ফটাঢোল

মোৰ লক্ষ্য – পদ্মজা বৰুৱা

মই বৰুণ গগৈৰ দৰে হ’ম
সদায় হাঁহিমুখে ৰ’ম
বাদ দিয়াহে বাদ দিয়াহে ক’লেও
সদায় ৰাজনীতিতে ৰ’ম
মই বৰুণ গগৈৰ দৰে হ’ম।

মই হ’ম অনুৰাগ বাপন মহন্ত
গীত গাই কঁপাম দিগন্ত
চুমা খাই সৃষ্টি কৰিম নতুন বিতর্ক
মই হ’ম অনুৰাগ বাপন মহন্ত।

মই হ’ম মন্ত্রী হেমন্ত
চমকৰ নাই অন্ত
আঁচনিত চমক
বাজেটত চমক
এডভাণ্টেজ আছামক কৰি দিব খোজো
আৰু ৰমক জমক
মই হ’ম মন্ত্রী হেমন্ত।

মই আইভিলতাৰ দৰে হ’ম
চলচিত্ৰৰ নায়িকা হ’লেও
ৰাজনীতিলৈও যাম
ৰাইজৰ সমস্যা আওকাণ কৰি
সদনত কেঁচুৱা ৰখা কোঠালিৰ কথাহে ক’ম
মই আইভিলতাৰ দৰে হ’ম।

মই বল্লভ ৰোচনৰ দৰে হ’ম
বিচনী মন্ত্রী,হাঁহিৰাম মন্ত্রী আদি কৈ
মিডিয়াই গালি পাৰিলেও
বিদ্যুত বিভাগৰ গুণ গৰিমাকে গাম
মই বল্লভ ৰোচনৰ দৰে হ’ম।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *