ফটাঢোল

ফটাঢোল, ধিনিকি ধিন দাও- দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

আৰৱ সাগৰৰ বীচ্চৰ ওপৰতে হোটেলখন। ঢৌৰ শব্দই এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দুকাণত খুন্দা মাৰি যায়গৈ। সাধাৰণতে মই অলপ হে’ভী ব্ৰেকফাষ্ট কৰোঁ ফাইভ-ষ্টাৰ হোটেলত। আজি পিছে বেছি খাবলৈ মন নগ’ল। জাষ্ট এক প্লেট গ্ৰীলড্ মাছৰুম এণ্ড টোমেট’ লৈছোঁ ৱিথ চিকেন ছ’ছেজ। টেষ্টি আছিল। মেংগোৰ জু’ছটো ঠিক ঠাক লাগিল। ইমানো ভাল নহয়। যোৱাৰ পৰত ফীডবেক্ দি যাম। ইম্প্ৰ’ভমেন্টৰ প্ৰয়োজন আছে। কিন্তু মেনেজাৰজনে ফীডবেক ফ’ৰ্মখন ফিল আপ্ কৰি থাকোঁতে ‘ছাৰ, কিবা বেয়া পাইছে যদি মোকেই কওঁক, নিলিখিব প্লিজ’ বুলি যিটো দুখলগা চাৱনিৰে চায়, বেয়া লাগে। আগতে সেয়ে ভালেই লিখি দিও। মোৰ এটা বেয়া ফীডবেক সিহঁতৰ হোটেলখন বন্ধ হোৱাৰ কাৰণো যে হৈ পৰিব পাৰে, সিহঁতে জানে।

জু’ছৰ গ্লাছটো আধা খাই টেবুলত ৰাখোতেই দুজনমান ৱেইটৰ দৌৰি আহিল।

» ‘ছাৰ, এনি ইছ্যু? আপুনি গোটেই নাখালে যে’- এজনে ভৰিত পৰিবলৈ বাকী। মেইন চ্যেফজনো আহিল অাগুৱাই।
» ‘নাথিং বাট…’ – মোক ক’বলৈ নিদিলেই সিহঁতে। আন এজনে গ্লাছ এটিত ৱাইন লৈ আহিল।
» ‘ছাৰ, এইটো ফ্ৰেন্স ৱাইন। বেষ্ট ইন ৱ’ৰ্লড। প্লিজ ট্ৰাই কৰক। আপুনি ছুইমিং পুললৈকে যাওক, তাতেই লান্সলৈকে আপোনাৰ ফেমিলিটোৱে প্ৰাইভেটলি এনজয় কৰিব পৰাৰ ব্যৱস্থা কৰি দিম’।

মুহূৰ্ত্তৰ ভিতৰতে ছুইমিং পুলটো খালী কৰা হ’ল। ছানবাথ ল’বৰ কাৰণে ৰখা হেলনীয়া চকীবোৰো ঠিক ঠাক কৰা হ’ল। ৱাইফ আৰু দুই সন্তান ৰিকি আৰু ৰিয়ানে ব্ৰেকফাষ্ট কৰি আছিল। সিহঁতৰ কাৰণে এগ্ হোৱাইটেৰে এবিধ ক’ণ্টিনেণ্টেল ব্ৰেকফাষ্ট ডিছ্ সাজু কৰি আনিলে। ৰিকি আৰু ৰিয়ানে ষ্ট্ৰ’বেৰী ফ্লেভৰ থকা ম’কটেল খাই হে ভাল পায়। আনিলে। ৱাইফ আকৌ ৰাতিপুৱাৰে পৰা কানাডা’ত থকা ভনীয়েকৰ লগত ভিডিঅ’ কল কৰাত ব্যস্ত। ভনীয়েকে ক’ৰবাত ট্ৰেডিছ’নেল কাপোৰ পিন্ধি ফাংছন এখনত যাব লাগে এসপ্তাহ পাছত। অসমৰ দুজনমান ডিজাইনাৰৰ লগত কথা পতা হ’ল। বাট দে’ আৰ ছ’ বেকৱাৰ্ড। ইমান কম সময়ত কাপোৰ ৰে’ডী কৰি কানাডালৈ পঠিওৱা অসম্ভৱ হেনো। মনীষৰ লগত ময়েই কথা পাতিলোঁ। মনীষ মালহোট্ৰা। সি বিজি। পিছে মোৰ কথা পেলাব নোৱাৰি এতিয়া গুগ’ল কৰি অসমীয়া মেখেলা-চাদৰৰ ওপৰত ষ্টাডী কৰি আছে। কাইলৈৰ পৰা কাম ষ্টাৰ্ট কৰিব। পৰহি হৈ যাব। ৱাইফ খুছ। মনীষে বাৰ লাখ টকাতেই মান্তি হ’ল। জানোঁ কামটোত কষ্ট আছে। মোৰ মতে, বেছি ডিমাণ্ড কৰা নাই।

ৰিয়ানে আইফোনটো লৈ গেম খেলিছে। ৰিকিৰ আকৌ গেমত ইণ্টাৰেষ্ট নাই। সি চিনেমা পাগল। আইপেডটোত চিনেমা চাইছে।

মই পুলত নামিলোঁ। অলপ ঠাণ্ডা পালোঁ। কোৱাৰ লগে লগে এজনে গৈ পানীৰ টেম্পৰেছ’ৰটো অকণমান বঢ়ালে। ভাল লাগিল। বয় এজনে ৱাইনৰ গ্লাছটো লৈ মোৰ ওচৰতে থিয় হৈ আছে। ৱাইনটো জাষ্ট এমেজিং। ছল্টেড কেৰিবিয়ান কাজুৰ লগত ৱাইন খোৱাৰ মজাটো আস!

হঠাতে ফোন কল এটি আহিল। ৱাইফে ফোনটো লৈ দেখুৱালে। বয়জনেই দৌৰি গৈ ফোনটো আনিলে। মহাৰাষ্ট্ৰৰ ডেপুটি ছিফ মিনিষ্টাৰৰ ফোন। ৰিচিভ কৰিবলৈ মন নগ’ল। মই ভেকেশ্যনত থাকিলে এইবোৰ ফোন ধৰিবলৈ টান পাওঁ। কাটি দিলোঁ। হাঁহি হাঁহি ৱাইফ’ৰ ফ’টো এখনকে তুলিলোঁ। ছি লুকচ্ হট টুডে। হাতত লৈ থকা ‘ফেমিনা’খনে মুখৰ আধা ঢাকি ধৰিছে। তথাপিও ফ’টোখন ভাল লাগিল।

ফ’টো গেলাৰীত এনেয়ে চকু ফুৰাওতে পুৰণি ফ’টো এখন দেখিলোঁ। ৰিকিৰ ফ’টো। হাতত এটি ঢোল। এবাৰ বিহুৰ সময়ত অসমলৈ যাওতে ৰিকিয়ে বিহু নাচ দেখিছিল। ঢোলবোৰ দেখি বৰ পছন্দ হ’ল তাৰ।

» ‘ডে’ড…মোকো লাগে এই ইনষ্ট্ৰুমেণ্টটো..প্লিজ’। ৱাইফৰ আকৌ ডাঙৰ ঢোল কিনি দিবলৈ মন নাই। দুদিন বজাব তাৰ পাছত পেলাই দিব। অৱশেষত বন্ধু এজনে ভাল এডভাইচ দিলে এটা। তাৰ কথা মতে জুয়েলাৰী দোকান এখনত এটি আৰ্টিফিচিয়েল ঢোল সাজি আনিলো। নাইনটি পাৰ্চেণ্ট সোণৰ। মাত্ৰ মাৰি দুডাল ৰূপৰ, সোণৰ পানী চটিওৱা। সস্তাতে বনাই দিছিল চিনাকি বুলি। এৰাউণ্ড তিনি-ছাৰি লাখ মানৰ ভিতৰতে। কিন্তু ঢোলটো নাবাজে। সজাই থবলৈ ভাল।

বন্ধুৱে ঠিকেই কৈছিল-‘এইটো বঢ়িয়া। কেতিয়াও নাবাজে, কেতিয়াও নাফাটে। কোনেও ক’ব নোৱাৰিব ফটাঢোল বজাইছে বুলি…হাঃ হাঃ’।

ৱাইন শেষ হ’ল। আৰু এগিলাচৰ প্ৰয়োজন অনুভৱ কৰিলোঁ। বয়জন ক’ত বা গ’ল। চিঞৰিলোঁ। সি দূৰৈত ৰৈ আছে। আকৌ চিঞৰিলোঁ। শুনিও যেন নুশুনাৰ ভাও ধৰিছে সি। চিঞৰিলোঁ পুনৰ…..

» ‘ইমানকৈ আটাহ পাৰি মৰিছে কিয়? কি লাগে এই পুৱাই পুৱাই’- পত্নী সাৱিত্ৰীৰ মাতটোৱে সকলো আউল লগাই দিলে।
» ‘ৱাইন লাগিছিল…মানে চাহ..চাহ একাপ। এঘণ্টা হ’ল শোৱাৰ পৰা উঠিবলৈ’।
» ‘চাহপাত নাছিল। কাষৰে মাধবীহঁতৰ ঘৰৰপৰা আনিলোঁ দুচামুচ। সদায় সদায় নোৱাৰোঁ এনেকৈ ধাৰ কৰি আনিব’।
» ‘ৰিকি-ৰিয়ান…মানে ৰত্ন আৰু ৰমা ক’লৈ গ’ল?’
» ‘আছে বাহিৰতে ঘূৰি’।

দেৰিয়েই হ’ল আজি। গাড়ীখন ধুই চাফাও কৰিব লাগিব। কালি এয়াৰপ’ৰ্টৰ পৰা মোৰ গাড়ীতেই ৰূপম আৰু বিদ্যুৎ উঠি আহিছিল। সিহঁতে মোক চিনি নাপালে। মই পাইছিলোঁ দুয়োকে। একেলগে প্ৰাইমেৰীত পঢ়িছিলোঁ। সিহঁতৰ কথা-বতৰাবোৰে গোটেই ৰাতি মোৰ মূৰত পাক-ঘূৰণি খাই আছিল। তিনি পেগ খোৱাৰ পাছত নৰোত্তম ড্ৰাইভাৰক কৈ গৈছিলোঁ-‘বুজিছ, মই এবাৰ ফাইভ ষ্টাৰ হোটেলত গৈছিলোঁ পৰিয়াল লৈ…’।

» ‘চাল্লা চুৱৰ, ফটাঢোল বজাইছ…..ধিনিকি ধিন দাও?’। সি মোক ক’বলৈও সুযোগ নিদিলে।

ক’ৰবাৰ পৰা ৰত্ন আহিল দৌৰি।

»’মা, মোক এটা ঢোল লাগিছিল…ঢোল’।
»’মদ আৰু ভাত খাই বাপেৰৰ পেটটো ঢোল যেনেই হৈছে। হাত-ভৰি বাঁহৰ কামি হেন। বাপেৰৰ ঢোলটোকেই বজা যা’- সাৱিত্ৰীৰ কথাবোৰ বেজী হৈ বিন্ধে।

ৰত্নই দৌৰি আহি মোৰ পেটটোতে হাত দুখনেৰে থপৰিওৱাত লাগিল। যেন ঢোল হে বজাইছে!

পিন্ধি থকা গেঞ্জীটোৰ সোঁমাজতে ফাটিছে। এটি ডাঙৰ ফুটা। সেইফালেৰে সি হাতৰ আঙুলি কেইটি সুমুৱাই চিঞৰিলে-‘ ওঁ মা, এইটো ফটাঢোল…ধিনিকি ধিন দাও’!■■

53 Comments

  • Chow ratana Namchoom

    Dhiniki dhin dao dao… bhal lagil

    Reply
  • atindra

    BHal hoise

    Reply
  • Dhananjoy Nath

    অনন্য সুন্দৰ ।

    Reply
  • ভাল লাগিল ।

    Reply
  • বৰ্ণালী ফুকন

    হাঁহি পেট ফটাৰ যোগাৰ

    Reply
  • বৰ্ণালী ফুকন

    হাঁহি পেট ফুটে আৰু ..অনন্য সুন্দৰ

    Reply
  • ৰিণ্টু

    দিগন্ত ষ্টাইল, তোমাৰ লিখনীৰ এক সুকীয়া ষ্টাইল আছে, যাৰ বাবেই তোমাৰ হাজাৰ গুণমুগ্ধ পাঠক।

    ঈৰ্ষা লাগে হে তোমাৰ কলমলৈ।

    তোমাৰ কলম কেতিয়াও থমকি নৰওক

    Reply
  • Pragya Dutta

    ভাল লাগিল

    Reply
  • ভাল লাগিল দেই ফটাঢোল । এচাপৰ বায়েই দিও নেকি! !

    Reply
  • lakshya

    সুন্দৰ

    Reply
  • দুলাল চন্দ্ৰ বৰা

    প্ৰথম বলতে ছিক্সাৰ

    Reply
  • Saurav

    Just superb.

    Reply
  • সাংঘাটিক! এজ ইউজুৱেল।

    Reply
  • Bijoy Mahanta

    সাংঘাটিক

    Reply
  • বাহ–!! ফটাঢোলৰ এক অনন্য উপস্থৃপন। মন ভৰি গ’ল।
    তোমাৰ লেখনিৰ সোৱাদ ল’বলৈ উদ্ বাউল হৈ থাকো ।

    Reply
  • Ujjal Dutta

    বঢ়িয়া…

    Reply
  • Shyamal barman

    হা হা বঢ়িয়া ।

    Reply
  • প্ৰমথ

    হাঁহি হাঁহি পেট ফাটি গলে কোনে ৰিস্ক লব ?

    Reply
  • Dipjyoti Das

    Haha.. Val lagil porhi 😀

    Reply
  • Dhurjjati

    Borhia

    Reply
  • হিৰণ্ময়

    বঢ়িয়া

    Reply
  • মাধুৰীমা

    বহু দিনৰ মূৰত আপোনাৰ গল্প পঢ়িলোঁ।

    Reply
  • Tarali

    Sundar likhoni

    Reply
  • গীতালি শইকীয়া দত্ত

    আপোনাৰ অচিনাকি এগৰাকী গুণমুগ্ধ পাঠক। সদায় পঢ়ো আপোনাৰ লেখা।

    এইটো পঢ়িও খুব ভাল পালো, কলম থমকি ৰ’ব নিদিব দাদা

    Reply
  • গীতালি শইকীয়া দত্ত

    আপোনাৰ অচিনাকি এগৰাকী গুণমুগ্ধ পাঠক। সদায় পঢ়ো আপোনাৰ লেখা।

    এইটো পঢ়িও খুব ভাল পালো, কলম থমকি ৰ’ব নিদিব দাদা।
    শুভেচ্ছা আৰু অভিনন্দন যাচিলো

    Reply
  • দিগন্ত দা আপ্লুত হ’লো ৷ আপোনাৰ লিখনীৰ ফেন আমিবোৰ ৷ লিখি থাকিব (y)

    Reply
  • সুন্দৰ ।

    Reply
  • Plabon

    Mojaaaa

    Reply
  • Plabon

    এপটো ডাউনল’ড কৰি পঢ়িব আৰম্ভ কৰিছো অলপ আগত ৷ প্ৰথম বলতেই ছিক্সাৰ!!!
    ফটাঢোল পৰিয়ালৰ সকলোলৈ অভিনন্দন
    সম্পাদনাকক্ষৰ সকলোৰে ওচৰত কৃতজ্ঞ এনে এখন উচ্চমানৰ আলোচনী উপহাৰ দিয়াৰ বাবে

    Reply
  • Monali Gogoi

    ভাল লাগিল পঢ়ি ।

    Reply
  • পল্লৱী

    সুন্দৰ সাহিত্যৰ সকলোখিনি সমলৰ সমাহাৰ আপোনাৰ লিখনি …

    Reply
  • Nitul Kalita

    Dhuniya as always

    Reply
  • Namrata Neog

    মজা । লাগিল

    Reply
  • পাৰ্থ প্ৰতীম বৰকটকী

    বেচ ভাল লাগিল ৷ এই ধাৰা গতিশীল হওক ৷ শুভেচ্ছা থাকিল ৷

    Reply
  • Seemanta jyoti baishya

    হা হা হা, সচাকৈ পঢ়ি খুব আপ্লুত হলো,এনেকুৱা ফটাঢোল বজাবলৈ ভাগ্য লাগিব দেই

    Reply
  • Nilamani Haloi

    As Usual Good One

    Reply
  • Dr Sanjay Sharma

    Dhulia hoise

    Reply
  • Dr Sanjay Sharma

    Dhunia hoise

    Reply
  • Manisha Kakati

    “ফটাঢোল”

    ধিনিকি ধিন দাও!
    আপোনালোকে বজাই ৰাখিব লাগিব ঢোলটো।

    Reply
  • মৃদুল শৰ্মা

    বঢ়িয়া লাগিল পঢ়ি।

    Reply
  • Biswajit bonia

    Khub bhal lagil

    Reply
  • জুলি

    বৰ ভাল লাগিল।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    মজ্জা….

    Reply
  • Ufffff Ki Hopun…DAda

    Reply
  • Himangshu Barman

    ধন্যবাদ “ফটাঢোল” বহুদিনৰ মোৰ অভাৱ এটা পূৰ্ণ হোৱাৰ আশা দেখা পাইছো !
    হিমাংশু

    Reply
  • খুব ধুনীয়া হৈছে এইটো!

    Reply
  • অনুৰূপ মহন্ত

    হা হা হা, বৰহিয়া হৈছে

    Reply
  • Dipak Das

    val lagil pohi

    Reply
  • Dipak Das

    Val lagil pohi

    Reply
  • চন্দনা শইকীয়া

    আজিহে পঢ়িলো দাদা, তামাম লাগিল । একদম মজা।

    Reply
  • Bikash

    Haha. Moja lagil.

    Reply
  • Rajib

    আপোনাৰ লিখনিৰ ধাৰাটো ভাল লাগে…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *