ফটাঢোল

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১)

মধুপুৰৰ মিচেছ তিলোত্তমা দাস
পৰিয়ালৰ সৈতে কৰে ভিল্লাত বাস
গিৰিয়েকৰ ৰঙা চুলি
ঘৈণীয়েক পেট কুলি
চুলিয়াচুলি কৰি থাকে বাৰটি মাস।

২)

চিটিবাছৰ চালক সি নাম গণেশ
ভাং খাই ধৰে ৰাতি শিৱৰ ভেশ
টোপনিক কৰি কাটি
হাতত মদিৰাৰ বাটি
পত্নীৰ নাইকিয়া কৰে আজুৰি কেশ।

৩)

গাধ হয় যদি নাখায় ধঁপাত চাধা চূণ
খাব লাগে নিতৌ তামোলো এক পোণ
গুটখা বিমল ৰজনী
ডিনাৰত এটাকৈ কণী
শুবলৈ যাওঁতে খাবা গুৰ এক দোণ।

৪)

শকত আৱত চেহেৰাৰ নিধিৰাম চৰ্দাৰ
ছোৱালী তিৰোতালৈ মানুহটো দিলদাৰ
চুৰিয়া পিন্ধে টানি টানি
দীঘলকৈ চেলেংখনি
নিজা ঘৈণীয়েকক কৰে দেই অত্যাচাৰ।

৫)

ৰংপুৰৰ ৰঙা আইতা খোজ কেইটা খৰ
জিভাখন দীঘল তেওঁৰ স্বভাৱো হাত লৰ
কথাৰ নাই লাক পাক
চেহেৰা জীৱন্ত বাঁক
বন কাম পালে তেওঁৰ চিধাই উঠে জ্বৰ।

৬)

আমাৰ গাঁৱৰ ডেকা ল’ৰা শ্ৰীমিহিৰাম
সকলোৱে জানে তাক বুলি চেনীৰাম
বুদ্ধিত সি বৃহস্পতি
পেটটো গণপতি
পদুলিশুঙা বুলি গাঁৱত আছে সুনাম।

৭)

লক্ষীমপুৰৰ শ্ৰীমান সুমন্ত কুমাৰ দলে
কথাত নোৱাৰে তেওঁক কোনেও বলে
ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ
মাত মতাৰ সাধ্য কাৰ
মিনিষ্টাৰৰ সোঁহাত, দেশ যায় ৰসাতলে।

৮)

হিংলিছ কওঁ, যদিও মই অসমীয়া
ৰঙা পানীয় প্ৰিয়, যদিও খাৰখোৱা
মাতৃভাষা দূৰ দূৰ
লাঠ মাৰা আবুৰ
ধানৰ ভাত খাওঁ, নাজানো কি হাল বোৱা।

☆★☆★☆

 

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *