কৌতুক – হেমন্ত কাকতি
আমেৰিকালৈ যাম বুলি ভিচা ইণ্টাৰভিউৰ বাবে American Embassy পালোগৈ৷ অফিচাৰে বিজয়ক সুধিলে- আমেৰিকাৰ ক’ত যাব?
বিজয় : চেন জ’চ (San Jose)
অফিচাৰ : আমেৰিকাত San Hosey বুলি কয়৷ J টোক হ’ নিচিনাকৈ উচ্চাৰণ কৰে৷
বিজয়ে তপৰাই ক’লে- “ইটচ্ ওকে৷”
অফিচাৰ : কিমান দিনৰ বাবে থাকিব?
মই প্ৰম্পট কৰিলো- জুনত গৈ জুলাইত ঘুৰিম বুলি কোৱা৷
বিজয়ে মোলৈ ঘোপাকে চাই ক’লে-
“হুনত গৈ হুলাইত ঘুৰিম।”
☆★☆★☆
3:53 pm
বঢ়িয়া লাগিল