ফটাপ্ৰেম – প্ৰাঞ্জল গোস্বামী
বয়সত যদি বয়সৰ দোষে নুচুৱে তেন্তে জানো হ’ব? জীৱনত এটা বয়স আহেই এনেকুৱা, যেতিয়া পৃথিৱীখন বৰ ৰঙীন যেন লাগে, কবিতাৰ কলি কিছুমানে মনৰ মাজত অগা দেৱা কৰিবলৈ লয়, ৰোমাণ্টিক গান শুনি থাকোতে চিনেমাৰ হিৰোবোৰৰ ঠাইত নিজকে থ’বৰ মন যায়। তেনে দোষে চোৱা দিনৰে কথা।
কলেজত পঢ়ি থাকোতে মাজে মধ্যে “সাহিত্য চর্চা” কৰিছিলো, “সমাজ সেৱা’’তো আগৰণুৱা আছিলো। কাজেই কেইবাগৰাকীও ষোড়শী যুৱতীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিলো বুলি বন্ধুবৰ্গই কোৱাকুই কৰিছিল। কথাবোৰ শুনি বেয়া লগাৰ প্ৰশ্নই নুঠে, বৰঞ্চ হিয়াখনে থৌকি বাথৌহে কৰিছিল। দুই এগৰাকীৰ ৰূপ লাৱণ্যত ময়ো মুগ্ধ নোহোৱা নহয়, পিছে সেইবোৰ আছিল ডাৱৰৰ দৰে। এই আহে, এই যায়, একো ঠিকনা নাই। কিন্তু এদিন হঠাতে ডাৱৰবোৰৰপৰা মোৰ দৃষ্টি কাঢ়ি নিলে পূৰ্ণিমাৰ জোন যেন এটি চেহেৰাই। সেই ৰূপ লাৱণ্য দেখি মই মুগ্ধ হোৱাই নহয়, তেনেই থৰ লাগিলো। আক তাক সুধি সুধি ছোৱালীজনীৰ খবৰ খাতি উলিয়ালো। গম পালো তাইৰ দেউতাক আমাৰ ঘৰুৱা চিনাকী। লগে লগে মোৰ মনত হিন্দী চিনেমাৰ দৃশ্য কিছুমানে অগা ভেটা কৰিবলৈ ধৰিলে, য’ত মোৰ দেউতাই তাইৰ দেউতাকক ক’লে, “চলৌ ইচ দৌস্তি কৌ ৰিস্তেদাৰী মে বদল দেতে হে।” লাহে লাহে তাইৰ কথা ভাবিলেই মোৰ মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে, তাইক দেখিলে বুকুখনে ধান বনাদি বানিবলৈ ধৰিলে। ৰোমাণ্টিকতাৰ আৱেশত মোৰ কলমেৰে কবিতা নিগৰি নিগৰি ওলাল, “খিৰিকিৰ ফাঁকেৰে জুমি চাওঁ, তোমাৰ নীলা চাদৰৰ আঁচল।”
পিছে দুখৰ কথাটো হ’ল, যাৰ প্ৰেমত মছগুল হৈ দিনে নিশাই কবিতা লিখি আছোঁ তেওঁ একোকে গমেই নাপায়। প্ৰেম নিবেদন কৰাটো বাদেই আজিলৈকে মাত এষাৰো দি পোৱা নাই। দিমনো কেনেকৈ বাৰু? তাইক দেখিলেই ডিঙি শুকাই তেনেই কৰ্কৰীয়া মাৰে। একেবাৰে “চামনে জব তুম আতে হৌ, কুছ ভী কেহনে চে ডৰতা হে” ধৰণৰ অৱস্থা। দিন গৈ মাহ হ’ল, মাহ গৈ বছৰে বাগৰ সলালে। নাই, তাইক মাতিবলৈ মোৰ সাহসে নুকুলালে। বেলেগৰ আগত বৰ বৰ কথা ক’ব পাৰো, তাইৰ আগতহে জানো মুখৰ মাতষাৰ ক’ত হেৰায়! এনেয়ে নকয়, বোলে হোৱেন হাৰ্ট ইজ ফুল, ওৱৰ্ডচ আৰ ফিউ।
তাইক মাতিবলৈ যেনে তেনে অজুহাত এটা উলিয়ালো। কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সময়ত। মই সেইবাৰ আলোচনী সম্পাদক পদৰ প্ৰাৰ্থী। কলেজৰ সকলো ল’ৰা ছোৱালীকে মাত লগাই ফুৰিছোঁ। মনটো কিন্তু তাইৰ কাষতে আছে। উদ্দেশ্য, যেনে তেনে হ’লেও তাইক এবাৰ মাতিম। এদিন সুযোগ মিলিল। দেখিলো, বিপৰীত দিশৰপৰা আহি আছে তাই, মোৰ সপোন কুঁৱৰী। মোৰ ডিঙি শুকাল, ঘনে ঘনে সেপ ঢুকিলো। তথাপি মৰসাহ কৰি তাইৰ কাষলৈ গৈ ক’লো, “ভোটটো দিবা।” উত্তৰত তাই মিচিকিয়াই মূৰ দুপিয়ালে। ইস্ হাঁহিয়েইনে সেইটো! আৰু কিবা এষাৰ কওঁ বুলিও মুখৰপৰা একো নোলাল। যিটো হাঁহি মাৰিলে তাই, মই থৰ হৈ ৰৈ থকাতে থাকিলো।
ইলেকচনত তাই মোক ভোট দিলে নে নাই নাজানো, কিন্তু মই জিকিলো। সেই তেতিয়াৰেপৰা মাজে মধ্যে তাইৰ সৈতে দুই এষাৰ কথা বাৰ্তাৰ বিনিময় হ’বলৈ ধৰিলে। পিছে কথা বেছি আগ বাঢ়িবলৈ নৌপাওঁতেই মোৰ কলেজীয়া জীৱনৰ অন্ত পৰিল আৰু জীৱিকাৰ তাড়নাত মই দিল্লীলৈ গুছি গ’লো। লগত লৈ গ’লো নানা বুদ্ধি কৰি গোটোৱা তাইৰ ঘৰৰ ফোন নম্বৰটো। আশা, মাজে মাজে ফোন কৰি খবৰ খাতি ল’ম। পিছে আজিৰ দৰে মোবাইল ফোন নহয় যে চৌবিশ ঘণ্টা ফোনটো তাইৰ কাষতে থাকিব। পিচিঅ’ বিচাৰি বিচাৰি তাইৰ ঘৰৰ লেণ্ডলাইন ফোনটোলৈ ফোন কৰো, গলগলীয়া মাতেৰে অমৰীশ পুৰী যেন তাইৰ দেউতাকে ফোনটো ৰিচিভ কৰি কয়, “হেল্লৌ।” মূৰকত এদিনো তাইৰ সৈতে ফোনত কথা পতা নহ’লগৈ।
বছৰ ঘূৰিল। দিল্লীত চাকৰি পাই প্ৰথমবাৰৰ বাবে ঘৰলৈ আহিছোঁ। ঘৰ গৈ পোৱাৰ পিছদিনাই তাইৰ ঘৰলৈ যাওঁ বুলি বাইকৰ চাবি পকাইছোঁ। ঘৰুৱা চিনাকীৰ অজুহাতত সকলোৰে সৈতে কথা বতৰা পাতিম, সুযোগ পালে তাইক কথাটোও ক’ম, সেই আশাত। পিছে মাজবাট পাওঁতেই দেখিলো গাড়ী এখনৰপৰা মূৰ উলিয়াই হাঁহি হাঁহি হাত জোকাৰি থকা সেইজনী দেখোন তায়েই। বছৰেকৰ মূৰত তাইক দেখি বুকুখনে চিৰিংকৈ মাৰিলে, মুখৰ হাঁহিটো ডাঙৰকৈ ওলাল। একেবাৰে কলেজীয়া ছোৱালীজনীৰ দৰেই হৈ আছে তাই।
“প্রাঞ্জলদা।” তাই চিঞৰিলে। চিনেমাৰ হিৰোৰ কায়দাৰে বাইকখন ৰখাই মই তাইলৈ চাই হাঁহিলো।
“বহুদিনৰ মূৰত দেখিলো দেই। মই আপোনালোকৰ ঘৰলৈকে গৈ আছিলো।” তাইৰ মাতত উচ্ছাস। পূৰ্বৰ জড়তা মুঠেও নাই। ‘আমাৰ ঘৰলৈ!’ মই অকণমান আচৰিত হ’লো।
: ময়ো তোমালোকৰ ঘৰলৈকে যাবলৈ লৈছিলো।
: হয় নেকি? ভালেই হ’ল দিয়ক আপোনাক লগ পালো। নিমন্ত্ৰণ জনাবলৈ আহিছিলো আচলতে। বিয়া পাতিছোঁ, যাব লাগিব কিন্তু।
: কাৰ বিয়া?
মোৰ বুকুৰ ধপধপনি মই যেন নিজে শুনা পালো।
: মোৰ আক’। এই মাহতে। তাকে আপোনালোকৰ ঘৰত নিমন্ত্ৰণ জনাবলৈকে আহিছিলো। দুদিনমান থাকিব নহয়? নোযোৱাকৈ নাথাকিব কিন্তু।
মোৰ মুখৰ মাত হেৰাল। যেনে তেনে “বাৰু” বুলি কৈ বাইকৰ চাবি পকালো।
নক’লেও হ’ব যে তাইৰ বিয়ালৈকে মই ঘৰত নাথাকিলো।
বহু বছৰৰ মূৰত তাইক আকৌ পালো, ফেচবুকত। ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালো, এক্সেপ্ট কৰিলে। মাজে মাজে ফটোবোৰত লাইক একোটা মাৰো। ল’ৰাই ছোৱালীৰে সৈতে তেনেই সংসাৰী হ’ল এতিয়া তাই।
☆★☆★☆