ফটাঢোল

মোহগ্ৰস্ততা – ইন্দিমা বৰুৱা

কিমান বছৰৰ আগৰ কথা বাৰু; এতিয়াও অগা ডেৱা কৰে সেইবোৰ কথাই কেনেকৈ নিজৰ মোহগ্ৰস্থতাক প্ৰেম নাম দি ভুল কৰিছিলোঁ‌৷

অৱশ্য পৰিপক্কও নাছিলোঁ‌। বয়স কম আছিল লগতে মগজুও৷

মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীত এডমিচন লৈছোঁ‌ আৰু মন সেই সময়ত কমোৱা তুলা উৰাদি উৰিয়েই ফুৰে। ধুনীয়া ল’ৰা দেখিলেই চকু পৰে, পিচে পতকৈ মই কাকো একো নকও কিয়নো এডাল অদৃশ্য শিকলি দেউতাৰ ৰঙাচকুৰ গাত মেৰ খাইয়ে থাকে৷

মোলৈ কোনোবা আকৰ্ষিত হোৱা যেন দেখিলেও মই পাচহুঁ‌হুকি আহিছিলোঁ‌৷ সেই বয়সতেই মূৰত এটা কথা সোমোৱাই লৈছিলোঁ‌ যে এই প্ৰেম চ্ৰেম কৰি মা দেউতাক দুখ নিদিও কেতিয়াও৷

পিছে কি হ’ব বান্ধৱী এজনীৰ ঘৰলৈ যাওতে লগ পালোঁ‌ তাইৰ ঘৰৰ ওচৰৰে এজন ল’ৰাক। বয়সত মোতকৈ বহুত ডাঙৰ। তাই দাদা বুলি চিনাকি কৰাই দিলে। তেওঁ‌ কথাবিলাক ইমান ধুনীয়াকৈ কয় যে শুনিলে শুনি থাকিবৰ মন যায়৷ দেখাতো তেওঁ‌ এজন সুপুৰুষ৷

লাহে লাহে বাটে ঘাটে পালে বা ক’ৰবাত লগ পালেও ইমান সুমধুৰকৈ কথা পাতে মোৰ মনত ডোলা দি যায়। মোক লগ পালেই তেঁও ইমান প্ৰশংসা কৰে মই নিজেই আচৰিত হও মোৰ ইমান গুণ আছেনে বুলি৷

সকলোৰে লগত পেটপেটাই থকা মই তেওঁ‌ কথা ক’লে উলোটাই একো উত্তৰ দিব নোৱাৰো৷

“গোলাবী আখে য়ে তেৰী চেহৰা চম্ভালনা মুচকিল হো গেয়া লা লা লা লা……” এইদৰে মোক দেখিলেই সদায় এই গানটোকেই গুণগুনাই চকুয়ে হাঁহি মোক জোকাইছিল৷ মই গম হয়তো নোপোৱাকৈয়ে তেওঁ‌ৰ প্ৰেমত পৰি গ’লো৷ মোৰ এনেকুৱা হৈছিলগৈ তেওঁ‌তকৈ অইন কোনো ল’ৰাকে ভাল নেদেখা হ’লো৷ তেওঁ‌য়েই যেন পৃথিৱীৰ সকলোতকৈ সুন্দৰ পুৰুষ৷ যদিও বহুত দিনৰ মূৰত কেতিয়াবাহে লগ পাও তথাপি মোৰ বাবে সেইয়াই বহুত আছিল৷

এনেদৰেই ছমাহমান যোৱাৰ পাচত মোৰ বান্ধৱীজনীয়ে মোক ক’লেহি, “অই বুইছনে নাই অমুক দাদাক প্ৰেমিকাই চৰ সোধালে নহয়৷”

মই অবাক, কি! কোন প্ৰেমিকা? মই যেন আকাশৰ পৰাহে ধূপকৈ খহি পৰিলোঁ‌।

তাই খুউব হাঁহিলে ক’লে এই দাদাটো যে তোকো কেতিয়াবা জোকাই (মই কাকোয়েই কোৱা নাছিলো মোৰ অনুভৱৰ কথা) ধুনীয়া চেহেৰাটো আছে বাবেই বহুত ছোৱালীৰ লগত চেনী মাৰি থাকে। সেইদিনা দুজনীয়ে একেলগে পালে আকৌ৷ য’তে যায় তাতেই প্ৰেমিকা গোটাই থৈ আহে।

মোৰ মুখেদি একো মাত ওলোৱা নাছিল৷ নিজকে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বুৰ্বকটোৰ দৰে লাগিছিল৷
হয়তো মোকোতো কোনোদিনা কোৱা নাছিল ভালপাও বুলি মইহে তেওঁ‌ৰ কথাত ভোল গৈ সেইয়া প্ৰেমৰ নাম দিছিলোঁ‌৷

মনটো গধূৰ লাগিছিল যদিও মই সত্যটো মানি ল’লো। একপ্ৰকাৰে মোৰ লাভো হ’ল, এটা ডাঙৰ শিক্ষাও পালোঁ‌৷ পাচলৈ কোনো ল’ৰাৰ তেনে কথাত ভোল নোযোৱা হ’লো সকলো ধেমালি কৰি উৰোৱাই দিব জনা হ’লো৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *