ফটাঢোল

নৱকান্ত বৰুৱাৰ শিশু সাহিত্য : (শিশু কবিতাপুথি ‘ওমলা ঘৰৰ পুথি’ৰ বিশেষ উল্লিখন সহ) – চাহিন জাফ্ৰি

“এখুদ ককাইদেউ” ছদ্মনামেৰে অসমীয়া শিশু সাহিত্যৰ জগতত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰা কবি নৱকান্ত বৰুৱা এজন সফল শিশু সাহিত্যিকো আছিল। তেওঁ শিশুৰ মন চুই যাব পৰাকৈ কেইবাখনো কবিতাপুথি, শিশু উপন্যাস, শিশু নাটক আদি ৰচনা কৰিছিল। তেওঁৰ বিখ্যাত শিশু সাহিত্য সম্ভাৰসমূহৰ ভিতৰত – ‘শিয়ালি পালেগৈ ৰতনপুৰ’, ‘আখৰৰ জখলা’, ‘ভতূকাৰে ভূ’ আৰু ‘মাখনৰ কুকুৰা পোৱালি’ আদি উচ্চ শ্ৰেণীৰ সাহিত্য। ইয়াৰোপৰি ‘হাঁহিৰামৰ হাঁহি’, ‘মাখনৰ ভাটৌ’, ‘গছ আৰু কুঠাৰ’, আদি শিশু সাহিত্য সমৃদ্ধ কৰা একো একোটা সুন্দৰ গল্প।

তেওঁৰ শিশু কবিতাপুথি ‘ওমলা ঘৰৰ পুথি'(১৯৯১)এখন সর্বাংগসুন্দৰ শিশু উপযোগী কবিতাপুথি। নৱকান্ত বৰুৱাই আৰম্ভণিৰে পৰা ৰচনা কৰা ধেমেলীয়া কবিতাৰ সংগ্ৰহ শ্ৰী গগনচন্দ্ৰ অধিকাৰীৰ দ্বাৰা সংকলিত আৰু সম্পাদিত হৈ ১৯৯১ চনতহে প্ৰথমতে প্ৰকাশিত হয়, ওমলা ঘৰৰ পুথি নামেৰে, ১(নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সমগ্ৰ, প্ৰথম খণ্ড, পৃ ২)।

ইয়াত প্ৰকাশিত মুঠ একৈশটা ৰসাল কবিতাৰ সৰহভাগেই যোৱা শতিকাৰ চল্লিছৰ দশকৰ পৰা আৰম্ভ কৰি আশীৰ দশকলৈকে লিখা আৰু ৰংঘৰকে ধৰি বিভিন্ন শিশু আলোচনী আৰু বাতৰিকাকতৰ শিশু শিতানবোৰত প্ৰকাশিত পদ্যৰ সমষ্টি। ইয়াৰ অন্তৰ্গত মুঠ একৈশটা কবিতাৰ ভিতৰত মাথোঁ ছটা কবিতাক আমাৰ আলোচনাৰ মাজলৈ আনিব খোজা হৈছে। আলোচনাৰ মাজলৈ আনিব খোজা কবিতাকেইটা হৈছে, ‘ওমলা ঘৰৰ হাঁহি’, ‘ঘটনা’, ‘ৰং’, ‘ৰস’, ‘ৰামধনু’ আৰু ‘কোনে কি কলে’ নামৰ কবিতাটো। এই কবিতাসমূহৰ জৰিয়তে ফুটি উঠা কবিৰ শিশু উপযোগী মনোভাব, সাহিত্যিক প্ৰমূল্য, ভাষিক সৌন্দৰ্য আৰু মনস্তাত্বিক দিশসমূহৰ সম্পৰ্কে আলোচনা কৰিবলৈ এটি প্ৰয়াস কৰা হৈছে।

‘ওমলা ঘৰৰ পুথি’ৰ অন্তৰ্গত কবিতা কেইটিমানৰ এটি বিশ্লেষণ :

শিশুৰ সৰলতা আৰু হাঁহিৰ মাজত জীৱনৰ সবাতোকৈ সুন্দৰ আৰু অপূৰ্ব দিশটো দেখা নৱকান্ত বৰুৱাৰ সাহিত্যৰ পৰিসৰ অতি ব্যাপক। তেওঁ সুদীৰ্ঘ কাল শৈশৱৰ শিশুৰ নিমিত্তে কবিতা ৰচনা কৰিছে। নিচুকনি গীতৰ ধ্বনিৰে শিশুৰ মন পুলকিত কৰিব পৰাকৈ তেওঁ কবিতাসমূহত শিশুৰ বাবে অফুৰন্ত জ্ঞানৰ ভাণ্ডাৰো সোমাই আছিল। ‘ওমলা ঘৰৰ পুথি’ৰ অন্তৰ্গত কবিতাসমূহত শিশু মনক তেওঁ কিদৰে মানসিক উৎকৰ্ষ সাধনৰ জ্ঞান দিব পাৰিছিল সেই সম্পৰ্কে এটি আলোচনা আগবঢ়াবলৈ যত্ন কৰা হ’ল,
‘কবিতাপুথি’খনৰ অন্তৰ্গত প্ৰথমটো কবিতা, ‘ওমলা ঘৰৰ হাঁহি’ এটা সম্পূৰ্ণ শিশু মনস্তত্বমূলক কবিতা। শিশুসকলৰ মন নিষ্পাপ তথা কোমল। তেওঁলোকে উমলি ভালপায়। হাঁহি-ধেমালীৰ মাজেৰে সময় পাৰ কৰি ভালপায়। মন-প্ৰাণ খুলি তেওঁলোকে হাঁহিব বিচাৰে, পৃথিৱীৰ এই ওমলা ঘৰটোত। কাৰণ কবিৰ মতে তেওঁলোক হৈছে, ‘বিধাতাৰ হাঁহি’। কণমাণিবোৰৰ আগত জ্ঞানগৰ্ভ কথা কৈ লাভ নাই, কাৰণ তেওঁলোকে সেইবোৰ ভাল নাপায়। ডাঙৰ ডাঙৰ লোকবোৰৰ দৰে গোমোঠা মুখেৰে মাথোঁ অৰ্থ বিচাৰি ফুৰা তেওঁলোকে মুঠেই ভাল নাপায়। তেওঁলোকে ডাঙৰৰ ওচৰত নীতি-বচনৰ পুলি নুৰুবলৈ অনুৰোধ কৰিছে যে,
নুৰুৱা আমাৰ মনৰ মাটিত
নীতি-বচনৰ পুলি।২ (ওমলা ঘৰৰ পুথি, পৃ. ৩১)
পৃথিৱীখনক তেওঁলোকে ওমলা ঘৰ বুলি ভাবে আৰু সেই ওমলা ঘৰত তেওঁলোক যেন বিধাতাৰ হাঁহি। শিশুসকলে লগতে এইবুলিও প্ৰশ্ন কৰিছে যে,

কিয়নো বজোৱা আমাৰ আগত
তোমাৰ জ্ঞানৰ বাঁহী?৩ (ওমলা ঘৰৰ হাঁহি, পৃ.৩১)
জ্ঞানৰ বোজা ল’বলৈ তেওঁলোকৰ ওমলা ঘৰত ঠাই নাই, পৃথিৱীৰ সুখ-দুখ কি তেওঁলোকে বুজিব নিবিচাৰে, তেওঁলোকৰ হাঁহিৰে এই সকলোবোৰক একাকাৰ কৰে। কাৰণ, তেওঁলোকে ডাঙৰৰ দৰে দুখ আহিলেও চকু ঘোপা কৰি নাথাকে।

পৃথিৱীৰ সুখ পৃথিৱীৰ দুখ
হাঁহিয়ে একেটি কৰে,
দুখ আহিলেও চকু ঘোপা কৰি
নাথাকো তোমাৰ দৰে।৪ (ওমলা ঘৰৰ হাঁহি, পৃ.৩১)

জ্ঞানৰ গুটি যে খাব লাগে তেওঁলোকে জানে আৰু তেওঁলোকেও তাক অস্বীকাৰ নকৰে কিন্তু সেইবুলি তেওঁলোকে আজিৰ দৰে হাঁহিবলৈ বাদ নিদিয়ে। কাৰণ তেওঁলোকে বুজে আজিৰ হাঁহিৰ মূল্য কিমান..। কবিতাটোৰ জৰিয়তে আচলতে কবি নৱকান্তই শিশু সকলৰ মানসিক অৱস্থাৰ বহিঃপ্ৰকাশ কৰিছে। সৰু সৰু লৰা ছোৱালী বোৰৰ নিষ্পাপ মনৰ নিষ্পাপ আশা-আকাংক্ষা বোৰক তেওঁ কবিতাটোৰ মাজেৰে ফুটাই তুলিবলৈ সক্ষম হৈছে।

কবিতা পুথিখনৰ অন্তৰ্গত দ্বিতীয় কবিতাটোৰ নাম – ‘ঘটনা’। ইও এটি শিশু মনস্তত্বমূলক কবিতা। শিশুসকলে সাধাৰণতে অলৌকিক কিছুমান কল্পনা কৰি ভালপায়। সদায় দেখি থকা সাধাৰণ বস্তুবোৰক অন্য ধৰণে কল্পনা কৰি অথবা কিছু অদ্ভুত ৰূপে ভাবি তেওঁলোকে এক বিশেষ আমোদ পায়। তেওঁলোকৰ নিষ্পাপ মনবোৰে নুবুজে কল্পনা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্য, সেয়েহে অসম্ভৱ তথা অবান্তৰ কল্পনা কিছুমান কৰিও তেওঁলোকে মানসিক প্ৰশস্তি লাভ কৰে। ‘ঘটনা’ কবিতাটোতো সাধাৰণ কথাতে হঠাতে অঘটন ঘটা বুলি কোৱা হৈছে। কবিতাটোৰ আৰম্ভণিতে এই কথাৰ উল্লেখ কৰি কোৱা হৈছে যে, কুকুৰে বাদুলিৰ স’তে মিলি হেনো ‘কুদুলী’ৰূপ পালে। অৰ্থাৎ গৰাকীৰ পদূলি ৰখি থকা কুকুৰটোৰ সতে বাদুলি লগ হৈ কুকুৰটোৰ বাদুলিৰ দৰে দুখন পাখি গজি উঠিল। তাকে দেখি তেওঁলোকৰ মনত মহানন্দ মিলিল। কুকুৰৰ ‘কু’ আৰু বাদুলিৰ ‘দুলি’ লগ লাগি নতুনকৈ সৃষ্টি হোৱা প্ৰাণীটোৰ নাম ‘কুদুলী’ বুলি তেওঁলোকে কল্পনা কৰি ললে।
ইয়াৰ পাছতে কেটেলা পহুয়ে হেনো সিংহৰ সতে লগলাগি ‘টেলাচিং’ নাম পালে, সিও হেনো ৰাজবংশৰ। কেটেলা পহুৰ দৰে সিংহৰ চুলিকোচাও থিয় থিয় হৈ পৰিল। কেটেলা পহুৰ পৰা ‘টেলা’ আৰু সিংহৰ পৰা ‘চিং’টো লৈ ‘টেলাচিং’ নামকৰণ কৰা হ’ল। ‘চগৰাই’ নামৰ জন্তুটো আকৌ আচৰিত। কিয়নো উৰণীয়া চৰাই আৰু বাৰীলৈ যোৱা গৰুটো লগ লাগি ‘চগৰাই’ৰ সৃষ্টি হৈছে।অৰ্থাৎ গৰু টোৰ চৰাইৰ দৰে দুখন পাখি গজিছে।চৰাইৰ ‘চ’ আৰু ‘গৰু’ৰ ‘গ’ লগ লাগি আকৌ শেষত চৰাইৰ ‘ই’ লগলাগি ‘চগৰাই’ নামটোৰ সৃষ্টি হৈছে।মাছৰ মনত হেনো ঠেং নথকাৰ দুখ আগৰ পৰাই আছিল, সেয়েহে মাছে পহুৰ লগত মিলি শিং আৰু ঠেং লাভ কৰিলে। পাৰ চৰাইৰ মূৰত আহি ছাগলী বহি ল’লে আৰু পাৰ চৰাইটোৰ মূৰত ছাগলীৰ দৰে শিং গজি উঠিল, সেয়ে পাৰটোৰ নাম থোৱা হ’ল – ‘পাগলী’। এই ধৰণৰ অদ্ভুত কল্পনা-জল্পনা কৰি আনন্দ লাভ কৰা শিশু সকলৰ কোমল মনটি কবি গৰাকীয়ে সুন্দৰভাৱে ফুটাই তুলিছে।

‘ওমলা ঘৰৰ পুথি’ কবিতা পুথিৰ অন্তৰ্গত ‘ৰং’ নামৰ কবিতাটোতো বিনন্দীয়া প্ৰকৃতি জগত আৰু নানা ধৰণৰ ৰঙৰ সৈতে তেওঁলোকৰ পৰিচয় ঘটাবলৈ বিচৰা হৈছে। একেবাৰে কম বয়সীয়া শিশুসকলৰ সতে নানাবিধ ৰঙৰ পৰিচয় কৰোৱাই হৈছে কবিতাটোৰ মূল উদেশ্য। লগতে ইয়াত কবিৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্যও জড়িত হৈ আছে। ‘ৰং’ৰ সৈতে শিশুৰ পৰিচয় ঘটাবলৈ কৌশলেৰে তেওঁ প্ৰকৃতিৰ বিবিধ উপাদানকো কবিতাটোৰ মাজলৈ আনিছে, যাতে সহজ সৰল শিশুবোৰে সহজতে ইয়াক আজীৱন মনত ৰাখিব পাৰে। ‘বগা’ ৰঙক বুজাবলৈ তেওঁ ‘বগলীক’ উপমা হিচাবে ব্যৱহাৰ কৰিছে, সেউজীয়া ৰং বুজাবলৈ বননি, কলা ৰং বুজাবলৈ এঙাৰ, হালধীয়া বুজাবলৈ হালধি, মাটিৰ ৰং বুজাবলৈ মটীয়া, গোলাপৰ ৰং বুজাবলৈ গুলপীয়া, সোণৰ ৰং সোণালী আৰু ৰূপৰ ৰং ৰূপালী বুলি কবিতাটোৰ জৰিয়তে বুজোৱা হৈছে।

‘ৰং’ কবিতাটোৰ দৰে ‘ৰস’ কবিতাটোও এটা পৰিচয় মূলক কবিতা। ইয়াত সোৱাদৰ বাবে ব্যৱহাৰ হোৱা ছয়বিধ ৰসৰ কথা কোৱা হৈছে। জিভাৰ সহায়ত চিনাক্ত কৰিব পৰা এই ৰস কেইবিধক বুজাবলৈ কবিয়ে উপমাৰ সহায় লৈছে। যেনে – জলকীয়া জ্বলা, নিমপাত তিতা, চেনী-মৌ-কুঁহিয়াৰ মিঠা, জলফাই টেঙা, আমলখি কেঁহা আৰু নিমখৰ সোৱাদ হৈছে লুণীয়া।

‘ৰামধনু’ কবিতাটোত আকৌ প্ৰকৃতিৰ সৌন্দৰ্য চেতনা শিশুৰ মনত ফুটি উঠা দেখা গৈছে। আকাশত ওলোৱা ‘ৰামধেনু’খনৰ সৌন্দৰ্য দেখি শিশুটি অভিভূত হৈ পৰিছে। তেওঁ ৰামধেনুৰ সৌন্দৰ্যত মুগ্ধ হৈ নিজ মুখেৰে কৈ উঠিছে যে ,

আকাশৰ ৰামধনু
ইমান শুৱনি
সাতোটা বৰণ যেন
সাতধাৰ মণি।

ইয়াৰ পাছতে আকৌ শিশুটোৱে দোষ ধৰা বুঢ়াটোৱে কি বুলি কয় তাকে কৈছে। বুঢ়াটোৱে হেনো ৰামধেনুৰ ৰংখিনিক একেবাৰে কেঁচা আৰু ধুই দিলে গুচি যাব বুলি কলে। এই কথাটো তাৰ শিশু মনটোৱে মানি লোৱা নাই আৰু সেয়েহে বুঢ়াটোকে দোষ ধৰা বুঢ়া বুলি কৈছে। ‘কোনে কি ক’লে’ নামৰ কবিতাটোত নানাবিধ উপমাৰ জৰিয়তে কোনে কি কয় অৰ্থাৎ কিছুমান বস্তুৰ মাত- শব্দৰ আভাষ দিয়া হৈছে। শিশু জ্ঞান লাভৰ উপযোগী হোৱাকৈ এই কবিতাটো সুন্দৰভাৱে সজাই তোলা হৈছে। ঘড়ীটোৰ টিক্ টিক্ টিক্ শব্দৰ লগতে সময় উৰি গৈ থকাৰ জ্ঞান প্ৰদান কৰা হৈছে। ‘লাটুম’টোৱে ঘূৰ্ ঘূৰ্ ঘূৰ্ কৈ ঘুৰে যদিও আকৌ তাৰ দৰে নুঘূৰিবলৈ সকীয়াই দিছে, কাৰণ বহুদূৰ বাট। ভোমোৰাই গুণ গুণ গুণ বুলি মাত দিয়ে, ইয়াৰ লগতে এটা নীতি শিক্ষাও দিয়া হৈছে যে – পঢ়া পাঠ সদায় ফুটাই পঢ়িব লাগে, ভুন ভুনাই নহয়।কুকুৰে ভুক্ ভুক্ ভুক্ বুলি ভুকে, গতিকে দুই এটা ভুল কৰিলেও হেনো দোষ থাকিব নালাগে। চিৰিয়াখানাত বহি বাঘে হাও বুলি চিঞৰে, লগতে বাঘে ভোকত থাকে বাবে কোনে লগত কি আনিছে ততালিকে খাবও বিচাৰে..। কাউৰীজনীয়ে কা কা কা বুলি মাতে, কিন্তু কাউৰী ক’লা বাবে বগা হ’বলৈ গাখীৰকে খাবলৈ কৈছে। ছাগলীজনীয়ে বে বে বে বুলি মাত দিয়ে আৰু সেয়া হেনো ভোক লগাৰ বাবে কি আছে খাব বিচাৰেহে। পুৱাৰ নিয়ৰৰ মাতটো টুপ্ টুপ্ টুপ্.., ইয়াৰ লগতে ভাইটিক নজগাবলৈ কৈছে চুপ্ চুপ্ চুপ্ বুলি..। কবিতাটোত আচলতে কাৰ কি মাত, কেনেকুৱা মাত তাৰ এটি পৰিচয় দাঙি ধৰা হৈছে।কিন্তু ইয়াৰ লগতে দুই এটা নীতি শিক্ষাৰ জৰিয়তে শিশু সকলক উপকৃত কৰিবলৈও প্ৰয়াস কৰা হৈছে।

সাধাৰণতে কবিসকলৰ অন্তৰ্দৃষ্টি সৰ্বসাধাৰণ মানুহতকৈ কিছু গভীৰ, পৰ্যবেক্ষণ ক্ষমতাও অতি গভীৰ। কবি নৱকান্ত বৰুৱাও ইয়াৰ ব্যতিক্ৰম নহয়। বিশেষকৈ শিশুৰ মনস্তাত্বিক দিশটো তেওঁ ইমান সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব পাৰিছিল যে, তেওঁৰ প্ৰতিটো কবিতাতেই ইয়াৰ আভাষ সুন্দৰভাৱে ফুটি উঠা দেখা যায়। প্ৰতিটো স্তৰৰ শিশুৰ বাবে উপযোগী হোৱাকৈ তেওঁ কবিতাসমূহ ৰচনা কৰিছিল। বিশেষকৈ ‘ওমলা ঘৰৰ পুথি’ কবিতাপুথিৰ অন্তৰ্গত কবিতাসমূহত একেবাৰে নিচেই সৰু আৰু শৈশৱত ভৰি দিয়া শিশু সকলৰ মানসিক দিশটো দাঙি ধৰিবলৈ যত্ন কৰা হৈছে। তেওঁলোকৰ মনৰ ভাৱনা গভীৰ ভাৱে অনুধাৱন কৰাৰ উপৰিও উচিত বয়সত উচিত জ্ঞান প্ৰদান কৰাৰ কৌশলো তেওঁ খটোৱাব পাৰিছিল। আমাৰ আলোচিত কবিতা ‘ওমলা ঘৰৰ হাঁহি’ত শিশু সকলে আচলতে কি বিচাৰে তাক ব্যক্ত কৰা হৈছে। জটিল পৃথিৱীখনৰ গভীৰ সমস্যাবোৰৰ কথা নাভাবি মাথোঁ হাঁহি ধেমালিৰে জীৱনটো উপভোগ কৰাৰ জ্ঞান কবিতাটোৰ মাজেৰে পোৱা যায়। ‘ঘটনা’ কবিতাটোত শিশুৰ কল্পনা প্ৰবৃত্তি, তাৰ জৰিয়তে আনন্দ লাভৰ প্ৰচেষ্টা দেখুৱা হৈছে। ‘ৰং’ কবিতাটোত বিভিন্ন ৰঙৰ স’তে পৰিচয়,’ৰস’ কবিতাৰ জৰিয়তে ছয়বিধ ৰসৰ জ্ঞান, ‘ৰামধনু’ কবিতাত ৰামধেনুৰ বিনন্দীয়া সৌন্দৰ্যৰ বোধ, আৰু ‘কোনে কি ক’লে’ নামৰ কবিতাটোত বিভিন্ন বস্তু অথবা জীৱ -জন্তুৰ মাতৰ জৰিয়তে শিশুমনত নীতি শিক্ষাৰো সঞ্চাৰ কৰিবলৈ যত্ন কৰা হৈছে।

এইদৰেই দেখা যায় যে – নৱকান্ত বৰুৱাৰ কবিতাত মানসিক উৎকৰ্ষ সাধনৰ লগতে নীতি কথাৰ পাঠ, সৌন্দৰ্য বোধ কৰোৱাৰ প্ৰচেষ্টা, প্ৰকৃতিৰ বিচিত্ৰতাক জনাত সুযোগ আৰু সাহিত্যৰ প্ৰতি অনুৰাগ সৃষ্টিৰ প্ৰৱণতা দেখা যায়।ইয়াৰোপৰি তেওঁৰ কবিতাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল – নিজৰ মাতৃভাষাক বিশুদ্ধ ভাবে শিকা জনাৰ সুযোগ প্ৰদান কৰা..। মাতৃভাষাক শুদ্ধ ভাবে জানিলেহে সৰ্বাংগীন স্তৰত শিশুসকল বিকশিত হৈ উঠিব..। প্ৰতিজন শিশুৰ মন সুস্থ আৰু সৎ কৰি তুলি তেওঁলোকৰ জৰিয়তে ভৱিষ্যত উজ্জ্বল সমাজ এখন গঢ়িবলৈ তেওঁ বদ্ধ পৰিপক্ক আছিল আৰু সেয়েহে শিশু কবিতাসমূহৰ জৰিয়তে তেওঁ এই প্ৰচেষ্টা অব্যাহত ৰাখিছিল। শেষত ক’ব পাৰি যে – কবি নৱকান্ত বৰুৱা হৈছে অসমীয়া সাহিত্য জগতৰ সেইজন ব্যক্তি, যি অসমীয়া শিশু সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই শিশু সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *