গাঁৱলীয়া! – জ্যোতিৰূপম দত্ত
বন্ধৰ দিনকেইটাত বৰ দিগদাৰ৷ ল’ৰা-ছোৱালীহালে এই পাৰৰ বাহৰ দৰে ফ্লেটটোত সোমাই থাকিবলৈ নোখোজে৷ পৰিবাৰৰো খেংখেঙনি৷ ইফালে কৰবালৈ ফুৰিবলৈ যোৱা মানেই শ্বিলং! তাৰ বাহিৰে আন জেগালৈ যাবলৈ কোনেও মন নকৰে৷ পিছে আজি হঠাতে ইহঁতক এটা চাৰপ্ৰাইজ দিবলৈ মন গ’ল৷
কথাটো হ’ল যে সিদিনা বহুদিনৰ মুৰত গনেশগুৰিত বিনন্দক লগ পালো৷ সি মোৰ স্কুলীয়া বন্ধু৷ সৰু সুৰা দুই-এপদ বস্তু কিনিবলৈ গুৱাহাটীলৈ আহিছে হেনো৷ মই খবৰ খাতি ললো৷ কি কৰি আছে সুধিলো৷
: এহ, আমাৰ কথানো কি ক’ম৷ খেতি-বাতিকেই কৰি কোনোমতে চলি আছো আৰু৷ এদিন আহিবিচোন৷ পৰিয়ালৰ সকলোকে লৈ আহিবি৷ তোৰ ফোন নম্বৰটো দে৷ কেতিয়াবা কথা পাতিম৷ আজিকালি কাকো লগ নোপোৱাই হ’লো৷– বিনন্দই বৰ বিনম্ৰতাৰে কথাখিনি ক’লে৷
ময়ো বেছি কথা নবঢ়ালো৷ পা-পইছা খোজে বুলি ভয়ো লাগিল৷ অনিচ্ছা সত্বেও ফোন নম্বৰটো দিলো৷ বিনন্দৰ নম্বৰটোও ললো৷
আজি হঠাতে বিনন্দলৈ মনত পৰি গ’ল৷ লাহেকৈ বাৰাণ্ডালৈ উঠি গৈ তালৈ ফোন লগালো৷
: ঘৰতে আছ’নে? আজি এপাক সেইফালে যাম বুলি ভাবিছিলো৷
কথাষাৰ শুনিয়েই সি উচ্ছাসিত হৈ ক’লে, “আহি যা ভাই! কিমান দিন যে তোক লগ পোৱা নাই৷ আজি দিনটো ঘৰতে আছো৷ আটাইকেইটাকে লৈ আহিবি৷ দুপৰীয়াৰ ভাতসাঁজ ইয়াতেই খাব লাগিব৷ মই ভাতৰ যোগাৰ কৰিম৷”
: বাৰু, তই কৈছ’ যেতিয়া যাম৷ – এইবুলি গোঁফৰ তলতে মিচিকিয়া হাঁহি এটা মাৰি ভিতৰলৈ সোমাই আহিলো৷ কাম হৈ গ’ল৷
: হেৰা! শুনিছানে? আজি এটা বিশেষ প্ৰগ্ৰেম ফিটিং কৰিলো! দুপৰীয়াৰ ভাতসাঁজৰ জোগাৰ হৈ গ’ল৷ কি খাবা, লোকেল মাছ, লোকেল মাংচ, লোকেল কণী, লোকেল চব্জী! চব থাকিব!
কথাটো শুনিয়েই শ্ৰীমতীৰ বচন আৰম্ভ হৈয়েই গ’ল৷
: কি? মই হ’লে কোনো ধাবালৈ নাযাও দেই! মঙহ নোহোৱা লোকেল কুকুৰাৰ ঠেং চোবাবলৈ নাই৷ মাছ-মাংস সকলোতে একেসোপা মছলা এসোপা ঢালি একাকাৰ কৰে৷ প্ৰতিখন আঞ্জাৰে একেই অৱস্থা৷ এছামিজ থালীৰ নামত সেৰেকা অমিতাৰ খাৰ, তিনিদিনলৈ ফ্ৰিজত থৈ দিয়া আলু পিতিকা, শাকৰ নামত বন-শাকৰ শিপা-বুঢ়া পাত আনকি দুবৰি বন মিহলি থকা তেলতেলীয়া ভাজি, লগত সা-সোৱাদ নোহোৱা পায়সৰ বাটি এটা! মাটিমাহৰ দাইলখনত শিল এটা নাপালে সেইখন লোকেল থালিয়েই নহয়৷ দামো লয় একেবাৰে৷ নাযাও! তাতকৈ ঘৰতেই অৰ্ডাৰ দিম, চাৰিআলিতে নতুনকৈ মেক্সিকান ৰেষ্টুৰাঁ এখন খুলিছে হেনো৷ মই হোৱাটছএপৰ গ্ৰুপত পাইছো৷”
মই দেখিলো কথা বিষম৷ মেক্সিকান ৰেষ্টুৰাঁৰ অৰ্ডাৰত আমেৰিকান ডলাৰৰ দৰে দাম হ’ব! মানে যা-তাকৈ এসোপা ধনৰ শৰাধ৷
: নাই নাই! কথাটো শুনি লোৱা৷ কোনো ধাবালৈ নাযাও৷ মোৰ লগৰে ল’ৰা, বিনন্দ৷ টেকেলীয়া গাওঁত ঘৰ৷ ইয়াৰ পৰা বৰ বেছি এঘণ্টাৰ বাট৷ সিহে আজি দুপৰীয়া এসাঁজ খাবলৈ মাতিছে৷ মই হ’ব বুলি কলো৷ কি কোৱা?
শ্ৰীমতীৰ মনত কেতিয়া কি খেলায় কোনেও নাজানে৷ আজি হঠাতে একেষাৰে হয়ভৰ দি দিলে৷
: ব’লা! মই ইহঁতক ৰেডী কৰাই দি আছো৷ দচ মিনিটত হৈ যাব!
মই ঘড়ীলৈ চালো৷ ‘দচ মিনিট’ মানে কমেও এঘণ্টা লাগিবই!
ইফালে দুপৰীয়াৰ নিমন্ত্ৰণৰ কথাটো মাকৰ মুখত শুনি ল’ৰা-ছোৱালী হালেই আহি মোক জেৰা কৰাত লাগিল৷
– কিমান দূৰ? ৰাস্তাত ধুলি হ’ব নেকি? বেয়া দলং আছে নেকি? পানীৰ বটল লৈ যাব লাগিব নেকি? ঘৰ আৰু বাথৰুমটো বেছি লেতেৰা নেকি? ইনভাৰ্টাৰ আছেনে? কাৰেণ্ট গলে ইমান গৰমত কেনেকৈ থাকিম? ম’বাইলৰ নেটৰ স্পীড কিমান? মাটিত বহি খাব লাগিব নেকি? চিপছ কিনিবলৈ দোকান আছেনে?
মই কোনোমতে কিবা কিবি উত্তৰ দি সাৰিলো৷ পিছে শ্ৰীমতীয়েও একেই কথাখিনিয়েই পেঘেনিয়াই থকা দেখি কলো –
: গাওঁৰ কথা, কাৰেণ্ট থকা-নথকা একেই, ৰাস্তা বেয়া দেখিলে ঘুৰি আহিম, পানীৰ বটল লৈ যোৱাই ভাল হ’ব, গৰম হ’লে গাড়ীৰ এচি চলাই বহি থাকিম, নেটৰ স্পীড নাই কিজানি, মানে টাৱাৰ পাম নে নাপাও তাৰো গেৰাণ্টী নাই এইবোৰেই আৰু৷ ভাত খাবলৈ মাতিছে যেতিয়া খোৱাৰ যোগাৰ ভালকৈ কৰিবই৷ আহোতেও দুই এমোনা শাক পাচলি আনিবও পাৰিম কিজানি!
এইষাৰ কথাই দৰবৰ দৰে কাম কৰিলে৷ শ্ৰীমতীৰ প্ৰশ্নবান লগে লগেই বন্ধ হৈ গ’ল৷
: ইমান দিনে দৰব দিয়া শাক-পাচলি খাই খাই পাচলিবোৰৰ আচল সোৱাদ পাহৰিয়েই গ’লো৷ আজি কিবা এটা বুধি কৰি হলেও গাড়ীৰ ডিকি ভৰাই পাচলি আনিম৷ গাৱঁলীয়া ঠাই৷ পোৱা যাব চাগে৷ মাছ-চাছ পালেতো আৰু ভাল হয়৷
মই একো নকলো৷ মনে মনে ভাবিলো, ভবামতে সকলো ওলোটা নহলেই ৰক্ষা!
যথাসময়ত আমি আটাইকেইজনে গাড়ীত বহিলো৷ শ্ৰীমতীয়ে ধুনীয়াকৈ সাজিকাচি আহি মোৰ কাষতে বহিল৷ ভৰিৰ কাষতে এটা ধুনীয়াকৈ বন্ধা টোপোলা৷
: টোপোলাটোত কি আছে? সিহঁতলৈ কিবা লৈছা নেকি? পিছফালে ছিটৰ ওপৰতে থৈ দিব পাৰিলাহেঁতেন৷
কথাষাৰ শেষ কৰিবলৈ নৌ পাওতেই শ্ৰীমতীয়ে মুখখন বেকাঁ কৰি ক’লে – “জাবৰখিনি! যাওতে ডাষ্টবিনটোৰ কাষত অলপ শ্ল’ কৰি দিবা৷ পুৱা সময়েই নাপালো!
: অ’! – এইবুলি কৈয়েই মই গলিটোৰ মুখলৈ গাড়ীখন আগুৱাই নিলো৷ অলপ দূৰ গৈয়েই শ্ৰীমতীয়ে গাড়ীখনৰ কাঁচখন নমাই লৈ আটোমটোকাৰীকৈ বান্ধি অনা টোপোলাটো গাড়ীৰ খিৰিকিৰে দলিয়াই দিলে৷ পিছে দুৰ্কপাল! টোপোলাটো লক্ষ্যভ্ৰষ্ট হ’ল! ডাষ্টবিনটোৰ প্ৰায় দহফুটমান আঁতৰতে টোপোলাটো পৰি ফাটি গৈ পথৰ ওপৰতে যোৱা নিশাৰ অৱশিষ্ট খাদ্যসম্ভাৰৰ ফুল বাছিলে৷ মই একো নকলো৷ এইবোৰ চলিয়েই থাকে৷
অলপ দূৰ গৈয়েই পাইপ বহুওৱাৰ নামত পথৰ আধালৈকে খান্দি থোৱা অংশটোত গাড়ীখন নাচিবলৈ ধৰিলে৷ লগতে গাড়ীৰ ভিতৰৰ মানুহকেইটাইও সমানেই জোকাৰ খাই বিভিন্ন অংগী-ভংগী কৰি নাচি নাচি গৈ থাকিলো৷ চহৰৰ ভিতৰতে এনে অৱস্থা৷ গাঁৱলীয়া ঠাইখনত বা আকৌ ৰাস্তাৰ কি অৱস্থা! যি হয় হ’ব বুলি গৈ থাকিলো৷
ল’ৰা-ছোৱালী হালে পিছৰ ছিটত বহি ইতিমধ্যে চিপছৰ পেকেট খুলি লৈছিল৷ মাকে বাৰে বাৰে সকিয়াই দিলে, গাড়ীৰ ভিতৰত যাতে একো বস্তু পৰি নাথাকে৷ খোৱা শেষ কৰি খালী পেকেটবোৰ যাতে খিৰিকীৰে পেলাই দিয়ে তাকেই দঢ়াই দঢ়াই কৈ গ’ল৷
এনেদৰে অলপ দূৰ যোৱাৰ পাছতেই মই বিনন্দৰ আৰু পৰিয়ালৰ বিষয়ে ইহঁতক ভালকৈ বুজাই দিলো৷
বিনন্দৰ ঘৰৰ অৱস্থা সিমান ভাল নাছিল৷ খেতিয়ক মানুহ৷ এতিয়াও কোনোমতে পেটে ভাতে খাই আছে কিজানি৷ স্কুলত পঢ়ি থাকোতে সিহঁতৰ ঘৰলৈ প্ৰায়েই গৈছিলো৷ গেজেপনি মৰা বাৰীখন৷ বিহ-ঢেকীয়াৰ মাজেৰে সৰু লুংলুঙীয়া বাট এটাৰে গৈ থাকিলে বাৰীৰ এচুকত তামোলৰ ঢকুৱাৰ বেৰ দিয়া কেঁচা পায়খানা এটা পোৱা গৈছিল৷ বাৰীৰ পিছফালে এটা সৰু খাল এটা আছিল৷ বৰশী টোপাবলৈ ভাল৷ বানপানীৰ সময়ত উজানৰ মাছ আহি নিজেই সোমাইছিল৷ খেতিৰ মাটিবোৰ আনক আধিয়াকৈ দিছিল৷ কোনোমতে বছৰটো জোৰাকৈ ধান পাইছিল৷ সি অৱশ্যে সৰুৰে পৰা কবি-মুলা-ধনীয়া-জলকীয়াৰ খেতি নিজেই কৰিছিল৷ চেৰেলা পৰা গৰু দুজনী, দহটামান হাঁহ আৰু কেইজনীমান কুকুৰা, সেয়াই৷ মানে বেছিকৈ ভাবি-চিন্তি বা আশা কৰি একো লাভ নাই৷ খাবলৈ মাতিছে, খাই বৈ আষাৰচেৰেক কথা পাতি ঘুৰি আহিম৷ ধাবা বা হোটেলত খোৱাৰ পইছাখিনিও বাচিব৷ ল’ৰা-ছোৱালী দুটাক গাঁৱলীয়া ঠাইৰ লেতেৰাবোৰ গচকি ফেনেকি নাথাকিবলৈ দঢ়াই দঢ়াই কলো৷
এনেতে ফোনটো বাজিল৷ মই গাড়ী চলাই থাকিয়েই কান্ধখনেৰে ফোনটো চেপি ললো৷ বিনন্দৰ ফোন৷ মই সুধিলো-
: অ’৷ আমি ওলাইছো৷ পিছে ৰাষ্টাটো অলপ বুজাই দিব লাগিব৷ বহুদিনে সেইফালে মুখেই কৰা নাই৷ পাহৰিলো নহয়৷
: একো চিন্তা নকৰিবি৷ মই আমাৰ ঘৰৰ জিপিএছ লকেশ্যনটো হোৱাটছএপত পঠিয়াই দিছো৷ সেইটো ফল’ কৰি আহিলেই আৰামত আহি পাবি৷
মই মুৰ খজুৱালো৷ বাঃ! বিনন্দ ইমান এডভান্স হ’ল নেকি?
তাৰে কথামতেই জিপিএছ লকেশ্যনটো হোৱাটছএপত পোৱা হেতুকে অকণো কষ্ট কৰিবলৈ নহ’ল৷ গুগল মেপত চাই আৰামত বিনন্দৰ ঘৰ পাই গলো৷ গাওঁ হলেও পথৰ অৱস্থা ভালেই৷ প্ৰথমতে ঘৰটো চিনিবই পৰা নাছিলো৷ ধুনীয়া আটোম-টোকাৰীকৈ সজোৱা অসম টাইপৰ ঘৰ এটা৷ গেটখন খুলি থোৱাই আছিল৷ ঘৰৰ সমুখত এখন ফুলনি৷ মুল পথৰ পৰা ঘৰলৈ সোমাই যোৱা অংশটোৰ কাষে কাষে গছ৷ একাষে সৰুকৈ নামঘৰ এটি৷ চোতালখন একেই আছে৷ বেচ ডাঙৰ৷ চোতালতেই গাড়ীখন ৰখালো৷
ইতিমধ্যে বিনন্দ ওলাই আহিছিলেই৷ মোক দেখা পায়েই তাৰ মুখত হাঁহি বিৰিঙি উঠিল৷ সকলোকে আথে-বেথে মাতি নি চ’ৰাঘৰতে বহুৱালে৷ কোঠালিটো বৰ ধুনীয়াকৈ সজোৱা৷ বিনন্দৰ মানুহজনীও ওলাই আহিল৷ সকলোৰে খবৰ খাতি লৈ চা-চিনাকী হ’ল৷ পৰিয়ালৰ আনসকলৰ লগতো চিনাকী কৰাই দিলে৷
বিনন্দৰ ছোৱালী দুজনী৷ পঢ়া-শুনাত ভালেই, বৃত্তিও পাইছে৷ দুইজনীয়ে সত্ৰীয়া নৃত্য শিকি আছে হেনো৷ ডাঙৰজনী কাৰাটেৰ ব্লেকবেল্ট বুলিও গম পালো৷ ল’ৰা-ছোৱালীকেইটা ইতিমধ্যে সিহঁতৰ লগতে বাহিৰলৈ খেলিবলৈ ওলাই গ’লেই৷ বিনন্দৰ মানুহজনীয়ে শ্ৰীমতীক ভিতৰলৈ মাতি নিলে৷ ল’ৰা-ছোৱালীকেইটালৈ মোৰ অলপ চিন্তা লাগিল৷ লেতেৰা জেগালৈ গ’লে পাছত মোৰহে অৱস্থা কাহিল হ’ব, তাতে খালটোৰ পাৰলৈ যায় বুলিও চিন্তা লাগিল৷
বিনন্দৰ পৰিবাৰে সুন্দৰকৈ যতনাই দিয়া চাহ-জলপান খাই মই বিনন্দৰ সৈতে অলপ বাহিৰলৈ ওলাই আহিলো৷ ল’ৰা-ছোৱালী কেইটাৰ ওপৰত চকু ৰাখিব লাগিব, লগতে শাক-পাচলি, ফল-মুল কি কি নিব পাৰি তাৰো এটা আইডিয়া পোৱা যাব৷
বিনন্দই মোৰ কথা সুধিলে৷ অলপ গহীন হৈ গপচত মোৰ কথা কৈ গলো৷ উচ্চ পদৰ চাকৰিৰ কথা, সৌ সিদিনা নতুনকৈ লোৱা গাড়ীখনৰ কথা, ফ্লেটটোৰ কথা, আমাৰ চহৰৰ হাই ক্লাছ চ’ছাইটীখনৰ কথা, ফৰেইন ট্ৰিপৰ কথা আদি বহুতো৷ বিনন্দই প্ৰশংসা কৰিলে৷ মই আকৌ অলপ ফুলি গ’লো৷
: এইবাৰ তোৰ কথা ক’৷ – মই লাহেকৈ কলো৷
: মইনো কি কম? খেতিবাতিখিনিকেই সামৰি সুতৰি চলি আছো৷ – সি এনেকৈ আৰম্ভ কৰিলে৷
কথা পাতি পাতি পিছফাললৈ গলো৷ ধুনীয়া বাৰী এখন! আগৰ গেজেপনি মৰা বাৰীখন নাই৷ খালটোৱো নাই৷ শাৰী-শাৰীকৈ গছ! লমালমে ফলমুল লাগি থকা গছবোৰ দেখিয়েই ভাল লাগি গ’ল৷
প্ৰকাণ্ড পকী গোহালি এটাত কেইবাজনীও অষ্ট্ৰেলিয়ান গাই পুহিছে৷ গাখীৰ খীৰোৱা যন্ত্ৰ পৰ্য্যন্ত লগাইছে৷ অত্যন্ত চাফ-চিকুণ৷ কাষতে এটা সেউজ-ঘৰ৷ ভিতৰত ষ্ট্ৰ’বেৰী, কেপচিকাম, ভোট জলকীয়াৰ খেতি! তাৰ বাহিৰেও আন বহুতো আবতৰীয়া পাচলি লগাইছে৷ বিনন্দই এফালৰ পৰা সকলো দেখুৱাই গ’ল৷ আন এটা ঘৰত কাঠফুলাৰ খেতি কৰিছে৷ তাৰ আগলৈ প্ৰকাণ্ড ফিচাৰী এটা! ফিচাৰীৰ পাৰত হাঁহ-কুকুৰাৰ গড়াল সাজি দিছে৷ গড়ালৰ লেতেৰাবোৰ মাছৰ আহাৰ হয়গৈ৷ গৰুৰ গোবৰখিনি শুকুৱাই মেলি পথাৰলৈ নিয়ে৷ ঘৰৰ পেলনীয়া বস্তুবোৰেৰে পচনসাৰ, কেঁচুসাৰ তৈয়াৰ কৰা ব্যৱস্থাও কৰি লৈছে৷ বাৰীৰ কাষৰে মাটি এডৰাত কবি-শাক আদি লগাইছে৷ ল’ৰা-ছোৱালীকেইটাই তাৰ মাজতেই দৌৰি ধাপলি খেলি থকা দেখিলো৷ পিছে চিন্তাৰ কাৰণ নাই৷ সকলো পৰিপাটি৷
বিনন্দৰ মুখত গম পালো, সি আৰু গাওঁৰে কেইজনমান মিলি গোট এটা গঠন কৰি বহুবিঘা মাটিত একেলগে খেতি কৰিছে৷ একেলগে মিলি-জুলি খেতি কৰা বাবে খৰচ বহুখিনি কমি গৈছে৷ শাক-পাচলিবোৰো বজাৰৰ অনুকুলে লগাইছে৷ গতিকেই দাম নোপোৱাকৈ নষ্ট কৰি পেলাব লগা হোৱা নাই৷ মাজতে হেনো সি চৰকাৰী খৰচতে কৃষি বিভাগৰ ফালৰ পৰা ‘ফৰেইন ট্ৰিপো’ মাৰি আহিলগৈ৷ পিছে ফুৰিবলৈ যোৱা নাই, প্ৰশিক্ষণৰ বাবেহে গৈছিল৷ সেইখিনি অভিজ্ঞতা এতিয়া হাতে কামে ব্যৱহাৰ কৰি সুফল পাইছে৷
আজিকালি সি অৱশ্যে ঘৰৰ পৰাই ভিডিঅ’ কনফাৰেন্স আদিৰে খেতি সম্বন্ধীয় কথাবোৰ বিশেষজ্ঞ বা আন খেতিয়ক সকলৰ সৈতে আলোচনা কৰে৷ ইণ্টাৰনেট লগাব পৰা এলইডি টিভি এটাও কিনি লৈছে হেনো৷ আজিকালি গাঁৱে-ভুঁয়ে ম’বাইল ইণ্টাৰনেট আহি গ’ল৷ স্পীডো ভাল৷ পিছে অকল ফেচবুক, হোৱাটছএপতেই ব্যস্ত নাথাকি এইবোৰৰ সঠিক ব্যৱহাৰ কৰি নিজে উপকৃত হৈছে৷ কথাবোৰ দেখি শুনি মোৰ চকু কপালত উঠিল!
অলপ আগতে মই মোৰ দুখনকৈ গাড়ীৰ কথা কৈ দম্ভালি মাৰিছিলো৷ বিনন্দই কথা প্ৰসংগতে ক’লে – তাৰ যান বাহনৰ ভিতৰত ট্ৰেক্টৰ এখন, এনফিল্ডৰ দুচকীয়া এখন, পিক-আপ ট্ৰাক এখন, হোণ্ডা চিটী এখন আৰু চাইকেল এখন৷ ওচৰ পাজৰৰ কামবোৰ বেছিভাগ চাইকেলেৰেই কৰে বুলিও কলে৷
ঘৰটোও ধুনীয়াকৈ বনাই ললে৷ বিজুলী শক্তিৰ খৰছো বহু কম, সকলোতে চ’লাৰ পেনেল লগাইছে৷ আধুনিক উপকৰণ সকলোবোৰেই আছে৷ পিছে পুৰণিখিনিকো এৰি দিয়া নাই৷ মিক্সিও আছে, ঢেকীটোও আছে৷ ৰুম হিটাৰো আছে, জুহালখনো আছে৷
এনেতে মোৰ ল’ৰাটোক এইফাললৈ দৌৰি দৌৰি অহা দেখিলো৷
: পাপা! ইয়াত চাৰিওফালে ইমান চফা৷ আমিহে গাঁৱলীয়া নেকি?
☆★☆
3:50 pm
আপ্লুত হ’লো
3:56 pm
ধন্যবাদ জনালো৷
1:39 pm
দাদা মনৰ ভিতৰৰ সপোনটোৱেই অাপোনাৰ হাতৰ পৰশত পাহি মেলি উঠিল ।
3:56 pm
ধন্যবাদ জনালো৷ সপোন সফল হবই৷ হবই লাগিব৷
1:43 pm
সচাকে, এনে বিনন্দৰ বহুত প্ৰয়োজন৷ তামাম লাগিল ষ্টৰিটো৷ আমিহে গাৱলীয়া আৰু ফোপোলা দম্ভালি আমাৰ৷
3:57 pm
ধন্যবাদ কাকতি দা৷
1:43 pm
বিনন্দৰ ঘৰখনৰ দৰে ঘৰ এখনৰ গৰাকী হোৱাৰ সপোন এটা সদায় পুহি ৰাখিছো৷এনেকুৱা লিখনী জ্যোতিদাৰ বাবেহে সম্ভৱ৷সুন্দৰ৷
3:57 pm
ধন্যবাদ৷ সপোন দিঠক হবই৷ চিন্তা নকৰিবা৷
1:45 pm
বঢ়িয়া। “পাপা আমিহে গাঁৱলীয়া নেকি , ইয়াত ইমান চাফা” – ইয়াতকৈ চোক আৰু নালাগে।গা বেজবেজাই যোৱাকৈ লিখিলে।সুন্দৰ।
3:57 pm
আন্তৰিক ধন্যবাদ জনালো৷
2:44 pm
বিন্দাচ
2:56 pm
তুলনা খিনি বৰ ভাল লাগিল। নগৰীয়া ভেম এজন উচ্চ প্ৰযুক্তিৰ চাঁপ পৰা খেতিয়কৰ ওচৰত যেন বিলীন হৈ গ’ল।
এনে এখন গাঁৱৰ ছবিয়েই সদায়েই কাম্য।
3:58 pm
ধন্যবাদ বাইদেউ৷
4:47 pm
খুব ভাল লাগিল পঢ়ি দাদা। চুট-টাই পিন্ধি থকা “আমি”বোৰ আৰু যাদৱ পায়েঙৰ দৰে আঠুৰ মুৰত চুৰিয়া এখন মেৰিয়াই থকা মানুহবোৰ – কিমানযে আকাশ-পাতল পাৰ্থক্য।
অসমৰ গাৱেঁ গাৱেঁ এনেকুৱা বহুতো বিনন্দৰ জন্ম হওক, তাকেই আশা কৰো।
বাকী আপোনাৰ লিখনীৰ ওপৰত কি মন্তব্য কৰিম আৰু, সদায়েই আপোনাৰ গুণমুগ্ধ পাঠক
3:58 pm
আন্তৰিক ধন্যবাদ
5:42 pm
বহুত ভাল লাগিল।
4:00 pm
ধন্যবাদ
9:47 pm
ভাল লাগিল দা৷
4:00 pm
ধন্যবাদ জনালো৷
9:39 am
নগৰীয়া লোকৰ চিন্তা-চৰ্চা আৰু গাৱঁলীয়া সমাজৰ বাস্তব ছবি (১০০% নহলেও) এখন সুন্দৰ ভাবে উপস্থাপন কৰি লিখকে যি বাৰ্ত্তা দিয়াৰ চেষ্টা কৰিছে,ইয়ে কিছু পৰিমানে হলেও সমাজক উপকৃত কৰিব। আপোনাৰ লিখনিৰ বাবে ধন্যবাদ।
4:00 pm
ধন্যবাদ জনালো৷
10:26 am
ভাল লাগিল। বহুখিনি মোৰ গাৱঁৰ ঘৰখনৰ দৰেই মিলি গ’ল। কথাখিনি বহুতেই উপলব্ধি কৰিব পাৰিলে ভাল।
3:59 pm
আন্তৰিক ধন্যবাদ জনালো
12:29 pm
বৰ ভাল লাগিল।
3:59 pm
অশেষ ধন্যবাদ৷
6:47 pm
আস! গাঁৱলৈ বৰকৈ মনত পৰি গ’ল। গাঁৱতেই ডাঙৰ হৈ আহিছো। সকলো বস্তুৰ পৰিপূৰ্ণতাৰ পৰিবেশটোত অভ্যস্ত আছিলো। সেই পৰিবেশটোৰ বৰ্ণনা পঢ়ি সঁচাকৈয়ে মন ভৰি গ’ল।
3:59 pm
আন্তৰিক ধন্যবাদ জনালো৷
12:12 pm
বহুত ভাল লাগিল
10:23 am
ইমান সুন্দৰ লেখা, আজিহে পঢ়িলোঁ।