সাম্প্ৰতিক কাল – প্ৰাঞ্জল শইকীয়া
সাম্প্ৰতিক কাল
ভালে চিনে ভাল
জাবৰে দেখে খাল
ঈশ্বৰৰ লীলা
মনিচক কিলা
পৃথিৱীৰ এয়াই মায়াজাল।
দেখিলে গছ হলা
কুঠাৰ মাৰিবলৈ ওলা
নিচিনে বন
মোবাইলত মন
কাম বুলিলে দূৰতে পলা।
মন কৰিলেই চন
বাকৰি মাটিতে ধন
কৰিলে এলাহ
বাঢ়িব বিলাস
অহংকাৰ হ’লে জানিবা পতন।
☆★☆★☆