ফটাঢোল

ফটাপ্ৰেম – খনিন্দ্ৰ ভূষণ মহন্ত

জালুকবাৰীৰ মায়াৰ কথা হয়তো নতুনকৈ ক’ব লগা নাই। মই যেতিয়া যোৰহাটত আছিলোঁ, মোৰ স্কুলীয়া কেইবাজনো বন্ধু জালুকবাৰীৰ বাসিন্দা হৈছিলগৈ। সিহঁতৰ মুখতে কথাবোৰ শুনি শুনি ঠাইখনৰ প্রতি থকা মোহটো দুগুণে বাঢ়িছিল। মিছা ক’লে কিডাল হ’ব, শাৰী-শাৰী কৃষ্ণচূড়া-ৰাধাচূড়া, এজাৰ, সোণাৰুৱে আৱৰা “কেম্পাচ”, নিয়ন লাইটৰ তলত চেনীপুলত বহি, বোটানিকেল গার্ডেনৰ মাজত সিহঁতৰ যিহে ফটো উঠাৰ কোব মনে মনে জ্বলন এটাও হৈছিল। সোঁৱে-বাৱেঁ থকা পখিলাবোৰৰ কথা নক’লোৱেইবা!

এদিন যেতিয়া মোৰো সেইখন জগতত ভৰি দিয়াৰ সৌভাগ্য হৈছিল সেই সুখকণ ভাষাৰে বর্ণনাব নোৱাৰি। সেই বন্ধুবোৰৰ এক্সপার্ট অপিনিয়নৰ মতে ইউনিভার্চিটিৰ ৮৫% ছোৱালী। আস্! ভাবিয়েই গাটো কিবা ৰিমঝিম ৰিমঝিম লাগি গ’ল। মোৰ কবিতাৰ সোণপাহীক কিজানি ইয়াতেই বিচাৰি পাম! মন আকাশত তেতিয়া কৃষ্ণচূড়া ফুলাৰ সময়…

একে ক্লাছৰে বান্ধৱী এজনীৰ লগত ভাল ঘনিষ্ঠতা এটা গঢ় লৈ উঠিছিল। ফোন নাম্বাৰ দিয়া-দি হ’ল। দিনটো ক্লাছত একেখন বেঞ্চতে দুয়ো বহোঁ আৰু বাকী সময়খিনি মোবাইলত তাইৰ লগত হোৱাটচ-এপত চ্যেট কৰিয়েই পাৰ হৈছিল। নৱাগত আদৰণী সভাত নিজৰ পছন্দৰ ছোৱালী এজনীক গোলাপ ফুল সহিতে প্রেমৰ প্রস্তাৱ দিয়াটো নিয়ম বুলি মোৰ আগতেই জনা আছিল(স্কুলৰ বন্ধুবোৰে কৈ থৈছিল)। গতিকে মই তাইকেই ফুলপাহ দিম বুলি মনতে ঠিৰাং কৰি পেলালোঁ। আগদিনাই কবিতাৰ চাৰিটা শাৰী মুখস্থ কৰি থৈছিলোঁ। সভাত তাইৰ কাষলৈ গৈ এটা আঠু মাটিত দি গোলাপ কলিটো চিনেমাৰ আন্দাজত আগুৱাই শাৰীকেইটা গাই দিলোঁ। গোটেই হলটোত সুহুৰি আৰু হাত-চাপৰিৰ গুঞ্জন শুনা গৈছিল। আচলতে মই তাইক মনে-মনে ভাল পাই পেলাইছিলোঁ। কিন্তু মুখ ফুটাই কোৱাৰ সাহসকণ মোৰ হোৱা নাছিল। ভয় এটাই, কিজানি সেইটোৰ গইনা লৈ আমাৰ বন্ধুত্ব হেৰাই যায়! সুবিধাটো পাই মই মোৰ মনৰ সঁচা কথাখিনি কৈ দিলোঁ‌। সকলোৱে যাক ধেমালি বুলি আওকাণ কৰিলে, তাতেই মোৰ প্রেমৰ ফুলপাহে সুগন্ধি বিলাবলৈ আৰম্ভ কৰিলে।

সময়বোৰ গৈ থকিল। মোৰ মনৰ কথাখিনি তেতিয়াও তাইৰ ওচৰ পোৱাগৈ নাছিল। এচাইণ্টমেণ্টেই হওক, কিবা event management হওক, আমি দুটা সদায় একেলগে আছিলোঁ। লগৰবোৰে জোকোৱা-জোকোৱি কৰিছিল। মই ভালেই পাইছিলোঁ যদিও “হেই, তহঁতে যে কি কৱ” বুলি কৈ তাইক দেখুৱাই মিছা অভিনয়ো কৰিছিলোঁ। তাই এইবোৰত একেবাৰে মৌন আছিল। “প্রেমত মৌন হৈ থকা মানেই ইয়াৰ উত্তৰ ধনাত্মক বুজিছ”-কোনোবা এটা “লাভ গুৰু” বন্ধুৰ ভাষ্য সেইটো। মোৰ মন ভাল লগাবলৈ কৈছিল নে সঁচাই কৈছিল মই ভাবি পাৰ নাপাওঁ। “নাই। তাইক কাইলৈ কৈ দিম। যি হয় দেখা যাব”-এনেকৈ ভাবি যে কেইটা উজাগৰী নিশা পাৰ হৈছে তাৰ হিচাপ নাই। কোৱাহে হোৱা নাছিল। পাকে-প্রকাৰে মই যে তাইক ভাল পাই পেলাইছোঁ সেইটো কথা বুজাবলৈ চেষ্টা মই কৰি আছিলোঁ। কিন্তু সকলো বৃথা।

চাওঁতে চাওঁতে চতুর্থ ষাণ্মাসিকৰ পৰীক্ষা পালেহি। বিদায় সভাত মই শ্রেষ্ঠ বিদায়ী ছাত্র আৰু তাই শ্রেষ্ঠা বিদায়ী ছাত্রী বিবেচিত হ’ল। খুউব ফূর্তি কৰিছিলোঁ আমি দুয়ো। ৰাতি তাই হোৱাটচ্-এপত মেচেজ দিলে-“কাইলৈ এপাক আহিবাচোন ইউনিভার্চিটিলৈ। তোমাৰ লগত ডাঙৰ কথা এটা আছে।” উস্! এইটো কথা শুনিবলৈকে যেন মোৰ কাণ দুখনে প্রায় দুটা বছৰ পাৰ কৰি দিলে! ওৰে নিশা সপোনত “পেহলা নাচা”ৰ পৰা “চনম ৰে'”লৈকে বছা-বছা ৰোমাণ্টিক গানবোৰ বাজি থাকিল। পিছদিনা আন দিনাতকৈ অলপ “ফিটিং” হৈ গৈছোঁ। পুৱা ১০ বজাৰ সময় দিছিল। এতিয়া ১০-৩০ হৈ গ’ল! ফোন লগালেও ৰিং কৰি কৰি কাটি গৈছে। মোৰ চিন্তাই লাগিল। আৰু প্রায় ১০ মিনিট পাছত তাই কোনোবা ল’ৰা এজনৰ বাইকত আহি ওলালহি। নামিয়ে মোক ল’ৰাজনৰ লগত চিনাকি কৰাই দিলে,”মই যে কৈছিলোঁ, ইয়েই। বৰ হেল্পফুল ল’ৰা জানা।” মই নমস্কাৰ দি “তাই এনেই কৈছে” বুলি কথা সলালোঁ। এইবাৰ তাই ল’ৰাজনক চিনাকি কৰাই দিলে,”ই কৌস্তভ। মোৰ স্কুল-মেট। and we are in a relationship from college days. মই লগৰ এটাকো ইয়াৰ কথা কোৱা নাই। তোমাক বিশ্বাস কৰিব পাৰি বাবে ক’লোঁ।……” তাই আৰু কিবা-কিবি কৈ আছিল যদিও মই নুশুনিলোঁ। মোৰ নিজৰ কাণখনে শুনা কথাবোৰো বিশ্বাস কৰিবলৈ টান লাগিছিল। এই যেন চিঞৰি চিঞৰি ক’ম,”তুমি মিছা মাতিছা। তুমি মোৰ, কেৱল মোৰ।” নোৱাৰিলোঁ। সিহঁত দুয়ো মোক “মেইন গেট’ত এৰি আঁতৰি গ’ল। মোৰ প্রসাৰিত দৃষ্টিয়ে সিহঁতক নেদেখা হোৱালৈকে চাই থাকিল। হোষ্টেললৈ অহা প্রথম দিনাই আমাক চিনিয়’ৰ এজনে কৈ দিছিল,”ইয়াৰ প্রেম টালি-টোপোলা বন্ধা প্রেম। টোপোলা খুলিলে আৰম্ভ হয়, বান্ধোতে শেষ হয়।” কথাষাৰে বাৰুকৈ আমনি কৰিছিল।
মোৰ কাণত অহৰহ বাজি আছিল-
“প্রেম নকৰিবা
নকৰিবা মোৰ বন্ধু
মার্কেট ৰ’দত
নেবেচিবা হিয়া বন্ধু
গধূলিৰ আহ্বান, প্রেমৰ দৰ-দাম
দামী দোকানত প্রেমৰ বৰদাম বন্ধু
খুচুৰা পইছাত মৰম নিবিকে বন্ধু…”

☆★☆★☆

One comment

  • ধৰিত্ৰী শৰণীয়া(ভণীতা)

    জালুকবাৰীৰ মোহনীয়তা একোৰে লগত তুলনা কৰি নোৱাৰি।ভাল লাগিল।জালুকবাৰীৰ বন্ধুত্বৰহে সোৱাদ পালো।প্ৰেমৰ নাপালো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *