ফটাঢোল

ওকণী আখ্যান – প্ৰীতিষা গোস্বামী

এসময়ত ছোৱালী, তিৰোতা সকলোৰে কাৰণে আতংকস্বৰূপ আছিল এই ওকণী নামৰ ক্ষুদ্ৰ প্ৰাণীবিধ। চুলিৰ মাজত থকা এই প্ৰাণীবিধে প্ৰতিটো পথ-উপপথত দিন-ৰাতি ২৪ ঘণ্টাই দপদপাই ফুৰিছিল। সিহঁতৰ অবাধ বিচৰণে বহুতৰে চকুৰ টোপনিও হৰিছিল। অৱশ্যে বহুতৰ কাৰণে ওকণী স্বস্তিৰ নিশ্বাসো আছিল। কাৰণ দুপৰীয়া ভাত খাই উঠি তিৰোতাসকলে কাৰোবাৰ মূৰৰ ওকণী চোৱাৰ চলেৰে বিয়নি মেলত বহিব পাৰিছিল। ভূ-ভাৰস্তৰ সকলো বা-বাতৰি সেই মেলতে আদান-প্ৰদান হৈছিল।
সৰুতে মোৰ মূৰতো ওকণীৰ এখন বিশাল সাম্ৰাজ্য গঢ়ি উঠিছিল। ৰজা-ৰাণী, সৈন্য-সামন্ত, পালি-পহৰীয়া মিলি একেবাৰে গজগজীয়া সাম্ৰাজ্য আছিল। সেই সাম্ৰাজ্য ধ্বংস কৰিবলৈ বিৰোধী শিবিৰ সততে তৎপৰ হৈ আছিল। প্ৰতিৰক্ষা বিভাগৰ মুৰব্বীৰ ভাৰ মই নিজে গাত পাতি লৈছিলো। যিমান যি হ’লেও মূৰটো মোৰ নিজৰেই যেতিয়া। কেতিয়াবা ৰাতি টোপনিত, কেতিয়াবা বিদ্যালয়ত শিক্ষকে পাঠদান কৰি থকাৰ সময়ত মূৰত খজুৱতি উঠিলে অশান্তি পাইছিলো যদিও নীৰৱে সহ্য কৰিছিলো। নহ’লে উপায়ো নাছিল, কাৰণ বিপক্ষৰ আক্ৰমণ ইয়াতকৈও বেছি ভয়াবহ আছিল। এবাৰ কেনেবাকৈ কৰায়ত্ত হ’লে, ঘণ্টাৰ পিছত ঘণ্টা বন্দী হৈ থাকিবলগীয়া হৈছিল। সকলো চল-চাতুৰি, অনুনয়-বিনুনয় নিষ্ফল বুলি বিবেচিত হৈছিল।

বিদ্যালয়ৰপৰা আহি ভাত খাই উঠাৰ লগে লগে অভিযান আৰম্ভ হৈ গৈছিল। মায়ে দাদা, বাইদেউ, ভাইটি-ভণ্টিহঁতক মোক কৰায়ত্ত কৰিবলৈ সকলো সময়তে সষ্টম কৰি ৰাখিছিল। মুঠতে মোৰ মূৰত গঢ়ি উঠা ওকণীৰ সাম্ৰাজ্যখন নিঃশেষ কৰিবলৈ পৰিয়ালৰ সকলো সদস্যই উঠি-পৰি লাগিছিল। আত্মসমৰ্পণ কৰা হ’লে কথা নাছিল, বহুত সুবিধাও পাইছিলো। পিছে কাপুৰুষৰ দৰে বিনা যুঁজে পৰাজয় স্বীকাৰ কৰা ভকত নাছিলো মই। দুই-এদিন অৱশ্যে আত্মসমৰ্পণ নকৰাও নহয়। কিন্তু লাভালাভৰ নামত কেইবাঘণ্টীয়াও জেৰাৰ বাহিৰে আন একো পোৱা নাছিলো। ‘এৰি দিয়া, এৰি দিয়া’ কৈ যোগ-বিয়োগৰ নেওতা ১ৰ পৰা ১০০ লৈ মাতি মুখৰ বিষ উঠাইছিলো, তথাপি ৰেহাই নাছিল। অৱশেষত বিপক্ষৰ বিৰুদ্ধে সমানে যুঁজ দিবলৈ ল’লোঁ। যুঁজ মানে হ’ল, মগজুৰ যুঁজ। এফালে অকলে মই, আনফালে বিপক্ষৰ দহ-বাৰজনীয়া দল।

অভিযান আৰম্ভ হোৱাৰ আগতে ঘৰৰ জয়াল বাৰীখনত গৈ লুকাই আছিলো। গছৰ তলত, ওপৰত, মুঠতে আত্মগোপন কৰিবলৈ ক’তো বাকী এৰা নাছিলো। তথাপি কেতিয়াবা বন্দী হৈ গৈছিলো। গৰখাৱৈ জপিয়াই পাৰ হ’ব খোজতে কেতিয়াবা গৰখাৱৈৰ তলত পৰি গৈছিলো আৰু বৰ নিৰ্মমভাৱে মোক বন্দী কৰি লৈ অনা হৈছিল। চকুপানীৰে বাট নেদেখা হৈ গৈছিলো। তাহানিৰ সেই দাইনাপালিৰ দৰে মোৰ জোপোহা আৰু কেঁকোৰা চুলিকোচা ওকণীৰ কাৰণে বৰ পছন্দৰ বাসস্থান আছিল। ঘৰৰ আন আন সদস্যৰো ওকণী আছিল যদিও ইমান বিশাল নাছিল। যি সময়ত মই বন্দীত্বৰ যন্ত্ৰণাত চটফটাই আছিলো, সেই সময়ত ঘৰৰ বাকী ল’ৰা-ছোৱালীকেইটাই খেলা-ধূলাত মগ্ন হৈ মোক ভেঙুচালি কৰিছিল। মোৰ দুখৰ সীমা নাছিল। সেই সময়তে ওকণীৰ সাম্ৰাজ্যখন মা, জেঠীমা, বাহঁতৰ নখৰ চেপত মষিমূৰ হৈ গৈছিল। দুদিন পিছত অৱশিষ্ট বংশধৰসকলক লৈ নতুন এখন সাম্ৰাজ্যই মূৰ দাঙি উঠিছিল। সৰ্বশেষত ‘মেডিকাৰ’ নামৰ পাৰমাণৱিক বোমাৰে কেইবাবাৰো আক্ৰমণ কৰাৰ পিছত হে ওকণীৰ ৬ বছৰীয়া ৰাজত্বৰ অন্ত পৰিছিল।

এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই! কিন্তু বিধিৰ বিপাক, ওকণী আখ্যান এইখিনিতে পৰিসমাপ্ত হ’ব লাগিছিল য’দিও নহ’ল। কাৰণ আছে, পিছে এই কাৰণ ব্যক্তিগত হ’ব নোৱাৰে, মই নিশ্চিত। নিশ্চয় ইয়াৰ আঁৰত কিবা ৰাজনৈতিক কাৰণ আছে। সুদীৰ্ঘ কালৰ পিছত, এদিন শুই থাকোঁতে মূৰত খজুৱতি উঠিল। তেতিয়ালৈ মই ওকণীৰ চেহেৰাই পাহৰি গৈছোঁ। ৰাস্তাত দেখি মাত দিলে চিনি পোৱাৰ উপায় নাই, তেনে অৱস্থা। গতিকে মূৰত ওকণী আহি খাই-বৈ নিগাজীকৈ খোপনি পুতি বহিলেও মোৰ জনাৰ উপায় নাছিল। সঘনাই ৰাতি মূৰত কিবা এটাই পিৰপিৰাই থকা দেখি এদিন মাক পৰীক্ষা কৰিবলৈ দিলো। মায় আৱিষ্কাৰ কৰিলে, মোৰ মূৰত ওকণীৰ আগমন। উৎস বিচাৰি কলেজ পালোগৈ। মোৰ সহকৰ্মীৰ মূৰতো একে সময়তে ওকণীৰ আবিৰ্ভাৱ ঘটিল। উৎস বিচাৰি আমি হায়ৰাণ। কলেজত সকলোৰে লগত মূৰত মূৰ লগাই উঠা চেলফিবোৰকে ইয়াৰ উৎস বুলি ধৰি ল’লোঁ আৰু পাৰমাণৱিক বোমাৰে দুয়োজনীয়ে একেলগে নিজৰ নিজৰ এলেকাত, মানে মূৰত আক্ৰমণ চলালো। পিছে এটা মৃতদেহো চকুত নপৰিল। এদিনৰ পিছত জীৱিত অৱস্থাতো কাকো ক’তো বিচাৰি নাপালো।
এইখিনিতে মোৰ সন্দেহ এটা ৰৈ গ’ল, যিহেতু সুদীৰ্ঘ বছৰৰ মূৰত এবাৰ দেখা দিয়ে গুচি গ’ল, এন আৰ চি সম্পৰ্কীয় কিবা তথ্য বিচাৰিহে আহিছিল চাগে। যি কি নহওক ওকণী আখ্যানৰ ইয়াতেই মোখনি মাৰো। আকৌ কেতিয়াবা এনেকৈ লগ পাই গ’লে মোৰ সন্দেহ দূৰ কৰি ল’ম বাৰু।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *