ফটাঢোল

ৰাতিৰ ৰজা – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

ঘটনাটো আৰম্ভ কৰাৰ আগতে ৰজাকেইজনৰ চিনাকিটো দি লও।

ৰাতুল ৰাজবংশী, ঘৰ মঙ্গলদৈৰ ফালে,পেচাত এটা মাল্টিনেচনেল ডিজি কোম্পানীৰ চাৰ্ভিচ ইঞ্জিনিয়াৰ।অমৰ গগৈ,ঘৰ শিৱসাগৰত,পেচাত এটা ভাৰতীয় টেলিকম কোম্পানীৰ গ্ৰাহক সেৱা বিষয়া। আমিনুৰ ৰচুল,ঘৰ নলবাৰীত,পেচাত বিদ্যুৎ বিভাগৰ এজন অভিযন্তা। অনুজ গোস্বামী,ঘৰ গুৱাহাটীৰ গান্ধীবস্তিত,পেচাত এজন চৰকাৰী কৃষি বিভাগৰ ৰাজপত্ৰিত বিষয়া আৰু ওপৰোক্ত ৰজা তিনিজন থকা ভাড়াঘৰটোৰ মালিক।

ৰাতি ১০ বজাৰ পৰা ১২ বজালৈ শক্তিপানী টুপি গলধকৰণ কৰাৰ পিচত তিনিওজন একো একোজন ৰজা।ৰাতিপুৱা শুই উঠি নেমু চৰ্বত এগিলাচ খোৱাৰ পিছতহে ৰাতিৰ ৰাজসিংহাসনৰ কথাটো পাহৰি নিজৰ নিজৰ কামত ওলাই যায় তিনিওজনে। আজি প্ৰায় ৩ বছৰ সিহতৰ প্ৰতিবেশী হিচাবে সদায় ৰাতিৰ এই ৰজাকেইজনক সন্মান জনাই আহিছো।ৰজা হৈ থকা সময়ত সিহততকৈ উদাৰ মানুহ মই এই ভূ ভাৰস্তত দেখা নাই।কাষৰ ৰুমৰ ভাড়াতীয়া হিচাবে ৰাজভোগৰ ভাগ মই সদায় পাও কোনো কৰ কাটল নিদিয়াকৈ।অকল মইয়ে নহয় ঘৰৰ মালিক গোস্বামী ডাঙৰীয়াৰো অবাধ দখল তেখেতসকলৰ ৰাজ্যৰ ওপৰত,তথাপিও পত্নীৰ ভয়ত সদায় ৰাতি ৰাজভোগত মগ্ন নহয় তেখেতে।মাজে মাজে দুই চাৰিজন সৰু সৰু ৰজাৰো আগমণ ঘটে মোৰ এই প্ৰতিৱেশী ৰাজ্যখনত।”অথিতি সাক্ষাৎ দামোদৰ”এই নীতি সৰোগত কৰি মোৰ প্ৰতিৱেশী ৰজাকেইজনে গাহৰিৰ পৰা মুৰ্গীলৈকে,বিলাসী স্কস্টচৰ পৰা লোকেল চাউলৰ মাললৈকে বিভিন্ন ব্যঞ্জনৰ আয়োজন কৰে সেইদিনা।

সাধাৰণতে ৰাজভৱনত ১২ মান বজালৈকে মেহফিল চলে যদিও সেইদিনা আমাৰ মালিক গোস্বামীৰ পত্নী মাকৰ ঘৰলৈ যোৱাত আৰু শনিবাৰ হোৱাকাৰনে অনুষ্ঠান প্ৰায় ১ মান বজালৈ পূৰ্ণগতিত চলি আছিল।হৈ হাল্লাত যে ওচৰ চুবুৰীয়া কেইবাঘৰো অতিষ্ঠ হৈ আছিল মই প্ৰায় নিশ্চিত,বিপদৰ সম্ভাৱনা দেখি পেটতো বেয়া লগা বুলি ওলাই আহি বিচনাত উঠিছোহে মাত্ৰ,সেইফালে ৰজাসকলৰ শক্তিপ্ৰদৰ্শন আৰম্ভ হৈ গৈছে।

– আব্বে ৬শ বছৰ বে,গোটেই অসম মোৰ আছিল বে,তহতি মোৰ প্ৰজা আছিলি।ময়েই চুক্যাফা।
– বাদ দে তোৰ ৬শ বছৰ,গোটেই ইণ্ডিয়া আমাৰ আছিল বে।বৃটিছ নাহিলে তহতি আমাৰ অধীনতে থাকিলিহেতেন।মই বাবৰ বে,বাবৰ।
-ঘেণ্টা মোৰ,না চুক্যাফাক সেইফালে যাব দিছিলো,না বাবৰক এইফালে আহিব দিছিলো।মোৰ ভয়ত কোনো কোনোফালে যাব পৰা নাছিলি তহত।মই বীৰ চিলাৰায়।

ৰাজবংশী,গগৈ আৰু ৰছুল ক্ৰমে চিলাৰায়,চুক্যাফা আৰু বাবৰৰ সম্পূৰ্ণ ৰূপ লোৱাৰ পৰা মাত্ৰ দুপেগমান দূৰত এনেতে দুৱাৰত টোকৰ পৰিল।মই অনুমান কৰাটোৱে হল,পুলিচ। দৰজাখন খুলি দি সন্মুখত পুলিচ দেখা পাই চুক্যাফাৰূপী গগৈয়ে সাদৰেৰে ভিতৰলৈ মাতি নিলে।দেখিছ’ তহঁতে, মোৰ ৰাজ্যৰ পুলিচ,ইমান ৰাতিলৈকে ডিউটি কৰে।

-চুপ থাকক,ইমান ৰাতিলৈকে মাতলামি কৰি থাকিব আপোনালোকে আৰু আমি টোপনি খটি কৰি আপোনালোকৰ পিচত লাগি থাকিম,বলক থানালৈ আটাকেইজন,কোনজন কোন দেশৰ ৰজা হিচাব কৰিম আজি মই।

– আপুনি হাজৰিকা নহয় জানো,গগৈৰ মাতত পুলিচ অফিচাৰজনে ওলোটাই ধমক দিলে,হয় হাজৰিকা,কি হল তাতে। ভালকৈ ঘুৰি নহা জিভাখনেৰে গগৈয়ে কলে,হাজাৰজন সৈনিক লগত নোহোৱাকৈ মোৰ ৰাজ্যত হাজৰিকা ঘুৰি ফুৰিব নোৱাৰে,আপুনি নাজানে নেকি?
এটা প্ৰচণ্ড চৰ গালত পৰাৰ লগে লগে চুক্যাফা,বাবৰ,চিলাৰায় নিজৰ নিজৰ প্ৰকৃত জগতলৈ ঘুৰি আহিল।ভয়ত মোৰ অৱস্থা নাই কাষৰ ৰুমটোত,কি কৰো,ওলাই গলেও বিপদ,থাকিলেও বিপদ।

এখেত কোন,মালিকলৈ আঙুলি পোনাই পুলিচ অফিচাৰজনে সুধিলে।ইমান সময় গোস্বামী দাদাৰ মাত নুশুনি মই ভাবিছিলো যে অনুশোচনাত দগ্ধ গোস্বামী দাদাই চাগে অহাকালি সমাজৰ আগত কেনেকৈ মুখ উলিয়াৱ তাকে ভাবি ভাবি লাজতে মুৰ্চা যোৱাৰ উপক্ৰম হৈছে।এনেই জুখি মাখি চলা ব্যক্তি,বিৰাট বেয়া লাগিল মোৰ মনটো।

মই চাণক্য,তিনিজন ৰজাক একেসময়তে কণ্ট্ৰোল কৰিব পৰা মহান কুটনীতিবিদ,গোস্বামীদাৰ মাত শুনি হাঁহি ৰখাবই নোৱাৰিলো।ধেক ধেককৈ বিচনাত বাগৰি বাগৰি হাঁহিছো।

পুলিচ খঙত অগ্নিশৰ্মা,চাল্লা মালিক ভাড়াতীয়া মিলি ৰুমত মদৰ আদ্দা পাতিবলৈ আহিচ্ তহতে,ওচৰৰ মানুহক শুৱ নিদিয় ৰাতি,বল থানাত।

এক মিনিট অফিচাৰ,কাষৰ ৰুমটোত আমাৰ একমাত্ৰ প্ৰজাজন শুই আছে,তাকো উঠাই লওক।

বিনা প্ৰজা ৰাজশাসন মে ক্যা মজা।

পিচফালৰ দৰজাখন খুলি চাই লম আপোনাক গোস্বামী দা বুলি কৈ তৰা নৰা চিগি ৰাতি ২ বজাত দৌৰি আছো এই আহোম,কোচ আৰু মোগল ৰাজ্যৰ প্ৰৱল প্ৰতাপী প্ৰজাজন।■■

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *