শনি – পূৰ্ণাক্ষী ভট্টাচাৰ্য
একদম সইত সইত তিনি সইত খাই কোৱা কথা। এইজনক শনি বুলিবলে মোৰ অকণো মন নাছিল। কেনেকৈনো থাকিব বাৰু? মেডিকেল কলেজৰ প্ৰথমটো ক্ৰাচ্ আছিল শনি। মেডিকেল পঢ়িবলৈ কোনো কাহানিও অদ্ভুত ইচ্ছা নাছিল। কাৰণ সেইটো মোৰ সাধ্যৰ বাহিৰত বুলি ধাৰণা এটা যুগৰ আগতে কৰি থোৱা হৈছিল। তাতে ছিট পাইছিলো যোৰহাটত। চহৰখন কোনোদিনে বেয়া পোৱা নাছিলো যদিও তাত পাঁচোটা দীঘল বছৰ থাকিবলৈ নিজকে প্ৰস্তুত কৰি তুলিবলৈ মোক যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। দিনবোৰ এদিন দুদিনকৈ পাৰ হ’বলৈ ধৰিলে। ভাললগা ধৰণৰ কোনো ঘটনা নঘটাকৈ এদিন ফ্ৰেচাৰ্ছ আহি পালে। নাই, কোনোধৰণৰ উৎসাহ বোলা বস্তু নাই। একমাত্ৰ যাব লাগে বাবেই যোৱা হৈছিল সেইদিনা। তাতে পিন্ধিছিলো চাদৰ মেখেলা। সেইখিনি জোঁটা পুতি আছিলেই লগত। কোনোমতে গৈ লেকচাৰ হলত বহিলোগৈ।
সময়ত সভা আৰম্ভ হ’ল। এটাৰ পাছত এটাকৈ ভাষণবোৰ আহি আছে আৰু গৈ আছে। দুটা এটা কথা শুনিবলৈ ভাল লাগিলেও অলপ পাছত হামিয়াবলৈ আৰম্ভ কৰিলো। ৱাট্ছ এপ বোলা বস্তুটো তেতিয়া ওলাইছে যদিও মোৰ আওপুৰণি ফ’নটোত সেই সুবিধা উপলব্ধ নাছিল। চিনিয়ৰৰ সন্মুখত ফ’ন উলিয়াবলৈও ভয় ভয় লাগে অলপ। একো উপায় নাপাই কুঁচি মুচি লগৰকেইজনীৰ লগতে বহি আছিলো। মাজতে এবাৰমান চাহো আহিলো। চাহ খোৱাৰ পাছত টোপনিটো অলপ ভাঙিল। গা- মূৰ টঙাই পিছৰখিনি ভাষণ শুনিবলৈ সাজু হ’লো। উৱা, এয়া পাছে কোন? ইমান সৰু বক্তাও আছে নেকি? আছেও একেবাৰে ইউনিফৰ্মত। সকলোৱে একেবাৰে হাত চাপৰিও বজাইছে। বক্তা আহি মাইকৰ ওচৰত থিয় হ’ল। তলৰ পৰা ঘোষণা হ’ল যে পৰৱৰ্তী ভাষণ দিব ষ্টুডেণ্ট ইউনিয়নৰ ছেক্ৰেটেৰীয়ে।
অহ্। এয়া হে মানে। আগৰাতিৰ কথা মনলৈ আহিল। ফ্ৰেচাৰ্ছ বুলি চিনিয়ৰ বাহঁতে আমাৰ প্ৰায় দহজনীমান ছোৱালীক গোটোৱাই এখন মিটিং পাতিছিল। উদ্দেশ্য আছিল আমাক পিছদিনা কি কি হ’ব পাৰে তাৰ এক সম্যক ধাৰণা দিয়া। প্ৰপ’জ কৰিলে কাক কৰিব লাগিব, নাচিবলৈ দিলে কেনেকৈ যাব লাগিব, নিজৰ চিনাকি কেনেকৈ দিব লাগিব ইত্যাদি ইত্যাদি। তাৰে মাজত মই বেয়া পোৱা কামটো আছিল ইউনিয়ন বডি মেম্বাৰৰ নাম মুখস্থ কৰা। হ’লেই যেনিবা ইউনিয়নৰ মানুহ! কি নো একেবাৰে বৰ কথা! বৰ খং উঠিছিল সেইকেইটাৰ ওপৰত। অনিচ্ছাসত্বেও নামবোৰ চাই যাওঁতে এটা নাম পঢ়ি ৰৈ গ’লো। দুই তিনিবাৰমান নামটো আকৌ পঢ়িলো। বৰ ধুনীয়া নামচোন! ধুনীয়া নামবোৰৰ প্ৰতি মোৰ এক দুৰ্বলতা বহুদিনীয়া। একমাত্ৰ সেইটো নামেই মনত থাকি গ’ল। সেই ধুনীয়া নামৰ মানুহজনক সন্মুখত দেখি মুখখন মেল খায়ে থাকিল। চকুৱে জপক পেলাবলৈ পাহৰিলে। আস্, কি উদাত্ত ভাষণ! কি গলগলীয়া মাত! তেতিয়ালৈ কেৱল ধুনীয়া নামেই নহয়, সম্পূৰ্ণ ব্যক্তিত্বই সন্মোহিত কৰি পেলাইছিল। প্ৰথমবাৰৰ বাবে ইউনিয়নৰ নেতাক ভাল লাগিল। ঠিকেইতো, ইউনিয়নত থাকিলে এনেকুৱা মানুহেই থাকিব লাগে।
ফ্ৰেচাৰ্ছ শেষ। ক্লাছ পূৰ্ণগতিত চলি আছে। মাজে মাজে নেতা মহোদয়ক দেখো। কেণ্টিনত চাহ লৈ ভাষণৰত অৱস্থাত। তেনেকুৱা এদিনতে যিখন দেখিলো, মোৰ অৱস্থা তাতে ফুচ হ’ল। নেতাৰ লগত সেয়া নেতানী। চাহৰ কাপ সন্মুখত লৈ নিজৰ দুনিয়াত মগন। তথাপিও ক্ষীণ আশা এটা লৈ লগৰজনীক এবাৰ সুধি চালো। তায়ো বোলে- ‘তই থাক ক’ত অই ছোৱালী! কলেজৰ ৰোমিও জুলিয়েটক চিনি পোৱা নাই আজিলৈ?’ ময়ো সেমেনা সেমেনিখন কৰি গুচি আহিলো। তাৰপাছত হ’বলগীয়া বিশেষ একো নাছিল। নেতা-নেতাতীৰ অমৰ প্ৰেমৰ জলবা প্ৰায়ে দেখিবলৈ পাইছিলো। কলেজ উইক আৰম্ভ হ’ল। নেতানীয়ে দৌৰ প্ৰতিযোগিতাত ভাগ লৈছে। নেতা মহোদয়ে নেতানীৰ ছেণ্ডেল হাতত লৈ পিছে পিছে ঘূৰি আছে। আস্। এনেকুৱা প্ৰেমো থাকেনে বাৰু! পৰীক্ষাৰ আগত নেতানী বাইদেউৰ কোনোবা ঢুকাল। নেতা মহোদয়ে আহি নেতানীক ঘৰলৈ লৈ গ’ল। আমাৰ চকু ভৰি আহিল। অমৰ প্ৰেম। সকলোৱে একেমুখে স্বীকাৰ কৰিলে।
তাৰপাছত ফুং ফাং কৰি থাকিবলৈ সময় নোহোৱা হ’ল। ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল আহি পালে। ৰুমটোত পঢ়িলে শুই থকাহে হয় বাবে লাইব্ৰেৰীলৈ অহা যোৱা আৰম্ভ হ’ল। ৰাতিপুৱা আঠ বজাতে গৈ ৰাতি দহ বজাত ঘূৰি অহা হয়। মাজতে একমান বজাত হোষ্টলতে ভাত খাই অহা যায়। তেনেকৈয়ে দিনবোৰ গৈ আছে। এদিনাখন ৰাতিপুৱা লাইব্ৰেৰীলৈ গৈ আছো। লগৰজনীৰ দেৰি হোৱা বাবে তাই মোক আগবাঢ়ি থাকিবলৈ দিলে। আঁতৰৰপৰাই দেখিলো যে লাইব্রেৰীৰ দৰ্জাখন খোলা। সাধাৰণতে সেইখন দৰ্জা আমি দুজনীয়েহে খোলো। ‘কোন বা আহিল আজি আগতে’ – মনতে ভাবি লাহেকৈ আধামেলা দৰ্জাখন ঠেলি ভিতৰলৈ সোমালো। মোক সোমোৱা দেখি সন্মুখৰজনে পাছফালে ঘূৰি চালে। ‘কি কৰা যায় এতিয়া?’ নেতাৰ লগত কোনোদিনে তেনেকুৱা পৰিস্থিতিত পৰা নাছিলো। কোনোমতে হাঁহি এটা উলিয়াই কাষেৰে পাৰ হ’লো।
‘তোমালোকৰ পৰীক্ষা আহিলেই ন’?’ উৱা, মোকেই মাতিছে নে? নেতাইনো মোক কিয় মাতিছে? চিনি পাই জানো?
‘অ’ আহিলেই আৰু।‘ একো ভাবান্তৰ নেদেখুৱাই ক’লো।
‘তুমি অমুকক চিনি পোৱা ন’?’ কথাৰ গুৰিটো তেতিয়াহে বুজিলো। নেতাৰ লগৰ এজন মোৰ স্কুলীয়া দিনৰে চিনাকি। সেইসূত্ৰেই নেতাই মোৰ চিনাকি এটা লৈ থৈছে। হ’ব বাৰু। দেখা যাব।
‘পিছে আপুনি ইয়াত কি কৰিছে? আপোনাৰটো পৰীক্ষা নাই!’
‘নহয় মানে। মোৰো পৰীক্ষা আছে যে।‘
‘অ’, ঠিক আছে বাৰু। পঢ়ক তেন্তে।‘
প্ৰথমে বুজি নাপালেও মূৰটো লগাই লগাই উলিয়ালো যে নেতাৰ ছাপ্লি পৰীক্ষা আছে। ধেত্, ময়ো মানে ! সুধিব নালাগিছিল চাগে তেনেকে। তেতিয়াৰ দিনত চিনিয়ৰ মানে ভয়ংকৰ কিবা আছিল। যি তি সুধি দিলে হোষ্টেলত খাম ভালকে গালি। সেয়ে ছৰি এটা কৈ কামটো শেষ কৰি থোৱাই ভাল বুলি ভাবিলো। পঢ়াৰ মাজতে এপাকত উঠি যাম বুলি ভাবোতেই দেখিলো যে নেতাৰ কাষত সেয়া নেতানী। দুয়ো কিতাপত মূৰ গুজাত ব্যস্ত। হ’ব আৰু, থাকক। আমনি কৰাৰ দৰকাৰ নাই। তাৰ পাছতো লাইব্ৰেৰীত লগ পালেও হাঁহিৰ আদান প্ৰদানতে সীমাবদ্ধ থকা হ’ল।
বছৰবোৰ পাৰ হ’ল। কথাবোৰ সাধুকথা দৰে হৈ পৰিল। পাহৰা দিনবোৰৰ এদিনতে ফেচবুকত এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল। চাই দেখো নেতা। বহুদিনৰ পাছত বতাহ এজাক অহা যেন লাগিল। পাতিবলৈ একো নথকাৰ বাবে কথা পতা কিন্তু হোৱা নাছিল। জন্মদিনৰ শুভেচ্ছা জনোৱাহে হৈছিল। তেনেতে কলেজৰ উইক আৰম্ভ হোৱাত ফাঁকি ফুঁকা মাৰি ঘৰলৈ আহিলো। উভতি যোৱাৰ দিনাখন মনটো বেয়া হৈ থাকেই আৰু। খানাপাৰাত বাছখন ৰৈ থাকোতে ফ’নটোৱে টুংকৈ মাত মাতিলে। চাই দেখো নেতাৰ মেচেজ-
‘হাই, কলেজ উইক কেনে গ’ল?’
‘মই ঘৰলৈ আহিছিলো।‘ সাধাৰণভাৱেই উত্তৰটো দিলো।
‘কিয়?’
‘এনেই মানে। কামো আছিল দুটামান।‘
‘অ’ আচ্চা। এনেও তুমি বেছি এনজয় নকৰা নহয়।‘
‘কিয় ক’লে তেনেকে?’
‘নহয় মানে, জানো নহয়। তুমি অলপ কনজাৰভেটিভ টাইপৰ হয়।’
‘আপোনাক কোনে ক’লে বাৰু?’ খঙটো উঠি আহিছিল যদিও পটকৈ নক’লো একো।
‘তোমাক দেখিলো লাগে। আৰু বহুতৰ মুখতো শুনিছো আগতে।‘
‘আপুনি কি মোৰ ওপৰত ৰিচাৰ্ছ কৰি থৈছে?’
‘হা হা হা…।‘ নেতাৰ হাঁহি যেন বন্ধ নহ’বই এতিয়া। ইমান বা কি ৰসাল কথাটো ক’লো মই!
‘শুনক দাদা। মই কনজাৰভেটিভ নহয়। ইণ্ট্ৰ’ভাৰ্টহে হয়।‘ সিমানতেই সেইদিনা কথাৰ মুখনি মাৰিলো।
তাৰপাছত আকৌ গতানুগতিক ভাৱে ক্লাছবোৰ আৰম্ভ হ’ল। নেতাক মাজে মাজে অ’ত ত’ত দেখো। দেখিলেও মই ওলোটা ফালেহে খোজ দিবলৈ ল’লো। নেতাও কম নোলাল। ৰাতিলৈ আহিল মেচেজ –
‘হাই, আজি তোমাক দেখিছিলো। মাতিবলৈ লওঁতেই তুমি গুচি গ’লা।’
‘অ’ দাদা, কাম এটা আছিল যে।’ ক’বলৈ একো বিচাৰি নাপাই সদায়ৰ দৰে কামৰ বাহনাকে দিলো।
‘আচ্চা, তোমাৰ মনত আছেনে আমি কেতিয়া প্ৰথম লগ পাইছিলো?’ সেইখিনিতে শনিয়ামি আৰম্ভ হ’ল বুলিব পাৰি।
‘আছে বাৰু। লাইব্ৰেৰীত।‘ চুটিকে কৈ থ’লো।
‘অ’ তোমাৰচোন মনত আছে! দ্বিতীয়বাৰ একা?’
দ্বিতীয়বাৰ? মইচোন এবাৰেই লগ পাইছো এতিয়ালৈ! কথাটো বুজি নাপালো। সুধিবলৈও ভাল নালাগিল। উত্তৰটো পাছে নিজেই আহিল-
‘সেই যে যোৱা বছৰ তুমি গোস্বামী চাৰ্ভিছৰ ওচৰৰ জাংফাই দোকানখনৰপৰা ওলাই আহিছিলা। মই যে তোমাৰ ওচৰেৰে পাৰ হৈ গৈছিলো।‘
অহ! সেইটো মানে নেতাহে আছিল! বাইদেউৰ বিয়াৰ বাবে অলপ বজাৰ সমাৰ কৰি গোস্বামী চাৰ্ভিছৰ পেট্ৰল পাম্পটোৰ ওচৰতে গাড়ীত উঠিবলৈ লওঁতেই কোনোবা এজনে হাঁহি এটা মাৰি কাষেৰে পাৰ হৈ গৈছিল। লগত এজনী ছোৱালীও আছিল। আন্ধাৰত ভালকৈ ধৰিব নোৱাৰিলো বাবে বৰকৈ গুৰুত্বও দিয়া হোৱা নাছিল।
‘সেইজন মানে আপুনিহে আছিল? মই ধৰিব পৰা নাছিলো দেই।‘ ৰিপ্লাই এটা দিলো।
‘কিয় ধৰিব নোৱাৰিলা?’
‘আপোনাৰ লগত বা নাছিল যে। বেলেগ ছোৱালীহে আছিল। সেইকাৰণে।’ এইবাৰ উঠি অহা খংটো দবাব নোৱাৰিলো।
‘হা হা হা। নহয় বুজিছা। কিছুমান মানুহ জীৱনত সদায়ৰ কাৰণে নাথাকে। আহে আৰু যায়। থকা সময়খিনি ভাল লাগে। পাছত দুখ লাগে। উপায়ো নাই দিয়াচোন। তুমি বুজা ছোৱালী। এইবোৰ বুজা চাগে।‘
‘নাই নাই নাই। একেবাৰে নুবুজো মই। মোৰ তেনেকুৱা পৰিস্থিতি কেতিয়াও হোৱা নাই।‘ আটাইতকৈ বেছি বেয়া পোৱা বস্তুবোৰৰ ভিতৰত ছেণ্টি ফলা কামটো আৰু অলপ বেছি বেয়া পাওঁ। নিজেও নামাৰো আৰু বেলেগে মাৰিলেও পলাওঁ। নেতাৰ অমৰ প্ৰেমৰ নতুন ৰূপ দেখি মেছেঞ্জাৰৰপৰাও পলালো। তেতিয়ালৈ পাছে নেতাই শনিৰ নাম পাই গৈছিল।
‘মোক বেয়া পালা নেকি কিবা?’ দুদিনমান হাই হেল্ল’ জাতীয় মেচেজ দি ৰিপ্লাই নাপাই শনিয়ে অৱশেষত শেষ বাণপাত মাৰিলে। কি খবৰ, ভাত খালা, ক্লাছ হৈছে নে নাই, পঢ়া কেনে চলিছে, কোন ছাৰে ক্লাছ ল’লে, কি পঢ়ালে জাতীয় পেনপেনীয়া মেচেজবোৰৰ উত্তৰ দিবলৈ সময় আৰু মন দুয়োটাই নাছিল।
‘নাইতো। কিয় সুধিলে?’ ছেমিনাৰত বহি ব’ৰ লাগি আছিল বাবে ৰিপ্লাই এটা দিলো।
‘নহয় মানে। দুদিনমান মেচেজ নাছিল যে মাজতে। সেয়ে সুধিলো।‘ ক্লাছ, ছেমিনাৰ আদি অগৰং বগৰং জাতীয় বাহানা দুটামান মাৰি দিলো।শনিয়ে পুৰা বুজি পোৱা দেখুৱালে যদিও-
‘আচ্ছা, তোমাৰ বয়ফ্ৰেণ্ড আছে নে? বা আগতে আছিল নেকি?’ মৰ এতিয়া ক’ত মৰিব পাৰ! সুধিবলৈ এইটোহে বাকী ৰৈছিলগৈ। কি উত্তৰ দিব পাৰি সেই বিষয়ে অলপ সময় মূৰৰ ভিতৰতে কচৰত কৰিলো।
‘মোক দেখিলে বাৰু নথকাৰ দৰে লাগে নেকি?’
‘অ’ অ’। ঠিক কৈছা। তোমাক দেখিলে তেনেকুৱাই লাগে। ছিম্পল একদম। এইবোৰ যেন তুমি বুজিয়ে নোপোৱা।‘ এনেই মস্ত বৰিং ছেমিনাৰ এখনত বহি মূৰটো টিংটিঙাই আছিল। তাৰ ওপৰত মোক দেখি কি লাগে আৰু কি নালাগে, সেই সন্দৰ্ভত শনিৰ ভাষণে গোটেইকেইডাল তাঁৰ ছিঙি পেলালে।
‘আচ্চা, মোৰ কাৰণে দুটা কাম কৰিব পাৰিব?’
‘নিশ্চয় পাৰিম। তুমি ক’লেই হ’ল।‘ শনিৰ ইনষ্টেণ্ট ৰিপ্লাই।
‘ঠিক আছে তেন্তে। প্ৰথমতে, আপুনি মোৰ ওপৰত যিটো ৰিচাৰ্ছ কৰি ৰাখিছে, মানে মোক দেখি কেনেকুৱা লাগে আৰু নালাগে, সেইটো আপোনাৰ নিজৰ লগতে ৰাখিব, পাব্লিক নকৰিব। আৰু দ্বিতীয়তে, ইয়াৰ পাছত মোৰপৰা মেচেজৰ ৰিপ্লাই নাপালে বেলেগৰ আগত গৈ মোৰ বিষয়ে ছেণ্টি নাফালিব। দয়া কৰি মোক এইখিনিৰপৰাই বিদায় দিয়ক। আপোনাৰ জীৱনত সদায়ৰ কাৰণে থকাৰ মোৰ তিলমানো ইচ্ছা নাই।‘
তাৰপাছত শনিৰপৰা আৰু মেচেজ নাপালো কেতিয়াও। মাজতে ষ্টেটাচ দেখিছিলো কমিটেড উইথ্ অমুক বুলি। লাইক এটা ময়ো মাৰি দিলো। আফটাৰ অল শনিবোৰৰ লগত পৰি শনিয়ামি কৰিব শিকিছো ন’। মোৰ প’ষ্টবোৰত পিছে শনিৰ লাইক সদায়ে আহে, ফেচবুকেই হওক বা ইনষ্টাগ্ৰামে হওঁক।
☆★☆★☆