গুণ পেহী – কৃষ্ণা বৰা ফুকন
গুণ পেহী মানুহজনীক আচলতে কৃপণেই বুলিব নে খৰচী! ৰঙালাও বনালে হালধি নিদিয়ে, বোলে এনেয়েও ৰং উঠিবই, আকৌ হালধি দি কি হ’ব!
এদিন ক’ৰবাত ফুৰিবলৈ যাওঁতে পেহীয়ে দোকানত খেজুৰ দেখিলে। পেহাক ক’লে বোলে মোৰ খেজুৰ খাবলৈ মন গৈছে। পেহাই আনি দিলে। পিছে পেহীয়ে ঘৰত আনি থৈ দিলে, খাবলৈ পাহৰিলে। দিন কি মাহ চেৰেকৰ পিছত এদিন যেতিয়া দেখিলে তেতিয়ালৈ পেকেটৰ এক্সপায়ৰী দেট পাৰ হ’ল। পেহীৰ ইফালে গাটো জালুক জলকীয়াই পোৰা দি পুৰিছে। অতখিনি পইচা, এনেয়েতো অহা নাই। এতিয়া গোটে গোটে পেকেটটো পেলাইনো কেনেকৈ! মনটো পতিয়াব নোৱাৰি পেকেটটো খুলি চাই দেখিলে, একেবাৰে ফৰফৰীয়া হৈ আছেচোন। দুটামান খাইও চালে, সোৱাদৰো বিশেষ পৰিৱৰ্তন নাপালে। ফূৰ্তিতে বহুতকেইটা খালে। দহ নম্বৰটো খাবলৈ লৈহে দেখিলে, আৰে! পোক এটাইচোন মূৰটো উলিয়াই একেবাৰে “মে আই কাম আউট” ভংগীত থিয় দি আছে। দেখিয়ে পেহীৰ বুকু চিৰিংকৈ গ’ল। কি কৰিব, কি নকৰিব ভাবি নাপায় পেহীয়ে জঁপিয়াবলৈ ধৰিলে, যাতে ইতিমধ্যেই ভক্ষণ কৰা পোককেইটা পেটৰ মানে পাকস্থলীৰ তলৰ ফালে যায়গৈ আৰু বাথৰূমত গৈ তেওঁ যি কোনো উপায়েৰে সিহঁতক বাহিৰ কৰি উলিয়াব পাৰে। কিন্তু হঠাৎ মনত পৰিল যে পাকস্থলীতো চিধাই নাপায়গৈ। প্ৰথম ডিঙি, বুকু, তাৰপিছতহে পেট। তাৰপিছতো কিমানটা ট’ল চেকিং পাৰ হৈহে বাহিৰ ওলাব পাৰিব। তাকো নলিচাডাল যিহে পাক ঠাই থাকে কি জানি ক’ৰবাত যদি পাকত পোকটো লাগি থাকে আৰু লাহে লাহে ডাঙৰ হৈ……। পেহীয়ে আৰু ভাবিবই নোৱাৰিলে। সাউতকৈ গৈ ফেনাইল বটলটো খুলি ঢোক ঢোককৈ গিলি দিলে, বোলে, “পোক, তোৰ পুলিয়ে পোখাই যাওক, তই নিৰ্বংশ হ।”
কেইবাঢোকো খোৱাৰ পিছতহে ‘এয়া কি কৰিলো’ বুলি তেওঁৰ হুঁচ আহিল। পিছে sense আহে মানে তেওঁ আকৌ non sense হৈ গ’ল ভয়তে।
বাৰু যি কি নহওক, ডাক্তৰৰ কৃপাত গুণ পেহী এতিয়া সুস্থ।
☆★☆★☆
3:48 pm
হাঃ হাঃ! টামাম লাগিল