ফটাঢোল

লিমাৰিক – হেমেন ডেকা

১)
বন্ধ-প্রদেশৰ আমি অতি আলসুৱা প্রজা
খাই ভাল পাওঁ খাৰ-টেঙা আৰু বাঁহৰ গজা
ৰসত মজি কীৰ্ত্তন গাওঁ
নিজকে প্রায়ে পাহৰি যাওঁ
আন্দোলন-ধৰ্মঘট কৰি হ’ব খোজো ৰাইজৰ ৰজা৷ ৷
২)
কাম আং বাং, কথা বেবেৰিবাং
ঠোঙাৰ নিচাত সৰ্বস্ব খাস্তাং
দেহাটো ভালুকৰ সাঙী
দিনে-নিশাই আছে পাঙি
চাকৰি কৰা আপী আনিব, খাটাং৷ ৷■■

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *