে চলি থাকিব হয়তো।

বহুদিন বিচাৰি মোৰ লগত যোৰা মিলা ছোৱালী এজনী পাই গ’লো। তাইক ৰেষ্টুৰেণ্ট এখনত প্ৰথম দেখিছিলোঁ‌। এক নজৰ মে ভি প্যাৰ হোটা হ্যে কথাষাৰ সঁচা। পৰি গ’লো তাইৰ প্ৰেমত। যেনেকৈ নহওক এইজনী ছোৱালীক পতাব লাগিব। মিহি মিহিকৈ ওচৰলৈ গৈ চিনাকী হ’লো। তাই ৰেষ্টুৰেণ্টখনৰ লগতে থকা কেৰিয়াৰ কাউনচিলিঙৰ অফিচটোত কাম কৰে। সেইদিনাৰপৰা ময়ো সদায় ৰেষ্টুৰেণ্টখনলৈ যোৱা কৰিলোঁ‌। লাহে লাহে আমাৰ সম্পৰ্ক অলপ আগবাঢ়িল। আগৰ দিনৰ টিভিৰ এণ্টিনাডাল ঘূৰালে জিলমিলকৈ যিদৰে চেনেলৰ পিক্সাৰ আহিছিল, ঠিক তেনেদৰে আমাৰ ভালপোৱাবোৰো জিলমিলকৈ আহিবলৈ ধৰিছিল। লগে লগে শুভ কামৰ আশীৰ্বাদ ল’বলৈ বন্ধু দুজনমানক তাইৰ বিষয়ে ৰচনা এখন লিখি হোৱাটচএপত পঠিয়াই দিলোঁ‌। সিহঁতেও হিয়া উজাৰি আশীৰ্বাদ দিলে। মোৰ ফালৰপৰা সকলোবোৰ ঠিক-ঠাক কৰা হৈ গ’ল। লগৰ এজনে কথা দিলে যে, “ভাই পলুৱাই আনিলে মোৰ ঘৰত ৰাখিব পাৰিবি এমাহলৈ, বিন্দাচ।” তাৰ কথা শুনি মোৰো সাহস বাঢ়ি গ’ল। ভালপাওঁ বুলি কোৱাৰ প্ৰয়োজনীয়তা আহি নপৰিল। মানে দুয়ো নোকোৱাকৈয়ে জানিলো যে আমি ইতিমধ্যে ভালপোৱাৰ সাগৰখনৰ মাজত আহি পৰিছোঁ আৰু মইতো সাঁতুৰিবও নাজানো।

সময় পাৰ হ’ল। আমি কি কৰা নাই? মানে শ্বপিং, চিনেমা, বুক-ফেয়াৰ, পাৰ্ক, ৰেষ্টুৰেণ্ট ক’ত যোৱা নাই? আৰে, আফটাৰ অল তাই মোৰ অৰ্ধাংগিনী হ’বই এদিন। গতিকে অলপ খৰছটো কৰিবই লাগিব ন? মই এনেয়েও পজিটিভ মাইণ্ডৰ ল’ৰা, নিগেটিভ চিন্তা মনলৈ কেতিয়াও আহিবলৈ নিদিওঁ।

এদিন তাই ক’লে চি.চি.ডিলৈ আহা। মই লগে লগে চি.চি.ডিত গৈ হাজিৰ। তাইলৈ ৰৈ আছো। ১৫ মিনিটৰ পিছত তাই আহিল। ইতিমধ্যে কফি অৰ্দাৰ কৰিছিলো মই। তাই মোক আহিয়েই ক’লে, “আমি কথা পাতিবলগীয়া আছে।”
মই – (হাঁহি হাঁহি) “আৰে কথা পাতিবলৈয়ে আহিছো আকৌ।”
তাই – “নহয় আমাৰ ৰিলেচনটোৰ কথা।”
মই – “অঁ, আমাৰ কথায়ে পাতিম ন। কালি জানা মই ভাস্কৰকো ক’লো আমাৰ কথা। সি জ্বলিছে, তাৰ গাৰ্লফ্ৰেণ্ড নাই যে। আমাৰ ৰিলেচনৰ কথা শুনি তাৰ চুলি থিয় হৈ গৈছে।”
তাই – “নহয় মিৰাজ, কি অঁকৰাৰ দৰে কথা কৈ আছা? মই ব্ৰেকআপ কৰিম তোমাৰ লগত।”
কি…? কি…? কি…?
(হিন্দী চিৰিয়েলৰ দৰে তিনিবাৰকৈ একেটা শব্দ কৈ দিলোঁ‌)

মই আচৰিত। সেইখিনি সময়তে ৱেইটাৰজনে কফিৰ কাপ আনি দিলে। তাকো চি.চি.ডিৰ সেই দিল (লাভ) আঁকি দিয়া কফি। মই ৱেইটাৰজনক ক’লো, “অ’ ভাই তই মোৰ কাপটো লৈ যা আৰু এই ওপৰত আঁকি দিয়া দিলটোৰ ইপাৰৰপৰা সিপাৰলৈ কাঁড় এডাল বনাই লৈ আন যা।” তাৰো বুজিবলৈ বাকী নাথাকিল যে, আঙুৰে লঙ্গুৰক এৰি দিছে।

মুহূৰ্ততে মোৰ সকলো সপোন ভাঙি গ’ল। মাক বোৱাৰী আনি দিয়াৰ আশাত চেঁচা পানী পৰিল। এইবাৰো প্ৰেমৰ নামত মোৰ হিয়াৰ পুখুৰীৰ পানী ঘোলা হ’ল। ইমান বেয়া অৱস্থাতো মই মোৰ পজিটিভ এটিটিউদ এৰি নিদিলো। মই তাইক লাহেকৈ মিঠা মাতেৰে ক’লো, “শুনা, ভাড়াঘৰত থাকিলেও মানুহে ঘৰ এৰাৰ এমাহৰ আগত মালিকক জনাব লাগে। মালিক যাতে বিপদত নপৰে তাৰবাবেই এই নিয়ম। তুমিতো মোৰ হৃদয়ত ভাড়া নহয় পাৰমানেণ্টলি থাকিবলৈ লৈছিলা ন? কিন্তু আগতীয়া নটিছ এখনো নিদিলা ব্ৰেকআপৰ? ভুল কৰিছা তুমি। আজি ফেব্ৰুৱাৰীৰ ১০ তাৰিখ। চাৰি দিনৰ ভিতৰত মই নতুন গাৰ্লফ্ৰেণ্ড ক’ৰপৰা যোগাৰ কৰিম হাঁ? ভাস্কৰহঁতে ভেলেণ্টাইন ডেৰ দিনা মোক দেখি হাঁহিব জানানে? বাৰু ব্ৰেকআপৰ কাৰণ কি কোৱাচোন?”

তাই- (সেমেনা সেমেনিকৈ) “আমাৰ বচে (Boss) মোক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছে ঘৰত গৈ আৰু মাহঁতেও হ’ব বুলি কৈছে। মইনো কেনেকৈ মানা কৰিম!”

মই একো নোকোৱাকৈ ভগ্ন হিয়াখন লৈ গুছি আহিলোঁ‌। মনতে ভাবিলো, “চাল্লা স্কুলৰ বেলটোৰো বেছি ভ্যেলু আছে হে। অন্ততঃ কেতিয়া বাজিব তাৰ সময় আগতীয়াকৈ জনা থাকে। মোকতো কথা-বতৰা নাই মন গ’লেই আহি বজাই যায়।”
তথাপি মনটোক সান্তনা দিলোঁ‌, আল ইজ ৱেল, আল ইজ ৱেল। তাই ছোৱালীজনী বহুত চাপৰ আছিল অ’। এনেয়েও মোৰ লগত নিমিলিলহেঁতেন। ব্ৰেকআপ হ’ল ভালেই হ’ল।

☆★☆★☆

8 Comments

  • শঙ্কৰ জ্যোতি বৰা

    দজ্জা৷

    Reply
  • ভাল লাগিল দেই

    Reply
  • Kangkan Borah

    তামাম…… ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে…..মিছাতে মানুহে চাপৰ বুলি হাঁহিলে হয়

    Reply
  • হা হা ‘অল ইজ ৱেল’–বি+। বঢ়িয়া লাগিল।

    Reply
  • উত্তৰা

    আল ইজ ৱেল আল ইজ ৱেল।
    বহুত চাপৰ। কাষলতিৰ
    লতে থাকিল হেতেন।

    সান্তনা আৰু।

    Reply
  • জাহ্নৱী গগৈ

    ভালেই হ’ল অ’

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *