ফটাঢোল

ফটাপ্ৰেম – ভানুশ্ৰী দেউৰী

স্কুলীয়া শিক্ষা সাং কৰি কলেজত ভৰি দিছোঁ তেতিয়া। একেবাৰে মন উৰণীয়া, দেহা উৰণীয়া হৈ থকাৰ বয়স। দুই একে প্ৰেমৰ প্ৰস্তাৱ দিয়ে, একে আষাৰে নাকচ কৰো। তথাপি মনে মনে গপতে গঙ্গাটোপ হৈ থাকো, কাৰোবাৰ সপোন কুঁৱৰী যে হ’ব পাৰিছোঁ সেই কথা ভাবি। তেনেকুৱাতে ল’ৰা এজনৰ সৈতে চিনা পৰিচয় হ’লো। কলেজখনৰ ভিতৰতে “হেণ্ডচাম” বুলি সুখ্যাতি থকা ডেকাকেইজনৰ ভিতৰত অন্যতম আছিল তেওঁ। সাহিত্য চৰ্চা কৰিছিল, বাঁহী বজাইছিল, উদ্দাত্ত কণ্ঠেৰে তৰ্ক প্ৰতিযোগিতাবোৰত ভাগ লৈ পুৰস্কাৰ বুটলিছিল। এক কথাত কলেজৰ বহু যুৱতীৰ হাৰ্টথ্ৰ’ব আছিল তেওঁ। লাহে লাহে মোৰ অনুভৱ হ’বলৈ ধৰিলে, তেওঁৰ বাঁহীৰ সুৰে মোৰ হিয়াতো মৃদু ঝংকাৰ তুলিবলৈ লৈছে, তেওঁৰ কণ্ঠ মোৰ মনত প্ৰতিধ্বনিত হ’বলৈ লৈছে, প্ৰতিটো প্ৰেমৰ কবিতা যেন তেওঁ মোকেই উদ্দেশ্য কৰি লিখে, তেনে লাগিবলৈ লৈছে। মোৰ মনৰ মাজত হোৱা এই খেলিমেলিবোৰৰ উমান লগৰবোৰে নোপোৱাকৈ থকা নাছিল। সকলোৱে জোকাইছিল মোক, “তই বাৰুকৈয়ে প্ৰেমত পৰিলি।”
প্ৰেমত পৰিছিলো নে নাই নাজানো, কিন্তু তেওঁৰ উপস্থিতি মই বাৰুকৈয়ে উপভোগ কৰিছিলো। মোলৈ চাই হাঁহি এটা মাৰিলেই দিনটো ভাৱনাৰ সাগৰত উটি ভাঁহি ফুৰিবলৈ লৈছিলো। মোৰ প্ৰেমৰ কবিতা লিখাৰ কোব বাঢ়িছিল।
এদিন আচম্বিতে তেওঁ মোক মাতিলে।

: তোমাৰ সৈতে এটা জৰুৰী কথা পাতিবলৈ আছে।

মই থতমত খালো। বুকুখন জোৰে জোৰে ঢপঢপাবলৈ ধৰিলে।

: কওকচোন কি কথা।

মোৰ মাতষাৰ যেনে তেনে ওলাল।

: তুমি মোক বিয়া কৰাবানে?

মোৰ চকুত চকু থৈ পোনে পোনে তেওঁ প্ৰশ্ন কৰিলে।

উৱা! মই যেন আকাশৰপৰাহে পৰিলো। কি কয় এইজনে! কথা নাই বতৰা নাই, চিধাই বিয়া! কলেজ পাইছোঁহে, এতিয়াই বিয়া পাতিমনে! আৰু বিয়া পাতিব পৰাকৈ তেওঁৰনো বয়স হৈছে কিমান!
মোৰ মুখৰ মাত হেৰাল। নঞাৰ্থক ভংগীমাৰে মই মূৰ জোকাৰিবলৈ ধৰিলো।

: তাৰমানে তুমি মোক ভাল নোপোৱা?
তেওঁ প্ৰশ্ন সুধিবলৈ এৰি নিদিলে।

: নহয় মানে….
মই হেঁহো নেঁহো কৰিবলৈ ধৰিলো। হঠাতে মোৰ কি জানো হ’ল, মুখৰপৰা ওলাই গ’ল, “নাপাওঁ।”
তেওঁ যেন আচৰিত হ’ল। উত্তেজিত সুৰেৰে মোক প্ৰশ্ন কৰিলে,
: তেন্তে তুমি মোক লৈ প্ৰেমৰ কবিতা লিখা কিয়? মোৰ বিষয়ে লগৰবোৰৰ লগত কথা পাতা কিয়?

উত্তৰাধিকাৰী সূত্ৰে পোৱা খংটো টিঙিচকৈ উঠি আহিল। কি কয় এইজনে! ইমান চিধা চিধিকৈনো কথা কয় নে কোনোবাই। অতদিনীয়া আকৰ্ষণ নিমিষতে বেলুন ফুটাদি ফুটি থাকিল।

: আপুনি কেনেকৈ জানিলে মই আপোনাক লৈয়ে কবিতা লিখো বুলি?

: মই শুনিছোঁ কথাবোৰ। মোৰো ভাল লাগে তোমাক। কোৱা, বিয়া পাতিবানে নাই?

পুলিছে জেৰা কৰাদি তেওঁ মোক জেৰা কৰিবলৈ ধৰিলে। এনেকৈনো কোনোবাই প্ৰেমৰ প্ৰস্তাৱ দিয়েনে! মই আচৰিত হ’লো।

: মই কাকো বিয়া নকৰাওঁ।
এইবাৰ মোৰ মাতষাৰ ডাঙৰকৈ ওলাল। তেওঁৰ চকুলৈ চাই ময়ো পোনে পোনে উত্তৰ দি দিলো।

: বাৰু, মোক বিয়া নকৰোৱা নাই, আন কাৰোবাক হ’লেও পাতিবা। মানুহ হৈ জন্ম লৈছা যেতিয়া বিয়াখন পাতিব লাগে। সংসাৰৰ নিয়ম।

এইবুলি কৈ তেওঁ সাউতকৈ মোৰ কাষৰপৰা আঁতৰি গ’ল। মই থৰ হৈ ৰৈ থকাতে থাকিলো।
তাৰপিছৰেপৰা আচৰিত ধৰণে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ নোহোৱা হৈ থাকিল।
কলেজ এৰাৰ পাছত আজিলৈকে তেওঁক দুনাই লগ পোৱা নাই। সেই তাহানিতে বিয়াৰ প্ৰস্তাৱ দিয়ালৈ চাই অতদিনে চাগৈ তেওঁ বিয়া বাৰু পাতি ঘোৰ সংসাৰী হ’ল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *