সানমিহলি – সোমকান্ত শইকীয়া
মনেশ্বৰৰ কথাৰে
(১)
“চিনা আগে”
(ক)
মনেশ্বৰে মেট্ৰিক পাছ কৰি কলেজত নাম লগোৱা বছৰতে “চীন- ভাৰত ” যুদ্ধখন সংঘটিত হৈছিল ৷ তেতিয়াৰ পৰা বহুত দিনলৈকে স্কুল কলেজত প্ৰায় গোটেই দিনটো ল’ৰা ছোৱালী বিলাকে স্কুল বা কলেজ ফিল্ডত “পেৰেড” কৰি থাকিব লগা হৈছিল — আনকি বন্দুক -ৰাইফল আদি চালনাৰ প্ৰশিক্ষণো দিয়া হৈছিল ৷ এই প্ৰশিক্ষণ দিছিল হিন্দীভাষী আৰ্মী অফিচাৰ সকলে ॥
তেনে এটা প্ৰশিক্ষণৰ পেৰেড চলি থকা দিনৰ কথা ।
মনেশ্বৰ ল’ৰাটো গায়ে-গাৰিয়ে বেছ হৃষ্ট পুষ্ট — কিন্তু সেই অনুপাতে তজবজীয়া (smart) নহয় ৷ মাৰ্চ কৰোঁতে বা শাৰীত ঠিয় হৈ থাকোঁতে বুকুখন ভিতৰলৈ সুমুৱাই কুঁজা হৈ থকাৰ দৰে থাকে ৷ তাকে দেখি এদিন কমাণ্ডাৰে মনেশ্বৰক ক’লে —-” মনেশ্বৰ চিনা আগে।” ( মানে মনেশ্বৰ , বুকুখন আগলৈ কৰ)।
প্ৰথমবাৰ নুশুনা কাৰণে এইবাৰ অলপ ডাঙৰকৈয়ে ক’লে —“মনেশ্বৰ , শুনা নহী , চিনা আগে।”
মনেশ্বৰে ভাবিলে —“অ ‘– পেৰেড কৰি থাকোঁতেই চীনা সৈন্য পালেহিয়েই ।” সেই ভাবি সি শাৰীৰ পৰা ওলাই আহি আগলৈ জুপি জুপি চাই অফিচাৰক সুধিলে –“চাৰ, কাঁহা হায় চীনা?”
বাকী বিলাক ল’ৰাই মনেশ্বৰলৈ চাই গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে — মনেশ্বৰে সেমেনা সেমেনি কৰিলে আৰু অফিচাৰে মিচিকিয়া হাঁহি মাৰি ক’লে —” ঠিক হ্যায় , ঠিক হ্যায় — লাইনমে যাও ।”
এয়ে আছিল আমাৰ মনেশ্বৰ ॥
“পাইখানাৰ দুৱাৰ”
(খ)
মনেশ্বৰৰ দুদিনমান পেট খোলোচা হোৱা নাই — পেটৰ অসুখো হোৱা নাই — বিষো হোৱা নাই — খোৱা বোৱাও ঠিকেই আছে — সি অলপ চিন্তাত পৰিলে । লগৰে এজনে পৰামৰ্শ দিলে বোলে —– ডাঃ শৰ্মাক এবাৰ দেখুৱাই আহ চোন , এনেয়ে চিন্তা কৰি থাকিলে কি হ’ব !
সেইমতেই সি ডাঃ শৰ্মাক লগ ধৰিলেগৈ ।
শৰ্মা মানুহজন বৰ ভাল -ভংভঙীয়া , সকলো মানুহৰ লগতে হাঁহি মাতি কথা পাতে — আনকি তামুলো খুজি খায় ।( শৰ্মা বৰ তামোলতী আক’)।
একে কৰ্পৰেশ্ব্যনৰে ডাক্তৰ হিচাপে প্ৰায় সকলো শ্ৰমিক কৰ্মচাৰীকে চিনিও পায় ।
মনেশ্বৰে দুৱাৰ মুখত ভুমুকি মৰাৰ লগে লগে ডাঃ শৰ্মাই ক’লে —” আহক ,আহক — তামোল এখন উলিৱাওক ।”
মনেশ্বৰে পকেটৰ পৰা তামোলৰ টোপোলাটো উলিয়াই ডাক্তৰলৈ আগবঢ়াই দিলে ।
ডাক্তৰে তামোল খাই খাই সুধিলে —- “কি হৈছে ? দেখাততো ঠিকেই আছে ।”
: চাৰ ,আজি দুদিন হ’ল —পাইখানাটো খোলোচা হোৱা নাই ।
: পেট বিষাইছেনেকি ?
: নাই চাৰ ।
: কিবা খোৱা বোৱাৰ গণ্ডগোল হৈছিল নেকি ?
: নাই চাৰ ।
:ওঁ , চিন্তা নকৰিব — কেতিয়াবা তেনেকুৱা হয়েই —আমাৰো হয় ।
সেইবুলি কৈ ডাক্তৰে physicians’ sample ৰ পৰাই দুটা ডাঙৰ ডাঙৰ টেবলেট উলিয়াই বুজাই দিলে —” ইয়াৰে এটা আজি ৰাতি শোৱাৰ আগতে পাইখানাৰ দুৱাৰত লগাই থ’ব , ৰাতিপুৱা পেট খোলোচা হৈ যাব । যদি এটাৰে নহয় ,তেনেহ’লে কালিলৈ ৰাতি শোৱাৰ সময়ত সিটো টেবলেতো পাইখানাৰ দুৱাৰত লগাই থ’ব , হৈ যাব — চিন্তা নকৰিব ।
: হ’ব চাৰ , যাওঁহে এতিয়া ।
দুদিনৰ পাছত মনেশ্বৰ আকৌ ডাক্তৰৰ ওচৰ ওলালেগৈ —
ডাক্তৰে বোলে —“কি হ’ল — এইবাৰ কি বেমাৰ ওলালে নো ?”
: চাৰ, মোৰ পেট খোলোচা হোৱাই নাই নহয় ।
: আও , দুয়োটা টেবলেট লগোৱা হ’ল নে ?
: হয় চাৰ , দু্য়োটা দুদিন লগালোঁ — খোলোচা নহ’ল ।
: হ’বতো লাগিছিল ! অলপ চিন্তা কৰি সুধিলে –” কেনেকৈ লগাইছিল বাৰু ?”
: চাৰ শুবলৈ যোৱাৰ আগতে পাইখানাৰ দুৱাৰ খন খুলি টেবলেটটো দুৱাৰৰ চুকতে থৈ দুৱাৰখন জপাই বিচনাত শুই থাকোঁহি — ৰাতিপুৱা দুৱাৰখন খুলি পাইখানা কৰিবলৈ বহোঁ — কিন্তু খোলোচা নহয় হে নহয় — এনেকৈয়ে দুদিন যত্ন কৰি চালোঁ –নহ’ল চাৰ ।এয়া , টেবলেট দুটা লৈয়েই আহিছোঁ — বেলেগ সলাই দিব নেকি ,চাৰ?
ডাক্তৰ শৰ্মা সেইফালেই মুচকচ যোৱাৰ দৰে হ’ল । তেওঁ এই মানুহটোৰ সৰলতাৰ কথা কাৰোবাৰ মুখত শুনিছিলহে — কিন্তু আজি চাক্ষুষ প্ৰমাণ পালে — আৰু মনতে ভাবিলে —
May his tribe increase !
“কলম আছেনে”
(গ)
মনেশ্বৰে মেট্ৰিক পাছ কৰি ডিব্ৰুগড়ৰ কালৈ কলেজত নাম লগালেগৈ । তাত কলেজৰ হোষ্টেলত থাকিবলৈ ল’লে । প্ৰথম টাউনত থাকিবলৈ গৈছে —একো আও ভাও নাপায় ।সেই বাবে পদে পদে সি অসুবিধাত পৰে । প্ৰথম দিনাই সি ক্লাচ কৰিবলৈ নোট বুক এখন আৰু কলম এটা কিনিবলৈ বুলি কলেজৰ পৰা ওলাই বজাৰৰ ফালে গ’ল। বজাৰৰ মাজত শাৰী শাৰী দোকান । সি তাৰে দোকান এখনলৈ সোমাই গৈ ক’লেগৈ——” দোকানী , মোক নোট বুক আৰু কলম দেখুৱাওক চোন ।”
দোকানী —-” আপুনি দোকানখনৰ নামটো চাই আহক চোন ।”
মনেশ্বৰ ওলাই গৈ দোকানখনৰ চাইনবৰ্ডখন পঢ়ি আহিলগৈ —-” অঁ , পঢ়িলোঁ —এতিয়া দিয়ক ।”
দোকানী —-” কি লিখা আছে দোকানৰ নামটো ?”
মনেশ্বৰ —-” ভাৰত ফাৰ্মাচী।”
দোকানীয়ে বুজিলে মনেশ্বৰ কেনেকুৱা ল’ৰা । সেয়ে ভালকৈ বুজাই বঢ়াই কোনখন দোকানত সি বিচৰা বস্তু দুটা পাব দেখুৱাই দিলে ॥মনেশ্বৰে তেতিয়াও গম নাপালে যে “ফাৰ্মাচী” নামৰ দোকানবোৰত কাগজ কলম আদি বস্তুবোৰ নাপায় ॥ এয়া মনেশ্বৰৰ আন এক সৰলতাৰ নমুনা ॥
“দৈনন্দিন”
(ঘ)
অমানুষিক
সময় তেতিয়া ৰাতি ১১ বাজি ৪৫ মিনিট গৈছে । বহু মহলীয়া সিহঁতৰ আবাসটোত মৰিশালিৰ নিস্তব্ধতাই আৱৰি ধৰিছে । বয়োজ্যেষ্ঠ সকলো গভীৰ নিদ্ৰামগ্ন । আৰু কেই মুহূৰ্তমানৰ পিছতে জ্যেষ্ঠ সকল নৈশ অভিযানত ওলাই যাব লাগিব — সৰু সৰু কেইটামানে তেতিয়াও ইফালে-সিফালে পিংপিঙাই ফুৰিছে — মাকৰ মৃদু ধমকীলৈ কেৰেপেই কৰা নাই —
: তহঁত নোশোৱ কিয় ? দেউতাৰ যাবৰ হ’ল — সোনকালে টোপনি যা আক’ ।
নাই — মাকলৈ পিঠি দি দুটামানে খিকিন্দালি কৰিবলৈহে ধৰিলে —
ঠিক তেতিয়াই —তেতিয়াই মাকে চিঞৰি উঠিল —-” হেৰা উঠাচোন — কিবা ফোঁচ ফোঁচ শব্দ শুনা যেন পাইছোঁ “–
: এইটো কি গন্ধ ?!! উস্ মূৰটো কিবা ঘূৰোৱা ঘূৰোৱা লাগিছে —
: হয় মোৰো —-উস্ কি উৎকত গন্ধ –
ইফালে সৰুবোৰৰ বহুতেই কি হ’ল তত ধৰিবলৈ পোৱাৰ আগতেই বেহুঁচ হৈ পৰিলে ।
ডাঙৰবোৰেও যিয়েই যেনেকৈ পাৰে হুৰ মূৰকৈ পলাবলৈ ধৰিলে ;
কিন্তু পলাব ক’লৈ — সিহঁতৰ চাৰিওফালে বিষাক্ত গেছে আৱৰি ধৰিছে ।
ইতিমধ্যে সিহঁতৰ আশে-পাশে থকা সকলো বহুমহলীয়া আবাসতে একে অৱস্থাৰ সৃষ্টি হৈছে ।
প্ৰায় আধা ঘণ্টাৰ ভিতৰতে সিহঁতৰ আধাতকৈও সৰহ সংখ্যক এই আকস্মিক গেছ আক্ৰমণত নিহত হ’ল , নাইবা চেতনালুপ্ত হ’ল !
আৰু গোটেই ৰাতিজুৰি চলি থাকিল “বিষাক্ত গেছ আক্ৰমণৰ” এই হিতলাৰী নিৰ্মমতা — মনত পেলাই দিলে দ্বিতীয় বিশ্ব যুদ্ধৰ সেই ৰোমহৰ্ষক Extermination Camp ৰ ইহুদি নিধনৰ দিনবোৰৰ কথা ।
আকস্মিক এই আক্ৰমণত সিহঁতৰ গোটেই অঞ্চলটোত মৃত দেহৰ স্তুপ জমা হৈ এক অবৰ্ণনীয় দৃশ্যৰ সৃষ্টি কৰিলে ।
পিছ দিনা পুৱা ঘৰত বন কৰা জোনাকী আহি দুৱাৰমুখৰ পৰাই য’তে ত’তে পঁইতাচোৰাৰ দ’মবোৰ দেখি চিঞৰি উঠিলে —-” ইছ্ এইবোৰ কি ?
অ’ কালি ৰাতি পঁইতাচোৰা মৰা দাৱাই মাৰিলে নহয় ? কেই দিন মানলৈ ৰক্ষা পালোঁ তেনেহ’লে ।”
তাইৰ মুখেদি ঘৃণামিশ্ৰিত এক হাঁহি বাগৰি গ’ল ॥
“আত্ম কথন”
(ঙ)
“হাঁহিম নে কান্দিম”
মই মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে কাহানিও “চিনেমা হল”ত চিনেমা চাই পোৱা নাছিলোঁ । এই লৈ মনতে দুখ নলগা নহয় , মনক বুজনি দিওঁ — ৰহ্ মেট্ৰিকটো পাছ কৰি লওঁ — কলেজ পাই লওঁ –সদায় সদায় চিনেমা হলত চিনেমাকে চাম বাপেক্কে !
কোনোবাই হয়তো ভাবিব পাৰে যে চিনেমা নোচোৱাটোনো কি ডাঙৰ কথাটো হ’ল , আজিকালি কিমানে চিনেমা হলত নাচায়েই— ঘৰতে TV , লেপ টপ , ম’বাইল — কত কি সুবিধা আছে মনোৰঞ্জনৰ ; হলত চিনেমা নোচোৱাটো কোনো কথাৰ কথাই নহয় ।
কিন্তু আজিৰ পৰা ৫০/৬০ বছৰৰ আগতে সম্ভ্ৰান্ত মানুহৰ বাবেও ৰেডিওত গান শুনা আৰু ছমাহে বছৰেকে হলত গৈ চিনেমা এখন চোৱা — ইয়াৰ বাহিৰে মনোৰঞ্জনৰ আন কোনো উপায় নাছিল৷ আমি সৰু হৈ থাকোঁতে –মানে হাই স্কুলত পঢ়ি থাকোঁতে এবাৰ মাত্ৰ দুৰ্গা পূজাত বাগানত চিনেমা চাবলৈ গৈছিলোঁ — কিন্তু মোৰে দুৰ্ভাগ্য – চিনেমা আৰম্ভ হোৱাৰ ১০ মিনিটমানৰ পিছতে ধুমুহা বৰষুণ আহিলে আৰু চিনেমাৰ পৰ্দা বতাহে উৰুৱাই লৈ গৈ ফিল্ডৰ পৰা বাগানৰ চাহ গছৰ মাজত পেলালেগৈ । তাৰ পিছত আৰু কাহানিও বাগান শ্ব’ চাবলৈ যোৱা নাই ৷ হলত চিনেমা চোৱাটো আমাৰ দৰে অৱস্থাৰ মানুহৰ বাবে এক অহৈতুকী বিলাসীতা ৷ সাতে সোতৰই মিলি মেট্ৰিক দিবলৈ ৩০ কিলোমিটাৰ দূৰৰ যোৰহাট টাউনলৈ যোৱাৰ আগলৈকে হলত চিনেমা চোৱাৰ কথা ভবাই নাছিলোঁ ।
আমাৰ দিনত মেট্ৰিক পৰীক্ষা জিলাখনৰ সদৰতহে কেৱল হৈছিল —গোটেই জিলাখনৰ ছাত্ৰ-ছাত্ৰী দূৰ দূৰণিৰ পৰা আহি সদৰ টাউনত ঘৰ ভাৰা কৰি থাকি লৈছিল নাইবা নিজৰ আত্মীয় থাকিলে আত্মীয়ৰ ঘৰত থাকি লৈছিল ।
মই য’ত আছিলোঁ মেছটোৰ(Mess) নাম আছিল “পপুলাৰ মেছ” — “আৰতি” চিনেমা হলৰ একেবাৰে পিছতে — লগালগি বুলিব পাৰি । গতিকে পৰীক্ষা চলি থকা দিন কেইটা কেতিয়া শেষ হয় কেতিয়া শেষ হয় লাগি আছে —- পৰীক্ষা শেষ হোৱাৰ দিনাই বহু দিনিয়া মনৰ আশা এটা পূৰণ কৰিব লাগিব — হলত চিনেমা চাম ! গাঁৱত গৈ লগৰ বা আমাৰ তলৰ খিনিৰ আগত ক’ব পাৰিম -হলত চিনেমা চাই আহিছোঁ বুলি –অলপ গৌৰৱৰ কথা হ’ব নে !!
বহুত প্ৰতীক্ষাৰ পিছত পৰীক্ষা এদিন শেষ হ’ল আৰু পৰীক্ষাৰ পৰা ঘূৰি আহোঁতেই গাতে লাগি থকা “আৰতি” চিনেমাৰ পৰা টিকট এটা কিনি লৈ আহিলোঁ — চিনেমাখনৰ নাম কি তাকো নাজানো — হিন্দী ভালকৈ বুজিয়েই নাপাওঁ — তথাপি মনটো ভাল লাগি আছে — হলত চিনেমা চাম !
যথা সময়ত হললৈ গ’লোঁ — গে’টত টিকেটটো দেখুৱাই হলৰ ভিতৰত থকা ল’ৰাটোৱে দেখুৱাই দিয়া চীটটোত বহি ল’লোঁ । চিনেমা আৰম্ভ হ’বলৈ দেৰি আছে — লাইটবোৰ জ্বলিয়েই আছে — মই চাৰিওফালে মূৰটো ঘূৰাই হলৰ ভিতৰখন চাই লৈছোঁ — সমূখত ডাঙৰ বগা পৰ্দাখন — হিন্দী গান বাজি আছে — এটা কথা জানিবলৈ পাই মনটো আৰু ভাল লাগিছে — যে মই বহা চীটটো আন সকলোৰে চীটতকৈ ওখ — মোৰে ভাগ্য ভাল — মনতে ভাবিছোঁ ।
মোৰ দুয়োকাষৰ চীট দুটা খালি হৈ আছিল ।
অলপ পৰৰ পিছতে হলটো আন্ধাৰ হৈ গ’ল — পৰ্দাত কিবা কিবি বিজ্ঞাপন চলি আছে — তাৰ মাজতে মোৰ কাষৰ চীটটোত মানুহ এজন বহিলেহি — বহাৰ আগে আগে “ঘটক্”কৈ চীটটো পেলাই ল’লে আৰু মোকো ক’লে —” আপোনাৰ চীটটো পেলাই লওক।”
তেতিয়াহে মই আন সকলোতকৈ কিয় ওখহৈ আছিলোঁ বহি থাকোঁতে — তাৰ কাৰণটো বুজি পালোঁ — লগে লগে এটা বুজাব নোৱৰা লাজবোধে মোক কোঙা কৰি পেলোৱা যেন পালোঁ ।মোৰ নিজৰ মূঢ়তাত নিজৰে “হাঁহিম নে কান্দিম” অৱস্থা এটাৰ উদ্ভৱ হ’ল । কাণ মূৰ গৰম হৈ আহিল আন মানুহলৈতো বাদেই মোৰ নিজলৈকে নিজৰে লাজ লাগিল — হলত চিনেমা চোৱাৰ সকলো আনন্দ নিমিষতে নিৰ্বাপিত হ’ল । লাইট আকৌ জ্বলি উঠাৰ আগতেই চকু কান মুদি হলৰ বাহিৰলৈ ওলাই আহিহে যেন মই উশাহ ল’ব পাৰিলোঁ — হলত বহি চিনেমা চোৱাৰ আশা এইবাৰো পূৰণ কৰিব নোৱাৰিলোঁ ॥
অৱনীৰ কথাৰে
(চ)
অৱনী আমাৰ সহপাঠী ।
তাৰ কীৰ্তি কাহিনী শুনিলে আপোনালোকৰ চকু কপালত উঠিব ।
আমি ১০/১২ জন মান ল’ৰা নলে গলে লগা বন্ধু ৷ বহাগ বিহুত হুচৰি চাই ফুৰা বা গৰম বন্ধত গাঁৱে গাঁৱে ভাওনা চাই ফুৰা –সব কাম একেলগে কৰা হয় । তাৰ মাজতে কেতিয়াবা কিবা কামত দুই চাৰিটা বাদ পৰিও যায় । অৱশ্যে বিভিন্ন কাৰণত মই সঘনে বাদ পৰি যাওঁ —-তেনে ক্ষেত্ৰত পিছ দিনা স্কুলত ঘটনাৰ সৰস বিৱৰণ শুনিবলৈ পাওঁ৷
অৱনীৰ ক্ষেত্ৰত ঘটা তেনে এটা সৰস ঘটনা শুনক চোন —
বহাগ বিহুৰ বতৰ– অৱনী আৰু দুজনমান অলপ দূৰলৈ চাইকেলেৰে ওলাই গ’ল হুচৰি চাবলৈ । যিখন গাঁৱত বিহু চলি আছিল সেইখন গাঁৱতে এজন ল’ৰাৰ চিনাকি মানুহ এঘৰ আছিল ।সিহঁত গৈ মানুহ ঘৰত ওলালগৈ । বিহুৰ বতৰ — তাতে চিনাকি মানুহ ,স্বাভাৱিকতে বহাৰ অলপ পিছতে ভিতৰলৈ মাতিলে জলপান খাবলৈ ।
ল’ৰা কেইটাই জলপান খাই থাকোঁতে অৱনীয়ে লক্ষ কৰিলে যে ৫/৬ বছৰীয়ামান ল’ৰা এটাই পৰ্দা খন আঁতৰাই জুমি জুমি চাই আছে । গাঁৱত সাধাৰণতে গৃহস্থৰ ঘৰত সৰু ল’ৰা ছোৱালী থাকিলে আলহীৰ ভাগৰ জলপান ,পিঠা -পনা আদিৰ ভাগ ল’বলৈ আশা কৰে– আৰু আলহীয়ে খোৱা জুমি জুমি চাই থাকেহি । আলহীয়েও ভদ্ৰতা ৰাখি খোৱাৰ ভাগৰে অকণমান সিহঁতক যাচে ॥
জুমা জুমি কৰি থকা ল’ৰাটোৱে এবাৰত সুধিয়েই দিলে —-” ঐ ,থাকিবনি ?”
অৱনী : “নাই, আমি নাথাকোঁ ,যামগৈ।”
: ” নহয় দ’পান — থাকিবনি?”
অৱনী : “আমাৰে পেট নভৰে –তোক ক’ৰ পৰা দিওঁ অ’ ।”
তাৰ পাছতো জুমি জুমি চাই থকা ল’ৰাটো দেখি অৱনীৰ মূৰত কুবুদ্ধি এটা খেলালে ৷ সি সৰু ল’ৰাটোক ওচৰলৈ মাতি আনিলে আৰু সুদা মুখখনকে পানী এচলুৰে ধুৱাই দি ক’লে— ” যোৱা- মাক মুখ খন মচি দিবলৈ কোৱাগৈ৷”
ল’ৰাটোৱেও সেমেনা সেমেনিকৈ মাকক মুখ খন মচি দিবলৈ ক’লেগৈ॥
মাকে জলপান খাই থকা ল’ৰা কেইটাৰ ওচৰলৈ আহি ক’লেহি —“এ- ইহঁতে খায়েই থাকে — কেলৈনো তাক খুৱাব লাগে!”
— ” হ’ব হ’ব– আমিও ঘৰত খায়েই আহিছোঁ , সেয়ে —- ৷
দেখিলে — অৱনীৰ কাণ্ড ? সেই কণমানিটোক কেনেকৈ প্ৰতাৰণা কৰিলে !
☆★☆★☆