হেয়াৰ ষ্টাইল – মাধুৰ্য গগৈ
“কেনেকুৱা লাগিছে?”
শ্ৰীমতীৰ কথাত মই ওপৰলৈ মূৰ তুলি বহুদেৰি এওঁক ভালকৈ চালো৷ কিন্তু একো বুজি নাপালো, আচলতে শ্ৰীমতীয়ে কি দেখুৱাব খুজিছে? মনতে ভাবিলো, ”ছেহ্! মোৰ আগৰ চকুহাল থকাহেঁতেন এওঁ কি, যিকোনো মহিলা বা ছোৱালীৰ ৰূপসজ্জা সাৰি নগ’লহেতেন৷ পিছে এওঁনো মোক কি দেখুৱাব খুজিছে?”
মোৰ ভেবালগা মুখখন দেখি এওঁ এইবাৰ নিজেই ক’লে, ”মাই নিউ হেয়াৰ কাট৷”
মই বহুসময় ভালকৈ চালো৷ পিছে, কিয় জানো মোৰ চকুকেইটাৰ লগতে মনটোও বুঢ়া হ’ল যেন পালো৷ শ্ৰীমতীৰ নতুন ষ্টাইলৰ ’হেয়াৰ কাট’ মোৰ চকুত নপৰিল৷ অগত্যা থেৰোঁ-গেৰো কৰি ক’লো, ”চুলি কটোৱালা? ক’তা, পাৰ্থক্য একো নেদেখিলোৱেই দেখোন৷”
মই আৰু কিবা এটা কোৱাৰ আগতেই শ্ৰীমতী উচাৎমাৰি আঁতৰি গ’ল৷ যাওঁতে শ্ৰীমতীয়ে মুখতে কিবা ভোৰভোৰাই কৈ যোৱা মই শুনিলো৷
হঠাতে ব্লেক এণ্ড হোৱাইট দিনবোৰৰ মহিলাসকলৰ হেয়াৰষ্টাইললৈ (মানে মাহঁতৰ দিনৰ) মনত পৰিল৷ মোৰ মায়ে চুলি কাটিছিল নে নাই আজিলৈকে মনত নপৰিল৷ কিন্তু পেহী এজনীয়ে সময়ে সময়ে নতুন নতুন হেয়াৰ ষ্টাইলেৰে ঘৰখনত বিতৰ্কিত পৰিবেশ এটাৰ সৃষ্টি কৰি আহিছিল৷ তাৰ ভিতৰত মনত থাকি যোৱা নামকেইটা হ’ল,
১) বব কাট
২) বফ’ কাট
৩) মধুৱালা কাট
৪) ঘৰতে কটা চুলি কাট
ইয়াৰে শেষৰটো আমাৰ মা, বৰমা, খুৰীহঁতে ইগৰাকীয়ে সিগৰাকীক সহায় কৰি কাৰ্য সম্পন্ন কৰিছিল৷ ওপৰৰ প্ৰথম তিনিটা কাট দি অঞ্চলটোত ফেমাছ হৈ পৰা আমাৰ পেহীয়ে যেনিবা শেষত চুলিহীন পেহালৈ বিয়া হোৱাত এই কাটকেইটা, অঞ্চলটোৰপৰাই কালক্ৰমত বিলুপ্ত হৈ পৰিল৷
মহিলাসকলৰ হেয়াৰ কাটৰ ওপৰত মোৰ জ্ঞান সিমানেই৷ অৱশ্যে চকুকেইটাৰ ওপৰত বিতচকুৰ প্ৰভাৱ পৰাৰ আগলৈকে ৰূপহীহঁতৰ চুলিৰ ওপৰত চকু নুঘূৰোৱা নহয়৷ পিছে আপীসকলে চুলি কটোওৱাৰ আগৰ আৰু চুলি কটোওৱাৰ পাছৰ পাৰ্থক্য মই তেতিয়াও ধৰিব পৰা নাছিলো, এতিয়াও নোৱাৰাটোৱেই স্বাভাৱিক৷
গতিকে শ্ৰীমতীৰ ক্ষেত্ৰটো মোৰ জ্ঞানৰ ব্যতিক্ৰম নহ’ল৷ পিছে শ্ৰীমতী যিধৰণে আঁতৰি গ’ল, মই নিজকে নিজেই ক’লো, ”বেটা আজি অহিংস আন্দোলন হ’ব৷ অনশনৰো সম্ভাৱনা নুই কৰিব নোৱোৰি। (শ্ৰীমতীৰ নহয়, মোৰ হে) গতিকে বাহিৰতে কিবা এটা খাই আহগৈ যা৷” এনেকুৱা সময়ত মই সদায়েই কিচ্চেনটোলৈ অভ্যাসবশত: চকুহাল মাৰি পঠিয়াওঁ৷ আজিও মাৰি পঠিয়ালো৷ দ’ম হৈ থকা কাঁহী-বাতিকেইটাই মোলৈ চাই মিচিকিয়াই হাঁহি মৰা মই দেখিলো৷
মই বাহিৰলৈ ওলাই আহিলো অলপ ৰিলেক্স হ’বলৈ৷ ধোঁৱাৰ কুণ্ডলী পকাই থাকোঁতে দেখিলো, সন্মুখৰ বিউটি পাৰ্লাৰখনৰ বাহিৰত বিভিন্ন ধৰণৰ ’হেয়াৰ ষ্টাইল’ৰ বিৱৰণ দিয়া আছে৷ মোৰ মেলা মুখ মেলাতেই থাকিল যেতিয়া ইমানবোৰ ’হেয়াৰ কাট’ ৰ নাম একেলগে দেখিলো৷ যেনে-
১) ছৰ্ট ছাইড ছুৱেপ্ট ব্লাণ্ট বেংগছ কাট৷
২) লং বব কাট৷
৩) লং পিন আপ কাৰ্লছ কাট৷
৪) ব্লাণ্ট কাট৷
৫) লং ছাইড ছুৱেপ্ট ব্লাণ্ট বেংগছ কাট৷
৬) স্লিক চ’প কাট৷
৭) ৱেট লুক কাট৷
৮) বেবী বেংছ কাট৷
৯) টপ নট কাট৷
১০) বিচ্চ ৱেভছ কাট৷
১১) চেণ্টাৰ পাৰ্ট কাট৷
১২) ভি কাট৷
১৩) ষ্টেপ ভি কাট৷
১৪) ডাবল ষ্টেপ কাৰ্লি কাট৷
—- লিষ্টখন যথেষ্ট দীঘল৷ সেয়েহে বিউটি পাৰ্লাৰৰ সন্মুখৰ কাঁচৰ দৰ্জাখনেই এই লিষ্টখনৰ কাৰণেই উপযুক্ত৷ কাৰণ দৰ্জাখন যথেষ্ট বহল-ডাঙৰ৷
পিছে মই আকৌ কনফিউজদ হ’লো৷ মানে নাম লিখা আছে, ছবিও দিয়া আছে৷ কেইটামান হেয়াৰ কাট অলপ ছুটি আনকেইটামানতকৈ৷ তাৰ বাহিৰে আন একো বিশেষ পাৰ্থক্য নেদেখিলো৷ মনতে ভাবিলো, ”হয়তো, যেনেকৈ শ্ৰীমতীৰ এসোপামান কালাৰৰ লগত চিনা-জনা আছে, ঠিক তেনেকৈ হেয়াৰ কাটো ইমানসোপা নিশ্চয়েই আছে৷ চাল্লা, মইহে যে কিয় কথাটো ভবা নাছিলো ইমানদিনে?”
অষ্ট্ৰেলিয়ান দেলিগেটছৰ টিম এটা আহিছিল৷ অধিকাংশই মহিলা৷ ভাৱিছিলো এইবাৰ ৰক্ষা পৰিম৷ পিছে দাতাই দিলেও বিধাতাই নিদিয়ে৷ পেণ্টৰ পকেটৰপৰা ৰুমালখনৰ লগতে ’দীঘল চুলি’ এডালেও সমূহ মহিলা দেলিগেটছক দৰ্শন দিলেহি৷ এগৰাকীৰ বিশেষ টিপ্পনী শুনিলো, ”ছ’ নাইচ! ছামৱান হেভ এ লাভলী ৱ’মেন৷” লাজে-চৰমে একাকাৰ হৈ এগৰাকীলৈ চকু দিলো৷ ঢৌ খেলোৱা ব্ৰাউন ৰঙৰ ছুলিৰে সুন্দৰী যুৱতী৷ চালে চাই থাকিম যেন লাগে৷ লাহেকৈ কাষলৈ গৈ মাত দিলো৷
– “এক্সুউজ মি?”
অষ্ট্ৰেলিয়ান যুৱতীয়ে উৎসাহ দেখুৱাই ক’লে,
– “ইয়েছ!”
মোৰ চিধা-চিধি প্ৰশ্ন,
– “হোৱাট ইজ য়’ৰ হেয়াৰ ষ্টাইল নেইম?”
(সন্ধিয়া ঘৰৰ কাষৰ চবিনৰ চেলুনত বহি ক’লো, ‘খট কেইটা ভালকৈ মিলাই দিবি’)
☆★☆★☆
9:02 pm
আৰু এটা আছে, বাতি কাট৷মজ্জা মাধুৰ্য্য৷
1:32 pm
হে হে মজা লাগিল মাধুৰ্য্য